Monday, 19 November 2012

SILICON R BUDDHA


চিলিকনৰ বুদ্ধ…….অসমীয়া কল্পবিজ্ঞান জগতখনলৈ চাকিল জামালৰ সুন্দৰ সংযোজন |উপন্যাস খনৰ মূলাধাৰ হৈছে চাইব’ৰ্গ | উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে উদ্যোগপতি টেড টাৰ্নাৰৰ বিলুপ্ত স্মৃতি পুনোৰুদ্ধাৰৰ আঁচনিৰে |টেড টাৰ্নাৰৰ জীৱনৰ পৰা বিলুপ্তি ঘটা কিছুমান মূহুৰ্তৰ স্মৃতিৰ পুনোৰুদ্ধাৰৰ দায়িত্ব অৰ্পন কৰা হৈছে ছেনজ’ছত থকা কৃত্রিম বুদ্ধিমত্তাৰ বৈজ্ঞানিক প্রতিষ্ঠান এমৰয় আৰু এমৰয়ৰ পৃষঠপোষকতাত ভাৰতৰ মুম্বাইস্থিত টিকটেকক | স্মৃতিৰ পুনোৰুদ্ধাৰ কাৰ্য্যত নিয়োজিত প্রফেছৰ কালিংঘাম, ছানন আৰু অমিত পানিকেৰৰ দ্বাৰা নিৰ্মিত চিলিকনৰ কোৱান্টাম চিপ এটাক কেন্দ্র কৰি আগবাঢ়ি গৈ থাকে উপন্যাসখন | চিলিকনৰ কৃত্রিম মগজু তৈয়াৰৰ আশাশুধীয়া প্রচেষ্টাৰ সুন্দৰ বৰ্ণনাৰে উপন্যাসৰ কাহিনীভাগ সাবলীলভাৱে আগবঢ়াই নিয়াত লেখক সফল হৈছে |সমান্তৰালভাৱে উপস্থাপিত হৈছে টেড টাৰ্নাৰৰ জীৱন কাহিনী |ছল্টলেক অঞ্চলৰ পৰা হাতত মাত্র কেইটামান ডলাৰলৈ অহি বিশ্ববিখ্যাত উদ্যোগপতি ৰূপে নিজক প্রতিষ্ঠা কৰাৰ কাহিনী|বিজ্ঞানী, প্রযুক্তিবিদ কেইজনৰ প্রচেষ্টাত চিপটোৱে প্রাণ পাইছে |চিকিৎসকে পৰীক্ষা নিৰীক্ষাৰ অন্তত চিপটো প্রতিষ্ঠা কৰিছে টেড টাৰ্নাৰৰ মগজুত |টাৰ্নাৰে ঘূৰাই পাইছে পুৰণিদিনৰ সুৱাস |উপন্যাসখনত বৰ্ণিত বিজ্ঞানৰ বহু কথাই উপন্যাসখনক অনন্য মাত্রা প্রদান কৰিছে |
মূলত বিজ্ঞানভিত্তিক উপন্যাস যদিও উপন্যাসখনৰ বুকুলৈ অহা প্রেমৰ পছোৱাজাকে, বহুজাগতিক প্রতিষ্ঠানত সংস্থাপনৰ অনিশ্চিয়তা, চক্রান্ত ষড়যন্ত্র, বিৰহে উপন্যাসখনক সজীৱতা প্রদান কৰিছে |মাহেকীয়া বিজ্ঞানভিত্তিক আলোচনী জিলিঙনিৰ পাতত ধাৰাবাহিকভাৱে প্রকাশিত চিলিকনৰ বুদ্ধক প্রকাশ কৰি উলিয়াইছে জিজ্ঞাস প্রিন্টাছ এণ্ড পাব্লিছাৰ্ছে |১২৭ পৃষ্ঠাৰ চিলিকনৰ বুদ্ধৰ মূল্য মাত্র ৫০ টকা |

No comments:

Post a Comment