মৌতম……
মৃণাল তালুকদাৰৰ দ্বাৰা ৰচিত মৌতম উত্তৰ পূৰ্ব্বাঞ্চলৰ
উগ্রপন্থী সমস্যাৰ দলিল স্বৰূপ | মূলত: মিজো শব্দ মৌতম মানে হ’ল অৰ্থ দুৰ্ভিক্ষ | মিজোৰাম
যেতিয়াই মৌতমত ভূগিছিল কোনোৱে আগবঢ়োৱা নাছিল সহায়ৰ হাত তেওঁলোকলৈ | ফলস্বৰূপে লাহে
লাহে আৰম্ভ হ’ল মিজো বিদ্রোহৰ | সংগঠিত হ’ল Mizo National Front (MNF) মিজো যুৱক
লালডেংগাৰ নেতৃত্বত | বিদ্রোহৰ জুইত জলি উঠিল মিজোৰাম | বিদ্রোহৰ এই কাহিনী
লিপিবব্ধ হৈছে মৃণাল তালুকদাৰৰ মৌতমত | মিজোৰামৰ বিদ্রোহী সংগঠনৰ উপৰিও
উত্তৰ-পূৰ্ব্বাঞ্চলৰ আন ভালেকেইটা বিদ্রোহী সংগঠনৰ ওপৰত মৌতমে আলোকপাত কৰিছে |
মূলত : নগা বিদ্রোহীৰ বিদ্রোহৰ কাহিনীয়ে ভৰপূৰ মৌতমত আছে কুহেলিকাময় মণিপুৰী
বিদ্রোহীসকলৰো সংগ্রামৰ কাহিনী | লেখকৰ কলমেৰে প্রাণ পায় উঠিছে ফিজো, চাখ্রে, লালডেংগা
তথা অন্যান্য বিদ্রোহীসকলে | ইশ্বাক শ্বু আৰু মুইভা আহিছে অকিঙলৈ আকৌ এবাৰ | অসমৰ
বিদ্রোহীসংগঠন আলফাও ছেগাচোৰোকাকৈ ভূমুকি মাৰিছে মৌতমত | ৰাজনীতি আৰু কূটনীতিৰ গৰম
বতাহজাকে বাৰুকৈয়ে কোবাই গৈছে মৌতমৰ পৃষ্ঠা | সত্যক জনাৰ আগ্রহেৰে মতলীয়া সাংবাদিক
বাৰ্টিল লিন্টাৰ, ৰুক্মিনী কালিমাসী আৰু লেখকৰ অদম্য সাহসে মৌতমক অনন্য কৰি তুলিছে
| কুহেলিকাময় বিদ্রোহ জীৱনৰ কথা পঢ়ি মৌতম ভাষাৰে ক’ব পাৰি সঁচাই “Truth is the
biggest casualty in the North East”.
ভৱানী প্রিন্ট এণ্ড পাব্লিকেশ্যনচ্ৰ দ্বাৰা মুদ্রিত ৩১০
পৃষ্ঠাৰ মৃণাল তালুকদাৰৰ দু:সাহসিক বুৰঞ্জী মৌতমৰ মূল্য ২২৫/- টকা মাত্র |
No comments:
Post a Comment