Monday, 19 November 2012

AI HOMOY HEI HOMOY


এই সময় সেই সময়….. ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন অনন্য উপন্যাস | উপন্যাসখনত দুটা প্রজন্মক একাকাৰ কৰাত সফল হৈছে লেখিকা | উপন্যাস খনৰ মুখ্য চৰিত্র অদিতি চৌধৰীয়ে এটা সময় আৰু তেওঁ সন্তানসকলে আন এক সময়ক প্রতিনিধিত্ব কৰিছে | লেখিকা দুয়োটা সময়কে অতি সুন্দৰভাৱে উপস্থাপন কৰিছে |
তিৰাশীৰ অসম অন্দোলনে কোবাই গৈছে উপন্যাসখন | সেই আন্দোলনৰ নেতাসকল, আন্দোলনকাৰীসকল আকৌ এবাৰ প্রাণ পাই উঠিছে উপন্যাসখনত | আন্দোলনৰ পাছত তেওঁলোকে লোৱা কিছুমান সিদ্ধান্তৰ প্রভাব পৰিছে পাছৰ প্রজন্মৰ ওপৰত |
ছাত্র আৰু ৰাজনীতিৰ কিছুমান অবাঞ্চিত ঘটনাই তোলাপাৰ লগাইছে উপন্যাসখনৰ পৃষ্ঠা | ৰাজনীতিৰ কিছুমান কুচক্রান্তত ব্যতিব্যস্ত হৈ পৰিছে উপন্যাসখন | বিশ্বাস অবিশ্বাস, চক্রান্ত ষড়যন্ত্রৰ মাজতো প্রেমৰ জোঁৱাৰ আহিছে উপন্যাসখনৰ বুকুলৈ | ওখৰি পৰিছে অবিশ্বাস ষড়যন্ত্রৰ সকলো দেৱাল বিশ্বাস আৰু একতাৰ আগত |
অদিতি চৌধৰী উপন্যাসখনৰ মুখ্যচৰিত্র যদিও সুকন্যা হাজৰিকাৰৰ চৰিত্রটোৱে বলীষ্ঠ ভূমিকা পালন কৰিছে | নিজৰ সাহস, স্পষ্টবাদিতাৰে নিজৰ লগতে উপন্যাসখনতো অন্য মাত্রা প্রদান কৰিছে | তাত ইন্ধন যোগাইছে কস্তৰী, কাজৰী, অসমী, অমিত, বাবী, ৰুবেন এই চৰিত্রকেইটাই | পিতৃ থাকিও পিতৃৰ মৰমৰ বাবে হাবাথুৰি খোৱা মৰম আকুলুৱা কাজৰীৰ চৰিত্রটোৱে প্রতিজন পঢ়ুৱৈকে এবাৰলৈ হ’লেও জোকাৰি গৈছে |
মাজে মাজে উপন্যাস ৰহস্যঘন হৈ পৰিছে যি লেখিকাৰ বাবে আন এক কীৰ্তি |
বিশ্বাস-অবিশ্বাসৰ দাবালন জুই শিখাৰ মাজত প্রেম-ভালপোৱাৰ বীজ সিচা এই সময় সেই সময়ে চিন্তাৰ খোৰাক যোগায় | সঁচা অৰ্থত কবলৈ গলে এখন পুৰ্ণাং উপন্যাস বনলতা প্রকাশনৰ পৰা প্রকাশিত ১৫০ টকা মূল্যৰ ৪৭২ পৃষ্ঠা কলৰেৱৰ এই সময় সেই সময় |

No comments:

Post a Comment