কায়কল্প….. ২০০৮ বৰ্ষৰ ভাৰতীয়
সাহিত্যৰ অন্যতম শ্রেষ্ঠ সৰস্বতী সন্মানপ্রাপ্ত গ্রন্থ ড০ লক্ষ্মীনন্দন বৰাদেৱৰ কায়কল্প
| গ্রন্থখনৰ আধাৰ হৈছে ভাৰতত অতীতৰ পৰা চলি অহা কায়কল্প চিকিৎসা | পুনৰ্যৌৱন লাভ, যৌৱনক
বিলম্বিত কৰা আৰু আয়ুৰ্বৃদ্ধিৰ অৰ্থাৎ কায়কল্পৰ প্রচেষ্টা সুদূৰ অতীতৰ পৰাই সকলোৱে
বাবে কৌতূহলৰ বিষয় | এই কৌতূহলে কায়কল্পৰ মুখ্য চৰিত্র ড০ অনুজ কৃপালনিকো বশ কৰিছে
| ইয়াত ইন্ধন যোগাইছে পত্নী নয়না নাৰ্লিকাৰ ব্যভিচাৰ আৰু জীৱনৰ বিয়লিবেলাত পুনৰ লগ
পোৱা পূৰ্ব প্রেয়সী অজন্তা দীক্ষিতৰ বিগত যৌৱনে |পত্নীৰ দ্বাৰা প্রবঞ্চিত বিশ্ববিখ্যাত
বহুৰাষ্টীয় প্রতিষ্ঠান “ভিভিয়ান ইন্টাৰনেচনেল”ৰ আণৱিক জীৱবিদ্যা শাখাৰ মুৰব্বী ড০ অনুজ
কৃপালনি উভতি আহিছে ভাৰতলৈ | ভাৰতত বৈজ্ঞানিক বিপ্লৱৰ সূচনা কৰি প্রতিষ্ঠা কৰিছে ভাৰত
বিজ্ঞানাগাৰ | এই অনুষ্ঠানে তেওঁক দিছে বিভিন্ন বঁটা প্রশষ্ঠিৰ লগতে প্রচুৰ অৰ্থ |
কিন্তু এইবোৰে সন্তুষ্ট কৰিব পৰা নাই ড০ কৃপালনিক | প্রতিশোধৰ অগনিয়ে বাৰে বাৰে তেওঁক
দহন কৰিছে | পুনৰ্যৌৱন উদ্ধাৰৰ প্রচেষ্টাত নিজকে বিলীন কৰিছে | অধ্যয়ণ কৰিছে বহু পৌৰাণিক
ভাৰতীয় আয়ুৰ্বেদ তথা যোগ শাস্ত্র, ভ্রমণ কৰিছে বহু দুৰ্গম অঞ্চল | তেওঁৰ এই প্রচেষ্টাই
সফলতা লাভ কৰিছে সিদ্ধপুৰুষ অমেৰন্দ্র ব্রহ্মচাৰীৰ সহযোগিতাত |উদ্ভাৱন কৰিছে কায়কল্প-২৫
নামেৰে পুনৰ্যৌৱন লাভৰ ঔষধ | কিন্তু প্রকৃতিৰ নিয়ম উলঙ্ঘা কৰা জানো সম্ভৱ | প্রকৃতিৰ
নিয়ম উলঙ্ঘা কৰাৰ ফল ভয়াবহ | শেহত সেই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে ড০ কৃপালনিয়ে
আৰু সেয়ে কায়কল্প-২৫ ৰ ব্যৱসায়িক ৰূপ দিবলৈ অমান্তি হৈছে | প্রকৃতিয়ে নিজ কাৰ্য্য সুচাৰুৰূপে
চলাই নিছে |
মূলত বিজ্ঞানভিত্তিক
উপন্যাস যদিও উপন্যাসখনৰ বুকুলৈ প্রেমৰ জোঁৱাৰ আহিছে | আশা আকাংক্ষাই পোখা মেলিছে
| দূখে আহি দুচকু সেমেকাইছে | লগতে আহিছে সংঘাত | সংঘাতৰ চূড়ান্তৰূপ হিচাপে আৱিষ্কাৰ
হৈছে কায়কল্প-২৫ | মানৱীয় প্রমূল্যবোধবোৰ সুন্দৰভাৱে অংকিত হৈছে কায়কল্পত | আধুনিক
বিজ্ঞান জগতৰ বহুখিনি দিশ সামৰিলৈ সেইয়া সুন্দৰভাৱে উপস্থাপন কৰিছে লেখকে | উচ্ছল যৌৱানাকাঙ্খাই
দুৰন্ত গতি প্রদান কৰা জ্যোতি প্রকাশনৰ পৰা প্রকাশিত কায়কল্প অসমীয়া বিজ্ঞানভিত্তিক
উপন্যাস জগতলৈ সুন্দৰ বৰঙনি | ২১৭ পৃষ্ঠা কলৰেৱৰ কায়কল্পৰ মূল্য ৮০ টকা মাত্র |
No comments:
Post a Comment