Monday, 19 November 2012

RAAG...EMON

ৰাগ…ইমন..........২০০৯ বৰ্ষৰ হৰেন্দ্র চন্দ্র বৰকাকতী উপন্যাস বঁটাৰে সন্মানিত জুৰি বৰা বৰগোহাঁইৰ দ্বাৰা ৰচিত উপন্যাসখন প্রকাশ কৰি উলিয়াইছে চন্দ্র প্রকাশে | ভয়াবহ AIDS ৰোগক আধাৰ হিচাপে লৈ ৰচনা কৰা উপন্যাস খন আগবাঢ়িছে ইমন নামৰ ছোৱালীজনীৰ জীৱনক লৈ | সময়ে বৰ নিষ্ঠুৰভাৱে বাৰে বাৰে আঘাট কৰিছে ইমনৰ ওপৰত | প্রতাৰিত হৈছে স্বামীৰ দ্বাৰাও |স্বামী দ্বাৰা প্রতাৰিত ইমনে অজানিতে বহন কৰিছে AIDS ৰ দৰে ভয়াবহ ৰোগ | AIDS ৰ কঠোৰ হাতোৰাই কাঢ়ি নিয়া স্বামী আৰু ফুলকুমলীয়া ছোৱালীজনী হেৰুওৱা ইমন বাৰে বাৰে লাঞ্ছিতা, বঞ্চিতা আৰু অবহেলিতা হৈছে সমাজত | সময়ক প্রত্যাহ্বান জনাইছে ইমনে | বাধ্য হৈছে সময় ইমনৰ সপক্ষে ববলৈ | সমাজত মূৰ দাঙি থিয় হৈছে ইমন | নতুন প্রতাশ্যাৰে কাম কৰি গৈছে নিজৰ দৰে আক্রন্ত আননসকলৰ বাবে |
AIDS ৰ দৰে ৰোগ এটাক উপন্যাস হিচাপে উপস্থাপন কৰাত লেখিকা বৰগোহাঁই সফল হৈছে | সূখ দুখৰ সুন্দৰ সমাহাৰ ঘটাইছে লেখিকাই উপন্যাস খনত | ভদ্রতাৰ মূখা পিন্ধা সমাজৰ স্বৰূপ উদঙাবলৈ সক্ষম হৈছে উপন্যাসখন | AIDS ৰোগটোৰ প্রতি থকা মানুহৰ অহৈতুক ভয়, অজ্ঞানতা, ভ্রান্ত ধাৰণাৰ সুন্দৰ প্রতিফলন ঘটিছে উপন্যাসখনত | ইমনৰ স্বামীৰ ঘৰখন, তাইক নিজৰ ঘৰত ৰাখিবলৈ অমান্তি হোৱা ভাৰাঘৰৰ মালিকসকল, চুবুৰীয়াসকল, ইমনৰ খুড়ীয়েকৰ মাজেৰে সমাজৰ এই শ্রেণীটোৰ আভাস পোৱা যায় | ইয়াৰ বিপৰিতে আছে আন এখন সমাজ য’ত আছে মৰম ভালপোৱা আৰু বিশ্বাসৰ পৃথিৱী | যি সাহস যোগাই জীৱনত আগুৱাই যোৱাত | লেখিকাই ডা: দেউৰী, ডা: শৰ্ম্মা, ইমনৰ পৰিয়াল, তামোলপুৰবাসী, অসীমৰ পৰিয়াল, কৃষ্ণ নগৰবাসী, সহৃদয় ভাৰাঘৰৰ মালিকজনৰ সহায়েৰে সেইখন পৃথিৱী চিত্রয়িত কৰিবলৈ সক্ষম হৈছে | উপন্যাস খনৰ ডা: দেউৰী চৰিত্রটোৱে মন চুই যায় | যি মৰম, বিশ্বাস আৰু আস্থাৰে আবৰি ৰাখিছে ইমনৰ দৰে AIDS আক্রন্তসকলক | প্রেছ মীট আয়োজন কৰি সমাজে অৱহেলা কৰিব বুলি জানিও নিজৰ ভয়াবহ ৰোগটোৰ কথা ৰাজহুৱা কৰি ইমনে যি সাহসৰ পৰিচয় দিলে সেইয়া শলাগিবলগীয়া |এই সাহসী উপস্থাপনৰ বাবে লেখিকাক ধন্যবাদ জনাবই লাগিব | সমাজৰ কিছুমান কুসংস্কাৰ, অজ্ঞনতা আতৰাই পৰিবৰ্তন আনিবলৈ হ’লে কোনোৱে মাৰ বান্ধি থিয় হ’বই লাগিব| সেই পৰিবৰ্তনৰেই এক নাম ইমন, ৰাগ…ইমন | জীৱন যুজত বাৰে বাৰে পৰাজিতা হৈছে ইমন | তথাপি নিয়তিৰ আগত সেও মনা নাই তাই | অৱশেষত হাৰ মানিছে নিয়তিয়ে | সংগ্রামৰ অন্য নাম ইমন, ৰাগ…ইমন |সাহসৰ অন্য নাম ইমন, ৰাগ…ইমন | কিতাপখন পঢ়ি থাকোতে ভাৱ হয় এৰা বিশ্বাস, মৰম, ভালপোৱা আৰু সাহসেৰে জীৱনৰ যিকোনো বিপদ হেলাৰঙে অতিক্রম কৰিব পাৰি |
উপন্যাসখনৰ চৰিত্রবোৰৰ যথাযথ উপস্থাপনত লেখিকা সফল হৈছে যদিও বহু সময়ত উপন্যাসখন আগুৱাই নিয়াত উজুতি খোৱাও পৰিলক্ষিত হয় | এগৰাকী মানুহৰে ভূলক্রমে দুটা নামৰ আৱতাৰনা আৰু হৈ যোৱা ঘটনাৰ কেইবাবাৰো কৰা পুনঃলিখনে পঢ়াৰ সাৱলীলতা কিছু ম্লান কৰিছে | এই ভূলসমূহ আওকান কৰিলে ৰাগ…ইমন যথাৰ্থত এখন সুন্দৰ উপন্যাস আৰু মোৰ বোধেৰে এই উপন্যাসখনে AIDS প্রতিৰোধী আন্দোলনত সক্রিয় ভূমিকা গ্রহণ কৰিব | ১৪০ টকা মূল্যৰ ২০৪ পৃষ্ঠা কলৰেৱৰ ৰাগ…ইমন যেন প্রতিজন AIDS ৰোগীৰে হৃদয়ৰ ভাষা, প্রতিজন AIDS ৰোগীৰে হৃদয়ত বাজি থকা এটা ৰাগ |

No comments:

Post a Comment