Friday, 23 November 2012

sinaki baat osinaki hobo
osin gabhorue paduli saribo.....

Tuesday, 20 November 2012

SUNYA

moi sunyar mulya hudhisilu
tumi sunyatare bhorai dila
mur jeevan

PRATIKSHA

endar bur junjanik gotai
belitu golgoi
thik tumar dore
jun joni roi thakil
nava pravatar pratikshat
ashar nodit
suwaranir borosi tupai
thik mur dore

Monday, 19 November 2012

tumi ahisila....
puwar kumal rod jakor hote
bakulfular subash bilai
tolhora ejak fular majot
puwa abeli hol
rajanigandhar abesh sani
golagoi sewalir subash anar kothare
ratitu muk gotai
moi roi thakilu
ashar nadit suwaranir borosi tupai......
homoy....
bakultolar balighar kio bhangili
sutalot mur rojai hukum nidia hol
haliki joniu naha hol rotautowai
ghariyal mur panit namil
burhiaitar silonijoniu uri gol jiyekor gharaloi
toi baru kio uka korili mur paduli.....
Udasi mur sandhiya
junaki hahakar hridayat
homoy....
aru kiman bojabi
suwarani banhir karun hur......

CHAKLANG BIYA


            আহোম সম্প্রদায়ৰ বিবাহ অনুষ্ঠান: চকলং
বিবাহ এক সামাজিক পদ্ধতি | দুটি আত্মাৰ মিলনৰ আনুষ্ঠানিক স্বীকৃতি হ’ল বিবাহ অনুষ্ঠান |আমাৰ সমাজত কেইবাপ্রকাৰৰ বিবাহ দেখা যায়, বৈদিক বিবাহ, গন্ধৰ্ব বিবাহ, ৰাক্ষস বিবাহ ইত্যাদি | ইয়াৰে বৈদিক বিবাহ সামাজিক মৰ্য্যদা পূৰ্ণ | বিভিন্ন জাতি-জনজাতিৰ বাবে বিবাহৰ ৰীতি নীতি বিভিন্ন হয় | বুৰঞ্জীয়ে পৰশা অসমত বসবাস কৰা আহোমসকলৰ বিবাহ অনুষ্ঠানু আনসকলতকৈ পৃথক | এই বিবাহ পদ্ধতিক চকলং বুলি জনা যায় |
আদিতে এই চকলং বিবাহ কেৱল ৰজাঘৰীয়া বা তেনেধৰণৰ আদ্যৱন্ত আহোমসকলৰ মাজত দেখা গৈছিল যদিও বৰ্তমান প্রায় সকলো আহোম সম্প্রদায়ৰ লোকেই চকলং কৰা দেখা যায় | আগতে আজিকালিৰ দৰে কইনা ঘৰত চকলং অনুষ্ঠিত নহৈছিল বৰঞ্চ কইনাৰ পিতৃয়ে জোঁৱাই বৰণৰ সামগ্রীসহ দৰাঘৰলৈ গৈ চকলং প্রথাৰে কন্যাদান কৰিছিল |
আজিকালি কইনাৰ ঘৰত অনুষ্ঠিত হোৱা চকলং অনুষ্ঠানত আহোমসকলৰ পিতৃপুৰুষ লেঙদন্ৰ পৰা আশীষ বিচৰা হয় | চকলং অনুষ্ঠানৰ বাবে বাবে সজা বেদী ৬ ইঞ্চি ওখ আৰু ৬৩ ইঞ্চি ব্যাসৰ হয় | বেদী সোমাজৰ চক্রৰ ব্যাস ৬ ইঞ্চি ৰাখি পাছৰ পৰিধিৰ ৰেখাবোৰ ৪ ইঞ্চি সমান্তৰাল ভাৱে অঁকা হয় | ৬ নং ঘৰৰ পাছত ওপৰঞ্চিকৈ ৩ইঞ্চি ৰখাৰ প্রয়োজন | তাৰ ওপৰত ১৬ ডাল দণ্ডী অঁকা হয় | ফলত ৯৬ টা সংগমস্থান অংকিত হয় | ইয়াকে মড়ল বুলি জনা যায় | চক্রবোৰত ক্রমান্বয়ে উল্লেখ কৰা অনুসৰি ৰঙ কৰা হয় | সোমাজত ৰক্তশ্যাম তেনেদৰে ক্রমান্বয়ে দূৰ্বাশ্যম,শ্যাম,গৌড়,ৰক্তগৌড়,গৌড় আৰু কৃষ্ণ | সোমাজৰ ৰক্তশ্যাম ৰঙে সকলো শক্তিৰ উৎস সূৰ্য্যক প্রতিনিধিত্ব কৰে | তেনেদৰে দূৰ্বাশ্যাম ৰঙে বুধ, শ্যাম ৰঙে শুক্র, গৌড় ৰঙে চন্দ্র আৰু বৃহস্পতি, ৰক্তগৌড় ৰঙে মঙ্গল আৰু কৃষ্ণ ৰঙে শনিক সূচায় |
৯৬টা সংগমস্থলত একোটাকৈ চাকি, একোটাকৈ তামোল-পান অথবা এখনকৈ থুৰীয়া তামোল আৰু মুদ্রা থোৱা হয় |সোমাজৰ চাকিটো ডাঙৰ | এই ডাঙৰ চাকিটো হ’ল সূৰ্য্য আৰু এই ডাঙৰ চাকিটোৰে শাখা আন ৯৬ টা চাকি স্থাপন কৰা হয় | সোমাজৰ চাকিটো পৰশা আঁচ চাৰিডালত ৪ টা চাকি বহুওৱা হয় পিতৃগুৰু লেঙদ্নক স্মৰণ কৰি | সৰ্বমুঠ চাকিৰ সংখ্যা হ’ল ১০১ | মড়লৰ চাৰিফালে চাৰিটা কলপুলি ৰুৱা হয় আৰু কলপুলিৰ পাত লগ লগাই আমডালি আঁৰি দিয়া হয় |
চকলং বিবাহ অনুষ্ঠানত অৰ্চনাৰ বাবে প্রয়োজন হয় বগাফুল, আখৈ, আৰৈ চাউল, হুৰুম ইত্যাদি | এশ এটা বগা ফুলেৰে গঁথা দুডাল মালা, এখন হেংদান, এডাল টঙালি, দৰা বৰণৰ সাজ, বাপু বৰণৰ সাজ, দৰা ঘৰৰ পৰা গুৰুঘৰীয়া সাজ, নীলা মন ধৰা কাপোৰ নিতান্তই প্রয়োজনীয় |
চকলং বিবাহ কেইবাদিনীয়াকৈ পতাৰ কথা বুৰঞ্জীত উল্লেখ আছে | সময় সাপেক্ষে এই অনুষ্ঠান সাতদিনীয়াকৈ, তিনিদীনিয়াকৈ অনুষ্ঠিত কৰা হয় | আন সম্প্রদায় বোৰৰ দৰে চকলং প্রথাটো বিয়াৰ আগদিনা গাঁঠিয়ন খুন্দাৰ নিয়ম|
বিয়াৰ দিনা সবলদলে অহা দৰাক মাননী শৰায়ে কইনাঘৰীয়াই ৰভাৰ তললৈ আগবঢ়াই আনে | তেনেদৰে দৰাঘৰীয়াই তামোল পান আগবঢ়াই ছোৱালী খোজাৰ পাছতে আৰম্ভ হয় চকলঙৰ মূল কাৰ্য্যসূচী |
চকলঙৰ কাৰ্য্যসূচীত কন্যাৰ কোলাত কানাই নিচুকুৱা(প্রজননৰ ইংগিত),বাপু বৰণ, দৰা বৰণ, কন্যাদান, যৌতুক সম্প্রদান আদি অনুষ্ঠিত হয় | সাজ-পোছাক, অলংকাৰ আদি আগবঢ়াই কন্যাদাতাই দৰা বৰণ কৰে | কন্যাদানৰ সময়ত কন্যাদাতাই কন্যাৰ সোঁহাতৰ বুঢ়া আঙুলি আৰু দৰাৰ সোঁহাতৰ বুঢ়া আঙুলি লগ লগাই কন্যা সম্প্রদান কৰে | দৰা কন্যা উভয়ে ১০১ পাহ ফুলৰ মালা ইজনে সিজনক পিন্ধাই দুয়ো দুয়োকে গ্রহণ কৰে | কন্যাই নিজৰ দেশ, পুত্র-পৰিয়াল আৰু সা-সম্পত্তি ৰক্ষাৰ অৰ্থে দৰাক হেংদান প্রদান কৰে |
এনেদৰে আগবঢ়া চকলং প্রথা আঙুঠি সলোৱা, কড়ি খেল, কটাৰি সলোৱা, পঞ্চামৃত ভোজনেৰে সমাপ্ত হয় | ফুল চাউলেৰে ফ্রা না লোং জ্যোৰ্তিময় পূৰ্ণব্রহ্মক অৰ্চনাৰে আয়তীৰ মংগলময় উৰুলি ধ্বনিৰ মাজত চকলং প্রথাৰে দুটি আত্মাৰ শুভমিলন ঘটে |

SILICON R BUDDHA


চিলিকনৰ বুদ্ধ…….অসমীয়া কল্পবিজ্ঞান জগতখনলৈ চাকিল জামালৰ সুন্দৰ সংযোজন |উপন্যাস খনৰ মূলাধাৰ হৈছে চাইব’ৰ্গ | উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে উদ্যোগপতি টেড টাৰ্নাৰৰ বিলুপ্ত স্মৃতি পুনোৰুদ্ধাৰৰ আঁচনিৰে |টেড টাৰ্নাৰৰ জীৱনৰ পৰা বিলুপ্তি ঘটা কিছুমান মূহুৰ্তৰ স্মৃতিৰ পুনোৰুদ্ধাৰৰ দায়িত্ব অৰ্পন কৰা হৈছে ছেনজ’ছত থকা কৃত্রিম বুদ্ধিমত্তাৰ বৈজ্ঞানিক প্রতিষ্ঠান এমৰয় আৰু এমৰয়ৰ পৃষঠপোষকতাত ভাৰতৰ মুম্বাইস্থিত টিকটেকক | স্মৃতিৰ পুনোৰুদ্ধাৰ কাৰ্য্যত নিয়োজিত প্রফেছৰ কালিংঘাম, ছানন আৰু অমিত পানিকেৰৰ দ্বাৰা নিৰ্মিত চিলিকনৰ কোৱান্টাম চিপ এটাক কেন্দ্র কৰি আগবাঢ়ি গৈ থাকে উপন্যাসখন | চিলিকনৰ কৃত্রিম মগজু তৈয়াৰৰ আশাশুধীয়া প্রচেষ্টাৰ সুন্দৰ বৰ্ণনাৰে উপন্যাসৰ কাহিনীভাগ সাবলীলভাৱে আগবঢ়াই নিয়াত লেখক সফল হৈছে |সমান্তৰালভাৱে উপস্থাপিত হৈছে টেড টাৰ্নাৰৰ জীৱন কাহিনী |ছল্টলেক অঞ্চলৰ পৰা হাতত মাত্র কেইটামান ডলাৰলৈ অহি বিশ্ববিখ্যাত উদ্যোগপতি ৰূপে নিজক প্রতিষ্ঠা কৰাৰ কাহিনী|বিজ্ঞানী, প্রযুক্তিবিদ কেইজনৰ প্রচেষ্টাত চিপটোৱে প্রাণ পাইছে |চিকিৎসকে পৰীক্ষা নিৰীক্ষাৰ অন্তত চিপটো প্রতিষ্ঠা কৰিছে টেড টাৰ্নাৰৰ মগজুত |টাৰ্নাৰে ঘূৰাই পাইছে পুৰণিদিনৰ সুৱাস |উপন্যাসখনত বৰ্ণিত বিজ্ঞানৰ বহু কথাই উপন্যাসখনক অনন্য মাত্রা প্রদান কৰিছে |
মূলত বিজ্ঞানভিত্তিক উপন্যাস যদিও উপন্যাসখনৰ বুকুলৈ অহা প্রেমৰ পছোৱাজাকে, বহুজাগতিক প্রতিষ্ঠানত সংস্থাপনৰ অনিশ্চিয়তা, চক্রান্ত ষড়যন্ত্র, বিৰহে উপন্যাসখনক সজীৱতা প্রদান কৰিছে |মাহেকীয়া বিজ্ঞানভিত্তিক আলোচনী জিলিঙনিৰ পাতত ধাৰাবাহিকভাৱে প্রকাশিত চিলিকনৰ বুদ্ধক প্রকাশ কৰি উলিয়াইছে জিজ্ঞাস প্রিন্টাছ এণ্ড পাব্লিছাৰ্ছে |১২৭ পৃষ্ঠাৰ চিলিকনৰ বুদ্ধৰ মূল্য মাত্র ৫০ টকা |

KAYAKALPA


কায়কল্প….. ২০০৮ বৰ্ষৰ ভাৰতীয় সাহিত্যৰ অন্যতম শ্রেষ্ঠ সৰস্বতী সন্মানপ্রাপ্ত গ্রন্থ ড০ লক্ষ্মীনন্দন বৰাদেৱৰ কায়কল্প | গ্রন্থখনৰ আধাৰ হৈছে ভাৰতত অতীতৰ পৰা চলি অহা কায়কল্প চিকিৎসা | পুনৰ্যৌৱন লাভ, যৌৱনক বিলম্বিত কৰা আৰু আয়ুৰ্বৃদ্ধিৰ অৰ্থাৎ কায়কল্পৰ প্রচেষ্টা সুদূৰ অতীতৰ পৰাই সকলোৱে বাবে কৌতূহলৰ বিষয় | এই কৌতূহলে কায়কল্পৰ মুখ্য চৰিত্র ড০ অনুজ কৃপালনিকো বশ কৰিছে | ইয়াত ইন্ধন যোগাইছে পত্নী নয়না নাৰ্লিকাৰ ব্যভিচাৰ আৰু জীৱনৰ বিয়লিবেলাত পুনৰ লগ পোৱা পূৰ্ব প্রেয়সী অজন্তা দীক্ষিতৰ বিগত যৌৱনে |পত্নীৰ দ্বাৰা প্রবঞ্চিত বিশ্ববিখ্যাত বহুৰাষ্টীয় প্রতিষ্ঠান “ভিভিয়ান ইন্টাৰনেচনেল”ৰ আণৱিক জীৱবিদ্যা শাখাৰ মুৰব্বী ড০ অনুজ কৃপালনি উভতি আহিছে ভাৰতলৈ | ভাৰতত বৈজ্ঞানিক বিপ্লৱৰ সূচনা কৰি প্রতিষ্ঠা কৰিছে ভাৰত বিজ্ঞানাগাৰ | এই অনুষ্ঠানে তেওঁক দিছে বিভিন্ন বঁটা প্রশষ্ঠিৰ লগতে প্রচুৰ অৰ্থ | কিন্তু এইবোৰে সন্তুষ্ট কৰিব পৰা নাই ড০ কৃপালনিক | প্রতিশোধৰ অগনিয়ে বাৰে বাৰে তেওঁক দহন কৰিছে | পুনৰ্যৌৱন উদ্ধাৰৰ প্রচেষ্টাত নিজকে বিলীন কৰিছে | অধ্যয়ণ কৰিছে বহু পৌৰাণিক ভাৰতীয় আয়ুৰ্বেদ তথা যোগ শাস্ত্র, ভ্রমণ কৰিছে বহু দুৰ্গম অঞ্চল | তেওঁৰ এই প্রচেষ্টাই সফলতা লাভ কৰিছে সিদ্ধপুৰুষ অমেৰন্দ্র ব্রহ্মচাৰীৰ সহযোগিতাত |উদ্ভাৱন কৰিছে কায়কল্প-২৫ নামেৰে পুনৰ্যৌৱন লাভৰ ঔষধ | কিন্তু প্রকৃতিৰ নিয়ম উলঙ্ঘা কৰা জানো সম্ভৱ | প্রকৃতিৰ নিয়ম উলঙ্ঘা কৰাৰ ফল ভয়াবহ | শেহত সেই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে ড০ কৃপালনিয়ে আৰু সেয়ে কায়কল্প-২৫ ৰ ব্যৱসায়িক ৰূপ দিবলৈ অমান্তি হৈছে | প্রকৃতিয়ে নিজ কাৰ্য্য সুচাৰুৰূপে চলাই নিছে |
     মূলত বিজ্ঞানভিত্তিক উপন্যাস যদিও উপন্যাসখনৰ বুকুলৈ প্রেমৰ জোঁৱাৰ আহিছে | আশা আকাংক্ষাই পোখা মেলিছে | দূখে আহি দুচকু সেমেকাইছে | লগতে আহিছে সংঘাত | সংঘাতৰ চূড়ান্তৰূপ হিচাপে আৱিষ্কাৰ হৈছে কায়কল্প-২৫ | মানৱীয় প্রমূল্যবোধবোৰ সুন্দৰভাৱে অংকিত হৈছে কায়কল্পত | আধুনিক বিজ্ঞান জগতৰ বহুখিনি দিশ সামৰিলৈ সেইয়া সুন্দৰভাৱে উপস্থাপন কৰিছে লেখকে | উচ্ছল যৌৱানাকাঙ্খাই দুৰন্ত গতি প্রদান কৰা জ্যোতি প্রকাশনৰ পৰা প্রকাশিত কায়কল্প অসমীয়া বিজ্ঞানভিত্তিক উপন্যাস জগতলৈ সুন্দৰ বৰঙনি | ২১৭ পৃষ্ঠা কলৰেৱৰ কায়কল্পৰ মূল্য ৮০ টকা মাত্র |

AI HOMOY HEI HOMOY


এই সময় সেই সময়….. ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন অনন্য উপন্যাস | উপন্যাসখনত দুটা প্রজন্মক একাকাৰ কৰাত সফল হৈছে লেখিকা | উপন্যাস খনৰ মুখ্য চৰিত্র অদিতি চৌধৰীয়ে এটা সময় আৰু তেওঁ সন্তানসকলে আন এক সময়ক প্রতিনিধিত্ব কৰিছে | লেখিকা দুয়োটা সময়কে অতি সুন্দৰভাৱে উপস্থাপন কৰিছে |
তিৰাশীৰ অসম অন্দোলনে কোবাই গৈছে উপন্যাসখন | সেই আন্দোলনৰ নেতাসকল, আন্দোলনকাৰীসকল আকৌ এবাৰ প্রাণ পাই উঠিছে উপন্যাসখনত | আন্দোলনৰ পাছত তেওঁলোকে লোৱা কিছুমান সিদ্ধান্তৰ প্রভাব পৰিছে পাছৰ প্রজন্মৰ ওপৰত |
ছাত্র আৰু ৰাজনীতিৰ কিছুমান অবাঞ্চিত ঘটনাই তোলাপাৰ লগাইছে উপন্যাসখনৰ পৃষ্ঠা | ৰাজনীতিৰ কিছুমান কুচক্রান্তত ব্যতিব্যস্ত হৈ পৰিছে উপন্যাসখন | বিশ্বাস অবিশ্বাস, চক্রান্ত ষড়যন্ত্রৰ মাজতো প্রেমৰ জোঁৱাৰ আহিছে উপন্যাসখনৰ বুকুলৈ | ওখৰি পৰিছে অবিশ্বাস ষড়যন্ত্রৰ সকলো দেৱাল বিশ্বাস আৰু একতাৰ আগত |
অদিতি চৌধৰী উপন্যাসখনৰ মুখ্যচৰিত্র যদিও সুকন্যা হাজৰিকাৰৰ চৰিত্রটোৱে বলীষ্ঠ ভূমিকা পালন কৰিছে | নিজৰ সাহস, স্পষ্টবাদিতাৰে নিজৰ লগতে উপন্যাসখনতো অন্য মাত্রা প্রদান কৰিছে | তাত ইন্ধন যোগাইছে কস্তৰী, কাজৰী, অসমী, অমিত, বাবী, ৰুবেন এই চৰিত্রকেইটাই | পিতৃ থাকিও পিতৃৰ মৰমৰ বাবে হাবাথুৰি খোৱা মৰম আকুলুৱা কাজৰীৰ চৰিত্রটোৱে প্রতিজন পঢ়ুৱৈকে এবাৰলৈ হ’লেও জোকাৰি গৈছে |
মাজে মাজে উপন্যাস ৰহস্যঘন হৈ পৰিছে যি লেখিকাৰ বাবে আন এক কীৰ্তি |
বিশ্বাস-অবিশ্বাসৰ দাবালন জুই শিখাৰ মাজত প্রেম-ভালপোৱাৰ বীজ সিচা এই সময় সেই সময়ে চিন্তাৰ খোৰাক যোগায় | সঁচা অৰ্থত কবলৈ গলে এখন পুৰ্ণাং উপন্যাস বনলতা প্রকাশনৰ পৰা প্রকাশিত ১৫০ টকা মূল্যৰ ৪৭২ পৃষ্ঠা কলৰেৱৰ এই সময় সেই সময় |

MOUTAM


মৌতম……
মৃণাল তালুকদাৰৰ দ্বাৰা ৰচিত মৌতম উত্তৰ পূৰ্ব্বাঞ্চলৰ উগ্রপন্থী সমস্যাৰ দলিল স্বৰূপ | মূলত: মিজো শব্দ মৌতম মানে হ’ল অৰ্থ দুৰ্ভিক্ষ | মিজোৰাম যেতিয়াই মৌতমত ভূগিছিল কোনোৱে আগবঢ়োৱা নাছিল সহায়ৰ হাত তেওঁলোকলৈ | ফলস্বৰূপে লাহে লাহে আৰম্ভ হ’ল মিজো বিদ্রোহৰ | সংগঠিত হ’ল Mizo National Front (MNF) মিজো যুৱক লালডেংগাৰ নেতৃত্বত | বিদ্রোহৰ জুইত জলি উঠিল মিজোৰাম | বিদ্রোহৰ এই কাহিনী লিপিবব্ধ হৈছে মৃণাল তালুকদাৰৰ মৌতমত | মিজোৰামৰ বিদ্রোহী সংগঠনৰ উপৰিও উত্তৰ-পূৰ্ব্বাঞ্চলৰ আন ভালেকেইটা বিদ্রোহী সংগঠনৰ ওপৰত মৌতমে আলোকপাত কৰিছে | মূলত : নগা বিদ্রোহীৰ বিদ্রোহৰ কাহিনীয়ে ভৰপূৰ মৌতমত আছে কুহেলিকাময় মণিপুৰী বিদ্রোহীসকলৰো সংগ্রামৰ কাহিনী | লেখকৰ কলমেৰে প্রাণ পায় উঠিছে ফিজো, চাখ্রে, লালডেংগা তথা অন্যান্য বিদ্রোহীসকলে | ইশ্বাক শ্বু আৰু মুইভা আহিছে অকিঙলৈ আকৌ এবাৰ | অসমৰ বিদ্রোহীসংগঠন আলফাও ছেগাচোৰোকাকৈ ভূমুকি মাৰিছে মৌতমত | ৰাজনীতি আৰু কূটনীতিৰ গৰম বতাহজাকে বাৰুকৈয়ে কোবাই গৈছে মৌতমৰ পৃষ্ঠা | সত্যক জনাৰ আগ্রহেৰে মতলীয়া সাংবাদিক বাৰ্টিল লিন্টাৰ, ৰুক্মিনী কালিমাসী আৰু লেখকৰ অদম্য সাহসে মৌতমক অনন্য কৰি তুলিছে | কুহেলিকাময় বিদ্রোহ জীৱনৰ কথা পঢ়ি মৌতম ভাষাৰে ক’ব পাৰি সঁচাই “Truth is the biggest casualty in the North East”.
ভৱানী প্রিন্ট এণ্ড পাব্লিকেশ্যনচ্ৰ দ্বাৰা মুদ্রিত ৩১০ পৃষ্ঠাৰ মৃণাল তালুকদাৰৰ দু:সাহসিক বুৰঞ্জী মৌতমৰ মূল্য ২২৫/- টকা মাত্র |