মৰমৰ তুলিকা বা
ফেচবুকেৰে চিনাকী ভনীৰ দূৰণিবটীয়া মৰমবোৰ গ্ৰহণ কৰিব । আশা
কৰো আপোনাৰ লগতে ঘৰৰ সকলোৱে কুশলে আছে । আজি প্ৰথমবাৰৰ বাবে কলম তুলি ল’লো আপোনালৈ
চিঠি লিখো বুলি । কিছুদিনৰ আগেয়ে আপুনি মোক মোৰ পঢ়ি ভাল লগা কিতাপৰ বিষয়ে সুধিছিল ।
আজি ভাবিলো কেইবামাহ মানৰ আগেয়ে পঢ়া এখন কিতাপৰ বিষয়ে জনাওক আপোনাক ।
কিতাপখন হ’ল মৃণাল তালুকদাৰৰ দ্বাৰা ৰচিত মৌতম । উত্তৰ পূৰ্ব্বাঞ্চলৰ উগ্রপন্থী সমস্যাৰ দলিল স্বৰূপ এইখন
কিতাপ | মূলত: মিজো শব্দ মৌতম মানে হ’ল অৰ্থ দুৰ্ভিক্ষ | মিজোৰাম যেতিয়া মৌতমত ভূগিছিল কোনোৱে আগবঢ়োৱা নাছিল সহায়ৰ হাত তেওঁলোকলৈ | ফলস্বৰূপে লাহে লাহে আৰম্ভ হ’ল মিজো বিদ্রোহৰ | সংগঠিত হ’ল Mizo National Front (MNF) মিজো যুৱক লালডেংগাৰ নেতৃত্বত | বিদ্রোহৰ জুইত জলি উঠিল মিজোৰাম | বিদ্রোহৰ এই কাহিনী লিপিবব্ধ হৈছে মৃণাল তালুকদাৰৰ মৌতমত | মিজোৰামৰ বিদ্রোহী সংগঠনৰ উপৰিও উত্তৰ-পূৰ্ব্বাঞ্চলৰ আন ভালেকেইটা বিদ্রোহী সংগঠনৰ ওপৰত মৌতমে আলোকপাত কৰিছে | মূলত : নগা বিদ্রোহীৰ বিদ্রোহৰ কাহিনীয়ে ভৰপূৰ মৌতমত আছে কুহেলিকাময় মণিপুৰী বিদ্রোহীসকলৰো সংগ্রামৰ কাহিনী | লেখকৰ কলমেৰে প্রাণ পায় উঠিছে ফিজো, চাখ্রে, লালডেংগা তথা অন্যান্য বিদ্রোহীসকলে | ইশ্বাক শ্বু আৰু মুইভা আহিছে অকিঙলৈ আকৌ এবাৰ | অসমৰ বিদ্রোহীসংগঠন আলফাও ছেগাচোৰোকাকৈ ভূমুকি মাৰিছে মৌতমত | ৰাজনীতি আৰু কূটনীতিৰ গৰম বতাহজাকে বাৰুকৈয়ে কোবাই গৈছে মৌতমৰ পৃষ্ঠা | সত্যক জনাৰ আগ্রহেৰে মতলীয়া সাংবাদিক বাৰ্টিল লিন্টাৰ, ৰুক্মিনী কালিমাসী আৰু লেখকৰ অদম্য সাহসে মৌতমক অনন্য কৰি তুলিছে | কুহেলিকাময় বিদ্রোহ জীৱনৰ কথা পঢ়ি মৌতম ভাষাৰে ক’ব পাৰি সঁচাই “Truth is the biggest casualty in
the North East”.
ভৱানী প্রিন্ট এণ্ড পাব্লিকেশ্যনচ্ৰ দ্বাৰা মুদ্রিত ৩১০ পৃষ্ঠাৰ মৃণাল তালুকদাৰৰ দু:সাহসিক বুৰঞ্জী মৌতমৰ মূল্য ২২৫/- টকা মাত্র |
বা! আশাকৰো কিতাপখন পঢ়ি আপুনিও ভাল পাব । আগেয়ে কিতাপখন পঢ়িছে
যদি কিতাপখনৰ ওপৰত আপোনাৰ মতামত আগবঢ়াব বুলি আশা কৰিলো । আজিলৈ সামৰো ।
ইতি
দেৱাশ্ৰী
তেজপুৰ বিশ্ববিদ্যালয়
১৪/০৫/২০১৩
No comments:
Post a Comment