Thursday, 27 June 2013

তোমালৈ বুলি.....


মৰমৰ

ব্রিয়ান,

আশা কৰো তুমি কুশলে আছা ফেচবুকৰ পাতত আমাৰ চিনাকি আমি বহুবাৰ বহু কথাই পাতিছো আজি পিছে এখন চিঠি লিখিবলৈ বৰকৈ মন গৈছে মোৰ কৰবাত শুনিছিলো চিঠিৰ আখৰে হেনু প্রিয়জনৰ ছবি কঢ়িয়াই নিয়ে নাজানো ইন্টাৰনেট, প্রযুক্তি-বিদ্যাৰ যুগত মোৰ চিঠি মূল্য তোমাৰ বাবে কিমান তথাপিও কলম হাতত তুলি লৈছো তোমালৈ চিঠি লিখো বুলি

ব্রিয়ান, মনত আছে তোমাৰ কেইদিনমানৰ আগতে কথাৰ প্রসংগত কৈছিলো  গুৱাহাটীত বৰফ পৰাৰ কথা মই যে কৈছিলোনৱেম্বৰ ডিচেম্বৰ মাহত যেতিয়া গুৱাহাটীত বৰফ পৰিবলৈ আৰম্ভ কৰে, সৰু ৰা ছোৱালীবোৰৰ খুব আনন্দ হয় ৰাস্তা, ঘৰৰ চাল, ফুল আৰু গছ-গছনি, যান-বাহন বৰফেৰে ঢাক খাই বগা হৈ পৰে গোটেই চহৰৰ ওপৰত যেন এখন অবিচ্ছিন্ন বগা আৱৰণ গোটেই পৃথিৱীত যেন স্বচ্ছ বগা পোহৰ পুখুৰীৰ পানীও কেতিয়াবা গোট মাৰে গজাল লগোৱা বুট আৰু ৰঙ বিৰঙৰ টুপী পিন্ধি ৰা-ছোৱালীবোৰে চিঞৰ বাখৰ কৰি সিহঁতৰ স্কী, শ্লেজ গাড়ী আৰু চকা লগোৱা লাৰ স্কেটাৰবোৰ লৈ পৰম উৎসাহেৰে বাহিৰ হৈ পৰে এই তথ্য-প্রযুক্তিৰ যুগতো তুমি ইমান সহজে বিশ্বাস কৰি লৈছিলা সেই কথা নে মোক সুখী কৰিবলৈ ভাও ধৰিছিলা বিশ্বাস কৰাৰ

জানা ব্রিয়ান, মই মিছা কোৱা নাছিলো আমাৰ ইয়াতো বৰফ পৰে নহ পাৰে হিম শীতল তথাপি অসমলৈ আহে বৰফময় পৰিৱেশ ফেব্রুৱাৰী-মাৰ্চ মাহত তুমি হয়তু ভাবিছা এইয়া আকৌ কেনেধৰণৰ বৰফ ? অসমৰ আকাশখনত শীতৰ দিনকেইটাত জুই জ্বলাই পলাশ শিমলুৱে ৰঙচুৱাকৈ জ্বলা আকাশখনক শীতলতা প্রদান কৰাৰ বাবেই হয়তু কমোৱা তুলাবোৰ হিম হৈ সৰে মায়াময় হৈ পৰে দশোদিশ মাজে মাজে বয় অহা ফাগুনী পছোৱাজাকত যেন শুকুলা বৰফৰ বৰষুণ পৰে চোতাল উপচি পৰে শিমলু তুলাৰ বৰফেৰে সেউজীয়া পথাৰখনত প্রকৃতিয়ে যেন পাৰি দিয়ে শুকুলা এখনি চাদৰ পুখূৰীবোৰতো উপঙি ফুৰে শুকুলা বৰফৰ চেকুৰ ঠিক তোমালোকৰ দেশৰ দৰে

ব্রিয়ান, তুমি ছাগে মোক এজনী পাগলী বুলিয়ে ভাবিছা আচলত কি জানা, প্রকৃতিৰ এই ৰূপ কেতিয়াবা মোৰ কল্পনাৰ দৃষ্টিয়ে চায়ো ভাল লাগে চোন তুমি বাৰু কেতিয়াবা এনেকুৱা কল্পনা কৰা নে ? তোমাৰ অনুভৱবোৰ জনাবা চোন আজিলৈ সামৰো দিয়া

                                                                                                ইতি

                                                                                                কাকলী

বিঃদ্রঃ অ তোমাক ক’বলৈ পাহৰিছোৱে চম্পা নামেৰে তোমাৰ লগত চিনাকি যদিও মোৰ প্রকৃত নাম কাকলী

( ব্রিয়ান আৰু কাকলী মনালিছা শইকীয়াৰ উপন্যাস সত্যবান দুৰ হৈ নাযাবাৰ দুটা চৰিত্র চিঠিখন লিখোতে উপন্যাসখনৰ কেইবাটাও বাক্যৰ উদ্ধৃতি দিয়া )

No comments:

Post a Comment