মৰমৰ নিকুঞ্জ
ককাইদেউ,
চকুৰ চিনাকী নথকা
ভনীৰ অচিনাকী মৰম ও শ্ৰদ্ধা গ্ৰহণ কৰিব । আশা কৰো আপোনাৰ ভাল । বৰমাৰ চকু অপাৰেশ্যন
হৈ গ’ল নেকি? এতিয়া তেওঁৰ স্বাস্থ্য কেনে? আৰু আপোনাৰ ভন্টিৰ কি খবৰ? পেনপেনিয়া বৰষুণজাকে
অসহ্যকৰ কৰি তোলা সময়খিনিতে ভাবিলো আপোনালৈ চিঠি এখন লিখো বুলি । নাজানো ব্যস্ততাৰ
মাজত এই চিঠিৰ গুৰুত্ব কিমান?
ককাইদেউ, কেইমাহ
মান আগতে ‘আমাৰ অসম’ কাকতৰ দেওবৰীয়া পৰিপুৰিকা ‘পূৰ্ব্বাঞ্চল’ত এটা গল্প পঢ়িছিলো ।
গল্পৰ নাম তথা লেখকৰ নাম মনত নাই যদিও গল্পটোৱে মনত গভীৰ সাঁচ বহাই থৈ গ’ল । গল্পটোৰ
কাহিনীটো আছিল থূলমূলকৈ এনেধৰণৰ; লেখকে চাকৰি সূত্ৰে ঘৰৰ পৰা কৰ্মস্থলীলৈ এখন মেজিকেৰে
অহা যোৱা কৰে । মেজিকখনৰ হেন্দিমেন এটা দহ বাৰবছৰীয়া সৰু ল’ৰা । সদায়ে অহা যোৱা কৰাৰ
বাবে চকুৰ চিনাকীয়ে লেখকৰ লগত তাৰ এক আত্মিক সম্বদ্ধ গঢ়ি উঠে ।সি লেখকক তাৰ ঘৰৰ কথা
তাৰ সপোনবোৰৰ কথা কেতিয়াবা কয় । লেখকেও তাক উৎসাহ জনাই তাৰ সপোনবোৰ বাস্তায়িত কৰিবলৈ
।কিন্তু চলন্ত মেজিকৰ দুৱাৰত বহি এবুকু সপোন দেখা ল’ৰাটোৰ এদিন মৃত্যু ঘটে দুৰ্ভাগ্যবশত
দুৱাৰৰ পৰা সৰি পৰি । এৰি কিছু সপোন আৰু অসুখীয়া মাতৃক । গল্পটোৰ এইখিনিতে শেষ হৈছে
যদিও মনত কিছুমান ভাৱৰ জোৱাৰ তুলি গ’ল ।
ককাইদেউ, এইয়া
কেৱল গল্পৰ হেন্দিমেন জনৰে কাহিনী জানো । আৰ্থিক অচচ্ছ্লতাৰ বহুজনেই নিচেই কম বয়সতে
এনেধৰণৰ বৃত্তি গ্ৰহণ কৰে । আৰু বহুজনেই এটা গল্প হৈ পৰে । দুৱাৰত উলমি যোৱা হেন্দিমেনসকলক
ট্ৰেফিক পুলিচে দণ্ড বিহা দেখা যায় যদিও ই আজিও সফল হোৱা দেখা পোৱা নাযায় । অধিক ভাৰা
লাভৰ আশাতেই তেওঁলোকে যাত্ৰীৰ লগতে নিজৰ জীৱনো বিপদাপন্ন কৰি তোলে । অতিমাত্ৰা ভৰৰ
বাবে হোৱা দূৰ্ঘটনাবোৰে তাৰেই সাক্ষী দিয়ে । অশ্লীল শব্দৰ আখৈ ফুটা মুখৰ হেন্দিমেনজন
পিছে অপাৰ শক্তিশালী । তেওঁ ব’ল বুলি চিঞৰটো নামাৰিলে গাড়ীখন কেতিয়াও লৰচৰ নহয় । প্ৰতিদিনে
বিভিন্ন মানসিকতাৰ লোকৰ সতে মোকাবিলা কৰিবলগীয়া হোৱা এইসকলৰ প্ৰতি আমি অকণমান চিন্তা
নিশ্চয় কৰিব পাৰো নহয় নে? ছিট পূৰ্ণ হোৱাৰ পাছত তাত আমি ওলমি নগ’লেও হয় । আমাৰ সদায়ে
শেষ মূহূৰ্তত ক’ৰবালৈ যাবলৈ সাজু হোৱা মানসিকতাৰ পৰা নিজকে আতৰাই ৰাখিব পাৰিলে এনেধৰণৰ
হৃদয়বিদাৰক গল্পৰ সৃষ্টি নহ’ব নিশ্চয় ।
আৰু বেছি নিলিখো
। আপুনি ছাগে আমনিয়ে পাইছে ।আজিলৈ সামৰিছো । চিঠিৰ উত্তৰৰলৈ আগ্ৰহেৰে বাট চাই ৰলো ।
ইতি
টিকলী
তেজপুৰ বিশ্ববিদ্যালয়
২০/০৫/২০১৩