Thursday, 27 June 2013

letter

মৰমৰ নিকুঞ্জ ককাইদেউ,
চকুৰ চিনাকী নথকা ভনীৰ অচিনাকী মৰম ও শ্ৰদ্ধা গ্ৰহণ কৰিব । আশা কৰো আপোনাৰ ভাল । বৰমাৰ চকু অপাৰেশ্যন হৈ গ’ল নেকি? এতিয়া তেওঁৰ স্বাস্থ্য কেনে? আৰু আপোনাৰ ভন্টিৰ কি খবৰ? পেনপেনিয়া বৰষুণজাকে অসহ্যকৰ কৰি তোলা সময়খিনিতে ভাবিলো আপোনালৈ চিঠি এখন লিখো বুলি । নাজানো ব্যস্ততাৰ মাজত এই চিঠিৰ গুৰুত্ব কিমান?
ককাইদেউ, কেইমাহ মান আগতে ‘আমাৰ অসম’ কাকতৰ দেওবৰীয়া পৰিপুৰিকা ‘পূৰ্ব্বাঞ্চল’ত এটা গল্প পঢ়িছিলো । গল্পৰ নাম তথা লেখকৰ নাম মনত নাই যদিও গল্পটোৱে মনত গভীৰ সাঁচ বহাই থৈ গ’ল । গল্পটোৰ কাহিনীটো আছিল থূলমূলকৈ এনেধৰণৰ; লেখকে চাকৰি সূত্ৰে ঘৰৰ পৰা কৰ্মস্থলীলৈ এখন মেজিকেৰে অহা যোৱা কৰে । মেজিকখনৰ হেন্দিমেন এটা দহ বাৰবছৰীয়া সৰু ল’ৰা । সদায়ে অহা যোৱা কৰাৰ বাবে চকুৰ চিনাকীয়ে লেখকৰ লগত তাৰ এক আত্মিক সম্বদ্ধ গঢ়ি উঠে ।সি লেখকক তাৰ ঘৰৰ কথা তাৰ সপোনবোৰৰ কথা কেতিয়াবা কয় । লেখকেও তাক উৎসাহ জনাই তাৰ সপোনবোৰ বাস্তায়িত কৰিবলৈ ।কিন্তু চলন্ত মেজিকৰ দুৱাৰত বহি এবুকু সপোন দেখা ল’ৰাটোৰ এদিন মৃত্যু ঘটে দুৰ্ভাগ্যবশত দুৱাৰৰ পৰা সৰি পৰি । এৰি কিছু সপোন আৰু অসুখীয়া মাতৃক । গল্পটোৰ এইখিনিতে শেষ হৈছে যদিও মনত কিছুমান ভাৱৰ জোৱাৰ তুলি গ’ল ।
ককাইদেউ, এইয়া কেৱল গল্পৰ হেন্দিমেন জনৰে কাহিনী জানো । আৰ্থিক অচচ্ছ্লতাৰ বহুজনেই নিচেই কম বয়সতে এনেধৰণৰ বৃত্তি গ্ৰহণ কৰে । আৰু বহুজনেই এটা গল্প হৈ পৰে । দুৱাৰত উলমি যোৱা হেন্দিমেনসকলক ট্ৰেফিক পুলিচে দণ্ড বিহা দেখা যায় যদিও ই আজিও সফল হোৱা দেখা পোৱা নাযায় । অধিক ভাৰা লাভৰ আশাতেই তেওঁলোকে যাত্ৰীৰ লগতে নিজৰ জীৱনো বিপদাপন্ন কৰি তোলে । অতিমাত্ৰা ভৰৰ বাবে হোৱা দূৰ্ঘটনাবোৰে তাৰেই সাক্ষী দিয়ে । অশ্লীল শব্দৰ আখৈ ফুটা মুখৰ হেন্দিমেনজন পিছে অপাৰ শক্তিশালী । তেওঁ ব’ল বুলি চিঞৰটো নামাৰিলে গাড়ীখন কেতিয়াও লৰচৰ নহয় । প্ৰতিদিনে বিভিন্ন মানসিকতাৰ লোকৰ সতে মোকাবিলা কৰিবলগীয়া হোৱা এইসকলৰ প্ৰতি আমি অকণমান চিন্তা নিশ্চয় কৰিব পাৰো নহয় নে? ছিট পূৰ্ণ হোৱাৰ পাছত তাত আমি ওলমি নগ’লেও হয় । আমাৰ সদায়ে শেষ মূহূৰ্তত ক’ৰবালৈ যাবলৈ সাজু হোৱা মানসিকতাৰ পৰা নিজকে আতৰাই ৰাখিব পাৰিলে এনেধৰণৰ হৃদয়বিদাৰক গল্পৰ সৃষ্টি নহ’ব নিশ্চয় ।
আৰু বেছি নিলিখো । আপুনি ছাগে আমনিয়ে পাইছে ।আজিলৈ সামৰিছো । চিঠিৰ উত্তৰৰলৈ আগ্ৰহেৰে বাট চাই ৰলো ।
ইতি
টিকলী
তেজপুৰ বিশ্ববিদ্যালয়

২০/০৫/২০১৩

letter

মৰমৰ তুলিকা বা
ফেচবুকেৰে চিনাকী ভনীৰ দূৰণিবটীয়া মৰমবোৰ গ্ৰহণ কৰিব । আশা কৰো আপোনাৰ লগতে ঘৰৰ সকলোৱে কুশলে আছে । আজি প্ৰথমবাৰৰ বাবে কলম তুলি ল’লো আপোনালৈ চিঠি লিখো বুলি । কিছুদিনৰ আগেয়ে আপুনি মোক মোৰ পঢ়ি ভাল লগা কিতাপৰ বিষয়ে সুধিছিল । আজি ভাবিলো কেইবামাহ মানৰ আগেয়ে পঢ়া এখন কিতাপৰ বিষয়ে জনাওক আপোনাক ।
কিতাপখন হ’ল মৃণাল তালুকদাৰৰ দ্বাৰা ৰচিত মৌতম । উত্তৰ পূৰ্ব্বাঞ্চলৰ উগ্রপন্থী সমস্যাৰ দলিল স্বৰূপ  এইখন কিতাপ | মূলত: মিজো শব্দ মৌতম মানে অৰ্থ দুৰ্ভিক্ষ | মিজোৰাম যেতিয়া মৌতমত ভূগিছিল কোনোৱে আগবঢ়োৱা নাছিল সহায়ৰ হাত তেওঁলোকলৈ | ফলস্বৰূপে লাহে লাহে আৰম্ভ মিজো বিদ্রোহৰ | সংগঠিত Mizo National Front (MNF) মিজো যুৱক লালডেংগাৰ নেতৃত্বত | বিদ্রোহৰ জুইত জলি উঠিল মিজোৰাম | বিদ্রোহৰ এই কাহিনী লিপিবব্ধ হৈছে মৃণাল তালুকদাৰৰ মৌতমত | মিজোৰামৰ বিদ্রোহী সংগঠনৰ উপৰিও উত্তৰ-পূৰ্ব্বাঞ্চলৰ আন ভালেকেইটা বিদ্রোহী সংগঠনৰ ওপৰত মৌতমে আলোকপাত কৰিছে | মূলত : নগা বিদ্রোহীৰ বিদ্রোহৰ কাহিনীয়ে ভৰপূৰ মৌতমত আছে কুহেলিকাময় মণিপুৰী বিদ্রোহীসকলৰো সংগ্রামৰ কাহিনী | লেখকৰ কলমেৰে প্রাণ পায় উঠিছে ফিজো, চাখ্রে, লালডেংগা তথা অন্যান্য বিদ্রোহীসকলে | ইশ্বাক শ্বু আৰু মুইভা আহিছে অকিঙলৈ আকৌ এবাৰ | অসমৰ বিদ্রোহীসংগঠন আলফাও ছেগাচোৰোকাকৈ ভূমুকি মাৰিছে মৌতমত | ৰাজনীতি আৰু কূটনীতিৰ গৰম বতাহজাকে বাৰুকৈয়ে কোবাই গৈছে মৌতমৰ পৃষ্ঠা | সত্যক জনাৰ আগ্রহেৰে মতলীয়া সাংবাদিক বাৰ্টিল লিন্টাৰ, ৰুক্মিনী কালিমাসী আৰু লেখকৰ অদম্য সাহসে মৌতমক অনন্য কৰি তুলিছে | কুহেলিকাময় বিদ্রোহ জীৱনৰ কথা পঢ়ি মৌতম ভাষাৰে পাৰি সঁচাই “Truth is the biggest casualty in the North East”.
ভৱানী প্রিন্ট এণ্ড পাব্লিকেশ্যনচ্ৰ দ্বাৰা মুদ্রিত ৩১০ পৃষ্ঠাৰ মৃণাল তালুকদাৰৰ দু:সাহসিক বুৰঞ্জী মৌতমৰ মূল্য ২২৫/- টকা মাত্র |
বা! আশাকৰো কিতাপখন পঢ়ি আপুনিও ভাল পাব । আগেয়ে কিতাপখন পঢ়িছে যদি কিতাপখনৰ ওপৰত আপোনাৰ মতামত আগবঢ়াব বুলি আশা কৰিলো । আজিলৈ সামৰো ।
ইতি
দেৱাশ্ৰী
তেজপুৰ বিশ্ববিদ্যালয়
১৪/০৫/২০১৩


আজৰি পৰত.....










তোমালৈ বুলি.....


মৰমৰ

ব্রিয়ান,

আশা কৰো তুমি কুশলে আছা ফেচবুকৰ পাতত আমাৰ চিনাকি আমি বহুবাৰ বহু কথাই পাতিছো আজি পিছে এখন চিঠি লিখিবলৈ বৰকৈ মন গৈছে মোৰ কৰবাত শুনিছিলো চিঠিৰ আখৰে হেনু প্রিয়জনৰ ছবি কঢ়িয়াই নিয়ে নাজানো ইন্টাৰনেট, প্রযুক্তি-বিদ্যাৰ যুগত মোৰ চিঠি মূল্য তোমাৰ বাবে কিমান তথাপিও কলম হাতত তুলি লৈছো তোমালৈ চিঠি লিখো বুলি

ব্রিয়ান, মনত আছে তোমাৰ কেইদিনমানৰ আগতে কথাৰ প্রসংগত কৈছিলো  গুৱাহাটীত বৰফ পৰাৰ কথা মই যে কৈছিলোনৱেম্বৰ ডিচেম্বৰ মাহত যেতিয়া গুৱাহাটীত বৰফ পৰিবলৈ আৰম্ভ কৰে, সৰু ৰা ছোৱালীবোৰৰ খুব আনন্দ হয় ৰাস্তা, ঘৰৰ চাল, ফুল আৰু গছ-গছনি, যান-বাহন বৰফেৰে ঢাক খাই বগা হৈ পৰে গোটেই চহৰৰ ওপৰত যেন এখন অবিচ্ছিন্ন বগা আৱৰণ গোটেই পৃথিৱীত যেন স্বচ্ছ বগা পোহৰ পুখুৰীৰ পানীও কেতিয়াবা গোট মাৰে গজাল লগোৱা বুট আৰু ৰঙ বিৰঙৰ টুপী পিন্ধি ৰা-ছোৱালীবোৰে চিঞৰ বাখৰ কৰি সিহঁতৰ স্কী, শ্লেজ গাড়ী আৰু চকা লগোৱা লাৰ স্কেটাৰবোৰ লৈ পৰম উৎসাহেৰে বাহিৰ হৈ পৰে এই তথ্য-প্রযুক্তিৰ যুগতো তুমি ইমান সহজে বিশ্বাস কৰি লৈছিলা সেই কথা নে মোক সুখী কৰিবলৈ ভাও ধৰিছিলা বিশ্বাস কৰাৰ

জানা ব্রিয়ান, মই মিছা কোৱা নাছিলো আমাৰ ইয়াতো বৰফ পৰে নহ পাৰে হিম শীতল তথাপি অসমলৈ আহে বৰফময় পৰিৱেশ ফেব্রুৱাৰী-মাৰ্চ মাহত তুমি হয়তু ভাবিছা এইয়া আকৌ কেনেধৰণৰ বৰফ ? অসমৰ আকাশখনত শীতৰ দিনকেইটাত জুই জ্বলাই পলাশ শিমলুৱে ৰঙচুৱাকৈ জ্বলা আকাশখনক শীতলতা প্রদান কৰাৰ বাবেই হয়তু কমোৱা তুলাবোৰ হিম হৈ সৰে মায়াময় হৈ পৰে দশোদিশ মাজে মাজে বয় অহা ফাগুনী পছোৱাজাকত যেন শুকুলা বৰফৰ বৰষুণ পৰে চোতাল উপচি পৰে শিমলু তুলাৰ বৰফেৰে সেউজীয়া পথাৰখনত প্রকৃতিয়ে যেন পাৰি দিয়ে শুকুলা এখনি চাদৰ পুখূৰীবোৰতো উপঙি ফুৰে শুকুলা বৰফৰ চেকুৰ ঠিক তোমালোকৰ দেশৰ দৰে

ব্রিয়ান, তুমি ছাগে মোক এজনী পাগলী বুলিয়ে ভাবিছা আচলত কি জানা, প্রকৃতিৰ এই ৰূপ কেতিয়াবা মোৰ কল্পনাৰ দৃষ্টিয়ে চায়ো ভাল লাগে চোন তুমি বাৰু কেতিয়াবা এনেকুৱা কল্পনা কৰা নে ? তোমাৰ অনুভৱবোৰ জনাবা চোন আজিলৈ সামৰো দিয়া

                                                                                                ইতি

                                                                                                কাকলী

বিঃদ্রঃ অ তোমাক ক’বলৈ পাহৰিছোৱে চম্পা নামেৰে তোমাৰ লগত চিনাকি যদিও মোৰ প্রকৃত নাম কাকলী

( ব্রিয়ান আৰু কাকলী মনালিছা শইকীয়াৰ উপন্যাস সত্যবান দুৰ হৈ নাযাবাৰ দুটা চৰিত্র চিঠিখন লিখোতে উপন্যাসখনৰ কেইবাটাও বাক্যৰ উদ্ধৃতি দিয়া )