মূল উৰ্দু: সাব্দাত হাছান মণ্টোো
অসমীয়ালৈ ভাঙনি: দেৱাশ্ৰী
অমৃতসৰৰ পৰা বিশেষ ট্ৰেইনখন আবেলি দুই বজাত ৰাওনা হ’ল আৰু প্ৰায় আঠ ঘণ্টাৰ মূৰত মোলগপুৰাত উপস্থিত হ’লগৈ । যাত্ৰাপথত বহু যাত্ৰী মৃত্যুমুখত পৰিল, বহু আঘাটপ্ৰাপ্ত হ’ল আৰু বহু জন নিখোজ হ’ল ।
পাছদিনা পুৱা চিৰাজুদ্দিনে চকু মেলি নিজকে শৰণাৰ্থী শিৱিৰৰ চেঁচা মজিয়া খনত আৱিষ্কাৰ কৰিলে। তাৰ চৌপাশে উত্তেজিত পুৰুষ, মহিলা আৰু শিশুৰ এটা ভীৰ আছিল। এইবোৰৰ মাজত সি নিৰ্বিকাৰ হৈ ধূসৰিত আকাশখনলৈ চাই বহি থাকিল। শিৱিৰৰ হুলস্থূলীয়া পৰিৱেশটোলৈ কোনো ভ্ৰুক্ষেপেই নাই। যেন একো শব্দই তাৰ কাণলৈ যোৱা নাই । যিয়ে দেখিছিল ভাৱি লৈছিল যে সি কোনো গভীৰ আৰু নিদাৰুণ চিন্তাত ডুবি আছে । যদিও তাৰ মন-মগজু সম্পূৰ্ণ খালী হৈ আছিল।
আচম্বিতে সূৰ্যৰ পোহৰ চকুত নপৰালৈকে চিৰাজুদ্দিনে নিৰ্বিকাৰ হৈ ধূসৰিত আকাশখনলৈ চাই থাকিল । সূৰ্যৰ উত্তাপ তাৰ প্ৰতিডাল সিৰাতে সোমাই পৰিল । সি উঠি বহিল। তাৰ চকুৰ আগত এক দু:স্বপ্ন ভাঁহি উঠিল -জুই-লুণ্ঠন-দৌৰি পলোৱা এদল মানুহ- এটা ষ্টেচন-গুলী চালনা-অন্ধকাৰ আৰু চাকিনা।
চাকিনাৰ কথা মনলৈ অহাত চিন্তিত ভীতগ্ৰস্ত চিৰাজুদ্দিনে ভীৰৰ মাজত চাকিনাক বিচাৰিবলৈ আৰম্ভ কৰিলে।
শিৱিৰৰ ইফালৰ পৰা সিফাললৈ একেৰাহে তিনি ঘণ্টা সি চিঞৰি থাকিল, ‘চাকিনা… চাকিনা’। শিৱিৰৰ প্ৰতিটো চুক কোণতে তাইক বিচাৰিলে । কিন্তু তাৰ কণমানি ছোৱালী জনীৰ কোনো সন্ধান নাপালে। চাৰিওফালে এক অবৰ্ণনীয় পৰিৱেশ, কোনো শৰণাৰ্থীয়ে যদি তেওঁলোকৰ সন্তানক বিচাৰিছে, আন কোনোৱে তেওঁলোকৰ মাকক, কোনোৱে পত্নীক আৰু কোনোৱে তেওঁলোকৰ কন্যাক ।
হতোদ্যম আৰু ভাগৰুৱা চিৰাজুদ্দিন বহি পৰিল আৰু মনত পেলাবলৈ চেষ্টা কৰিলে প্ৰকৃততে ক’ত আৰু কেনেকৈ সি চাকিনাক হেৰুৱাইছিল। হঠাতে তাৰ পত্নীৰ শৰীৰটো চকুৰ আগত দু:স্বপ্নৰ দৰে ভাঁহি উঠিল- তাৰ পত্নীৰ শৰীৰ মাটিত পৰি আছে আৰু পেটৰ পৰা নাড়ী-ভুৰু বাহিৰলৈ ওলাই আহিছে। ইয়াৰ পাছতে তাৰ মগজুৱে পুনৰ কাম কৰিবলৈ বন্ধ কৰি পেলালে।
চাকিনাৰ মাক ঢুকাইছিল। তাৰ সন্মুখতে তাইক হত্যা কৰা হৈছিল-কিন্তু চাকিনা ক’ত আছে? চিৰদিনৰ বাবে চকু মুদাৰ আগতে চাকিনাৰ মাকে তাক কাকুতি কৰিছিল, ‘মোৰ কথা চিন্তা নকৰিবা-পলোৱা, চাকিনাক ইয়াৰ পৰা লৈ যোৱা’
চাকিনা তাৰ লগতে আছিল-দুয়ো খালী ভৰিয়ে দৌৰি পলাইছিল। চাকিনাৰ দোপাট্টা খন মাটিত পৰি গৈছিল। সি সেইখন তুলিবলৈ লওঁতে তাই চিঞৰিছিল, ‘থাকক দিয়া আব্বা’। কিন্তু সি তুলি লৈছিল। দোপাট্টাখনৰ কথা মনলৈ অহাত আপোনা আপুনি তাৰ হাতখন কোটৰ পকেটলৈ গ’ল আৰু দোপাট্টাখন উলিয়াই আনিলে। তাৰ হাতত চাকিনাৰ দোপাট্টাখন; কিন্তু চাকিনা ক’ত?
চিৰাজুদ্দিনে মনত পেলাবলৈ চেষ্টা কৰিলে, কিন্তু কোনোপধ্যে একো মনত পেলাব নোৱাৰিলে। চাকিনা বাৰু তাৰ লগতে ষ্টেছন পাইছিলহি নে? তাৰ লগতে তায়ো ট্ৰেইনখনত উঠিছিল নে? সি মূৰ্ছা গৈছিল নেকি যেতিয়া বিদ্ৰোহীবোৰে ট্ৰেইনখন আক্ৰমণ কৰিছিল? তাঁহাতি তাইক অপহৰণ কৰিলে নেকি?
সি প্ৰশ্নবোৰৰ একো উত্তৰ বিচাৰি নাপালে।
চিৰাজুদ্দিনে কাৰোবাৰ পৰা অকনমান সহায় আৰু সমমৰ্মিতা বিচাৰিছিল। কিন্তু তাৰ চৌপাশৰ প্ৰতিজন মানুহকে সহায় আৰু সান্ত্বনাৰ প্ৰয়োজন আছিল । সি কান্দিবলৈ বিচাৰিছিল যদিও এটোপাল চকুলোও টুকিব পৰা নাছিল। সি যেন কন্দাৰ ক্ষমতা হেৰুৱাই পেলাইছিল।
কেইদিনমানৰ পাছত চিৰাজুদ্দিনে নিজকে চম্ভালি ল’লে আৰু তাক সহায় কৰিবলৈ কেইজনমান মানুহ বিচাৰি পালে । তেওঁলোক আছিল এখন ট্ৰাক আৰু বন্দুক থকা আঠজন যুৱক।
সি তেওঁলোকক হিয়া উজাৰি আৰ্শীবাদ কৰিলে আৰু চাকিনাৰ বিষয়ে বিৱৰি ক’লে, “তাই দেখাত বগা আৰু অত্যন্ত ধুনীয়া-তাই দেখাত সাইলাখ মাকৰ দৰে , মোৰ দৰে নহয়-তাইৰ চকুজুৰি ডাঙৰ, চুলিকোছা ঘন ক’লা আৰু তাইৰ সোঁ গালত এটা ডাঙৰ তিল আছে। তাই মোৰ একমাত্ৰ ছোৱালী। যদি তোমালোকে তাইক বিচাৰি আনিব পাৰা, ভগৱানে তোমালোকৰ মংগল কৰিব।
সেই স্বেচ্ছাসেৱীসকলে চিৰাজুদ্দিনক আস্থা আৰু আন্তৰিকতাৰে আশ্বাস দিলে যে, যদি তাৰ কন্যা জীয়াই আছে তেনেহ’লে তেওঁলোকে তাইক বিচাৰি উলিয়াব আৰু শীঘ্ৰেই তাৰ ওচৰলৈ লৈ আহিব।
যুৱককেইজনে চাকিনাক বিচৰাৰ যথপৰোনাষ্টি চেষ্টা কৰিলে। নিজৰ জীৱনৰ বিপদ আওকাণ কৰি তেওঁলোক অমৃতসৰলৈ গ’ল। তেওঁলোকে বহুতো পুৰুষ, মহিলা আৰু শিশু উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল আৰু পৰিয়ালৰ লগত যোগাযোগ কৰাত সহায় কৰিলে। কিন্তু দহদিন চেষ্টা কৰিও চাকিনাক বিচাৰি উলিয়াবলৈ সক্ষম নহ’ল।
এদিন তেওঁলোক যেতিয়া কিছু শৰণাৰ্থীক সহায় কৰি অমৃতসৰলৈ উলটি আহি আছিল, তেতিয়া ৰাস্তাৰ দাঁতিত এজনী ছোৱালী থিয় দি থকা দেখা পালে। ট্ৰাকৰ শব্দ শুনা পাই তাই দৌৰিবলৈ আৰম্ভ কৰিলে।
সমাজকৰ্মী কেইজনে ট্ৰাকখন ৰখালে আৰু তাইৰ পাছে পাছে দৌৰিবলৈ ধৰিলে।
এখন পথাৰত তাইক ধৰিবলৈ সমৰ্থ হ’ল- তাই খুবেই ধুনীয়া আৰু সোঁ গালত এটা ডাঙৰ তিল আছিল ।
এজন যুৱকে তাইক ক’লে, “ভয় নকৰিবা। তুমি চাকিনা নেকি”?
তাই মুখখন সেঁতা পৰিছিল। তাই কোনো উত্তৰ নিদিলে। বাকী যুৱকসকলে যেতিয়া আশ্বাস দিলে, তেতিয়া তাই জনালে যে তায়ে চিৰাজুদ্দিনৰ কন্যা।
আঠোজন যুৱকৰে চাকিনাৰ প্ৰতি ব্যৱহাৰ আছিল বন্ধুত্বসুলভ। তেওঁলোকে তাইক খাবলৈ দিলে আৰু তাইক ট্ৰাকত উঠাত সহায় কৰিলে- তাইৰ দোপাট্টা নাছিল আৰু সেয়ে তাই অস্বস্তিত পৰিছিল। তাই দুয়ো হাতেৰে বাৰে বাৰে বক্ষযুগল ঢাকিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল।
কেইবাদিনো পাৰ হ’ল-চিৰাজুদ্দিনে চাকিনাৰ কোনো খবৰ বাতৰি নাপালে ।
প্ৰতিটো পুৱাতে সি বেলেগ বেলেগ শিৱিৰ আৰু অফিচত চাকিনাক বিচাৰি যায়। কিন্তু খবৰ গোটাবলৈ সক্ষম নহ’ল। প্ৰতি ৰাতি সি য়েই যুৱককেইজনৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰে, যি তাক প্ৰতিশ্ৰুতি দিছিল যে, যদি তাৰ জীয়াৰী জীয়াই আছে অতি সোনকালেই তাৰ কাষলৈ আনিব।
এদিন সমাজকৰ্মীকেইজনক সি শিৱিৰত দেখা পালে। তেওঁলোক ট্ৰাকত বহি আছিল। ট্ৰাকখন যাবলৈ ওলাইছিল। সি দৌৰি তেওঁলোকৰ কাষ পালেগৈ আৰু সুধিলে, “বাচাহঁত… তোমালোকে চাকিনাক বিচাৰি পালা নে?”
“আমি তাইক বিচাৰি আছো, আমি তাইক বিচাৰি আছো” আটাইকেইজনে সমস্বৰে ক’লে আৰু আঁতৰি গ’ল।
চিৰাজুদ্দিনে পুনৰ তেওঁলোকৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিলে আৰু কিছু সকাহ পালে।
সেইদিনা চিৰাজুদ্দিন বহি থকা ঠাইখনৰ ওচৰতে এক হৈছৈৰ সৃষ্টি হ’ল। চাৰিজন লোকে তাৰ সন্মুখেৰে কাৰোবাক কঢ়িয়াই নিলে।
সি অনুসন্ধান কৰি গম পালে যে ৰে’লৱৈ লাইনৰ কাষত এজনী ছোৱালী মূৰ্ছিত অৱস্থাত পোৱা গৈছিল আৰু তাইকে শিৱিৰলৈ অনা হৈছিল।
সি তেওঁলোকক অনুসৰণ কৰিলে।
তেওঁলোকে ছোৱালীজনীক হাস্পতাল কৰ্তৃপক্ষক গতাই দিলে। চিৰাজুদ্দিনে কিছুসময় হাস্পতালৰ খুঁটাটোতে আঁউজি ৰ’ল। তাৰপাছত লাহে লাহে হাস্পতালৈ সোমাই গ’ল।
তাত কোনো নাছিল। মাথো ছোৱালী জনী ষ্টেচাৰ খনত পৰি আছিল।
সি লাহে লাহে ছোৱালীজনীৰ কাষ চাপি গ’ল।
কোনোবাই হঠাতে লাইটবোৰ জ্বলাই দিলে।
সি দেখিলে ছোৱালীজনীৰ গাল এটা ডাঙৰ তিল। যি চিৎকাৰ কৰি উঠিল “চাকিনা” ।
যিজন ডাক্টৰে লাইটবোৰ জ্বলাইছিল তেওঁ সুধিলে, “কি হ’ল?”
সি কোনোমতে উত্তৰ দিলে, “মই… মই তাইৰ দেউতাক” ।
ডাক্টৰজনে তাইৰ ফালে ঘূৰি পালচ্ চালে। আৰু ক’লে, “খিৰিকীখন খুলি দিয়া” ।
ষ্টেচাৰত থকা ছোৱালীজনী কঁপি উঠিল।
অতি কষ্টেৰে তাই চেলোৱাৰৰ ৰচীডাল ধৰিলে।
লাহে লাহে তাই চেলোৱাৰটো তললৈ টানিবলৈ ধৰিলে ।
তাইৰ বুঢ়া দেউতাকে আনন্দতে চিঞৰি উঠিল, “তাই জীয়াই আছে। মোৰ ছোৱালীজনী জীয়াই আছে” ।
ডাক্টৰজন ঘামত চেঁচা পৰিছিল।
(মূল উৰ্দু ভাষাৰ গল্পটো আলোক ভাল্লাই ইংৰাজীলৈ কৰা ৰূপান্তৰৰ পৰা অসমীয়ালৈ ভাঙনি কৰা হ’ল।)
No comments:
Post a Comment