মূল বাংলা: দোলনা বড়ুয়া তৃষা
অসমীয়া ভাঙনি: দেৱাশ্ৰী
বৰগোহাঁই
- দেউতা, তুমি ইমান কি চিন্তা কৰি আছা ? মই কিন্তু খুবেই এক্সাইটেড
। আমি অন্য এটা গ্ৰহত ফুৰিবলৈ গৈ আছো । তোমাৰ মতে যি এই মহাবিশ্বৰ সবাতোকৈ ধুনীয়া গ্ৰহ
।
ফুড কাপ চুপটো খাই অন্যমনস্ক হৈ ৰ’ল ৰাহিয়ান। তাৰপাছত ক’লে,
- আচলতে সবতোকৈ ধুনীয়া গ্ৰহ আছিল এই পৃথিৱী । বছৰৰ ছয় ঋতু আছিল
। আছিল লক্ষ কোটি প্ৰজাতিৰ গছ-গছনি । পশু পক্ষী ফুল । আৰু আছিল বিধাতাৰ সৰ্বশ্ৰেষ্ঠ
সৃষ্টি নাৰী ।
- নাৰী?
- হুম! নাৰী । তোমাৰ দৰে হাজাৰ কোটি নাৰীৰে বসবাস কৰিছিল এই
পৃথিৱী নামৰ গ্ৰহটোত।
চকুকেইটা যিমান পাৰে সিমান ডাঙৰকৈ মেলিলে ধৰিলে লিথিয়াই ।
- মোৰ নিচিনা ইমানবোৰ নাৰী আছিল । তেওঁলোক এতিয়া ক’ত?
চকুৰ কোণত পানী জমা হ’বলৈ ধৰিলে ৰাহিয়ানৰ । তাইৰ মাকৰ মুখখন
চকুৰ আগত ভাঁহি উঠিল ।
- সকলোকে মাৰি পেলোৱা হৈছে । হত্যা কৰি বিলুপ্ত কৰা হৈছে ।
- কোনে ?
- পুৰুষে । যি নাৰীৰ পৰাই জন্ম লৈছে কিন্তু যি নিজকে তেওঁলোকতকৈ
শ্ৰেষ্ঠ বুলি ভাবে । অৱশ্যে পুৰুষৰ সাহায্যৰ অবিহনে কোনো নাৰীয়ে সন্তান জন্ম দিব নোৱাৰে
। কিন্তু সকলোবোৰ কষ্ট নাৰীয়ে অকলেই সহ্য কৰিবলগীয়া হয় । নাৰীক সেই শক্তি দিয়া হৈছে
কাৰণ তেওঁলোক শক্তিশালী । কিন্তু পুৰুষে সেই শক্তিলৈ ভয় কৰে সেয়ে শক্তিক দুৰ্বলতালৈ
পৰিবৰ্তন কৰিবলৈ যুগৰ পাছত যুগ ধৰি নিয়ম বনাই গৈ থাকিল ।
- সেইবাবেই? কিয় মাৰি পেলোৱা হ’ল ? কেনেদৰে মাৰিলে ?
- এটা সময় আছিল যেতিয়া নাৰীৰ আছিল সন্মান । আদৰ যত্ন। তেওঁলোক
ঘৰৰ পৰা বাহিৰলৈ ওলোৱা নাছিল ।ঘৰেই আছিল তেওঁলোকৰ পৃথিৱী । খুব সুন্দৰ সজাত বন্দী এখন
পৃথিৱী, য’ত পুৰুষে সুখেৰে টোপনি যায় । আদৰ, যত্ন, মমতা, ভালপোৱাৰ ভঁৰাল আছিল প্ৰতি
গৰাকী নাৰী । ছোৱালীবোৰ আছিল ঘৰৰ জেউতি, যেনেদৰে তুমি মোৰ । নাৰীয়ে পুৰুষক ভালপোৱাৰে
সিক্ত কৰিছিল । মা আছিল মমতাৰ ভঁৰাল । নাৰী অবিহনে কোনো কেউ নাছিল । তেওঁলোকক উদ্দেশ্যি
লিখা হৈছিল হাজাৰ গল্প, গান, কবিতা । তেওঁলোকৰ ভালপোৱা, প্ৰতাৰণা, মমতাৰ অবিহনে সাহিত্যৰ
অস্তিত্ব নাছিল ।
- বাহ কি সুন্দৰ ।
- তাৰপাছত তেওঁলোক ঘৰৰ পৰা বাহিৰলৈ ওলাল । নিজৰ অধিকাৰ বিচাৰিলে।
সমভাৱে চলিবলৈ বিচাৰিলে।
- তাৰপাছতে কি ছোৱালীবোৰক মাৰি পেলোৱা হ’ল ?
- নাই, তেওঁলোক বাহিৰ ওলাল । অধিক সুন্দৰ হৈ উঠিল পৃথিৱী ।
দেখা গ’ল তেওঁলোকে সকলো ঠাইতে বিচৰণ কৰিব পাৰে আৰু সুন্দৰ কৰিব পাৰে । পুৰুষেও তেওঁলোকক
আহ্বান জনালে । বহুতেই অৱশ্যে এইটো মানি ল’ব পৰা নাছিল ।
- তাৰপাছত, তাৰপাছত কি হ’ল ?
- যেতিয়াৰ পৰা ২০০০ চন আৰম্ভ হ’ল তেতিয়াৰ পৰাই সলনি হ’বলৈ ধৰিলে
সকলোবোৰ ।নাৰী যেতিয়া স্বাধীন হ’বলৈ বিচাৰিলে বেপেৰোৱা হৈ উঠিল পুৰুষবোৰ । অনেক পুৰুষ
যি আছিল কাৰোবাৰ সন্তান, প্ৰেমিক, স্বামী, পিতা । যি নিজৰ ঘৰৰ নাৰীক ভাল পায় । কিন্তু
অন্য নাৰীক গণ্য কৰে কামনাৰ বস্তু বুলি । ২০১০ চন । ইয়াৰ পৰাই আৰম্ভ হৈছিল এক জঘন্য
খেলা । যাৰ নাম আছিল ধৰ্ষণ।
- ধৰ্ষণ? সেইটো আকৌ কি?
ৰাহিয়ানে হাঁহিলে । বৰ কষ্টৰ এক হাঁহি ।
- তোমাৰ দৰে বহুতেই তেতিয়া নাজানিছিল সেইটো কি? ধৰ্ষণ কি? তেতিয়া
শিশুবোৰে খেলিব পাৰিছিল । চলা ফুৰা কৰিব পাৰিছিল ।
- ধৰ্ষণ কি দেউতা ?
- ধৰ্ষণ, নাৰীৰ ইচ্ছাৰ বিৰুদ্ধে কৰা স্পৰ্শ।
- কি কৈছা? ইজ ইট পছিবল?
- হা: হা: । হয় । এয়াই ঘটিছিল । মাথো সেয়াই নহয় । তেওঁলোকৰ
ইচ্ছাৰ বিৰুদ্ধে শাৰীৰিক সম্পৰ্কও স্থাপন কৰা হৈছিল ।
লিথিয়া আতংকিত হৈ উঠিল । আৰ্তনাদ কৰি ক’লে,
- অসম্ভৱ ।
- হুম । তাৰপাছত হত্যা কৰা হ’ল ।
লিথিয়া এইবাৰ স্তম্ভিত । তাইৰ বাবে এই সকলোবোৰ এক ৰূপকথাৰ
গল্প । এতিয়া অবাস্তৱ যেন লাগিলেও তেতিয়া এয়াই হৈছিল সমগ্ৰ বিশ্বতে ।
- কোনেও একো নক’লে নে? কাৰোৰ বেয়া নালাগিল নে? শাস্তি দিয়া
নহ’ল কিয় ?
- লাগিছিল । কষ্টত সকলোৱে বুকু কপি উঠিছিল । হাহাকাৰ কৰিছিল
। দাবী জনাইছিল । প্ৰতিবাদ কৰিছিল ।লাখ লাখ মানুহে এক গোট হৈ ন্যায় বিচাৰিছিল । কিন্তু
এটা সময়ৰ পাছত সকলোৱে গা এৰা দিলে । প্ৰতিদিনে ঘটিবলৈ লোৱা এই ঘটনাবোৰ কাৰোবাৰ গাত
লাগিছিল কাৰোবাৰ লগা নাছিল । নিজৰ লগত নোহোৱালৈকে কোনোৱে ঘটনাৰ গভীৰতা অনুভৱ কৰিব নোৱাৰে
।
- শাস্তি হোৱা নাছিল ?
- কাৰোবাৰৰ হৈছিল, কোনো কোনোৰ বছৰ বছৰ জুৰি বিচাৰ চলিছিল ।
কোনোবা সাৰি গৈছিল । দোষ দিয়া হৈছিল ছোৱালীবোৰকেই ।
- কি?কিয়?
- তাঁহাতি কিয় বাহিৰ ওলাইছিল ? আনকি তাঁহাতৰ পিন্ধা কাপোৰতো
দোষ আছিল । লাগিলে যিমানেই শিক্ষিত নহওক কিয়?
- যদি ছোৱালীবোৰৰে দোষ আছে তেতিয়া হ’লেতো সেইয়া ধৰ্ষণ হ’ব নোৱাৰে
। নিজৰ ইচ্ছা।
- সেইয়া বুজাৰ ক্ষমতা তেতিয়া কাৰোৰে নাছিল ।ইয়াৰ পাছত আৰম্ভ
হ’ল অন্য এক ভয়ানক খেল । সৰু সৰু কেঁচুৱাবোৰেও ৰক্ষা নোপোৱা হ’ল । সেইয়া লাগিলে ঘৰৰ
ভিতৰতে হওক বা ঘৰৰ বাহিৰতে হওক । মাকবোৰ ভীষণ সংশয়ৰ মাজত থাকিব লগীয়া হৈছিল । এসময়ত
ছোৱালী জন্ম দিবলৈয়ে ভয় কৰা হ’ল । এইবুলি যে নিজৰ তেজ মঙহেৰে গঢ়া ছোৱালীজনীক কোনোবা
ভোকাতুৰ জন্তুৰ হাততহে গতাই দিব লাগিব ।
- তাৰপাছত?
- তাৰপাছত ছোৱালীবোৰে ঘৰৰ বাহিৰলৈ ওলোৱা বন্ধ কৰি দিলে । কন্যাক
ভ্ৰুণাৱস্থাতে গৰ্ভতে হত্যা কৰা হ’ল । কাৰণ জন্ম দি সুৰক্ষা প্ৰদান কৰিব পৰা নাছিল
। বাহিৰত ৰক্ষা কৰিলেও ঘৰে ঘৰে সোমাই পৰিছিল সেই ভাইৰাছ । সমগ্ৰ বিশ্ব মৃত্যুৰ উপত্যকালৈ
পৰিণত হৈছিল । প্ৰতিদিনে ধৰ্ষণ, হত্যা । মিছা । সকলো ।
- তেতিয়া সকলোৱে ক’লে, এই সকলোবোৰৰ মূলতে হৈছে নাৰী, তাঁহাতৰ
শৰীৰ । এদলে দাবী তুলিলে মাৰি পেলোৱা হওক সকলো নাৰীকে । নাৰীৰ অবিহনে শান্তি আহিব পৃথিৱীলৈ
। সকলো পাপ সকলো অসূয়া দূৰ হ’ব নাৰী নাথাকিলে ।
- কি চিন্তা ? নাৰী নাথাকিলে তাঁহাতি জন্মই পাব কিদৰে ?
- সেই চিন্তা যদি থাকিলেহেতেন তেতিয়া হ’লে কোনো নাৰীয়ে মৰিবলগীয়া
নহ’লহেতেন ।
- তাৰপাছত?
- তাৰপাছত মৰিবলৈ ধৰিলে সকলো । মাকে ছোৱালীবোৰক বিহ খুৱাই মাৰিবলৈ
আৰম্ভ কৰিলে ।যি বাছি গ’ল সিও ৰক্ষা নপৰিল পুৰুষৰ হাতোৰাৰ পৰা । আনক মাৰি অহাৰ পাছত
দেখেহি যে তাৰ ঘৰতো কোনোবাই একে কামেই কৰি থৈ গৈছে । এইদৰে নাৰীৰ সংখ্যা কমিবলৈ আৰম্ভ
কৰিলে । দেখা গ’ল অপৰাধবোৰ কমিবলৈ আৰম্ভ কৰিছে । ধৰ্ষণ নাই, শাস্তি নাই, দাবী নাই,
চুৰি ডকাইতি নাই, কোনেও কাকো ঠগোৱা নাই । কাৰণ তাঁহাতি কাৰোৰ বাবে বজাৰ কৰিব নালাগে,
ঘৰলৈ উভটি আহিব নালাগে । কোনেও নতুন কাপোৰৰ বাবে কন্দা কটা কৰা নাই । বন্ধ হৈ পৰিল
হাজাৰ হাজাৰ শিল্প কাৰখানা । বন্ধ হ’ল ছোৱালীৰ
কাপোৰৰ শিল্প, জোতা, সাজ-পোছাক, কছমেটিকৰ লাখ লাখ ফেক্টৰি, শিল্পীও এৰিলে ছবি আকিবলৈ
। নিলিখা হ’ল কাৰোবাৰ ৰূপ বৰ্ণনা কৰোতে কৰোতে শেষ হোৱা উপন্যাস । নিলিখা হ’ল কোনো গান,
সুৰ দি নোগোৱা হ’ল ভালপোৱাৰ হৃদয় কঁপোৱা গান । নাৰী অবিহনে নোহোৱা হ’ল চিনেমা, কোনেও
কোনো নাৰীৰ বাবে কাজিয়াও নকৰা হ’ল । থমকি ৰ’ল সকলোবোৰ । নোহোৱা হ’ল কোনো ফচল, ফুল নুফুলা
হ’ল ফল নধৰা হ’ল । যি সৃষ্টিকৰ্তাক দোহাই দি হত্যা কৰা হৈ নাৰীক তেওঁ উভতাই নিলে নিজৰ
সমস্ত সৃষ্টি । কাৰণ তেওঁৰ সবাতোকৈ সুন্দৰ সৃষ্টিয়ে ধ্বংস হৈ গৈছিল ।
- তাৰপাছত?
- কোনো সন্তান নতুনকৈ জন্ম হোৱা নাছিল । ৰোগত মৰিবলৈ আৰম্ভ
কৰিছিল সকলোৱে । যতন ল’বলৈ কোনো নাই । নাই কোনো জীয়াই থকাৰ প্ৰেৰণা যোগাবলৈ । ঘৰলৈ
উভটি আহিবলৈও নাই কোনো আকুলতা । নাই কোনো স্থায়ী ঠিকনা । সকলোৱে পশুৰ দৰে বসবাস কৰিবলৈ
ধৰিলে । সকলোৱে যেতিয়া বুজিব পাৰিলে তেতিয়া তাঁহাতি বিচাৰি উলিয়াবলৈ আৰম্ভ লুকাই থকা
নাৰীসকলক । তেতিয়া ঢাকাতো সকলোবোৰ আধুনিক বিজ্ঞান । লেব ।সমগ্ৰ বিশ্বৰ জীয়াই থকা নাৰীৰ
শৰীৰৰ ওপৰত চলোৱা হৈছিল নানান এক্সপিৰিমেন্ট । নতুন নাৰীৰ সৃষ্টিৰ উদ্দেশ্যে । প্ৰজন্মৰ
অগ্ৰগতিৰ বাবে । বনাব পাৰিলেও ঠিক মানুহ জন্ম দিব পৰা নাছিল । সেই বিজ্ঞানীসকলৰ মাজৰ
ময়ো এজন আছিলো । বিশ্বৰ কোনো এঠাইৰ পৰা আহিল এগৰাকী খুব সাধাৰণ সুন্দৰী নাৰী । যাৰ
নাম আছিল মিথিয়া । তোমাৰ মা । তেওঁ নিজে আহি ওলাইছিল যাতে প্ৰজন্ম আগবঢ়াব পাৰে । তেওঁৰ
ওপৰত নানান পৰীক্ষা নিৰীক্ষা কৰা হ’ল । পিছে এটাও সফল নহ’ল । মই যিমানবাৰে তাইৰ ফালে
চাও প্ৰতিবাৰেই তাইৰ প্ৰেমত পৰো । আমি দুয়োজনেই ইজনে সিজনক ভালপাই পেলালো । আমি ঠিক
কৰিলো আমি স্বাভাৱিকভাৱেই সন্তান জন্ম দিম । কিন্তু বাকীসকলে সেইয়া মানি ল’ব নোৱাৰিলে
। মই মিথিয়াক লৈ নিজেই বনোৱা গুপ্তস্থানত লুকাই পৰিলো । মিথিয়া সন্তান সম্ভবা হয় ।
তেতিয়ালৈকে বাকী থকা নাৰীবোৰ ভোগৰ পাত্ৰী হৈ পৰে । কোনো বাচি থকা নাছিল । যিদিনা মিথিয়াৰ
প্ৰসৱ বেদনা আৰম্ভ হয় মই একোৱে কৰিব পৰা নাছিলো । সন্তানৰ পজিছন আছিল ওলোটা । সেয়ে
মই তাইক মোৰ এজন বন্ধুৰ ওচৰলৈ নিবলৈ ঠিক কৰো । মই তাইক আনৰ পৰা লুকোৱাই লৈ গ’লো । তোমাৰ
জন্ম হ’ল । কিন্তু লুকোৱাই থ’ব পৰা নগ’ল তোমাৰ অস্তিত্ব । সকলোৱে আক্ৰমণ কৰিছিল মিথিয়াৰ
ওপৰত। তোমাৰ ওপৰত । মিথিয়াক বচাব পৰা নগ’ল । মই তোমাকলৈ আত্মগোপন কৰিলো । তাৰপাছত স্পেছশ্বিপত
তোমাক লৈ এই গ্ৰহ এৰি পলাই গ’লো । মই উভতি আহিব নিবিচাৰো এই গ্ৰহলৈ ।
- তুমি চিন্তা নকৰিবা দেউতা মই সকলো ঠিক কৰি দিম ।
ৰাহিয়ানে সজোৰেৰে মূৰ জোকাৰিলে ।
- নাই, নাই। তুমি একো কৰিব নালাগে । তুমি চাবলৈ বিচাৰিছিলা
সেয়ে তোমাক দেখুৱাবলৈ লৈ আনিলো । তুমি এই গ্ৰহত নামিব নোৱাৰিবা ।
- মইতো সকলো গ্ৰহতে তোমাৰ লগত নামিছো । কিন্তু ইয়াত কিয় নোৱাৰো
?
- বাকী সব গ্ৰহ আৰু এই গ্ৰহ একে নহয় ।
কিন্তু লিথিয়াৰ জেদৰ আগত বাৰে বাৰে হাৰি যায় ৰাহিয়ান ।
তেওঁলোক আহি পাইছিল । ৰাহিয়ানে ঢাকাত আহি ৰ’ল । সি দেখা ঢাকাৰ
লগত এইখন যেন নৰক । এতিয়াও জীয়াই আছে কিছু পুৰুষ। নাৰীৰ অবিহনে যেন পশুৰ জীৱন তাহাঁতৰ
। না দিন আছে না ৰাতি । সকলো ধূসৰ । সকলোপিনে কেৱল ধ্বংসস্তুপ । নাই চন্দ্ৰ নাই সূৰ্য্য
। নাই সেউজীয়া নাই নদী ।
লিথিয়াই ৰাহিয়ানলৈ অপেক্ষা নকৰি নিজেই নামি গ’ল । লিথিয়া
নামি অহাৰ লগে লগে বতাহ বলিবলৈ আৰম্ভ কৰিলে । যেন তাইৰ বাবেই অপেক্ষা কৰি আছিল এই মাটিয়ে
। লিথিয়াৰ ভীষণ ভাল লাগিবলৈ ধৰিলে । কিন্তু লিথিয়াৰ গাৰ গোন্ধ, চুলি গোন্ধ বতাহত ভাঁহিবলৈ
আৰম্ভ কৰিলে । চৌপাশৰ পৰা ওলাই আহিল মানুহৰূপী পশু ।
ৰাহিয়ানে কিবা কৰিবলৈ পোৱাৰ আগতেই সকলো জপিয়াই পৰিল লিথিয়াৰ
ওপৰত । ৰাহিয়ানে ৰখাবলৈ নোৱাৰিলে। দিকবিভ্ৰান্ত হৈ গুলিয়াবলৈ ধৰিলে । চাৰিওফালে সকলোৱে
নিথৰ দেহ পৰি ৰ’ল । মাজত পৰি ৰ’ল আশ্চৰ্য্যচকিত দুচকুৰে লিথিয়াৰ নিথৰ দেহ ।
ৰাহিয়ানৰো জীয়াই থকাৰ কোনো উদ্দেশ্য বাকী নৰ’ল ।
ৰাহিয়ানে নিজৰ স্পেছশ্বিপলৈ গৈ অটোমটিক ধ্বংসৰ বুটামটো টিপি
দিলে ।
ৰাহিয়ান নিজে ধ্বংস হোৱাৰ আগেয়ে দেখিলে পৃথিৱী নামৰ গ্ৰহটো
জলন্ত স্ফুলিঙ্গৰ দৰে ধ্বংস হ’বলৈ আৰম্ভ হৈছে । লাহে লাহে বিলীন হৈ যাব ধৰিছে । শেষ
আশাৰে বহি আছিল এই বিশ্ব । এগৰাকী নাৰীয়ে জীয়াই আছিল । আজি সেই নাৰীও জীয়াই নাথাকিল
। গতিকে নাৰীবিহীন পৃথিৱীৰ অস্তিত্ব নাই ।