মৰমৰ
অৰ্চি,
কেনে আছ’ ? হা:! হা:! এইয়া আনুষ্ঠানিকতাহে মাথো । প্ৰায় প্ৰতিদিনেই মেছেজ বা ফোন ক’লেৰে কথা পতা হয় যদিও আজি প্ৰথমবাৰৰ বাবে কলমটো হাতত তুলি লৈছো তোলৈ বুলি । পাছে শব্দবোৰে দেখুন বাট হেৰুৱাইছে স্মৃতিৰ ভীৰত ।সোঁৱৰণিৰ আগদেৱাত থমকি ৰৈছে কলম । চৌদিশে দেখুন আজি গুনগুণনি অতীতৰ । জীৱনবৃক্ষজোপাৰ কেইখিলামান সৰাপাত কলেজীয়া দিনবোৰ । অথচ আজিও যে সজীৱ । এৰা প্ৰতি পল প্ৰতি ক্ষণে অতীত হয় সময় । প্ৰতি মূহুৰ্ততে আমি খোজ দিও ভৱিষ্যতৰ বুকুত । অতীত সামৰি আজি তয়ো খোজ পেলাইছ’ এক নতুন ভৱিষ্যতত । ছাত্ৰজীৱনৰ মাদকতা বুকুত সামৰি চাকৰি জীৱনত; আঁকোৱালি এখন নতুন পৃথিৱী । য’ৰ অচিন মুখবোৰ লাহে লাহে তোৰ আপোন হৈ পৰিব । এয়াই যে জীৱন; যি প্ৰতিনিয়ত দি যায় জীৱন জিনাৰ অলেখ অযুত সুৰুঙা । প্ৰয়োজন মাথো তাক অনুধাৱন কৰাৰ । আগন্তুক সময়বোৰলৈ থাকিল বহু বহু শুভকামনা ।
কিছুদিনৰ আগতে এটা সৰু কাহিনী পঢ়িছিলো । কাহিনীটোৱে বুকুৰ একোণত বাঁহ সাজি বহিল । আশাকৰো এই কাহিনীটোৱে তোকো জীৱনৰ উচ্চতম শিখৰত আৰোহনৰ বাটত অনুপ্ৰেৰণা যোগাব । কাহিনীটো এটা অংকৰ শ্ৰেণীৰ । শিক্ষকজনে নেওতা শিকাই আছিল । তেওঁ বৰ্ডলৈ উঠি গৈ লিখিলে,
শিক্ষকজনে সঁচাই এক জৰুৰী শিক্ষা দি গ’ল । পৃথিৱীখনত প্ৰতি খোজতেই এনেকুৱা বহু লোক আছে যি নিজে এখোজ আগুৱাবলৈ আনক দুখোজ পিছুৱাই অনাৰ সৰ্বদা চেষ্টা চলাই থাকে । সেয়েহে বৰ্তমান সময়ত চাকৰিকালটো অতিকৈ প্ৰত্যাহ্বানজনক হৈ পৰে । মাজে মাজে আগুৰি ধৰে হতাশা তথা মানসিক উদ্দেগে । এই ৰোগৰ একমাত্ৰ পথ্য হৈছে সততা আৰু আত্মবিশ্বাস । মই এটা কথা সদায়ে বিশ্বাস কৰো যে, সৎপথ থাকিলে আৰু অন্তৰ শুদ্ধ হ’লে কোনোৱে অনিষ্ট কৰিব নোৱাৰে । আৰে জান’য়েই নহয় ‘কুছ ত’ লোগ কহেগে লোগো কাম হে কেহনা’ । আৰু এটা কথা প্ৰতিটো ঘটনা-পৰিঘটনাৰে একো একোটা অন্তৰ্নিহিত উদ্দেশ্য থাকে । আমি মাথো তাৰ সঠিক মূল্যায়ন কৰিব লাগে । আমিবোৰ যিহেতুকে অতি আৱেগিক সেয়ে বহু সময়ত কিছুমান কথা বা ঘটনা সহজে গ্ৰহণ কৰিব নোৱাৰো । এনে সময়বোৰৰ বাবে নিজকে সৱল, সাহসী তথা তেজস্বী কৰি তোলাৰ কচৰৎ আমি কৰিবই লাগিব । মই জানো তই অত্যন্ত ধৈৰ্যশীলা । তোৰ এই গুণটো জীৱনৰ কঠোৰ হাতোৰাৰ কোবত কেতিয়াও হেৰাই যাবলৈ নিদিবি । ধৈৰ্যই তোক মহীয়ান কৰি তুলিব ।
আং বাং এসোপামান লিখিলো । আমনি লাগিছে? আমনি লাগিলেও পঢ়িবই লাগিব । শাৰদীয় বহুতো মৰম, শ্ৰদ্ধা আৰু শুভকামনা থাকিল ঘৰৰ সকলোৱেলৈ । অনাগত দিনবোৰ তই বিচৰাৰ দৰে ৰঙীন হৈ পৰক, হেঁপাহবোৰ জীপাল হৈ উঠক, তাৰে কামনাৰে, পুনৰবাৰ শুভেচ্ছাৰে আজিলৈ সামৰিছো ।
ইতি
দেৱ
বি:দ্ৰ: নতুন ঠিকনাটো দিবি ।
অৰ্চি,
কেনে আছ’ ? হা:! হা:! এইয়া আনুষ্ঠানিকতাহে মাথো । প্ৰায় প্ৰতিদিনেই মেছেজ বা ফোন ক’লেৰে কথা পতা হয় যদিও আজি প্ৰথমবাৰৰ বাবে কলমটো হাতত তুলি লৈছো তোলৈ বুলি । পাছে শব্দবোৰে দেখুন বাট হেৰুৱাইছে স্মৃতিৰ ভীৰত ।সোঁৱৰণিৰ আগদেৱাত থমকি ৰৈছে কলম । চৌদিশে দেখুন আজি গুনগুণনি অতীতৰ । জীৱনবৃক্ষজোপাৰ কেইখিলামান সৰাপাত কলেজীয়া দিনবোৰ । অথচ আজিও যে সজীৱ । এৰা প্ৰতি পল প্ৰতি ক্ষণে অতীত হয় সময় । প্ৰতি মূহুৰ্ততে আমি খোজ দিও ভৱিষ্যতৰ বুকুত । অতীত সামৰি আজি তয়ো খোজ পেলাইছ’ এক নতুন ভৱিষ্যতত । ছাত্ৰজীৱনৰ মাদকতা বুকুত সামৰি চাকৰি জীৱনত; আঁকোৱালি এখন নতুন পৃথিৱী । য’ৰ অচিন মুখবোৰ লাহে লাহে তোৰ আপোন হৈ পৰিব । এয়াই যে জীৱন; যি প্ৰতিনিয়ত দি যায় জীৱন জিনাৰ অলেখ অযুত সুৰুঙা । প্ৰয়োজন মাথো তাক অনুধাৱন কৰাৰ । আগন্তুক সময়বোৰলৈ থাকিল বহু বহু শুভকামনা ।
কিছুদিনৰ আগতে এটা সৰু কাহিনী পঢ়িছিলো । কাহিনীটোৱে বুকুৰ একোণত বাঁহ সাজি বহিল । আশাকৰো এই কাহিনীটোৱে তোকো জীৱনৰ উচ্চতম শিখৰত আৰোহনৰ বাটত অনুপ্ৰেৰণা যোগাব । কাহিনীটো এটা অংকৰ শ্ৰেণীৰ । শিক্ষকজনে নেওতা শিকাই আছিল । তেওঁ বৰ্ডলৈ উঠি গৈ লিখিলে,
১×৯=৭
২×৯=১৮
৩×৯=২৭
৪×৯=৩৬
৫×৯=৪৫
৬×৯=৫৪
৭×৯=৬৩
৮×৯=৭২
৯×৯=৮১
১০×৯=৯০
লিখা শেষ কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকললৈ চাই পঠিয়ালে । সকলোৱে তেওঁলৈ চাই ফিচিঙা-ফিচিঙ কৰি আছে, কাৰণ তেওঁ নেওতাখনৰ প্ৰথম শাৰীটোতে ভুল কৰি পেলালে । তেতিয়া তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কৈ উঠিল, “মই ইচ্ছা কৰিয়ে প্ৰথম শাৰীটো ভুলকৈ লিখিছো যাতে তোমালোকক জীৱনৰ এক পাঠ শিকাব পাৰো । আমাৰ চৌপাশৰ জগতখনো তোমালোকৰ দৰেই । মোৰ এটা ভুলৰ বাবে তোমালোকে মোৰ উপহাস কৰিলা, কিন্তু মই যে ৯ বাৰ সঠিক উত্তৰ লিখিলো সেয়া কোনেও লক্ষ্য নকৰিলা বা তাৰবাবে মোক প্ৰশংসাও নকৰিলা । আমাৰ পৃথিৱীখনো এনেকুৱাই হাজাৰ ভাল কাম নকৰা কিয় তোমালোকক প্ৰশংসা কৰা লোক খুবে কমেই ওলাব । কিন্তু এটা সৰু ভুলৰ বাবে উপহাস তথা সমালোচনাৰ পাত্ৰ হ’বা হাজাৰবাৰ । কিন্তু তাৰবাবে কেতিয়াও নিৰুৎসাহিত নহ’বা” ।শিক্ষকজনে সঁচাই এক জৰুৰী শিক্ষা দি গ’ল । পৃথিৱীখনত প্ৰতি খোজতেই এনেকুৱা বহু লোক আছে যি নিজে এখোজ আগুৱাবলৈ আনক দুখোজ পিছুৱাই অনাৰ সৰ্বদা চেষ্টা চলাই থাকে । সেয়েহে বৰ্তমান সময়ত চাকৰিকালটো অতিকৈ প্ৰত্যাহ্বানজনক হৈ পৰে । মাজে মাজে আগুৰি ধৰে হতাশা তথা মানসিক উদ্দেগে । এই ৰোগৰ একমাত্ৰ পথ্য হৈছে সততা আৰু আত্মবিশ্বাস । মই এটা কথা সদায়ে বিশ্বাস কৰো যে, সৎপথ থাকিলে আৰু অন্তৰ শুদ্ধ হ’লে কোনোৱে অনিষ্ট কৰিব নোৱাৰে । আৰে জান’য়েই নহয় ‘কুছ ত’ লোগ কহেগে লোগো কাম হে কেহনা’ । আৰু এটা কথা প্ৰতিটো ঘটনা-পৰিঘটনাৰে একো একোটা অন্তৰ্নিহিত উদ্দেশ্য থাকে । আমি মাথো তাৰ সঠিক মূল্যায়ন কৰিব লাগে । আমিবোৰ যিহেতুকে অতি আৱেগিক সেয়ে বহু সময়ত কিছুমান কথা বা ঘটনা সহজে গ্ৰহণ কৰিব নোৱাৰো । এনে সময়বোৰৰ বাবে নিজকে সৱল, সাহসী তথা তেজস্বী কৰি তোলাৰ কচৰৎ আমি কৰিবই লাগিব । মই জানো তই অত্যন্ত ধৈৰ্যশীলা । তোৰ এই গুণটো জীৱনৰ কঠোৰ হাতোৰাৰ কোবত কেতিয়াও হেৰাই যাবলৈ নিদিবি । ধৈৰ্যই তোক মহীয়ান কৰি তুলিব ।
আং বাং এসোপামান লিখিলো । আমনি লাগিছে? আমনি লাগিলেও পঢ়িবই লাগিব । শাৰদীয় বহুতো মৰম, শ্ৰদ্ধা আৰু শুভকামনা থাকিল ঘৰৰ সকলোৱেলৈ । অনাগত দিনবোৰ তই বিচৰাৰ দৰে ৰঙীন হৈ পৰক, হেঁপাহবোৰ জীপাল হৈ উঠক, তাৰে কামনাৰে, পুনৰবাৰ শুভেচ্ছাৰে আজিলৈ সামৰিছো ।
ইতি
দেৱ
বি:দ্ৰ: নতুন ঠিকনাটো দিবি ।
No comments:
Post a Comment