Thursday, 11 October 2018

Feynman letter to his beloved wife

(ৰিচাৰ্ড ফেইমেন এজন বিশ্ববিশ্ৰুত পদাৰ্থবিজ্ঞানী । পাৰমানৱিক বোমা নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ অৱদান অনস্বীকাৰ্য । ন’বেল ব’টা বিজয়ী বিজ্ঞানীজনৰ স্কুলীয়া দিনৰ বান্ধৱী তথা পত্নী আৰ্লিনৰ ১৯৪৫ চনত ২৫ বছৰ বয়সত যক্ষ্মাৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । তাৰ ১৬ মাহৰ পাছত ফেইমেনে তেওঁৰ মৃত পত্নীলৈ এখন হৃদয়স্পৰ্শী প্ৰেমপত্ৰ লিখে । বন্ধ লেফাফাত এই পত্ৰখন ১৯৮৮ চনত তেওঁৰ মৃত্যুৰ পাছত আন বহুতো লেখাৰ লগত উদ্ধাৰ কৰা হয় । চিঠিখনৰ ভাৱানুবাদ আগবঢ়ালো)

অক্টোৱৰ ১৭,১৯৪৬
ড্য’ আৰ্লিন
প্ৰিয়তমা, তোমাক মই খুবেই ভাল পাওঁ ।
মই জানো তুমি এই কথাষাৰ শুনি কিমান ভালপোৱা । আজি পাছে কেৱল তুমি ভালপোৱা বুলিয়েই লিখা নাই-লিখিছো কাৰণ ই মোক তোমালৈ লিখিবলৈ অনুপ্ৰাণিত কৰি তোলে ।
তোমালৈ শেষবাৰৰ বাবে লিখা বহুদিনেই হ’ল –প্ৰায় দুবছৰ । মই জানো তাৰবাবে তুমি মোক ক্ষমা কৰি দিবা । কাৰণ তুমি জানা মই কেনেকুৱা আঁকোৰগোজ, অবাধ্য আৰু বাস্তৱবাদী । মই ভাবিছিলো চিঠি লিখাৰ কোনো যুক্তি নাই ।
প্ৰিয়তমা, মই এতিয়া বুজি উঠিছো যে অতীতত বহুবাৰ মই কি ভুল কৰিলো আৰু আজি সেই ভুলৰ শুধৰণি হোৱা উচিত । মই তোমাক ক’ব বিচাৰো যে মই তোমাক ভালপাওঁ । মই তোমাক ভালপাব বিচাৰো । চিৰদিন তোমাকেই ভালপাই থাকিব বিচাৰো ।
মই এতিয়াও নিজকে বুজাব পৰা নাই- বুজিব পৰা নাই তোমাৰ মৃত্যুৰ পাছতো তোমাক ভালপাই থকাৰ অৰ্থ- কিন্তু মই এতিয়াও তোমাক সুখী কৰিব বিচাৰো, তোমাৰ আব্দাৰবোৰ পূৰ কৰিব বিচাৰো । তেনেদৰেই তুমিও মোক ভালপোৱা, মোৰ যতন লোৱাতো মই বিচাৰো । মই মোৰ সমস্যাবোৰ তোমাৰ লগত আলোচনা কৰিব বিচাৰো- সৰু সৰু কামবোৰ কৰিব বিচাৰো । এই মূহুৰ্তৰ আগলৈকে মই কেতিয়াও ভবা নাছিলো যে আমি কৰিব পাৰিম । আমি বাৰু কি কৰা উচিত? একেলগে কাপোৰ ব’বলৈ শিকা উচিত নে চাইনীজ শিকিম নে চিনেমাৰ প্ৰ’জেক্টৰ কিনিবলৈ যাম ? নাই । মই তোমাৰ অবিহনে তেনেই অকলশৰীয়া-তুমি আছিলা মোৰ ‘বুদ্ধিমতী নাৰী’ আৰু মোৰ সকলোবোৰ ৰোমাঞ্চকৰ অভিযানৰ মূখ্য বিনিয়োগকাৰী ।
যেতিয়া তুমি অসুখত পৰিছিলা তেতিয়া চিন্তিত হৈ পৰিছিলা কাৰণ তুমি ভাৱিছিলা যে তুমি দিব খোজাখিনি আৰু মই বিচৰা খিনি তুমি দিব নোৱাৰিবা । তুমি তাৰবাবে চিন্তিত হোৱাৰ প্ৰয়োজন নাই । তেতিয়া কোৱাৰ দৰে আজিও কওঁ যে মোৰ কোনো বাস্তৱিক আৱশ্যকতা নাই কাৰণ মই তোমাক বিভিন্ন প্ৰকাৰে, বিভিন্ন উপায়েৰে বহুত ভালপাওঁ ।এতিয়া এই কথা অধিক স্পষ্ট হৈ পৰিল যে, তুমি মোক একো নিদিলেও মই তোমাকেই ভালপাই থাকিম যাতে তুমি মোৰ আন কাৰোবাক ভালপোৱাৰ পথত থিয় দি থাকা- মই বিচাৰো তুমি যেন সদায়ে সেই পথত থিয় দি ৰোৱা । তুমি মৃত যদিও জীৱিত বহুতকৈ বহু গুণেই শ্ৰেষ্ঠ ।
মই জানো তুমি মোক আশ্বস্ত কৰিবলৈ খুজিবা- ক’বা যে মই নিৰ্বোধ আৰু তুমি মই পুৰ্ণসুখত থকাতো বিচাৰা আৰু মোৰ পথত হেঙাৰ হ’বলৈ নিবিচাৰা । মই বাজী মাৰিব পাৰো তুমি জানি আচৰিত হ’বা যে যোৱা দুবছৰে মোৰ কোনো বান্ধৱী (তোমাৰ বাদে, প্ৰিয়া) নাই ।কিন্তু এইক্ষেত্ৰত তুমি বা মই কোনো সহায় কৰিব নোৱাৰো প্ৰিয়তমা । মই এটা কথা বুজি পোৱা নাই, যোৱা দুবছৰে মই বহু ছোৱালী লগ পাইছো; তাৰে কেইবাজনী খুবেই ভাল আৰু মই অকলে থাকিবও নিবিছাৰো; কিন্তু দুই তিনিবাৰ লগ পোৱাৰ পাছতেই সিহঁতবোৰ ছাই যেন লগা হয় । কেৱল তুমি ৰৈ যোৱা মোৰ বাবে । কেৱল তুমিয়েই মোৰ বাস্তৱ ।
অ’ মোৰ প্ৰিয়তমা পত্নী, মই তোমাক খুবেই ভাল পাওঁ ।
মই মোৰ পত্নীক ভালপাওঁ। মোৰ পত্নীৰ মৃত্যু হৈছে ।
ৰিছ
পুন: চিঠিখন ডাকত দিয়াৰ নহ’ল- ক্ষমা কৰিবা- কিন্তু মই যে তোমাৰ নতুন ঠিকনাটো নাজানো ।

Sunday, 7 October 2018

A letter to a friend

মৰমৰ
অৰ্চি,
কেনে আছ’ ? হা:! হা:! এইয়া আনুষ্ঠানিকতাহে মাথো । প্ৰায় প্ৰতিদিনেই মেছেজ বা ফোন ক’লেৰে কথা পতা হয় যদিও আজি প্ৰথমবাৰৰ বাবে কলমটো হাতত তুলি লৈছো তোলৈ বুলি । পাছে শব্দবোৰে দেখুন বাট হেৰুৱাইছে স্মৃতিৰ ভীৰত ।সোঁৱৰণিৰ আগদেৱাত থমকি ৰৈছে কলম । চৌদিশে দেখুন আজি গুনগুণনি অতীতৰ । জীৱনবৃক্ষজোপাৰ কেইখিলামান সৰাপাত কলেজীয়া দিনবোৰ । অথচ আজিও যে সজীৱ । এৰা প্ৰতি পল প্ৰতি ক্ষণে অতীত হয় সময় । প্ৰতি মূহুৰ্ততে আমি খোজ দিও ভৱিষ্যতৰ বুকুত । অতীত সামৰি আজি তয়ো খোজ পেলাইছ’ এক নতুন ভৱিষ্যতত । ছাত্ৰজীৱনৰ মাদকতা বুকুত সামৰি চাকৰি জীৱনত; আঁকোৱালি এখন নতুন পৃথিৱী । য’ৰ অচিন মুখবোৰ লাহে লাহে তোৰ আপোন হৈ পৰিব । এয়াই যে জীৱন; যি প্ৰতিনিয়ত দি যায় জীৱন জিনাৰ অলেখ অযুত সুৰুঙা । প্ৰয়োজন মাথো তাক অনুধাৱন কৰাৰ । আগন্তুক সময়বোৰলৈ থাকিল বহু বহু শুভকামনা ।
কিছুদিনৰ আগতে এটা সৰু কাহিনী পঢ়িছিলো । কাহিনীটোৱে বুকুৰ একোণত বাঁহ সাজি বহিল । আশাকৰো এই কাহিনীটোৱে তোকো জীৱনৰ উচ্চতম শিখৰত আৰোহনৰ বাটত অনুপ্ৰেৰণা যোগাব । কাহিনীটো এটা অংকৰ শ্ৰেণীৰ । শিক্ষকজনে নেওতা শিকাই আছিল । তেওঁ বৰ্ডলৈ উঠি গৈ লিখিলে,
১×৯=৭
২×৯=১৮
৩×৯=২৭
৪×৯=৩৬
৫×৯=৪৫
৬×৯=৫৪
৭×৯=৬৩
৮×৯=৭২
৯×৯=৮১
১০×৯=৯০
লিখা শেষ কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকললৈ চাই পঠিয়ালে । সকলোৱে তেওঁলৈ চাই ফিচিঙা-ফিচিঙ কৰি আছে, কাৰণ তেওঁ নেওতাখনৰ প্ৰথম শাৰীটোতে ভুল কৰি পেলালে । তেতিয়া তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কৈ উঠিল, “মই ইচ্ছা কৰিয়ে প্ৰথম শাৰীটো ভুলকৈ লিখিছো যাতে তোমালোকক জীৱনৰ এক পাঠ শিকাব পাৰো । আমাৰ চৌপাশৰ জগতখনো তোমালোকৰ দৰেই । মোৰ এটা ভুলৰ বাবে তোমালোকে মোৰ উপহাস কৰিলা, কিন্তু মই যে ৯ বাৰ সঠিক উত্তৰ লিখিলো সেয়া কোনেও লক্ষ্য নকৰিলা বা তাৰবাবে মোক প্ৰশংসাও নকৰিলা । আমাৰ পৃথিৱীখনো এনেকুৱাই হাজাৰ ভাল কাম নকৰা কিয় তোমালোকক প্ৰশংসা কৰা লোক খুবে কমেই ওলাব । কিন্তু এটা সৰু ভুলৰ বাবে উপহাস তথা সমালোচনাৰ পাত্ৰ হ’বা হাজাৰবাৰ । কিন্তু তাৰবাবে কেতিয়াও নিৰুৎসাহিত নহ’বা” ।
শিক্ষকজনে সঁচাই এক জৰুৰী শিক্ষা দি গ’ল । পৃথিৱীখনত প্ৰতি খোজতেই এনেকুৱা বহু লোক আছে যি নিজে এখোজ আগুৱাবলৈ আনক দুখোজ পিছুৱাই অনাৰ সৰ্বদা চেষ্টা চলাই থাকে । সেয়েহে বৰ্তমান সময়ত চাকৰিকালটো অতিকৈ প্ৰত্যাহ্বানজনক হৈ পৰে । মাজে মাজে আগুৰি ধৰে হতাশা তথা মানসিক উদ্দেগে । এই ৰোগৰ একমাত্ৰ পথ্য হৈছে সততা আৰু আত্মবিশ্বাস । মই এটা কথা সদায়ে বিশ্বাস কৰো যে, সৎপথ থাকিলে আৰু অন্তৰ শুদ্ধ হ’লে কোনোৱে অনিষ্ট কৰিব নোৱাৰে । আৰে জান’য়েই নহয় ‘কুছ ত’ লোগ কহেগে লোগো কাম হে কেহনা’ । আৰু এটা কথা প্ৰতিটো ঘটনা-পৰিঘটনাৰে একো একোটা অন্তৰ্নিহিত উদ্দেশ্য থাকে । আমি মাথো তাৰ সঠিক মূল্যায়ন কৰিব লাগে । আমিবোৰ যিহেতুকে অতি আৱেগিক সেয়ে বহু সময়ত কিছুমান কথা বা ঘটনা সহজে গ্ৰহণ কৰিব নোৱাৰো । এনে সময়বোৰৰ বাবে নিজকে সৱল, সাহসী তথা তেজস্বী কৰি তোলাৰ কচৰৎ আমি কৰিবই লাগিব । মই জানো তই অত্যন্ত ধৈৰ্যশীলা । তোৰ এই গুণটো জীৱনৰ কঠোৰ হাতোৰাৰ কোবত কেতিয়াও হেৰাই যাবলৈ নিদিবি । ধৈৰ্যই তোক মহীয়ান কৰি তুলিব ।
আং বাং এসোপামান লিখিলো । আমনি লাগিছে? আমনি লাগিলেও পঢ়িবই লাগিব । শাৰদীয় বহুতো মৰম, শ্ৰদ্ধা আৰু শুভকামনা থাকিল ঘৰৰ সকলোৱেলৈ । অনাগত দিনবোৰ তই বিচৰাৰ দৰে ৰঙীন হৈ পৰক, হেঁপাহবোৰ জীপাল হৈ উঠক, তাৰে কামনাৰে, পুনৰবাৰ শুভেচ্ছাৰে আজিলৈ সামৰিছো ।
ইতি
দেৱ

বি:দ্ৰ: নতুন ঠিকনাটো দিবি ।