কিছুবছৰৰ
আগৰ
কথা
।
এজন
দোকানীয়ে
তেওঁৰ
একমাত্ৰ
পুত্ৰক
পৃথিৱীৰ
সৱাতোকৈ
জ্ঞানী
ব্যক্তিজনৰ
পৰা
সুখৰ
গুপুত
ৰহস্য
শিকি
আহিবলৈ
নিৰ্দেশ
দিলে
।
চল্লিছ
দিন
মৰুভূমিৰ
মাজেৰে
ভ্ৰমণ
কৰি
অৱশেষত
পাহাৰৰ
টিঙত
এটা
বিতোপন
দুৰ্গ
দেখা
পালে
।
তাতেই
জ্ঞানীলোকজনে
বাস
কৰিছিল
।
দুৰ্গত প্ৰৱেশ
কৰি
যুৱকজন
থৰ
লাগি
ৰ’ল
।
বেপাৰীবোৰে
অহা-যোৱা
কৰি
আছিল,
কোনো
কোনোৱে
দুৰ্গৰ
একোণত
ৰৈ
কথা
পাতি
আছিল,
এদল
বাদ্যযন্ত্ৰীয়ে
মৃদু
সংগীত
পৰিৱেশন
কৰি
আছিল
আৰু
তাত
থকা
টেবুলবোৰ
পৃথিৱীৰ
বিভিন্ন
প্ৰান্তৰৰ
সুস্বাদু
খাদ্য
সম্ভাৰেৰে
উপছি
আছিল
।
জ্ঞানী
লোকজনে
অতি
মনোযোগেৰে
সকলোৰে
কথাবোৰ
শুনিছিল
আৰু
দুঘণ্টাৰ
প্ৰতীক্ষাৰ
অন্তত
যুৱকজনৰ
পাল
আহিছিল
।
জ্ঞানীলোকজনে
মনোযোগেৰে
যুৱকজনৰ
তালৈ
অহাৰ
উদ্দেশ্যৰ
বিষয়ে
শুনিলে
আৰু
ক’লে
যে
সুখৰ
ৰহস্য
শিকাবলৈ
তেওঁৰ
হাতত
পৰ্যাপ্ত
সময়ৰ
অভাৱ
।
সেয়ে
তেওঁৰ
প্ৰসাদটো
এবাৰ
ভালকৈ
পৰিদৰ্শন
কৰি
আহিবলৈ
পৰামৰ্শ
দিলে
আৰু
দুঘণ্টাৰ
অন্তত
তেওঁক
দুনাই
লগ
কৰিবলৈ
ক’লে
।
“তাৰলগতে মই
তোমাক
আন
এটা
কাম
দিওঁ”
।
জ্ঞানীলোকজনে
ক’লে
।
যুৱকজনৰ
হাতত
এখন
চামুচত
দুটোপাল
তেল
দি
তেওঁ
ক’লে,
“তুমি
প্ৰসাদত
ফুৰোতে
এই
চামুচখন
লগত
ৰাখিবা
চাবা
যাতে
তিলমানো
তেল
চিটিকি
নপৰে”
।
যুৱকজনে চামুচখনৰ
ওপৰত
দৃষ্টি
নিৱন্ধ
কৰি
কেইবাটাও
চিৰি
উঠা
নমা
কৰি
প্ৰসাদটোত
ফুৰিবলৈ
ধৰিলে
।
দুঘণ্টাৰ
পাছত
লোকজনৰ
কাষলৈ
উলটি
আহিল
।
“বাৰু” জ্ঞানীলোকজনে
সুধিলে,
“মোৰ
খোৱাকোঠাত
ওলোমাই
থোৱা
পাৰ্চী
চিত্ৰযৱনিকাবোৰ
দেখা
পালা
নে?
সুনিপুন
মালী্যে
দহবছৰৰ
কষ্টৰ
অন্তত
নিৰ্মাণ
কৰি
উলিওৱা
বাগিছাখন
দেখা
পালা
নে?
মোৰ
গ্ৰন্থগাৰৰ
সুন্দৰ
চৰ্মপত্ৰবোৰ
তুমি
লক্ষ্য
কৰিলা
নে?”
যুৱকজনে লজ্জিত
হৈ
নতশিৰে
ক’লে
যে
তেওঁ
এইবোৰ
একোৱেই
দেখা
নাপালে
।
বৰঞ্চ
সমগ্ৰ
সময়খিনি
জ্ঞানীলোকজনে
নস্ত্য
কৰা
দায়িত্বত,
তেলখিনি
যাতে
নপৰে
তাৰ
চিন্তাতে
বগ্য
হৈ
থাকিল
।
“তেনেহ’লে
আকৌ
যোৱা
আৰু
মোৰ
জগতখনৰ
সৌন্দৰ্যতা
উপভোগ
কৰি
আহা”
।
জ্ঞানীলোকজনে
ক’লে,
“কোনো
ব্যক্তিকে
তেওঁৰ
ঘৰখন
ভালকৈ
নজনাকৈ
বিশ্বাস
কৰা
অনুচিত”
।
সকাহ পাই
যুৱকজনে
চামুচখনলৈ
প্ৰসাদটোৰ
সৌন্দৰ্যতাৰ
অন্বেষণত
ওলাল
।এইবাৰ
তেওঁ
চাঁদত,
বেৰত
আঁকি
থোৱা
সুন্দৰ
ছবিবোৰ
দেখা
পালে
।
দেখা
পালে
সুন্দৰ
বাগিছাখন,
চৌদিশে
আগুৰি
থকা
পাহাৰখন,
ধুনীয়া
ফুলবোৰ
আৰু
লোকজনে
পছন্দ
অনুযায়ী
প্ৰতিপালন
কৰা
সকলোবোৰ
।
যুৱকজনে
এইবাৰ
প্ৰসাদটোৰ
সকলোবোৰ
খুটি
নাটি
অতি
সুন্দৰকৈ
বৰ্ণনা
কৰিলে
।
“পিছে, মই
তোমাক
দিয়া
তেলৰ
টোপালকেইটা
ক’ত?”
জ্ঞানীলোকজনে
সুধিলে
।
চামুচখনৰ ফালে
চাই
যুৱকজনে
দেখে
যে
তাত
এটোপালো
তেল
নাই
।
“বাৰু, মই
তোমাক
মাথো
এটাই
উপদেশ
দিব
পাৰো”
।
মহান
মনীষীজনে
ক’লে,
“সুখৰ
নিগূঢ়
সত্য
হ’ল
পৃথিৱীৰ
বিস্ময়কৰ
আলৌকিতাক
উপভোগ
কৰা
আৰু
একেসময়তে
চামুচখনত
থকা
তেলখিনিৰ
বিষয়েও
পাহৰি
নোযোৱাটো”
।
No comments:
Post a Comment