Monday, 12 March 2018

BIRTHDAY GIFT

নীলাঞ্জন,
ওপজা দিনৰ বহু বহু শুভকামনা তোমালৈ । সময়ে আজি ডেউকা কোবাই উৰা মাৰিছে অন্য এক সময়ৰ ঠিকনা বিচাৰি । এৰি থৈ কিছু স্মৃতি । জীৱনৰ কোৱাল চাকনৈয়াত হয়তো এদিন ইয়াৰে কিছু স্মৃতি ধূসৰ হৈ পৰিব । তথাপিও আমি কঢ়িয়াব বিচাৰো জীৱনৰ প্ৰতিপলৰ মধুৰতা । সযতনে সাঁচিব খুজো সময় । কিন্তু কি কৰিবা সময় যে অনাদি, অনন্ত… আমি সময়ৰ স’তে আগুৱাই যাবই লাগিব । আশা কৰো পাৰ হৈ যোৱা বচৰটোৱে তোমাক দি থৈ গ’ল বহুতো মধুৰতম পল চিৰজীৱনৰ বাবে । অনাগত দিনবোৰ হ’ব অনন্য সুখ আকৰ । এৰি থৈ অহা বছৰটোৰ লগত তুমি এৰি থৈ আহিলা তোমাৰ ছাত্ৰ জীৱন, খোজ থ’লা জীৱনৰ অন্য এক অধ্যায়ত । জীৱনৰ অন্যতম জটিল অধ্যায় এই চাকৰিজীৱন । ইয়াত ধৈৰ্য তথা সংযমৰ পৰীক্ষা চলে সৰ্বদা । সংগ্ৰামৰ অন্য নাম জীৱন । পখিলাৰ সাধুটো পঢ়িছা নে? এদিনাখনৰ কথা এজন ভদ্ৰলোকে এখন বাগিছাত ফুৰি আছিল । হঠাতে তেওঁৰ চকু এজনী পখিলাৰ ওপৰত পৰিল । পখিলা জনীয়ে নিজৰ চোকোৰাটোৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা কৰি আছিল । বহুসময় চেষ্টা কৰিও তাই বাহিৰ ওলাব নোৱাৰি ভাগৰি পৰিছিল । সৰু বিন্ধা এটাৰে বাহিৰলৈ আহিবলৈ চেষ্টা কৰি থকা পখিলাজনীক বহু সময় নিৰীক্ষণ কৰি ভদ্ৰলোকজনে তাইক সহায় কৰিবলৈ থিৰাং কৰিলে । তেওঁ এখন কেঁচীৰ যোগাৰ কৰি চোকোৰাটো কাটি পখিলাজনীক বাহিৰলৈ উলিয়াই আনিলে । পখিলাজনীৰ শৰীৰটো ফুলিছিল আৰু পাখিকেইখন শুকাই গৈছিল । তেওঁ এতিয়া পখিলাজনী উৰালৈ অপেক্ষা কৰিবলৈ ধৰিলে । কিন্তু দুৰ্ভাগ্যবশত সেইয়া হৈ নুঠিল । পখিলাজনীয়ে কেতিয়াও উৰিবলৈ সক্ষম নহ’ল । ভদ্ৰলোকজনে সহায় কৰিবলৈ গৈ পাহৰি পেলাইছিল যে সৰু বিন্ধাটোৰ মাজেৰে চোকোৰাটোৰ পৰা বাহিৰ ওলাবলৈ কৰা চেষ্টা পখিলাজনীৰ বাবে অন্যন্ত জৰুৰী আছিল । এই সংঘৰ্ষৰ ফলত পখিলাৰ গাত থকা তৰল পদাৰ্থ বোৰ পাখিলৈ প্ৰৱাহিত হয় আৰু ই উৰাৰ বাবে অতিশয় প্ৰয়োজনীয় । সেয়েই হয়তো কোৱা হয় সংগ্ৰামে জীৱনৰ সঞ্জীৱনী শক্তি বৃদ্ধি কৰে । উৎকৃষ্ট সাধনৰ বাবে সময়ৰ সকলো প্ৰত্যাহ্বান আমি অতিক্ৰম কৰিবই লাগিব । বুজিব লাগিব সময়ক । তোমাৰ সৰ্বোত্তমতাৰ পৰীক্ষা লয় সময়ে । ভগৱানৰ সৰ্ব্বশ্ৰেষ্ঠ উপহাৰ ল’ব পৰাকৈ উপযোগী কৰি তোলে সময়ে । আহিবলগীয়া সময়বোৰত তুমিও হয়তো এনে বহুতো পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব । তাৰবাবে নিজকে শক্তিশালী কৰি তোলা । বহু শুভকামনা থাকিল অনাগত দিনবোৰলৈ । ব’ৰ হৈছা ? ইছ মই যে কি, বাৰ্থদে দিনা নো মানুহে এইবোৰ কথা কয় নে ? কিন্তু মোৰ যে অন্য উপহাৰ নাই তোমাক দিবলৈ । গতিকে… দৰাচলতে দিনটো ষ্টুডেন্টবোৰক ব’ৰ কৰি কৰি সবকে ব’ৰ কৰিবলৈ শিকিছো আজিকালি । ছ’ৰী ! দিয়া বাদ দিয়া । জন্মদিন শুভেচ্ছা জনালো পুনৰবাৰ । সুখী হোৱা মনে বিচৰা দৰে । অনাগত দিনবোৰ তোমাৰ হওঁক । ভালে থাকা, কুশলে থাকা, সুখী হোৱা ।
ইতি
তোমাৰ বাইদেউ
১০/০৩/২০১৮

1 comment: