গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱো মহেশ্বৰ
গুৰু সাক্ষাত পৰম ব্ৰহ্ম
তস্মৈ শ্ৰী গুৰুৱে নম:
সমাজত গুৰুৰ স্থান সদায়ে উচ্চ । কিন্তু বৰ্তমান পৰিস্থিতিত সেই আসনৰ কিছু স্থানচ্যুত হোৱা পৰিলক্ষিত হয় । কিছু দিনৰ আগতে বাতৰি কাকত শিষ্যৰ হাতত শিক্ষাগুৰুৰ নিধনৰ বাতৰি পঢ়িবলৈ পায় মনত কিছু উদ্দেগৰ উদয় হয় । সেইসময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহন লিংকনৰ তেওঁৰ পুত্ৰৰ শিক্ষকক উদ্দেশ্যে লিখা চিঠিখন পঢ়িবলৈ পালো । ভাৱ হ’ল সকলো শিক্ষকে যদি লিংকনে বিচৰাৰ দৰে নৈতিকতাৰ শিক্ষা দিয়ে পৃথিৱীখনৰ বহুতো সমস্যাই সমাধান হৈ পৰিব । চিঠিখনৰ ভাৱানুবাদ।
“আজি মোৰ পুত্ৰৰ বিদ্যালয়ত প্ৰথম দিন । সকলোবোৰ তাৰবাবে নতুন আৰু অচিনাকী । গতিকে মই বিচাৰো তুমি যেন তাৰ লগত খুব সতৰ্কতাৰে আচৰন কৰা । এইয়া তাৰ বাবে এক জ্ঞান অন্বেষণৰ যাত্ৰা; যি হয়তো এই মহাদেশৰ পৰিসীমা অতিক্ৰম কৰি যাবলগীয়া হ’ব পাৰে । সাধাৰণতে সকলোবোৰ অভিযান যুদ্ধ, শোক তথা দুখৰ সমষ্টি হয় । কিন্তু জীয়াই থাকিবলৈ হ’লে বিশ্বাস, প্ৰেম আৰু সাহসৰ খুবেই প্ৰয়োজন ।
গতিকে, মাননীয় শিক্ষক, অনুগ্ৰহ কৰি তাক হাতত ধীৰে ধীৰে আগুৱাই নিবা । সি শিকিবলগীয়া সকলোবোৰ কথা আলফুলে তাক বুজাবা । তাক শিকাবা যে সকলো শত্ৰুৰে এজন বন্ধু থাকে । সি শিকিব লাগিব যে কিছুমান মুখৰ পাছপিনে আৰু এখন মুখ লুকাই থাকে । তুমি তাক বেয়াৰ পৰাৰ ভালখিনি বাছি উলিয়াবলৈ শিকাব লাগিব । শিকাব লাগিব যে অসাধু ব্যক্তিৰ মাজতো বহু আদৰ্শবান মানুহো থাকে । স্বাৰ্থী ৰাজনীতিবিদৰ লগতে দেশৰ বাবে সমৰ্পিত নেতাও বহু আছে ।
যদি শিকাব পাৰা শিকাবা যে, নিজ কষ্টৰে আৰ্জন কৰা দহ টকাটোৰ মূল্য হাততে পোৱা হাজাৰ টকাতকৈ বহু গুনেই বেছি । আনক চলনা কৰাতকৈ পৰাজয় বৰণ কৰাতো অধিক সন্মানজনক । তাক শিকাবা কেনেকৈ নিজৰ পৰাজয় স্বীকাৰ কৰিব লাগে আৰু জয়ত আনন্দ কৰিব লাগে । মানুহৰ লগত নম্ৰ হ’বলৈ শিকোৱাৰ লগতে সময়ত কঠোৰ হোৱাৰ শিক্ষাও তুমি তাক দিবা ।
যদি সম্ভৱ তেনেহ’লে হিংসা দ্বেষ পৰা আঁতৰাই জীৱনত লুকাই থকা নিৰ্মল হাঁহিৰ পাঠ পঢ়োৱাবা । দুখৰ মাজতো কেনেকৈ হাঁহিব পাৰি, সুখৰ গীত গাব পাৰি তাৰ শিক্ষা দিবা । চকুলো নিগৰোৱাতো লাজৰ বিষয় নহয়, তাৰবাবে আনে যি কয় সেয়া কাণ দিয়াৰ প্ৰয়োজন নাই ।তাক পৰাজয়তো লুকাই থকা গৌৰৱ আৰু বিজয়েও দিব পৰা হতাশাৰ কথা শিকাবা । শিকাবা উপহাসক নিন্দা কৰিবলৈ ।
কিতাপত লুকাই থকা গুপ্তধনৰ ৰহস্যৰ ভেদ দিবা, কিন্তু সময়ত মুকলি আকাশেৰে উৰি যোৱা পখীৰ কাকলি, মৌ-মাখিৰ গুনগুননি, পাহাৰৰ টিলাত ফুলি ৰোৱা বাৰে বৰণীয়া ফুলৰ সৌন্দৰ্য উপভোগ কৰাবলৈ নাপাহৰিবা । তুমি তাক আত্মবিশ্বাসী হ’বলৈ শিকাবা ।
উদ্দেশ্যবিহীনভাৱে যাতে কোনো গোটক অনুসৰন নকৰে তাৰবাবে শক্তি দিবা । সকলোৱে কথা ধৈৰ্যৰে শুনাৰ শিক্ষা দিবা কিন্তু তাৰ পৰা শুদ্ধ-অশুদ্ধবোৰ সত্যৰ তুলাচনীৰে চালি-জাৰি চাবলৈ আৰু শুদ্ধখিনি গ্ৰহন কৰিবলৈ শিকাবা ।
তাক শিকাবা কেনেকৈ নিজৰ বিচাৰ বুদ্ধি আনৰ মাজত বিলাই দিব লাগে আৰু তাৰবাবে হৃদয় আৰু আত্মাৰ কোনো মূল্য যেন সি নাৰাখে । তাক সাহস দিবা । সময়ত অধীৰ আৰু সহনশীল হ’বলৈ শিকাবা যাতে সি বীৰ হয় । তাক নিজৰ ওপৰত অসীম বিশ্বাস ৰাখিবলৈ শিকাবা, তেহে সি মানৱ জাতিৰ ওপৰত বিশ্বাস ৰাখিব পাৰিব ।
এইয়া মোৰ তোমাৰ ওচৰত এক অনুৰোধ । বাকীখিনি তোমাৰ বিচাৰ্য । মোৰ পুত্ৰ সচাকৈয়ে এটি মৰমলগা কনমানি” ।

ভাল লিখনি
ReplyDeleteভাল লিখনি
ReplyDeleteখুব সুন্দৰ
ReplyDelete