Thursday, 1 September 2016

A letter to Daughter from Father

চিঠিৰ এক সুকীয়া ঐতিহ্য আছে । আধুনিক যান্ত্ৰিক পৃথিৱীখনত ই হেৰাই গ’লেও এক অনন্য স্বাক্ষৰ আজিও বহন কৰি আছে । দুৰণিত থকা পিতৃৰ পৰা যেতিয়া এখন চিঠি আহি এগৰাকী কন্যাৰ হাতত পৰেহি তাৰ পুলকতা পাওতাইহে বুজে । স্বাধীনতা সংগ্ৰামী পিতৃ তথা ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে কৰ্মব্যস্ততা মাজতো জীয়ৰী ইন্দিৰা প্ৰিয়দৰ্শিনীলৈ চিঠি লিখিছিল । স্বাধীনতা আন্দোলনৰ সময়ত কাৰাবাস খাটিবলগীয়া হওঁতে বিভিন্ন ভাষা-সংস্কৃতি, বুৰঞ্জী, ভূগোল, বিজ্ঞান, মহাকাব্য আদিক বিষয় হিচাপে লৈ লিখা চিঠিসমুহ কেৱল তেওঁৰ কন্যাৰ বাবেই নহয় প্ৰতিজন ভাৰতীয়ৰ বাবে অমূল্য সম্পদৰূপে চিহ্নিত হৈ আহিছে । তাৰ মাজৰে এখন চিঠিৰ ভাৱানুবাদ আগবঢ়ালো । চিঠিখন নাইনিৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ২৬ অক্টোবৰ ১৯৩০ চনত লিখা হৈছিল।

মোৰ মৰমৰ ইন্দিৰা,
জন্মদিনত উপহাৰ আৰু শুভেচ্ছা গ্ৰহণ কৰাটো তোমাৰ অভ্যাসত পৰিণত হৈছে । মোৰ আশীৰ্বাদ আৰু শুভেচ্ছা সদায়ে তোমাৰ লগত আছে । কিন্তু নাইনি জেইলৰ পৰা কি উপহাৰ তোমালৈ পঠিয়াও । মোৰ উপহাৰ কোনো সামগ্ৰী নহয়, ই মানসিক তথা আত্মিক খোৰাকহে । যাক কোনো কাৰাগাৰৰ ওখ দেৱালে বাধা দিব নোৱাৰে ।
মাজনী, তুমিতো জানাই উপদেশ দিয়া কামটো মই কিমান বেয়া পাওঁ । মই ভাৱো উপদেশেৰে কি ভাল আৰু কি বেয়া, কি কৰা উচিত আৰু কি কৰা অনুচিত তাৰ সঠিক পথ বাচি উলিয়াব নোৱাৰি । বৰঞ্চ আলোচনাৰ মাজেৰে বহু সত্য উন্মোচিত হয় । মই তোমাৰ লগত কথা পাতি খুবেই ভাল পাওঁ । আমি বহু কথাই আলোচনা কৰো । কিন্তু পৃথিৱীখন বৰ বিশাল । আমাৰ এই পৃথিৱীখনৰ উপৰিও বহুতো ধুনীয়া আৰু ৰহস্যময় পৃথিৱী আছে, যি আমাৰ কল্পনাৰো অগোচৰ । আমি জীৱনত শিকা প্ৰ্তিটো শিক্ষাই মহত্বপূৰ্ণ, ই আমাক বিদ্বান কৰি তোলে ।
তাৰবাবে মই কি কৰিব পাৰো । এখন চিঠিয়ে খুব কমেইহে আলোচনাৰ ঠাই দখল কৰিব পাৰে । সঁচা কথাত ক’বলৈ গ’লে এইয়া একপক্ষীয় । কল্পনা কৰিবা যে তোমাৰ চিন্তাৰ মই কেইটামান পৰামৰ্শ আগবঢ়াইছো । সাধাৰণতে যিটো আমি আমাৰ আলোচনাবোৰত কৰো ।
বুৰঞ্জীত আমি দেশৰ গুৰুত্বপূৰ্ণ সময়, মহান পুৰুষ-নাৰীৰ বিষয়ে পঢ়িছিলো । মনত আছেনে ! প্ৰথমবাৰ জেন ডি আৰ্কৰ বিষয়ে পঢ়ি তুমি কিমান মুগ্ধ হৈছিলা আৰু তেওঁৰ দৰে কাম কৰিবলৈ লক্ষ্য বান্ধিছিলা । সাধাৰণ নৰ মনিচৰ জীৱন বীৰত্বপূৰ্ণ নহয় । তেওঁলোকে আহাৰ-পানী, সন্তান তথা সংসাৰিক চিন্তাৰ পৰা আহৰি নাপায় । কিন্তু কেতিয়াবা এনে সময় আহি পৰে যে তেওঁলোক একগোট হৈ কাম কৰিবলৈ বাধ্য হয় । তেতিয়া ইতিহাসে এই সাধাৰণ সৰল মানুহবোৰক মহান কৰি তোলে । জন্ম হয় একো একোজন মহান নেতাৰ আৰু তেওঁলোকে সাধাৰণ জনগণক উদ্ধুত্ব কৰি তোলে । ভাৰতৰ প্ৰতিজন জননেতা শোষিত নিষ্প্ৰেষিতৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে । তাৰবাবে তেওঁলোকে গভীৰ দায়িত্ব আৰু ত্যাগ স্বীকাৰ কৰিছে । ভোকাতুৰ, দুখীয়া আৰু নিপীড়িতসকলক সুখী তথা মুক্ত কৰাৰ বাবে বিভিন্ন পন্থা গ্ৰহণ কৰিছে ।
বাপুজী এতিয়া কাৰাগাৰত, কিন্তু তেওঁৰ বাণীয়ে কোটি কোটি ভাৰতীয়ৰ হৃদয় জয় কৰিছে । পুৰুষ মহিলা আনকি সৰু সৰু ল’ৰা ছোৱালীবোৰো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ যুজখনলৈ ওলাই আহিছে । আজি ভাৰতবৰ্ষত আমি ইতিহাস ৰচনা কৰিছো । তুমি আৰু মই সৌভাগ্যবান যে এই সকলোবোৰ ঘটনা আমাৰ চকুৰ আগত দেখিবলৈ পাইছো আৰু এই মহান নাটকখনৰ অংশীদাৰ হৈছো ।
ইয়াত আমি কি ভূমিকাত অভিনয় কৰা উচিত ?
আমি যদি ভাৰতৰ প্ৰকৃত সৈনিক হ’ব বিচাৰো তেনেহ’লে ভাৰতৰ সন্মানৰ বাবে শ্ৰদ্ধা থকা উচিত, সন্মান পবিত্ৰ বিশ্বাসৰ । কি শুদ্ধ, কি ভুল বিচাৰ কৰা সহজ নহয় । তুমি যদি কেতিয়াবা দোমোজাত থাকা এটা সৰু পৰীক্ষা কৰি চাব পাৰা । কেতিয়াও গুপুত বা লুকুৱাবলগীয়া কাম নকৰিবা । কিবা লুকুৱাইছা মানে তুমি ভয় কৰিছা । ভয় এটা বেয়া বস্তু আৰু ই তোমাৰ অযোগ্য ।সাহসী হোৱা, বাকী সকলোৱে তোমাক অনুসৰন কৰিব ।তুমিতো জানাই বাপুজীৰ নেতৃত্বত গঢ়ি উঠা স্বাধীনতা আন্দোলনত নিৰ্জনতা আৰু গোপনীয়তাৰ বাবে ঠাই নাই । লুকোৱাবলৈ আমাৰ একো নাই । আমি কি কৰিছো বা কি কৈছো তাক লৈ ভয় নকৰো । আমি সূৰ্যৰ পোহৰত কাম কৰো । সেয়েহে আনকি আমাৰ ব্যক্তিগত জীৱনতো আমি সূৰ্যৰ লগত বন্ধুত্ব কৰো আৰু তাৰ পোহৰত কাম কৰো । একো কাম গুপুতে নাথাকে । আৰু তুমি যদি এনেভাৱে কাম কৰা তেন্তে মাজনী তুমি পোহৰৰ সন্তান ৰূপে, নিৰ্ভীক,নিৰ্মেঘ আৰু নিৰ্বিকাৰ ভাৱে ডাঙৰ হ’বা ।
চিঠিখন বহু দীঘলেই হ’ল । তথাপিও বহুকথা ক’বলৈ ৰৈ গ’ল । এখন চিঠিয়ে কিমান বহন কৰিব পাৰিব ? শুভ বিদায় কণমানি । ভাৰত মাতৃৰ সেৱাত সাহসী চিপাহীৰূপে ডাঙৰ হৈ উঠা ।
মৰম আৰু শুভেচ্ছাৰে
তোমাৰ মৰমৰ দেউতা
জৱাহৰলাল নেহৰু

No comments:

Post a Comment