শক্তিবৰ্ধক পানীয় (Energy Drinks)ৰ প্ৰচলন অতীজৰ পৰাই আমাৰ সমাজত আছে । ছশবছৰীয়া শাসনকালত আহোমসকলেও শক্তিবৰ্ধক বনৌষধিৰ পৰা তৈয়াৰী পানীয় সেৱন কৰিছিল । সচৰাচৰ ব্যৱহৃত ভাষাত সাজপানী বা লাওপানী ৰূপে নামাংকিত এই পানীয় বিধ অতি উচ্চ মান বিশিষ্ট । সাজপানীৰ অবিহনে আহোমসকলৰ সকাম-নিকাম, উৎসৱ-পাৰ্ৱন, আলহী-অতিথিৰ আপ্যায়ন আধৰুৱা হৈ ৰয় । সেয়ে হয়তো বহুতো আহোম গাঁৱত সাজপানীক “জলপান” বুলিও কোৱা হয় । সাজপানী যিহেতু ঔষধি বনশাকেৰে তৈয়াৰ কৰা হয় গতিকে ইয়াৰ দ্বাৰা স্বাস্থ্যহানি হোৱাৰ সম্ভাৱনা খুবেই কম । ৰাগিয়াল হ’লেও পৰিমিত সেৱনেৰে বৰঞ্চ ই স্বাস্থ্যসন্মতহে ।
সাজপানী বা লাওপানীৰ প্ৰস্তুতি অসমৰ আন আন জনগোষ্ঠীৰ মাজতো দেখা যায় যদিও বনশাক তথা প্ৰস্তুত প্ৰণালীত কিছু তাৰতম্য পৰিলক্ষিত হয় । আহোম সম্প্ৰদায়ৰ লোকসকলে ব্যৱহাৰ কৰা প্ৰধান বনশাক সমূহ আছিল – জালুক (Piper Nigrum), কপৌ ঢেকীয়া (Lygodium Floxugsum), পাতিসোন্দা গছৰ পাত (Cinnamomum Sp.), বন জালুক (Oldenlandia Corymbosa), টংলতিৰ পাত, জেতুলিপকাৰ পাত (Rubus Rugosus), সৰু মানিমুনি (Hydrocotyle Sibthorpioides), বৰ মানিমুনি (Canella Asiatiea), কঠালৰ পাত (Artocarpus Heterophylus), গপচৈ (Naravallia Zeylanica), খুনখুনি ঢেকীয়া (Selaginella Sp.), দোৱামালি (Jarminum Sp.), ভীমৰাজ, পিপলী (Piper Longum),তেজমুৰী (Zanthoxylum Nitidum), চেনীবন (Scoparia Dulcir), বিয়নী সাপোতা (Achyranthes Aspera), লতা মাহুদি (Croton Caudatus), গছ মাহুদি (Croton Joutra), মধুৰী পাত (Psidium Guajava), হেতালতী পাত (Thumbergia Gradiflora), মালকাঠী (Spilanthes Clava), পানী মধুৰী (Psychotirs sp.), বিহলঙীৰ পাত ইত্যাদি । অৱশ্যে ঠাইবিশেষে বনশাকৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি তাৰতম্য দেখা পোৱা যায় । এই শাকসমূহ খুন্দি গুৰি কৰি সিজোৱা বৰা বা লাহী চাউলৰ সৈতে মিহলাই পিঠা (হু-লাও) তৈয়াৰ কৰা হয় । সাজপানীৰ পিঠাত থকা বনৌষধে ‘ইষ্ট’ নামৰ ভেকুৰবিধ ধৰি ৰাখি সিজোৱা বৰা বা লাহী চাউলৰ লগত কিম্বন বিক্ৰিয়া ঘটায় । পাছত সাজপানী খিনি চেকি পৃথক কৰা হয় । সাজপানী প্ৰস্তুতিৰ মূল ৰাসায়নিক বিক্ৰিয়াটো হ’ল,
C6H12O6 (কিম্বন) ----> C2H5OH + CO2 + শক্তি
বৰ্তমান সময়তো বহুতো আহোম গাঁওত সাজপানীৰ প্ৰচলন দেখা যায় যদিও বিভিন্ন কাৰণত ইয়াৰ উৎপাদন বহুখিনি হ্ৰাস পাইছে । সময়ৰ সোঁতত বনশাকবোৰ হেৰাই যোৱাৰ উপৰিও ঔষধি শাকবোৰ গুনাগুণ জনা মানুহৰ অভাৱেই হয়তো ইয়াৰ এটা মুখ্য কাৰক । বৰ্তমান সময়ত বিদেশী শক্তিবৰ্ধক পানীয়ই আমাৰ বজাৰ দখল কৰিছে । সেই পৰিস্থিতিত সাজপানীৰ নিশ্চয়কৈ বাণ্যিজিক প্ৰসাৰৰ থল আছে । অৱশ্যে ইয়াৰ ৰাগীয়াল অপকাৰী দিশটো নুই কৰি নোৱাৰি । কিন্তু ভাল আৰু বেয়া হৈছে এটা মুদ্ৰাৰ দুটা পিঠি । বিধিসন্মতভাৱে সেৱন কৰা সাজপানী স্বাস্থ্যোপযোপী ।
(সমল প্ৰৱন্ধ: আহোমসকলৰ বনৌষধি জ্ঞান: এক ঐতিহাসিক পৰম্পৰা, অন্নজ্যোতি গগৈ, খ্বাম্ ৰাপ্)
দেৱাশ্ৰী বৰগোহাঁই
লখিমী আলি, নাজিৰা
শিৱসাগৰ