মৰমৰ
অনুসূয়া
তোমাৰ চিঠি পালো ।তোমালোকৰ কুশল বাতৰি কঢ়িয়াই অনা চিঠি খন পাই খুবেই আনন্দিত হ’লো । ঋতু পৰিবৰ্তনৰ বাবে হোৱা সৰু-সুৰা অসূখৰ বাদে আমাৰো ভালেই । পিছে অনু, আমাৰ প্ৰিয় গ্ৰন্থ উৎসৱৰ ঋতুক লগত লৈ অহাৰ বাবেই হয়তো অসূখকো চোন বেয়া লগা নাই ।প্ৰিয় উৎসৱত যোগদান কৰাৰ বাবেই ঢাপলি মেলিছিলো যোৱা ৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিস্থানৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজিত গুৱাহাটী সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা ২০১৩ লৈ । কিতাপৰ নতুন নতুন লগা গোন্ধৰ মাজত কিছুসময়ৰ বাবে পাহৰি পেলাইছিলো দৈনন্দিন ব্যস্ততা, জীৱনৰ নিমিলা অংকবোৰ । জীৱনৰ দূখৰ দিনবোৰৰ লগৰী,সূখৰ সোপান এই গ্ৰন্থবোৰ । সেয়ে হয়তো কিনি পেলাইছিলো প্ৰিয় লেখকৰ কেইবাখনো কিতাপ । তাৰ ভিতৰত এখন আছিল I Too Had a Love Story আৰু Can Love Happen Twice ৰ দৰে জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টা ৰবিন্দ্ৰ সিঙৰ Like It Happened Yesterday নামৰ কিতাপখন । লেখকৰ সৰুকালৰ সৰু সৰু ঘটনাৰ সমষ্টি এই কিতাপখনে চোন মোকো বাধ্য কৰালে ল’ৰালিৰ মধুময় দিনবোৰত আকৌ এবাৰ খোজ কাঢ়িবলৈ । সঁচাকৈয়ে স্কুললৈ যোৱা প্ৰথম দিনটো চোন আজিও মনত আছে জলজল পটপটকৈ । প্ৰথমবাৰৰ বাবে চিনাকী মানুহবোৰৰ পৰা আঁতৰাই এজাক অচিনাকী মানুহৰ মাজত এৰি থৈ অহা বাবে লেখকৰ দৰে ময়ো যে দেউতাক কিমান বেয়া পাইছিলো । লাহে লাহে অচিনাকীবোৰ আপোন হৈ পৰিছিল আৰু যেতিয়া প্ৰাইমেৰী শিক্ষা সামৰি আন এখন স্কুললৈ যাবলৈ ওলাইছিলো মৰমৰ স্কুলখনক হেৰুৱাৰ বেদনাই বুকু হাহাকাৰ কৰি তুলিছিল । এৰা সেইয়া আছিল স্কুটাৰ, ভেছ্পা, এম্বেছাদৰ আৰু মাৰুতিৰ দিন । আজিৰ নামী-দামী অগণন গাড়ীৰ ভিৰৰ মাজত হেৰাই যোৱা মাৰুতি-৮০০ আছিল অভিজাত্যৰ চিন । সময় আছিল এটা ক’লা বগা টিভিত গোটেই গাঁৱৰ মানুহে একেলগে ৰামায়ণ, মহাভাৰত চোৱাৰ ; দেওবৰীয়া মিলনৰ সময়ত পিটিকলিকেইটাই ‘…..সম্ভাৱামী য়ুগেইই য়ুগেইই….’ বুলি সমস্বৰে চিঞৰাৰ ; যুদ্ধ চাবলৈ অধীৰ আগ্ৰ্হেৰে বাট চাই থাকি বিৰক্তিকৰ বক্তাৰ লগে লগে ‘মে সময় হু….’ সিয়াঁৰি জৈষ্ঠজনৰ ধমকি খোৱাৰ । বেজী বুলিলে, ডাক্টৰ বুলিলে ভয়ত বিচনা তলত লুকুৱাৰ সেইদিনবোৰ যে ক’ত হেৰাই গ’ল । দাঁত সৰুৱাবলৈ গৈ চিঞৰত তালফাল লগাই পাছত ৰৈ থকা কেইজনকো কন্দুৱাৰ দিনবোৰ মনত পৰিলে চোন অজানিতে ওঠত এক হাঁহিৰ ৰেশ খেলি যায় । কাঠপেঞ্চিলেৰে লিখি আমনি লগা, এটা ফাউনটেন পেন পোৱাৰ বাবে ডাঙৰ হ’বলৈ অধীৰ ভাৱে বাট চোৱা দিনবোৰ যে কিমান মধুৰ আছিল । ফুটকলাৰ গুটিৰে জিভা নীলা কৰি আৰ বাৰীত সোমাই তাৰ বাৰীত সোমাই বগৰী, জলফাই, আমলখি, শিলিখা ফৰ্মূঠিয়াই ফুৰা দিনবোৰ জানো ক’তে নো লুকাল । ৰজা-ৰাণী, এদিম-ছেদিম বাই, ঘিলা, কুটকুট খেলা, বালিঘৰ সাজি সামন্য কথাতে কটাকটি লাগি কন্দা আকৌ পাছ মূহুৰ্ততে মিলিজুলি বকুলৰ মালা গুথা দিনবোৰ চোন পলকতে নোহোৱা হ’ল নহয় নে? আঘোণ মহীয়া পথাৰত নৰাৰে পেপাঁ সাজি ঢপলিয়াই ফুৰা । নৰাৰ পাতেৰে কাটি চকলা চকল কৰা হাত-ভৰিত মিঠাতেল সনা সময় খিনি মাৰ গালি শুনিলেও চোন সুন্দৰ আছিল । দুপৰীয়া পথাৰত মা, খুৰী, পেহী হঁতৰ লগত বহি ৰবাৰ টেঙা খোৱা, ভাত খোৱাৰ সোৱাদ দেখুন এতিয়াও জিভাত লাগি আছে । নতুন বছৰৰ আৰম্ভনিত লগৰীয়াক দিবলৈ গ্ৰীটিংছ কাৰ্ড বনোৱা দিনবোৰলৈ আজিও মনত পৰে । নতুন বছৰৰ আৰম্ভণি মানেই নতুন শ্ৰেণীৰ আৰম্ভনি । দিস্তা কাগজ কিনি ভাঁজ কৰি বহী বনাই মুগা ৰঙৰ চামৰাৰ জিল লগোৱাৰ দিনবোৰ আঙুলিৰ ফাঁকেৰে বাৰু কেনি হেৰাই গ’ল ! মাহেকীয়া শিশু আলোচনী কেইখন পঢ়িবলৈ ভাই-ভনী কেইটাৰ মাজত লগা হেতা ওপৰাবোৰ চোন আজি ফেচবুক,টুইটাৰ,IGI,NFS,Mario ৰ মাজত লুকাই গ’ল ।
সঁচাই অনু, লেখকে কোৱাৰ দৰেই সৰুতে আমি অতি সোনকালেই ডাঙৰ হ’বলৈ বিছাৰিছিলো । মা-দেউতাৰ দৰে ডাঙৰ হ’ম আমাক কোনেও আৰু খঙ কৰিব নোৱাৰিব, এইটো কিয় কৰিছ’,সেইটো কিয় চুইছ’ বুলি দবিয়াব নোৱাৰিব । এতিয়া ডাঙৰ হৈ হে বুজিছো আমি আচলতে কি হেৰুৱাই আহিলো । সৰুৰ পৰা ডাঙৰ হ’ব পাৰি পিছে ডাঙৰৰ পৰা যিমানেই মন নাযাওক কিয় সৰু হ’ব যে নোৱাৰি । সেয়ে Like It Happened Yesterday ৰ মাজেৰে মোক পুনৰবাৰ শৈশৱলৈ লৈ যোৱাৰ বাবে লেখক ৰবিন্দ্ৰ সিঙক অশেষ ধন্যবাদ জনাইছো ।
আজিলৈ আৰু নিলিখো । কিতাপখনৰ যোগেৰে তুমিও যেন তোমাৰ স্বৰ্ণময় ল’ৰালিক আকৌ এবাৰ চুই চাব পাৰা তাৰে আশা কৰিলো । মা-দেউতাক সেৱা জনাবা । তোমালৈ অলেখ মৰমেৰে আজিলৈ কলম সামৰিছো ।
ইতি
দেৱাশ্ৰী
গুৱাহাটী বিশ্ববিদ্যালয়
২১/১১/২০১৩

No comments:
Post a Comment