(১)
সময় তেতিয়া ৫ বাজি
১৫ মিনিট গৈছে । নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ খন তেতিয়াও আহি পোৱা নাই । ষ্টেচনৰ বাৰান্দাত
এগৰাকী ২৬-২৭ বছৰীয়া এগৰাকী যুৱতীয়ে ট্ৰেইনখন আহি পোৱালৈ উৎকন্ঠাৰে বাট চাইছে । আহিনীয়া
সেমেকা পুৱা যদিও তাই বাৰে বাৰে ৰুমালেৰে মুখখন মচিছে । যেন মুখৰ দু:চিন্তাবোৰহে দুৰ
কৰিব বিচাৰিচে । সময় যিমানেই আগবাঢ়িছে তাই উদ্দেগও সিমানেই বাঢ়ি গৈ আছে । লাহে লাহে
ট্ৰেইনখন আহি ষ্টেচনত ৰ’লহি । তাই দু:চিন্তাবোৰ হাঁহিটোত সামৰি বিশেষ ডবাটোৰ ফালে আগুৱাই
গ’ল । এহাল মানুহৰ কান্ধত ভেজা দি কপি কপি ৭০ বছৰীয়া এগৰাকী প্ৰৌঢ়া ডবাটোৰ পৰা নামি
আহিল । দীঘলীয়া ৰেল যাত্ৰাৰ অৱসাদ তথা কোনো ৰোগে কোঙা কৰি পেলাইছে প্ৰৌঢ়াগৰাকীক । মৰমৰ
নাতিনীয়েকক সন্মুখত দেখি তেওঁ খুবেই আনন্দিত হ’ল যদিও খুবেই চিন্তিত দেখা গ’ল । “খুব
কষ্ট হৈছে নেকি অফিছত ইমানকৈ খীনাইছা যে” । ডাক্টৰে কেন্সাৰৰ চতুৰ্থ পৰ্যায় বুলি ঘোষনা
কৰা আইতাকৰ কথা শুনি তাই আৰু মিছা হাঁহিটো দুচকুত আঁকি থ’ব নোৱাৰিলে । তাই আইতাকক জোৰেৰে
সাৱটি ধৰিলে ।
(২)
বি বৰুৱা কেন্সাৰ
ইনষ্টিটিউট । এম্বুলেন্সখনৰ পৰা মানুহগৰাকী নামিল । অসহ্য পেটৰ বিষটো সামৰি লাহে লাহে
খোজ কাঢ়িছে তেওঁ ।গুৱাহাটীৰ ডাঙৰ ডাক্টৰক দেখুৱালেই ভাল হৈ যাব বিষটো । ডাক্টৰ তেতিয়াও
আহি পোৱা নাই । ৯ বজাত নাম লিখাব লাগিব । তাৰপাচত ১০ মান বজাতহে ডাক্টৰ আহি পাব । ডাক্টৰ
আহি পাবলৈ তেতিয়াও ৪ ঘন্টা বাকী । তেওঁ আৰু ৰৈ থাকিব নোৱাৰিলে তিনিজনীয়া চকী খনতে বাগৰি
দিলে । বিষটো যেন উজাই আহি মূৰ পাইছেহি । কিছুসময়ৰ পাছত নাতিনীয়েকে জগালে কিবা এটা
খুৱাই লওঁ বুলি । তেওঁৰ প্ৰ্শ্ন “মই খাম বাৰু । তোমালোকে কিবা খাইছা নে ?”
(৩)
বিভিন্ন পৰীক্ষা
নিৰীক্ষাৰ অন্তত ডাক্টৰে ৰায় দিলে কেন্সাৰ তৃতীয় পৰ্যায় । লগে লগে আৰম্ভ হ’ল কেম’থেৰাপী
। মানুহগৰাকীৰ অসুখৰ খবৰ পাই নাতিনীয়েকৰ লগৰ বন্ধুবৰ্গ হস্পিটেল গৈ ওলাল । নাতিনীৰ
বন্ধু মানেইটো তেওঁৰ নাতি । মৰমে উথপথপ লগালে তেওঁ হিয়া । লগে লগে পুতেকলৈ গ’ল নিৰ্দেশবাণী
“তই এতিয়া ৰুটী দুখন মান আনগৈ যা । ইমান দুখে ভাগৰে আহিছে একো নুখুৱাকৈ যাব নে ?” তেওঁৰ
শৰীৰত তেতিয়া বৈ আছিল কেম’থেৰাপীৰ ঔষধৰ লানি নিছিগা সোঁত ।
(৪)
ৰৈ ৰৈ মোবাইলটো
বাজি উঠিল । কুঁহিৰ ফোন । ৰুমমেটৰ মোমায়েকৰ ছোৱালী ৭ বছৰীয়া মৰমলগা কুঁহি । ফোনটো উঠোৱাৰ
লগে লগে তাইৰ অভিযোগ । “দেৱাশ্ৰী বা ! তুমি মানে পুজাত আমাৰ ঘৰলৈ নাহা” । মই বোলো যাম
নহয় । “জানমনি বা চোন কাইলৈকে আহিব । তুমিও মানে কাইলৈ আহিবা আমাৰ ঘৰলৈ” । এইবাৰ তাই
উৎফুল্লিত হৈ উঠিল । “কাইলৈ মই নাযাওঁ কুঁহি । মই পাছত যাম” । এইবাৰ তাই চিন্তিত হৈ
পৰিল । “পাছত আহিবা । অকলে কেনেকৈ আহিবা । জানমনি বা গুছি আহিলে তুমি অকলে অকলে ইমান
ডাঙৰ ঘৰটোত কেনেকৈ থাকিবা” ।
এৰা নাৰী সদায় নাৰীয়েই
। সৰু-ডাঙৰ বুলি বিভাজিত হৈ কৰিব নোৱাৰি তেওঁলোকৰ মৰম ভালপোৱা আদৰ । চেনেহৰ ডেউকা মেলি
আৱৰি ৰাখে সকলোকে । য’ত নাথাকে আপোন-পৰৰ দুৰত্ব । নাথাকে কোনো স্বাৰ্থ, কোনো চৰ্ত ।
হৃদয়ৰ নিভৃত কোণত সদায়ে বৈ থাকে মাথো ভালপোৱা ।