এসময়ত......
: বগা বগা কাপোৰবোৰ ইমানকৈ নিপিন্ধিবি চোন । গাভৰু ছোৱালীয়ে এনেকুৱা মদৰুৱা সাজ কৰে নেকি ?
: তই কিন্তু এইবাৰো বগা ৰঙৰ চেলোৱাৰবোৰ নিকিনিবি । নহ’লে মই তোৰ লগত ক’লৈকো নাযাওঁ । নহ’লে বিয়াখনো কিবা মৰা সবাহ যেন লাগে ।
: মৌ! মোৰ শপত তুমি অলপ colorful
dress পিন্ধিবাচোন । ভাল নালাগে মোৰ তোমাক এইবোৰ সাজত চাবলৈ।
এদিন......
:
হৃদয় গ’লগৈ মৌ | তোৰ সেওঁতা উকা কৰি গুচি গ’ল |
: ছোৱালীজনীলৈ বেয়াই লাগে | ইমান কম বয়সতে বিধৱাৰ সাজ পিন্ধিবলগীয়া হ’ল |
: কণাবিধাতা এইয়া কি লিখিলা তাইৰ কপালত | মাহ-হালধিৰ গোন্ধ যোৱাই নাই গাৰ পৰা কিয় কাঢ়ি নিলা তাক |
আজি……
: আজিকালিৰ ল’ৰা-ছোৱালীবোৰ ওভতগোৰে নচা হ’ল | সমাজক নেওচা দিয়া হ’ল |
: গিৰিয়েকটো মৰাৰ ছমাহো হোৱা নাই আমাৰ আইদেউৰ ধুন-পেচ বোৰ চোৱা |
: বোৱাৰী! এই ৰঙীন সাজবোৰ নিপিন্ধিবা | বিধৱা মানুহে এইবোৰ পিন্ধিলে নুশুৱায় | সমাজত আমাৰ নাক-কাণ নাকাটিবা |
No comments:
Post a Comment