Friday, 26 April 2013

হিয়াৰ ভাষাৰে…….


 
মৰমৰ

হৃদয়

আশা কৰো তুমি তে আছা কুশলে আছা বহুদিনেই তোমাৰ খবৰ বাতৰি নোপোৱাৰ নতুন ঠাই, নতুন সংগীৰ মাজত তুমি চাগে মোক পাহৰিয়ে পেলাইছা কিন্তু মই.... তুমিবিহীন মইজনী হেৰাই যাব খুজিও জীয়াই আছো তোমাৰ শেষ স্মৃতিকণৰ বাবে

হৃদয়! তুমি যোৱাৰ পাছৰ পৰাই মোৰ কণমানি পৃথিৱীখন তেনেই সলনি হৈ পৰিল মই নজনাকৈয়ে নাজানো কোনখিনিত ভুল হৈ মোৰ যি আশাৰে সকলো সম্বন্ধ চিঙি কিছুমান নতুন সম্বন্ধৰে নিজক বান্ধি পেলাইছিলো সেই সকলো আজি চোন মোৰ বাবে অচিনা অজনা কি ভুল কৰিলো মই সেই প্রশ্ন কৰি কৰি ভাগৰি পৰিছো প্রশ্নবোৰ বাৰে বাৰে প্রশ্ন হৈ ঘূৰি আহে মোৰ কাষলৈ

হৃদয়! তুমি মোক পাতল ৰঙৰ সাজত চাবলৈ বেয়া পাইছিলা নহয় সদায় যে মোক কৈছিলামৌ! মোৰ  শপত  তুমি  অলপ  colorful  dress  পিন্ধিবাচোন ভাল  নালাগে  মোৰ  তোমাক  এইবোৰ  সাজত  চাবলৈ তোমাৰ বাবেইতো সলনি কৰিছিলো নিজকে তোমাৰ বাবেই সলাই পেলাইছিলো মোৰ প্রিয় ৰঙ বগাৰ পৰা তেজ ৰঙালৈ ভাল লাগিছিল মোৰ তুমি ভালপোৱা কামবোৰ কৰি কথা দিছিলো কোনোদিন বগা ৰঙৰ সাজ নিপিন্ধো বুলি মানুহে কয় নথকা মানুহক দিয়া কথাৰ কোনো মূল্য নাই কিন্তু তুমি চোন সদায়ে আছা মোৰ লগত মোৰ সাহস, মোৰ প্রেৰণা হৈ তেনেহলে মানুহবোৰে কিয় তেনেদৰে ?

হৃদয়! তোমাৰ বাৰু মনত আছে নে তোমাৰ ভন্টী যি মোৰ আটাইতকৈ ভাল বান্ধৱী জুমিৱে যে মই কাপোৰ কিনিবলৈ ওলালেই কৈছিলতই  কিন্তু  এইবাৰো  বগা  ৰঙৰ  চেলোৱাৰবোৰ  নিকিনিবি নহলে  মই  তোৰ  লগত  লৈকো  নাযাওঁ নহলে  বিয়াখনো  কিবা  মৰা  সবাহ  যেন  লাগে আৰু এদিন যে মাৰ আগত আপত্তি কৰিছিলা এই লৈ  মায়েও গাভৰু ছোৱালীয়ে ৰঙীন পোছাক পিন্ধিব লাগে বুলি সমৰ্থন জনাইছিল কিন্তু হৃদয় জানানে মায়েও এতিয়া মই ৰঙীন কাপোৰ পিন্ধিলে বেয়া পায় বিধৱা মানুহে হেনো ৰঙীন কাপোৰ পিন্ধিব নাপায় মায়ে চোন এইষাৰ কথা কোৱা এবচৰে হোৱা নাই এতিয়া তুমি নাই বাবেই কি মই গাভৰু নহয়? তুমি নাই বাবেই কি মোৰ বয়স তিনিগুণ বাঢ়ি ? আচলতে কি জানা হৃদয় মাৰ গাতো দোষ নাই আহোতে যাওতে খোজ মৰা কথা শুনিলে কাৰনো ভাল লাগিব কোৱাচোন আমি সমাজপ্রিয় মানুহবোৰে অকলে থাকিব লগীয়া বুলিয়ে চাগে কিছুমান কথা মনে নিবিচাৰিলেও মানি বলৈ বাধ্য হওঁ সমাজক বাদ দি নো আমি কেনেকৈ থাকিম? সমাজৰ এই প্রথাবোৰ আঁতৰ কৰিবলৈ আমাৰ মাজলৈ ঈশ্বৰচন্দ্র বিদ্যাসাগৰ, ৰাজা ৰামমোহন ৰায় দৰে মানুহৰ কেতিয়া আবিৰ্ভাৱ বাৰু ?

হৃদয়! তোমাৰ ঠাইত যদি মই আঁতৰি লোহেঁতেন তুমি কি কৰিলা হয় পিন্ধিলাহেঁতেন নে বগাসাজ ? অথবা সমাজে বাধ্য কৰালেহেঁতেন তোমাক? তেনেহলে কেৱল মোৰ ওপৰতে এই অভিশাপ কিয়? তুমি নাই বাবেই সলনি হৈ গৈছে মোৰ সকলো সংজ্ঞা এতিয়া মই অংশ নোৱাৰো কোনো মাংগলিক কাৰ্য্যত আমাৰ জীউৰ জীৱনৰ আটাইতকৈ মধুৰ ক্ষণতো মই লগত থাকিব নোৱাৰিম তুমি নাই যে সেইবাবে সকলো মাংগলিক কাম কাজত মই এতিয়া অমংগলীয়া নাজানো এই সকলোবোৰ শেষ ?

হৃদয়! মই তোমাক অশান্তি কৰিছো নহয় ? তুমি চোন জানাই মনত খুন্দিয়াই থকা কথাবোৰ তোমাক বলৈ পালেহে মই শান্তি পাওঁ মনৰ ক্ষোভবোৰ কাৰোবাৰ আগত উজাৰি নিদিলে যে জীয়াই থাকিবলৈ বৰ কষ্ট হয় আৰু আমনি নকৰো দিয়া তুমি তে আছা কুশলে থাকা তোমাক দিয়া কথা ৰাখিব নোৱাৰিলো পাৰিলে ক্ষমা কৰি দিবা মোক

ইতি

তোমাৰ মৌ

বিঃদ্রঃ জুমিহঁতে এইবাৰ ফাকুৱা খুব ধুমধামেৰে খেলিলে নিলয় আহিছিল মোক ফাকু সানিবলৈ মই নিদিলো ভয় জানোছা মোৰ বগা সাজযোৰত ৰঙ লাগি মা-দেউতাৰ নাক কাণ কটা যায় সমাজত