Monday, 13 February 2023

অন্য ভেলেণ্টাইন

 মূল বাংলা: অভীক ৰয়

ভাৱানুবাদ: দেৱাশ্ৰী

৭ ফেব্ৰুৱাৰী 

আজি তেওঁক লগ কৰিবলৈ যোৱাৰ পথত

দহপাহ ৰঙা গোলাপ কিনিলো,

টালিগঞ্জৰ মেট্ৰ’ৰ সন্মুখৰ পৰা।


দাম শুনি ৰেটিনাত সৰিয়হৰ ফুলি উঠিছিল।

অন্যদিনা মাত্ৰ পাঁচটকা দামৰ গোলাপবোৰ

সিদিনা ত্ৰিছ টকা !!


ইয়াকে লৈ দহবছৰ হ’ল আমাৰ সম্পৰ্কৰ

মহাৰাণীৰ আব্দাৰ,

বছৰৰ লগে লগে গোলাপৰ সংখ্যাও বাঢ়ি যাব লাগিব।


তাৰ মানে পিছৰ বছৰ এঘাৰটা।

আৰু আজিৰ পৰা চল্লিছ বছৰৰ পিছত পঞ্চাছটা। 


এইয়া আবদাৰ?! নে গভাৰ্নমেণ্টৰ নটিছ

মাজে মাজে খেলি মেলি লাগি যায়।


৮ ফেব্ৰুৱাৰী

আজিলৈকে প্ৰায় তিনি হাজাৰ সাতশ ঊনত্ৰিছ বাৰ

প্ৰপ’জ কৰা হ’ল তেওঁক।

এই প্ৰপ’জ ডে-ফে অজুহাত মাথো।

প্ৰথম প্ৰথম তেওঁ ভালকৈয়ে উত্তৰ দিছিল।

তাৰপাছত এটা নতুন কায়দা শিকিলে।


প্ৰায় ডিঙিত ধৰি প্ৰ’পজ কৰাৰ পাছত

মনে মনে আকাশৰ পিনে থৰ লাগি চাই থাকিব।

যেতিয়া সুধিম, কি হ’ল একো উত্তৰ নিদিলা যে?

অলপপৰ মনে মনে থকাৰ পাছত মিছিকি হাঁহি

ক’ব,

ভাবি চাম।

আজিতো একোৱে নক’লে!!


কিছুসময় মনে মনে থকাৰ পাছত 

এটা মৃদু হাঁহি শুনা পালো।

বুজিলো, সেইটোৱে তেওঁৰ উত্তৰ।


৯ ফেব্ৰুৱাৰী

চকলেটৰ প্ৰতি লোভৰ এটা লিমিট থাকে

এবাৰ অ’টোৰে গৈ থাকোতে

সৰুল’ৰা এটাৰ কেডবেৰি

ভাঙি খাইছিল তেওঁ।


বছ্। তাৰপাছত যি হ’ব লাগে সেয়াই হ’ল।


মানুহৰ ভোক লাগে। কবিতা লাগে

তেওঁক চকলেট লাগে।

শকত হৈ যোৱাৰ ভয়ত কিন্তু

কেতিয়াও নিজে কিনি নাখায়।


আজি তেওঁৰ বাবে এটা প্ৰকাণ্ড চকলেট

কিনি অনাৰ সময়ত দেখিলো

ৰাস্তাৰ সিটো পাৰৰ ফুটপাথত

ল’ৰা এজনে প্ৰেমিকাৰ বাবে তেনেকুৱা এটা চকলেটে কিনি নিছে।


দেখি ভাৱ হ’ল, তাৰমানে ময়ে একমাত্ৰ নহয়।


১০ ফেব্ৰুৱাৰী

আজি গাটো ভালে নথকাৰ বাবে 

তেওঁক লগ কৰিবলৈ যাবলৈ পৰা নাই।

এইবুলিয়ে তেওঁক জনোৱা হৈছে।


আচলতে গোলাপ আৰু চকলেটলৈকে ঠিকেই আছিল।

কিন্তু এই বয়সত এজন বুঢ়া মানুহে,

সৰু সৰু ল’ৰা ছোৱালীৰ মাজত থিয় হৈ 

গুলপীয়া আৰু হালধীয়া ৰঙী টেডিৰ মাজত

কোনটো বেছি কোমল… বিছাৰি ফুৰিছে।

এইয়া কি ভাল দেখাই কোৱাচোন?


সেইবাবে অনলাইনত টেডি কিনি 

তেওঁৰ ঠিকনাত কুৰিয়াৰ কৰি পঠিয়াই দিওঁ।


প্ৰথম বছৰ অলপমান খং উঠিছিল,

কিন্তু তাৰপাছৰ দুবছৰ মানে শেষৰ দুবছৰ

তেওঁল্মোৰ অসুবিধাটো বুজিব পাৰিছে।

সেয়ে একো কোৱা নাই।


১১ ফেব্ৰুৱাৰী

তুমি এদিনত পাঁচটাতকৈ বেছি চিগাৰেট নাখবা, প্ৰ’মিজ?

মোৰ বাদে আন কোনো ছোৱালীৰে ফটোত লভ ৰিয়েক্ট কৰিব নোৱাৰিবা, প্ৰ’মিজ?

আই লাইক ইওৰ ছল্ট এণ্ড পেপাৰ লুক।

চ’ ইউ আৰ নট গ’য়িং টু ডাই ইওৰ হেয়াৰ, প্ৰ’মিজ?


এইয়া আছিল যোৱা তিনি বছৰৰ তেওঁৰ প্ৰ’মিজবোৰৰ উদাহৰণ।

এই সামান্য প্ৰ’মিজবোৰ লৈয়ে যে

যোৱা তিনি বছৰ ধৰি তেওঁ মোৰ লগত 

মোক সহ্য কৰিছে, তেওঁক জানো ভাল নোপোৱাকৈ থাকিব পাৰি,

কোৱা চোন?

সেইবাবে আজি আগে ভাগেই কৈ দিলো, প্ৰ’মিজ

তুমি যি ক’বা, সকলো কৰিম।

শুনি তেওঁ ইমানেই আচৰিত হৈ উঠিল যে 

মুখৰ পৰা কোনো কথাই উলাই নাহিল।


১২ ফেব্ৰুৱাৰী

আজি চিক্যুৰিটি গাৰ্ডজনে আমাক দেখি

কিছু সময়ৰ বাবে থকমি ৰৈছিল।

মোৰ উচ্চতাক লৈ তেওঁৰ সীমাহীন অভিযোগ ।

মই যেতিয়া তেওঁৰ লগত খোজ কাঢ়ো

মোক বোলে তেওঁৰ বৰদেউতা যেন লাগে।


মোক সাৱটি ধৰিলে বোলে তেওঁৰ ভাৱ হয়

তেওঁ পাহাৰত উঠিবলৈ প্ৰেক্টিছ কৰিছে।

আজি তেওঁ সাৱটি ধৰিলো

এক বিশেষ কায়দাৰে ।

অৱশ্যে আন কোনো উপায়ো নাছিল।


ঠিক সেই সময়তে চিক্যুৰিটি গাৰ্ডজন আহি হাজিৰ।

উফ্, আহিবলৈ আৰু সময় নাপালে।


১৩ ফেব্ৰুৱাৰী

কথাটো সম্পূৰ্ণ ব্যক্তিগত ।

আজিলৈকে তেওঁক যিমানবাৰে চুমা যাছিচো,

ভাৱ হয় বুকুৰ ভিতৰত কোনোবাই মাদল বজাইছে।

আজিও তাৰ বিপৰীত নহ’ল।


মাত্ৰ এইবাৰো চিক্যুৰিটি গাৰ্ডজন আহি ওলাল

আৰু আমাক দেখি, অবাক হৈ চাই ৰ’ল।

বেলেগক এইভাৱে চুমা খোৱা চাগে তেওঁ আগেয়ে দেখা নাই।


কি কৰিম?

তেওঁ যে মাটিৰ তলত কফিনৰ ভিতৰত শুই আছে।

চুমা দিবলৈ গ’লে মোৰ ওঁঠ মাটি লগাবই লাগিব।


১৪ ফেব্ৰুৱাৰী

কালি সাৱটি ধৰাৰ পাছত মাটিৰ পৰা উঠি দেখো

গোটেই কাপোবোৰ লেতেৰা হৈ পৰিছে।

চিক্যুৰিটি গাৰ্ডজনে নিশ্চয় মোক পাগল বুলি ভাৱিছে।


বহুতৰ মুখত শুনিছো 

যাৰ কোনো নাই তেওঁৰ হেনু ভগৱান আছে।

মোৰ ভাৱ হয় যাৰ কোনো নাই,

তাৰ বাবে আছে অপেক্ষা।


আৰু এই অপেক্ষাই

সমস্ত জীৱনৰ বাবে আঁতৰি যোৱা দুজন মানুহক

এখন আকাশৰ তলত থিয় কৰাব পাৰে।


যোৱা আঠমাহ ধৰি তুমি মোৰ কাষত নাই

কিন্তু মোৰ পৰা বহু আঁতৰত,

মাটিৰ তলত তুমি যে মনে মনে শুই আছা

মই জানো তুমি অপেক্ষা কৰিছিলা এই সাতটা দিনৰ।


এই সাতটা দিন কাৰোবাৰ বাবে শ্ব’ অফ

কাৰোবাৰ ৰ্চকুত ওভাচালি

আন কাৰোবাৰ বাবে আকৌ ক’ল’নিয়াল হেং অভাৰ

ময়ো মাজে মাজে বিৰক্ত হৈছিলো এই সাতটা দিন আহিলে।


কিন্তু আজি, যেতিয়া তুমি মোৰ কাষত নাই

বুজিব পাৰিছো এই সাতটা দিনৰ মাহাত্ম্য।


এই যে প্ৰতি বছৰে নিৰ্দিষ্ট পাঁচটা দিনতেই দুৰ্গাপূজা ধুমধামেৰে উদযাপন কৰা হয়

এই যে প্ৰতি বছৰে নিৰ্দিষ্ট এটা দিনতেই ঈদ পালন কৰে মানুহে

এই যে প্ৰতি বছৰে নিৰ্দিষ্ট এটা দিনতেই সমগ্ৰ চহৰ জকমকাই উঠে খ্ৰীষ্টমাছ উদযাপনৰ বাবে

এইবোৰতো বচৰৰ যিকোনো দিনতে হ’ব পাৰে, কিয় নহয়?

কাৰণ তেনেকুৱা হ’লে অপেক্ষা নামৰ শব্দটো যে চিৰদিনলৈ মচ খাই যাব

উৎসৱৰ অভিধানৰ পৰা।


আমি যি ভালপোৱাক ধৰ্ম হিচাপে মানি লৈছো,

তেওঁলোকৰ বাবে এই সাতদিন এক ধৰ্মীয় উৎসৱ।

মই আগেয়ে কোনোদিন ডায়েৰী লিখা নাই।

যোৱা ৭ ফেব্ৰুৱাৰীত প্ৰথম ডায়েৰি লিখিবলৈ বহিছিলো।

তাৰপাছত যোৱা ছয় দিনত যি যি লিখিছো তাকে পঢ়ি হাঁহি উঠিলেও

তাক সম্বৰণ কৰাৰ চেষ্টা কৰিবা।

আজি তোমাৰ সন্মূখত বহি লিখিছো

কাৰণ তোমাৰ ইচ্ছা আছিল মোক প্ৰেমপত্ৰ লিখা অৱস্থাত চোৱাৰ।

ডায়েৰিৰ এই সাত পৃষ্ঠা 

ইয়াতে থৈ যাম।

লগত লৈ যাম এনে এখন ডায়েৰি

য’ত বিচাৰিলেও মচিব নোৱাৰিব এই সাতদিনৰ চিন ।


পুণৰ এইভাৱে অহা বচৰ এইদিনটোতে

এখন ডায়েৰি লৈ বহিম তোমাৰ সন্মূখত।

যোৱাৰ পৰত থৈ যাম আৰু সাতটা পৃষ্ঠা।

তেতিয়ালৈ মাথোঁ অপেক্ষা।


বাই দ্যা ওয়েৰ, চিকিওৰিটি গাৰ্ডজনৰ লগত

আজি আকৌ দেখা হ’ল।

কালি সেইভাৱে কফিনত চুমা খাই থকাৰ কাৰণটো জনাৰ পাছত,

পাঁচ মিনিট তেওঁ মোক সাৱটি ধৰি থাকিল।

বহুদিনৰ পাছত তোমাৰ দৰে আন কোনোবাই এনেদৰে সাৱটি ধৰিছিল।

হিংসা হোৱা নাইতো তোমাৰ?




Tuesday, 28 September 2021

এলবাৰ্ট আইনষ্টানৰ ৰাষ্ট্ৰপতি ৰুজভেল্টলৈ চিঠি

এলবাৰ্ট আইনষ্টান

অল্ড গ্ৰ’ভ ৰ’ড

পেচ’নিক, লং আইলেণ্ড

২ আগষ্ট, ১৯৩৯


এফ. ডি. ৰুজভেল্ট

ৰাষ্ট্ৰপতি, সংযুক্তৰাষ্ট্ৰ

হোৱাইট হাউছ

ৱাছিংটন ডি. ছি.


মহোদয়,

সাম্প্ৰতিক কিছু কামৰ পাণ্ডুলিপিৰে ই. ফাৰ্মি আৰু এল. ছিজাৰ্ডে মোৰ স’তে যোগাযোগ কৰিছিল, যিয়ে নিকট ভৱিষ্যতত ইউৰিনিয়ামক এক নতুন আৰু গুৰুত্বপূৰ্ণ শক্তিৰ উৎসৰূপে পৰিণত কৰাৰ সম্ভাৱনা প্ৰকট কৰিছে । বৰ্তমান যি পৰিস্থিতিৰ উদ্ভৱ হৈছে তাৰবাবে কিছু সতৰ্কতা অৱলম্বন কৰাৰ লগতে প্ৰয়োজন অনুযায়ী প্ৰশাসনে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰা উচিত । সেয়ে মই ভাৱো যে নিম্নলিখত তথ্য আৰু অনুমোদনসমূহ আপোনাৰ দৃষ্টিগোচৰ কৰাতো মোৰ কৰ্তব্য ।

যোৱা চাৰি মাহত ফ্ৰান্সৰ জুলিয়ট আৰু আমেৰিকাৰ ছিজাৰ্ডৰ গৱেষণাৰ পৰা এইটো নিশ্চিত হৈ উঠিছে যে, ইউৰেনিয়ামৰ বৃহৎ ভৰৰ পাৰমানৱিক শৃংখল বিক্ৰিয়া ঘটোৱা সম্ভৱ, যিয়ে প্ৰচুৰ পৰিমানৰ বিদ্যুত আৰু যথেষ্ট পৰিমানৰ ৰেডিয়াম সদৃশ কণা উৎপন্ন কৰে । বৰ্তমান এইয়া সুনিশ্চিত যে অনতিবিলম্বে ভৱিষ্যতে আমি ইয়াক আহৰণ কৰিব পাৰিম ।

এই নতুন পৰিঘটনাটোৱে বোমা নিৰ্মাণতো সহায় কৰিব –ই কল্পনাসাধ্য- যদিও অনিশ্চিত- এই প্ৰক্ৰিয়ায়ে অত্যন্ত শক্তিশালী বোমা নিৰ্মাণ কৰিব পৰা যাব । এনেকুৱা একোটা বোমা নাঁৱৰে কঢ়িয়াব পৰা যাব আৰু যদি কোনো বন্দৰত বিস্ফোৰণ ঘটোৱা হয় তেনেহ’লে সমগ্ৰ বন্দৰটোৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলবোৰো ধ্বংস হ’ব । যিকি নহওক, এনেধৰণৰ বোমাসমূহ বায়ুৰে পৰিবহন কৰাৰ ক্ষেত্ৰত গধুৰ প্ৰমাণিত হ’ব পাৰে ।

সংযুক্তৰাষ্ট্ৰত ইউৰেনিয়াৰ যথেষ্ট কম আকৰ মধ্যম পৰিমাণত আছে । কানাডা আৰু চেকোস্লোভাকিয়াত কিছু ভাল আকৰ আছে, অন্যহাতে ইউৰেনিয়ামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস আছে বেলজিয়ান কঙ্গোত ।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি প্ৰশাসন আৰু আমেৰিকাৰ শৃংখল বিক্ৰিয়াৰ গৱেষণাৰ লগত জড়িত পদাৰ্থবিদসকলৰ মাজত এক স্থায়ী সম্পৰ্ক স্থাপনৰ কথা চিন্তা কৰিব পাৰে ।এই ক্ষেত্ৰত এক সম্ভাৱিত উপায় হ’ল আপুনি এনে এজন ব্যক্তিৰ ওপৰত দায়িত্ব ন্যস্ত কৰা যাৰ ওপৰত আপোনাৰ সম্পূৰ্ণ আস্থা আছে আৰু যি সম্ভৱত বেচৰকাৰী ক্ষমতাত সেৱা আগবঢ়ায় । তেওঁৰ দায়িত্ববোৰ হ’ব,

(ক) চৰকাৰী বিভাগসমূহৰ লগত সম্পৰ্ক বজাই ৰখা, তেওঁলোকক পৰৱৰ্তী বিকাশবোৰৰ বিষয়ে অৱগত কৰোৱা, সংযুক্তৰাষ্ট্ৰত ইউৰেনিয়াৰ সৰবৰাহৰ ক্ষেত্ৰত থকা সমস্যাৰ ক্ষেত্ৰত বিশেষ মনোযোগ দি চৰকাৰী পদক্ষেপৰ বাবে চুপাৰিছ কৰা ।

(খ) পৰীক্ষামূলক কামৰ গতি ক্ষীপ্ৰ কৰা, যি বৰ্তমান বিশ্ববিদ্যালয়ৰ পৰীক্ষাগাৰৰ সীমিত বাজেটত চলি আছে, তেওঁৰ ব্যক্তিগত সম্পৰ্কৰে যদি কোনো ব্যক্তিয়ে এই গৱেষণাৰ বাবে প্ৰয়োজনীয় পুঁজি নিৱেশ কৰিব বিচাৰে তাৰ যোগাৰ কৰা আৰু সম্ভৱত: উদ্যোগিক বিজ্ঞানাগাৰসমূহৰ লগত সহযোগিতা স্থাপন কৰা য’ত গৱেষণাৰ বাবে প্ৰয়োজনীয় সৰঞ্জাম আছে ।

মই বুজিব পাৰিছো যে, জাৰ্মানী্য়ে চেকোস্লোভাকিয়াৰ খনিৰ পৰা ইউৰেনিয়ামৰ বিক্ৰী বন্ধ কৰি দিছে । তেওঁলোকে এনে কিছুমান প্ৰাথমিক পদক্ষেপ গ্ৰহণ কৰা উচিত হয়তো আনে বুজে যে জাৰ্মানীৰ অধীনৰ ৰাষ্ট্ৰ সমূহৰ সচিব ৱ’ন ৱেইজস্কাৰৰ পুত্ৰ বাৰ্লিনৰ কাইজাৰ উইলহেল্ম প্ৰতিস্থানৰ লগত জড়িত য’ত কেইবাজনো আমেৰিকানে ইউৰেনিয়ামৰ ওপৰত কাম কৰি আছে । 

আপোনাৰ অতিশয় বিশ্বাসী

(এলবাৰ্ট আইনষ্টান)

Sunday, 22 August 2021

মানুহ বৰ অভিমানী

 মূল: সাদাত হুছেইন

অনুবাদ: দেৱাশ্ৰী

 

মানুহ বৰ অভিমানী প্ৰাণী।

যি বিচাৰে, মন বেয়া লাগিলে প্ৰিয় মানুহগৰাকীয়ে একো নোকোৱাকৈয়ে বুজি পাওক। ফোনত ম্লান মাতষাৰ শুনি ব্যগ্ৰ হৈ সোধক, “মন বেয়া নেকি তোমাৰ?”

খেলিমেলি চুলি আৰু ৰঙচুৱা দুচকু দেখি সোধক, ‘ৰাতি শুৱা নাই? কিবা বেয়া সপোন দেখিছিলা? কিবা টেনছন হৈছে নেকি?’

যি বিচাৰে, মানুহগৰাকীয়ে বুজক, কেতিয়াবা জোৰকৈ বুকুৰ মাজত সাৱটি ধৰিব লাগে, লাহেকৈ দুহাতেৰে চুই জপাই দিব লাগে চকু পতা।

যি বিচাৰে, মানুহগৰাকীয়ে বুজক, কেতিয়াবা হাতৰ মুঠিত দুহাত লৈ মনে মনে ক’ব লাগে, ‘মই আছো নহয় । মন বেয়া কৰিছা কিয়?’

যি বিচাৰে, ঠিক কৰি দিয়ক মাজনিশা কাষৰ মানুহগৰাকীৰ মুৰৰ পৰা সৰি পৰা গাৰুটো, পিছ নিশা যেতিয়া জাৰ পৰে মেৰিয়াই ধৰক এখন উমাল চাদৰ।

যি বিচাৰে, মনত ৰাখক তেওঁৰ জন্মদিন। লগপোৱাৰ প্ৰথমটো দিনৰ কথা, স্পৰ্শ তথা অনুভূতিৰ কথা।

যি বিচাৰে, সাজক এবাৰ চুই চোৱাৰ মিছা অজুহাত। কপাল চুই কওক, ‘চাওঁ! চাওঁ! তোমাৰ জ্বৰ উঠিছে নেকি?’

অভিমানত ওফোন্দ পাতি আঁতৰি গ’লে কওক, ‘এইটো কথাতে আঁতৰি যাবা নে? এই যে অ’তবোৰ ভালপোৱা, তাৰবাবেও উভটি নাহিবা আকৌ কাষলৈ? কাষলৈ? আকৌ কাষলৈ?’

মানুহ বৰ অভিমানী প্ৰাণী।

দুইজনে কেবল ভাৱে, এইবোৰ কথা সেই মানুহগৰাকীয়ে কওক।

সেই আনগৰাকী মানুহে।

কিন্তু শেষ পৰ্যন্ত কাৰোৰে কোৱা নহয়। কাষ চাপি অহা ৰঙীন দিনবোৰ ক্ৰমাত ধূসৰ বিৱৰ্ণ এটা গল্প হৈ পৰে।

মানুহ বৰ অভিমানী প্ৰাণী।

অভিমানত ক্ৰমাৎ আঁতৰি গৈ থাকে।

বুকুত পুহি ৰাখে এসাগৰ আক্ষেপ।

Tuesday, 13 July 2021

ৰং নম্বৰ

 

মূল: মহাশ্বেতা দেৱী

ভাৱানুবাদ: দেৱাশ্ৰী বৰগোহাঁই


 সিদিনা ৰাতি । তীৰ্থবাবুৰ টোপনি ভাগিল । টেলিফোনটো বাজিছে । মাজনিশা টেলিফোনটো বাজিলে কিয় জানো ভীষণ ভয় লাগে তেওঁৰ ।

 ‘হেল্লো । শুনিছে… মই হাস্পতালৰ পৰা কৈছো… আপোনালোকৰ পেছেন্টজনৰ মৃত্যু ঘটিছে । হেল্লো’ ।

 ‘আমাৰ পেছেন্ট ? হাস্পতালত আমাৰ কোনো পেছেন্ট নাই’ ।

 ‘আপোনাৰ নম্বৰ’ ?

 ‘ৰং নম্বৰ । ফোনটো ৰাখক’ ।

 ‘ ৰং নম্বৰত ফোন কিয় কৰে? ৰং নম্বৰত’?

 তীৰ্থবাবুয়ে ফোনটো নমাই থ’লে । ভয় কৰে তেওঁ । ভীষণ ভয় কৰে ।

 ‘হঠাৎ ফোনটো কিয় বাজে ? কিয় ৰং নম্বৰৰ পৰা ফোন আহে’ ?

 সবিতাই প্ৰশ্ন কৰিলে ।

 আজি বহুদিন হ’ল । বহুৰাতি পাৰ হ’ল সবিতা বা তীৰ্থবাবুৰ ভালকৈ টোপনি নহাৰ ।ৰাতি বাৰ বজাত তীৰ্থবাবুয়ে টোপনি অহাৰ বৰি খায় । তাৰপাছত তেওঁ চকুমুদি মনটো চিন্তাশূণ্য কৰাৰ চেষ্টা কৰে ।

 কিন্তু বাৰে বাৰে বিফল হয় তেওঁ । কোনোপধ্যে নোৱাৰে তীৰ্থবাবুয়ে । তেওঁৰ চেতন আৰু অৱচেতন, প্ৰথম স্তৰৰ চেতন আৰু অন্তিম স্তৰৰ চেতন মনৰ মাজত একোখন ওখ দেৱাল গঢ়ি উঠে । দেৱালবোৰত পোষ্টাৰ অঁৰা থাকে । 

 দীপাংকৰৰ ফটো । শৈশৱৰ দীপাংকৰ , মুণ্ডণ কৰা, আপোনভোলা চেহেৰাৰ দীপাংকৰ । দীৰ্ঘদেহী, ভাবুক আৰু শান্ত চেহেৰাৰ ।

 দীপাংকৰ । তীৰ্থবাবুৰ ল’ৰা । সন্তান, সন্তান, মানুহে কিয় বিচাৰে সন্তান? কিয় সৰ্ব্বোচ্চ উজাৰি ভালপাই সন্তানক? তীৰ্থবাবুয়ে সদায়ে এই প্ৰশ্ন কৰে নিজকে ।

 তাৰপাছত লাহে লাহে টোপনি আহে । গাঢ় অথচ অস্বতিকৰ, আতংকময়, বিপৰ্যস্ত টোপনি । সবিতাই অনুমান কৰে তেওঁ যেন টোপনি যোৱা নাই । প্ৰশ্ন কৰে, ‘কাৰ ফোন আছিল’?

 ‘ৰং নম্বৰ’ ।

 ‘কৰপৰা আহিছিল’?

 ‘হাস্পতালৰ পৰা’ ।

 ‘হাস্পতালৰ পৰা? সেইয়া যদি আমাৰে ফোন হয়’?

 ‘পাগলামি নকৰিবা সবু । তুমি চোন জানাই দীপু নীৰেনৰ লগত আছে । নীৰেনে তাক দিল্লীত ভৰ্তি কৰি দিয়াৰ বাবে চেষ্টা কৰি আছে । সকলো জানিও কিয় এনে পাগলামি’?

 ‘নীৰেনৰ লগত আছে যদি চিঠি নিলিখে কিয় দীপুয়ে । নীৰেনে কিয় চিঠি নপঠায়? তুমি কি ভাৱিছা মই কন্দা কটা কৰিম? নীৰেনৰ ওচৰলৈ দৌৰি যাম’ ।

 ‘সবু অস্থিৰ নহ’বা চোন’ ।

 ‘মোৰ ভাৱ হয় দীপু নীৰেনৰ লগত নাই । নীৰেনে ইচ্ছা কৰিয়ে আমাক একো জনোৱা নাই’।

 ‘মনে মনে থাকা সবু , নাকন্দিবা । তুমিতো জানাই দীপুৰ পলাই ফুৰাৰ কোনো কাৰণ নাই’ ।

 ‘তেতিয়া হ’লে সি আমাৰ কাষলৈ কিয় নাহে’ ?

 ‘সবু অসুখে তোমাক অবুজ কৰি তুলিছে । দিনকাল বেয়া, এই অঞ্চলটোও ভাল নহয়, সেয়ে অহা নাই সি’ ।

 সবিতাই কান্দিবলৈ আৰম্ভ কৰে । লাহে লাহে, উচুপি উচুপি ।

 কান্দি কান্দি এটা সময়ত সবিতা টোপনি যায় । তীৰ্থবাবুৰ টোপনি নাহে । কি হৈছে দেশৰ অৱস্থা । আচ্ছা। ৰোগীৰ যদি মৃত্যু ঘটে, তেনেহ’লে তেওঁলোকে টু-থ্ৰী একচেঞ্জ নম্বৰ দিলে ফৰ সেভেন লৈ ফোন কৰে কিয়? ৰং নম্বৰ । ৰোগী আত্মীয়ৰ মনৰ অৱস্থা কি হ’ব পাৰে বাৰু?

 নে কোনো অৱস্থাই নহয়? আজিকালি সকলোবোৰ কুৰুক্ষেত্ৰৰ অৰ্জুন, নিৰ্বিবাদে গ্ৰহণ কৰে মৃত্যুক । মৃতদেহ বিচনাতে পৰি ৰয় । খৰচ বচাবলৈ আত্মীয় আতৰি যায় আৰু উভতি নাহে । মৃতদেহ সেই চেঁচা গুদামটোতে পৰি ৰয় । কোনোবা উলটি অহাৰ বাবে ।

তীৰ্থবাবুয়ে ভয় কৰে, মাথো ভয় কৰে । এই যেন অন্য এখন কলকাতাত বাস কৰে তেওঁ, অন্য এখন পশ্চিমবংগত । সেই চহৰখন চাবলৈ ইচ্ছা কৰে তেওঁ । সেই গড় মঠ, মনুমেন্ট-ভৱানীপুৰ-আলিপুৰ-চড়কডাঙ্গাৰ কেকুঁৰি । সেই আহাৰ মাহৰ ৰথমেলা, চ’তমাহৰ কালীঘাটৰ গৰ্জন- মাঘৰ বৰদিনৰ আলোকসজ্জা । এইখন সেই চহৰ নহয় । এইখন ভুল চিটি । ৰং চিটি । ভুল ট্ৰেইনত উঠি ভুল চহৰলৈ আহিল তেওঁ ।

 সবিতাক সান্তনা দিলেও তীৰ্থবাবুয়ে নিজেও ভাৱে, দীপাংকৰে চিঠি নিলিখে কিয়? কিয় নীৰেনে দীপাংকৰৰ খবৰ নিদিয়ে? 

 কিয়, কিয় মানুহে সন্তান বিচাৰে? কিয় ভালপাই আত্মজক, আত্মজাক? মৃত্যুৰ পাছত মুখাগ্নি কৰিবৰ বাবে । ৰং আনছাৰ । যিমান দিন জীৱন আছে, সিমান দিনলৈ সন্তানক বিচাৰে তীৰ্থবাবুয়ে । কাষত থাক তই, ওচৰত থাক তই । আমাৰ যন্ত্ৰণা লৈ যা, ভাগ্য লৈ যা । আমাৰ কাষতে থাক তই । 

 ৰং হোপ ।

 কৰবাত এটা একচেঞ্জ আছে, এই চহৰৰ ক’ত আছে একচেঞ্জটো ? যেন তাত কোনোবাই মাথো কৈছে ৰ্ং নম্বৰ । ৰং চিটি । ৰং হোপ ।

 ক’ত আছে ? ক’ত সেই অদৃশ্য অপাৰেটৰ ? অপাৰেটৰজনক দেখা পোৱা নাযায় কিয় ? 

 ভাৱি ভাৱি তীৰ্থবাবু টোপনিত ঢলি পৰে । এনেদৰে দিন গৈ ৰাতি হয়, সোম গুচি ৰবি, পুৱা সন্ধ্যা হয় । ৰাতিলৈ ভয় কৰে তীৰ্থবাবুয়ে, কেনেবাকৈ যদি টোপনিৰ মাজত শাৰী শাৰী দেৱালবোৰ দেখা পায় ।

 দেৱালবোৰত দীপাংকৰৰ মুখ অকা থাকে । শুই শুই তীৰ্থবাবুয়ে ভাৱে, মনোজৰ ওচৰলৈ এবাৰ যাব নেকি? মনোজ তেওঁৰ বন্ধু, মনোৰোগৰ চিকিৎসক । তীৰ্থবাবু নিশ্চয় অসুখ হৈছে । তোমাৰ অসুখ হৈছে তীৰ্থ ।

 মনোজে ৰায় দিলে । তীৰ্থবাবুৰ শুকান মুখ, কাতৰ চাৱনি আৰু বাৰে বাৰে কপালৰ ঘাম মচাৰ চেষ্টা তেওঁ লক্ষ্য কৰিছিল ।

 ‘কি অসুখ?’

 ‘নাৰ্ভৰ’।

 ‘নাৰ্ভতো মোৰ ভালেই মনোজ’।

 ‘তোমাৰ চিন্তাবোৰ অলীক’।

 ‘অলীক’!

 ‘তুমি কি কৈছিলা নিজে এবাৰ শুনা’।

 মনোজে টেপৰেকৰ্ডাৰটো বজাই দিলে ।মনোজে ৰোগীৰ স্বীকাৰোক্তি ৰেকৰ্ড কৰি ৰাখে । তাৰপাছত বিচাৰ কৰে । ৰায় দিয়ে । তীৰ্থবাবুয়ে টেপৰেৰ্ডাৰটোৰ ফালে চাই টকাৰ হিচাপ কৰি আছিল । তেনেতে হঠাৎ এটা ক্লান্ত, অৱশ মাত শুনা পোৱা গ’ল ।

 ‘মোৰ ভাৱ হয় ঘৰখন মোৰ নহয় । দুৱাৰত টুকুৰিয়ালে কোনেও দুৱাৰ খুলি নিদিব, কাৰণ মই ৰং এড্ৰেছত আহিছো । কলকাতাৰ বাটেৰে গৈ থাকোতে ভাৱ হয় এইখন কলকাতা নহয় । ঘৰ-দুৱাৰ, বাৰী, গড়ৰ মঠ, মনুমেন্ট সকলো অন্য চহৰ এখনক গটাই দি কলকাতা উধাও হৈছে । ভাৱ হয় এইখন ৰং চিটি ।কোনো প্ৰয়োজন নাছিল যদিও এইখন যে কলকাতা তাকেই প্ৰমাণ কৰিবলৈ সিদিনা কাওড়াতলালৈ গৈছিলো । দেৱালৰ লেখাবোৰ পঢ়ি বুজিব পাৰিলো মই ভুল ঠাইলৈ আহিলো । সেইদিনা মই সপোন দেখিলো….’

 মনোজে টেপৰেকৰ্ডাৰটো বন্ধ কৰি দিলে । তীৰ্থবাবুৰ ফালে চাই সুধিলে,

 ‘কি সপোন দেখিছিলা তীৰ্থ?’

 ‘মই ক’ব নোৱাৰিম’।

 ‘কি সপোন?’

 ‘মোক নুসুধিবা মনোজ, মোক নুসুধিবা । সপোনটো মই মাজে মাজে দেখো’ ।

 ‘সেইবাবেই মই জনাতো দৰকাৰ’।

 ‘নাই মনোজ’।

 ‘তুমি অসুস্থ তীৰ্থ । স্বাভাৱিক, অসুস্থ হোৱাটো স্বাভাৱিক….’

 ‘কিয়? মোৰ বাবে অসুস্থ হোৱাটো কিয় স্বাভাৱিক?’

 ‘তোমাৰ ল’ৰাটো…’

 ‘মোৰ ল’ৰা কি?’

 ‘ঘৰত নাই’।

 ‘মনোজ, মই নাজানো তুমি কি ক’ব বিচাৰিছা । মোৰ ল’ৰা দীপাংকৰ । কাজিন নীৰেনৰ লগত লক্ষ্নৌত থাকে । তাত থাকি দিল্লীত পঢ়ে দীপাংকৰে’ ।

 ‘গড!’

 মনোজে যন্ত্ৰণা আৰু দুখত আৰ্তনাদ কৰি উঠিল । ভিতৰৰ পৰা এক দীৰ্ঘ নি:শ্বাস এৰিলে । তীৰ্থ, তেওঁলোকৰ সময়ৰ আটাইতকৈ শান্ত, নিৰ্জু ল’ৰাটো আজি কি হৈ গ’ল?

 ‘গড!’ মনোজে খচখচ কৈ ঔষধৰ নাম লিখিলে । কাগজখন ফালি ঔষধৰ বটল এটা তীৰ্থবাবুক দিলে । ক’লে,

 ‘ৰাতি এটাকৈ খাবা । টোপনি ভাল হ’ব’ ।

 ‘দিয়া’।

 তীৰ্থবাবুয়ে ঔষধৰ বটলটো লৈ ওলাই আহিল । মনোজে দুৱাৰ মুখলৈকে আগবঢ়াই দিলেহি । তাৰপাছত সুধিলে,

 ‘বসু তোমাৰ ওচৰলৈ আকৌ যোৱা নাই নহয়?’

 ‘নাই। কিয়?’

 ‘মই তেওঁক বাৰণ কৰিছো’ ।

 ‘তেওঁ আহিলে ঘৰত সোমাবলৈ দিম বুলি ভাবিছা নেকি? সবিতাক আজে বাজে কথা কৈ যায়’ । তীৰ্থবাবু ওলাই আহিল । তেতিয়ালৈ সন্ধ্যা লাগি ভাগিছিল ।

 নে ৰাতিপুৱাইছে? ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে মানুহ ।

  নে জনশূণ্য পথ?

 নিৰ্জন পথ-মেঘাবৃতা ৰজনী…ধুমুহাৰ আগজাননী-জয়সিংহই ছুৰিত শাণ দিছে । ৰবীন্দ্ৰনাথৰ এই বৰ্ণনাটো তীৰ্থবাবুৰ খুব প্ৰিয় । তীৰ্থবাবুয়ে অনুমান কৰিলে তেওঁৰ চকুৰ পৰা টপটপকৈ চকুলো নিগৰিছে ।

 সন্তানবোৰ একোজন ঘাতক । ঘাতক তাঁহাতি । পিতৃ মাতৃক প্ৰতিদিনে হত্যা কৰে । তীৰ্থবাবুয়ে সযত্নে ঔষধৰ বটলটো নিবলৈ ধৰিলে । যেন অলিম্পিকৰ পৱিত্ৰ অগ্নিশিখাহে বহন কৰিছে ।

 আজি ৰাতি সেই সপোনটো আকৌ দেখিলে । তেওঁ দেখিলে চৌৰাঙ্গীৰোডৰ দুয়োকাষে লাখ লাখ মানুহ থিয় হৈ আছে । কিন্তু সকলো নিশ্চল । পথৰ দুকাষে ডাঙৰ ডাঙৰ শুভ্ৰ উজ্জ্বল আলো । পথৰ মাজভাগ ৰক্তাক্ত । তাতে ৰৈ আউলী বাউলী চুলিৰে এগৰাকী প্ৰৌঢ়াই বুকু চপৰিয়াই চিঞৰিছে প্ৰবীৰ । প্ৰবীৰ । প্ৰবীৰ । বিলাপ কৰিছে । নাৰীগৰাকীক দেখি তীৰ্থবাবুয়ে বুজিব পাৰিলে তেওঁ পুৰাণৰ সেই নাৰী ।

দুৰে-দুৰে-অদুৰ প্ৰান্তৰত

মৰুভুমিত-দুৰন্ত শ্মশানত

নাই তোৰ স্থান

দুৰ্গম হাবিত, তুষাৰৰ মাজত

পৰ্বত-শিখৰলৈ ব’ল

ত্যাগি তোৰ পাপ ৰাজ্য

পতি তোৰ পুত্ৰঘাতী, অৰাতিৰ সখা

ব’ল পুত্ৰ শোকাতুৰা-

 মহিলাগৰাকীয়ে আকাশ বিদাৰি চিঞৰিছে । এই সময় ড্ৰ্প কৰি দিয়া । ঘণ্টা বজোৱা । জোৰেৰে চিঞৰিছে তেওঁ । কৈছে এইয়া মাহিষ্মতীপুৰ নহয় । গুছি যোৱা । তৎক্ষনাৎ তীৰ্থবাবুয়ে ক’লে, চি ইজ ইন দি ৰং চিটি । কিন্তু ঘণ্টা বাজিবলৈ আৰম্ভ হ’ল ।

 ঘণ্টা বাজিছে । ফোন বাজিছে ।

 তীৰ্থবাবু উঠি বহিল । টেলিফোন মানুহে কিয় ৰাখে ? বিল পৰিশোধ কৰোতে জীউ ওলাই যায় ।

 তীৰ্থবাবুয়ে ৰিচিভাৰ উঠালে ।

 ‘ফৰ সেভেন……নাইন?’

 ঠিক সেই নম্বৰটোৱেই তীৰ্থবাবুৰ সন্মুখত টেলিফোনটোৰ গাত লিখা আছে । তীৰ্থবাবুয়ে ক’লে, ‘ন’।

 ‘এইটো তীৰ্থংকৰ চেটাৰ্জীৰ ঘৰ নহয়?’

 ‘ন’।

 ‘তীৰ্থবাবু । মই । বসু । হয় সিদিনা যে কৈছিলো । ….দুৰৰ ৰেল লাইনৰ দাঁতিত পোৱা বডীটোৰ কথা, হয় দীপাংকৰৰ । ডায়েড ফৰ ইনজিওৰিচ । আপুনি নাহিলে । বডী হ্যাজ বিন ক্ৰিমিটেড । হেল্লো । শুনা পাইছে নে?’

 ‘নাই’।

 ‘এইটো তীৰ্থংকৰ চেটাৰ্জীৰ ঘৰ নহয়?’

 ‘নহয়’।

 ‘এইটো ফৰ সেভেন…..নাইন নহয়’ ।

 ‘নহয় । ৰং নম্বৰ’।

 তীৰ্থবাবুয়ে ফোনটো নমাই থ’লে । কিবা ভাবি ৰিচিভাৰটো টেলিফোনটোৰ পৰা নমাই থ’লে । তাৰপাছত বিচনালৈ উলটি গ’ল । সপোনটো আকৌ চাব লাগিব । যেনেকৈয়ে নহওক আকৌ এবাৰ সপোনটো চাব লাগিব । সপোনটো দেখিলেহে তীৰ্থবাবুয়ে জানিব পাৰিব কেনেকৈ উন্মাদিনীজনী ৰং চিটিৰ পৰা পলাই গ’ল । স্বপ্নাতুৰ তীৰ্থবাবুৰ হাতত আজি আৰু একো নাই । কলকাতাৰ ঠায়ে ঠায়ে বিচাৰিও তীৰ্থবাবুয়ে পলোৱাৰ বাট বিচাৰি নাপালে । এতিয়া তাক জনাৰ বাবে সপোনটোৰ পাছে পাছে যাব লাগিব । প্ৰবীৰৰ মৃত্যুৰ পাছত যেতিয়া প্ৰবীৰৰ দেউতাকক লৈ সকলোৱে যেতিয়া হত্যাকাৰীক কৰায়ত্ত্ব কৰাৰ বিজয়োৎসৱ কৰিছিল, অকল এইজনেই পলাই গৈছিল ।

 তীৰ্থবাবুু শুই পৰিছিল ।

Friday, 11 June 2021

নাৰীবিহীন পৃথিৱী

 মূল বাংলা: দোলনা বড়ুয়া তৃষা

অসমীয়া ভাঙনি: দেৱাশ্ৰী বৰগোহাঁই

 চন ২০৮০ । নিজৰ স্পেছশ্বিপত বহি আছে লিথিয়া আৰু ৰাহিয়ান । তেওঁলোক পৃথিৱীলৈ আহিছে । পলাই যোৱাৰ আগতে ৰাহিয়ান ঢাকাত আছিল। সেইসূত্ৰে লিথিয়া বাংলাদেশী । কিন্তু তাইৰ আন এটা পৰিচয় হ’ল যে এই মহাবিশ্বৰ তায়ে শেষ স্বাভাৱিক নাৰী ।

-   দেউতা, তুমি ইমান কি চিন্তা কৰি আছা ? মই কিন্তু খুবেই এক্সাইটেড । আমি অন্য এটা গ্ৰহত ফুৰিবলৈ গৈ আছো । তোমাৰ মতে যি এই মহাবিশ্বৰ সবাতোকৈ ধুনীয়া গ্ৰহ ।

ফুড কাপ চুপটো খাই অন্যমনস্ক হৈ ৰ’ল ৰাহিয়ান। তাৰপাছত ক’লে,

-   আচলতে সবতোকৈ ধুনীয়া গ্ৰহ আছিল এই পৃথিৱী । বছৰৰ ছয় ঋতু আছিল । আছিল লক্ষ কোটি প্ৰজাতিৰ গছ-গছনি । পশু পক্ষী ফুল । আৰু আছিল বিধাতাৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি নাৰী ।

-   নাৰী?

-   হুম! নাৰী । তোমাৰ দৰে হাজাৰ কোটি নাৰীৰে বসবাস কৰিছিল এই পৃথিৱী নামৰ গ্ৰহটোত।

চকুকেইটা যিমান পাৰে সিমান ডাঙৰকৈ মেলিলে ধৰিলে লিথিয়াই ।

-   মোৰ নিচিনা ইমানবোৰ নাৰী আছিল । তেওঁলোক এতিয়া ক’ত?

চকুৰ কোণত পানী জমা হ’বলৈ ধৰিলে ৰাহিয়ানৰ । তাইৰ মাকৰ মুখখন চকুৰ আগত ভাঁহি উঠিল ।

-   সকলোকে মাৰি পেলোৱা হৈছে । হত্যা কৰি বিলুপ্ত কৰা হৈছে ।

-   কোনে ?

-   পুৰুষে । যি নাৰীৰ পৰাই জন্ম লৈছে কিন্তু যি নিজকে তেওঁলোকতকৈ শ্ৰেষ্ঠ বুলি ভাবে । অৱশ্যে পুৰুষৰ সাহায্যৰ অবিহনে কোনো নাৰীয়ে সন্তান জন্ম দিব নোৱাৰে । কিন্তু সকলোবোৰ কষ্ট নাৰীয়ে অকলেই সহ্য কৰিবলগীয়া হয় । নাৰীক সেই শক্তি দিয়া হৈছে কাৰণ তেওঁলোক শক্তিশালী । কিন্তু পুৰুষে সেই শক্তিলৈ ভয় কৰে সেয়ে শক্তিক দুৰ্বলতালৈ পৰিবৰ্তন কৰিবলৈ যুগৰ পাছত যুগ ধৰি নিয়ম বনাই গৈ থাকিল ।

-   সেইবাবেই? কিয় মাৰি পেলোৱা হ’ল ? কেনেদৰে মাৰিলে ?

-   এটা সময় আছিল যেতিয়া নাৰীৰ আছিল সন্মান । আদৰ যত্ন। তেওঁলোক ঘৰৰ পৰা বাহিৰলৈ ওলোৱা নাছিল ।ঘৰেই আছিল তেওঁলোকৰ পৃথিৱী । খুব সুন্দৰ সজাত বন্দী এখন পৃথিৱী, য’ত পুৰুষে সুখেৰে টোপনি যায় । আদৰ, যত্ন, মমতা, ভালপোৱাৰ ভঁৰাল আছিল প্ৰতি গৰাকী নাৰী । ছোৱালীবোৰ আছিল ঘৰৰ জেউতি, যেনেদৰে তুমি মোৰ । নাৰীয়ে পুৰুষক ভালপোৱাৰে সিক্ত কৰিছিল । মা আছিল মমতাৰ ভঁৰাল । নাৰী অবিহনে কোনো কেউ নাছিল । তেওঁলোকক উদ্দেশ্যি লিখা হৈছিল হাজাৰ গল্প, গান, কবিতা । তেওঁলোকৰ ভালপোৱা, প্ৰতাৰণা, মমতাৰ অবিহনে সাহিত্যৰ অস্তিত্ব নাছিল ।

-   বাহ কি সুন্দৰ ।

-   তাৰপাছত তেওঁলোক ঘৰৰ পৰা বাহিৰলৈ ওলাল । নিজৰ অধিকাৰ বিচাৰিলে। সমভাৱে চলিবলৈ বিচাৰিলে।

-   তাৰপাছতে কি ছোৱালীবোৰক মাৰি পেলোৱা হ’ল ?

-   নাই, তেওঁলোক বাহিৰ ওলাল । অধিক সুন্দৰ হৈ উঠিল পৃথিৱী । দেখা গ’ল তেওঁলোকে সকলো ঠাইতে বিচৰণ কৰিব পাৰে আৰু সুন্দৰ কৰিব পাৰে । পুৰুষেও তেওঁলোকক আহ্বান জনালে । বহুতেই অৱশ্যে এইটো মানি ল’ব পৰা নাছিল ।

-   তাৰপাছত, তাৰপাছত কি হ’ল ?

-   যেতিয়াৰ পৰা ২০০০ চন আৰম্ভ হ’ল তেতিয়াৰ পৰাই সলনি হ’বলৈ ধৰিলে সকলোবোৰ ।নাৰী যেতিয়া স্বাধীন হ’বলৈ বিচাৰিলে বেপেৰোৱা হৈ উঠিল পুৰুষবোৰ । অনেক পুৰুষ যি আছিল কাৰোবাৰ সন্তান, প্ৰেমিক, স্বামী, পিতা । যি নিজৰ ঘৰৰ নাৰীক ভাল পায় । কিন্তু অন্য নাৰীক গণ্য কৰে কামনাৰ বস্তু বুলি । ২০১০ চন । ইয়াৰ পৰাই আৰম্ভ হৈছিল এক জঘন্য খেলা । যাৰ নাম আছিল ধৰ্ষণ।

-   ধৰ্ষণ? সেইটো আকৌ কি?

ৰাহিয়ানে হাঁহিলে । বৰ কষ্টৰ এক হাঁহি ।

-   তোমাৰ দৰে বহুতেই তেতিয়া নাজানিছিল সেইটো কি? ধৰ্ষণ কি? তেতিয়া শিশুবোৰে খেলিব পাৰিছিল । চলা ফুৰা কৰিব পাৰিছিল ।

-   ধৰ্ষণ কি দেউতা ?

-   ধৰ্ষণ, নাৰীৰ ইচ্ছাৰ বিৰুদ্ধে কৰা স্পৰ্শ।

-   কি কৈছা? ইজ ইট পছিবল?

-   হা: হা: । হয় । এয়াই ঘটিছিল । মাথো সেয়াই নহয় । তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে শাৰীৰিক সম্পৰ্কও স্থাপন কৰা হৈছিল ।

লিথিয়া আতংকিত হৈ উঠিল । আৰ্তনাদ কৰি ক’লে,

-   অসম্ভৱ ।

-   হুম । তাৰপাছত হত্যা কৰা হ’ল ।

লিথিয়া এইবাৰ স্তম্ভিত । তাইৰ বাবে এই সকলোবোৰ এক ৰূপকথাৰ গল্প । এতিয়া অবাস্তৱ যেন লাগিলেও তেতিয়া এয়াই হৈছিল সমগ্ৰ বিশ্বতে ।

-   কোনেও একো নক’লে নে? কাৰোৰ বেয়া নালাগিল নে? শাস্তি দিয়া নহ’ল কিয় ?

-   লাগিছিল । কষ্টত সকলোৱে বুকু কপি উঠিছিল । হাহাকাৰ কৰিছিল । দাবী জনাইছিল । প্ৰতিবাদ কৰিছিল ।লাখ লাখ মানুহে এক গোট হৈ ন্যায় বিচাৰিছিল । কিন্তু এটা সময়ৰ পাছত সকলোৱে গা এৰা দিলে । প্ৰতিদিনে ঘটিবলৈ লোৱা এই ঘটনাবোৰ কাৰোবাৰ গাত লাগিছিল কাৰোবাৰ লগা নাছিল । নিজৰ লগত নোহোৱালৈকে কোনোৱে ঘটনাৰ গভীৰতা অনুভৱ কৰিব নোৱাৰে ।

-   শাস্তি হোৱা নাছিল ?

-   কাৰোবাৰৰ হৈছিল, কোনো কোনোৰ বছৰ বছৰ জুৰি বিচাৰ চলিছিল । কোনোবা সাৰি গৈছিল । দোষ দিয়া হৈছিল ছোৱালীবোৰকেই ।

-   কি?কিয়?

-   তাঁহাতি কিয় বাহিৰ ওলাইছিল ? আনকি তাঁহাতৰ পিন্ধা কাপোৰতো দোষ আছিল । লাগিলে যিমানেই শিক্ষিত নহওক কিয়?

-   যদি ছোৱালীবোৰৰে দোষ আছে তেতিয়া হ’লেতো সেইয়া ধৰ্ষণ হ’ব নোৱাৰে । নিজৰ ইচ্ছা।

-   সেইয়া বুজাৰ ক্ষমতা তেতিয়া কাৰোৰে নাছিল ।ইয়াৰ পাছত আৰম্ভ হ’ল অন্য এক ভয়ানক খেল । সৰু সৰু কেঁচুৱাবোৰেও ৰক্ষা নোপোৱা হ’ল । সেইয়া লাগিলে ঘৰৰ ভিতৰতে হওক বা ঘৰৰ বাহিৰতে হওক । মাকবোৰ ভীষণ সংশয়ৰ মাজত থাকিব লগীয়া হৈছিল । এসময়ত ছোৱালী জন্ম দিবলৈয়ে ভয় কৰা হ’ল । এইবুলি যে নিজৰ তেজ মঙহেৰে গঢ়া ছোৱালীজনীক কোনোবা ভোকাতুৰ জন্তুৰ হাততহে গতাই দিব লাগিব ।

-   তাৰপাছত?

-   তাৰপাছত ছোৱালীবোৰে ঘৰৰ বাহিৰলৈ ওলোৱা বন্ধ কৰি দিলে । কন্যাক ভ্ৰুণাৱস্থাতে গৰ্ভতে হত্যা কৰা হ’ল । কাৰণ জন্ম দি সুৰক্ষা প্ৰদান কৰিব পৰা নাছিল । বাহিৰত ৰক্ষা কৰিলেও ঘৰে ঘৰে সোমাই পৰিছিল সেই ভাইৰাছ । সমগ্ৰ বিশ্ব মৃত্যুৰ উপত্যকালৈ পৰিণত হৈছিল । প্ৰতিদিনে ধৰ্ষণ, হত্যা । মিছা । সকলো ।

-   তেতিয়া সকলোৱে ক’লে, এই সকলোবোৰৰ মূলতে হৈছে নাৰী, তাঁহাতৰ শৰীৰ । এদলে দাবী তুলিলে মাৰি পেলোৱা হওক সকলো নাৰীকে । নাৰীৰ অবিহনে শান্তি আহিব পৃথিৱীলৈ । সকলো পাপ সকলো অসূয়া দূৰ হ’ব নাৰী নাথাকিলে ।

-   কি চিন্তা ? নাৰী নাথাকিলে তাঁহাতি জন্মই পাব কিদৰে ?

-   সেই চিন্তা যদি থাকিলেহেতেন তেতিয়া হ’লে কোনো নাৰীয়ে মৰিবলগীয়া নহ’লহেতেন ।

-   তাৰপাছত?

-   তাৰপাছত মৰিবলৈ ধৰিলে সকলো । মাকে ছোৱালীবোৰক বিহ খুৱাই মাৰিবলৈ আৰম্ভ কৰিলে ।যি বাছি গ’ল সিও ৰক্ষা নপৰিল পুৰুষৰ হাতোৰাৰ পৰা । আনক মাৰি অহাৰ পাছত দেখেহি যে তাৰ ঘৰতো কোনোবাই একে কামেই কৰি থৈ গৈছে । এইদৰে নাৰীৰ সংখ্যা কমিবলৈ আৰম্ভ কৰিলে । দেখা গ’ল অপৰাধবোৰ কমিবলৈ আৰম্ভ কৰিছে । ধৰ্ষণ নাই, শাস্তি নাই, দাবী নাই, চুৰি ডকাইতি নাই, কোনেও কাকো ঠগোৱা নাই । কাৰণ তাঁহাতি কাৰোৰ বাবে বজাৰ কৰিব নালাগে, ঘৰলৈ উভটি আহিব নালাগে । কোনেও নতুন কাপোৰৰ বাবে কন্দা কটা কৰা নাই । বন্ধ হৈ পৰিল হাজাৰ হাজাৰ শিল্প কাৰখানা । বন্ধ হ’ল  ছোৱালীৰ কাপোৰৰ শিল্প, জোতা, সাজ-পোছাক, কছমেটিকৰ লাখ লাখ ফেক্টৰি, শিল্পীও এৰিলে ছবি আকিবলৈ । নিলিখা হ’ল কাৰোবাৰ ৰূপ বৰ্ণনা কৰোতে কৰোতে শেষ হোৱা উপন্যাস । নিলিখা হ’ল কোনো গান, সুৰ দি নোগোৱা হ’ল ভালপোৱাৰ হৃদয় কঁপোৱা গান । নাৰী অবিহনে নোহোৱা হ’ল চিনেমা, কোনেও কোনো নাৰীৰ বাবে কাজিয়াও নকৰা হ’ল । থমকি ৰ’ল সকলোবোৰ । নোহোৱা হ’ল কোনো ফচল, ফুল নুফুলা হ’ল ফল নধৰা হ’ল । যি সৃষ্টিকৰ্তাক দোহাই দি হত্যা কৰা হৈ নাৰীক তেওঁ উভতাই নিলে নিজৰ সমস্ত সৃষ্টি । কাৰণ তেওঁৰ সবাতোকৈ সুন্দৰ সৃষ্টিয়ে ধ্বংস হৈ গৈছিল ।

-   তাৰপাছত?

-   কোনো সন্তান নতুনকৈ জন্ম হোৱা নাছিল । ৰোগত মৰিবলৈ আৰম্ভ কৰিছিল সকলোৱে । যতন ল’বলৈ কোনো নাই । নাই কোনো জীয়াই থকাৰ প্ৰেৰণা যোগাবলৈ । ঘৰলৈ উভটি আহিবলৈও নাই কোনো আকুলতা । নাই কোনো স্থায়ী ঠিকনা । সকলোৱে পশুৰ দৰে বসবাস কৰিবলৈ ধৰিলে । সকলোৱে যেতিয়া বুজিব পাৰিলে তেতিয়া তাঁহাতি বিচাৰি উলিয়াবলৈ আৰম্ভ লুকাই থকা নাৰীসকলক । তেতিয়া ঢাকাতো সকলোবোৰ আধুনিক বিজ্ঞান । লেব ।সমগ্ৰ বিশ্বৰ জীয়াই থকা নাৰীৰ শৰীৰৰ ওপৰত চলোৱা হৈছিল নানান এক্সপিৰিমেন্ট । নতুন নাৰীৰ সৃষ্টিৰ উদ্দেশ্যে । প্ৰজন্মৰ অগ্ৰগতিৰ বাবে । বনাব পাৰিলেও ঠিক মানুহ জন্ম দিব পৰা নাছিল । সেই বিজ্ঞানীসকলৰ মাজৰ ময়ো এজন আছিলো । বিশ্বৰ কোনো এঠাইৰ পৰা আহিল এগৰাকী খুব সাধাৰণ সুন্দৰী নাৰী । যাৰ নাম আছিল মিথিয়া । তোমাৰ মা । তেওঁ নিজে আহি ওলাইছিল যাতে প্ৰজন্ম আগবঢ়াব পাৰে । তেওঁৰ ওপৰত নানান পৰীক্ষা নিৰীক্ষা কৰা হ’ল । পিছে এটাও সফল নহ’ল । মই যিমানবাৰে তাইৰ ফালে চাও প্ৰতিবাৰেই তাইৰ প্ৰেমত পৰো । আমি দুয়োজনেই ইজনে সিজনক ভালপাই পেলালো । আমি ঠিক কৰিলো আমি স্বাভাৱিকভাৱেই সন্তান জন্ম দিম । কিন্তু বাকীসকলে সেইয়া মানি ল’ব নোৱাৰিলে । মই মিথিয়াক লৈ নিজেই বনোৱা গুপ্তস্থানত লুকাই পৰিলো । মিথিয়া সন্তান সম্ভবা হয় । তেতিয়ালৈকে বাকী থকা নাৰীবোৰ ভোগৰ পাত্ৰী হৈ পৰে । কোনো বাচি থকা নাছিল । যিদিনা মিথিয়াৰ প্ৰসৱ বেদনা আৰম্ভ হয় মই একোৱে কৰিব পৰা নাছিলো । সন্তানৰ পজিছন আছিল ওলোটা । সেয়ে মই তাইক মোৰ এজন বন্ধুৰ ওচৰলৈ নিবলৈ ঠিক কৰো । মই তাইক আনৰ পৰা লুকোৱাই লৈ গ’লো । তোমাৰ জন্ম হ’ল । কিন্তু লুকোৱাই থ’ব পৰা নগ’ল তোমাৰ অস্তিত্ব । সকলোৱে আক্ৰমণ কৰিছিল মিথিয়াৰ ওপৰত। তোমাৰ ওপৰত । মিথিয়াক বচাব পৰা নগ’ল । মই তোমাকলৈ আত্মগোপন কৰিলো । তাৰপাছত স্পেছশ্বিপত তোমাক লৈ এই গ্ৰহ এৰি পলাই গ’লো । মই উভতি আহিব নিবিচাৰো এই গ্ৰহলৈ ।

-   তুমি চিন্তা নকৰিবা দেউতা মই সকলো ঠিক কৰি দিম ।

ৰাহিয়ানে সজোৰেৰে মূৰ জোকাৰিলে ।

-   নাই, নাই। তুমি একো কৰিব নালাগে । তুমি চাবলৈ বিচাৰিছিলা সেয়ে তোমাক দেখুৱাবলৈ লৈ আনিলো । তুমি এই গ্ৰহত নামিব নোৱাৰিবা ।

-   মইতো সকলো গ্ৰহতে তোমাৰ লগত নামিছো । কিন্তু ইয়াত কিয় নোৱাৰো ?

-   বাকী সব গ্ৰহ আৰু এই গ্ৰহ একে নহয় ।

কিন্তু লিথিয়াৰ জেদৰ আগত বাৰে বাৰে হাৰি যায় ৰাহিয়ান ।

তেওঁলোক আহি পাইছিল । ৰাহিয়ানে ঢাকাত আহি ৰ’ল । সি দেখা ঢাকাৰ লগত এইখন যেন নৰক । এতিয়াও জীয়াই আছে কিছু পুৰুষ। নাৰীৰ অবিহনে যেন পশুৰ জীৱন তাহাঁতৰ । না দিন আছে না ৰাতি । সকলো ধূসৰ । সকলোপিনে কেৱল ধ্বংসস্তুপ । নাই চন্দ্ৰ নাই সূৰ্য্য । নাই সেউজীয়া নাই নদী ।

লিথিয়াই ৰাহিয়ানলৈ অপেক্ষা নকৰি নিজেই নামি গ’ল । লিথিয়া নামি অহাৰ লগে লগে বতাহ বলিবলৈ আৰম্ভ কৰিলে । যেন তাইৰ বাবেই অপেক্ষা কৰি আছিল এই মাটিয়ে । লিথিয়াৰ ভীষণ ভাল লাগিবলৈ ধৰিলে । কিন্তু লিথিয়াৰ গাৰ গোন্ধ, চুলি গোন্ধ বতাহত ভাঁহিবলৈ আৰম্ভ কৰিলে । চৌপাশৰ পৰা ওলাই আহিল মানুহৰূপী পশু ।

ৰাহিয়ানে কিবা কৰিবলৈ পোৱাৰ আগতেই সকলো জপিয়াই পৰিল লিথিয়াৰ ওপৰত । ৰাহিয়ানে ৰখাবলৈ নোৱাৰিলে। দিকবিভ্ৰান্ত হৈ গুলিয়াবলৈ ধৰিলে । চাৰিওফালে সকলোৱে নিথৰ দেহ পৰি ৰ’ল । মাজত পৰি ৰ’ল আশ্চৰ্য্যচকিত দুচকুৰে লিথিয়াৰ নিথৰ দেহ ।

ৰাহিয়ানৰো জীয়াই থকাৰ কোনো উদ্দেশ্য বাকী নৰ’ল ।

ৰাহিয়ানে নিজৰ স্পেছশ্বিপলৈ গৈ অটোমটিক ধ্বংসৰ বুটামটো টিপি দিলে ।

ৰাহিয়ান নিজে ধ্বংস হোৱাৰ আগেয়ে দেখিলে পৃথিৱী নামৰ গ্ৰহটো জলন্ত স্ফুলিঙ্গৰ দৰে ধ্বংস হ’বলৈ আৰম্ভ হৈছে । লাহে লাহে বিলীন হৈ যাব ধৰিছে । শেষ আশাৰে বহি আছিল এই বিশ্ব । এগৰাকী নাৰীয়ে জীয়াই আছিল । আজি সেই নাৰীও জীয়াই নাথাকিল । গতিকে নাৰীবিহীন পৃথিৱীৰ অস্তিত্ব নাই ।

Thursday, 10 June 2021

খুলি দিয়া

 মূল উৰ্দু: সাব্দাত হাছান মণ্টোো

  অসমীয়ালৈ ভাঙনি: দেৱাশ্ৰী

 অমৃতসৰৰ পৰা বিশেষ ট্ৰেইনখন আবেলি দুই বজাত ৰাওনা হ’ল আৰু প্ৰায় আঠ ঘণ্টাৰ মূৰত মোলগপুৰাত উপস্থিত হ’লগৈ । যাত্ৰাপথত বহু যাত্ৰী মৃত্যুমুখত পৰিল, বহু আঘাটপ্ৰাপ্ত হ’ল আৰু বহু জন নিখোজ হ’ল । 

 পাছদিনা পুৱা চিৰাজুদ্দিনে চকু মেলি নিজকে শৰণাৰ্থী শিৱিৰৰ চেঁচা মজিয়া খনত আৱিষ্কাৰ কৰিলে। তাৰ চৌপাশে উত্তেজিত পুৰুষ, মহিলা আৰু শিশুৰ এটা ভীৰ আছিল। এইবোৰৰ মাজত সি নিৰ্বিকাৰ হৈ ধূসৰিত আকাশখনলৈ চাই বহি থাকিল। শিৱিৰৰ হুলস্থূলীয়া পৰিৱেশটোলৈ কোনো ভ্ৰুক্ষেপেই নাই। যেন একো শব্দই তাৰ কাণলৈ যোৱা নাই । যিয়ে দেখিছিল ভাৱি লৈছিল যে সি কোনো গভীৰ আৰু নিদাৰুণ চিন্তাত ডুবি আছে । যদিও তাৰ মন-মগজু সম্পূৰ্ণ খালী হৈ আছিল। 

 আচম্বিতে সূৰ্যৰ পোহৰ চকুত নপৰালৈকে চিৰাজুদ্দিনে নিৰ্বিকাৰ হৈ ধূসৰিত আকাশখনলৈ চাই থাকিল । সূৰ্যৰ উত্তাপ তাৰ প্ৰতিডাল সিৰাতে সোমাই পৰিল । সি উঠি বহিল। তাৰ চকুৰ আগত এক দু:স্বপ্ন ভাঁহি উঠিল -জুই-লুণ্ঠন-দৌৰি পলোৱা এদল মানুহ- এটা ষ্টেচন-গুলী চালনা-অন্ধকাৰ আৰু চাকিনা।

 চাকিনাৰ কথা মনলৈ অহাত চিন্তিত ভীতগ্ৰস্ত চিৰাজুদ্দিনে ভীৰৰ মাজত চাকিনাক বিচাৰিবলৈ আৰম্ভ কৰিলে। 

 শিৱিৰৰ ইফালৰ পৰা সিফাললৈ একেৰাহে তিনি ঘণ্টা সি চিঞৰি থাকিল, ‘চাকিনা… চাকিনা’। শিৱিৰৰ প্ৰতিটো চুক কোণতে তাইক বিচাৰিলে । কিন্তু তাৰ কণমানি ছোৱালী জনীৰ কোনো সন্ধান নাপালে।  চাৰিওফালে এক অবৰ্ণনীয় পৰিৱেশ, কোনো শৰণাৰ্থীয়ে যদি তেওঁলোকৰ সন্তানক বিচাৰিছে, আন কোনোৱে তেওঁলোকৰ মাকক, কোনোৱে পত্নীক আৰু কোনোৱে তেওঁলোকৰ কন্যাক ।

 হতোদ্যম আৰু ভাগৰুৱা চিৰাজুদ্দিন বহি পৰিল আৰু মনত পেলাবলৈ চেষ্টা কৰিলে প্ৰকৃততে ক’ত আৰু কেনেকৈ সি চাকিনাক হেৰুৱাইছিল। হঠাতে তাৰ পত্নীৰ শৰীৰটো চকুৰ আগত দু:স্বপ্নৰ দৰে ভাঁহি উঠিল- তাৰ পত্নীৰ শৰীৰ মাটিত পৰি আছে আৰু পেটৰ পৰা নাড়ী-ভুৰু বাহিৰলৈ ওলাই আহিছে। ইয়াৰ পাছতে তাৰ মগজুৱে পুনৰ কাম কৰিবলৈ বন্ধ কৰি পেলালে।

 চাকিনাৰ মাক ঢুকাইছিল। তাৰ সন্মুখতে তাইক হত্যা কৰা হৈছিল-কিন্তু চাকিনা ক’ত আছে? চিৰদিনৰ বাবে চকু মুদাৰ আগতে চাকিনাৰ মাকে তাক কাকুতি কৰিছিল, ‘মোৰ কথা চিন্তা নকৰিবা-পলোৱা, চাকিনাক ইয়াৰ পৰা লৈ যোৱা’

 চাকিনা তাৰ লগতে আছিল-দুয়ো খালী ভৰিয়ে দৌৰি পলাইছিল। চাকিনাৰ দোপাট্টা খন মাটিত পৰি গৈছিল। সি সেইখন তুলিবলৈ লওঁতে তাই চিঞৰিছিল, ‘থাকক দিয়া আব্বা’। কিন্তু সি তুলি লৈছিল। দোপাট্টাখনৰ কথা মনলৈ অহাত আপোনা আপুনি তাৰ হাতখন কোটৰ পকেটলৈ গ’ল আৰু দোপাট্টাখন উলিয়াই আনিলে। তাৰ হাতত চাকিনাৰ দোপাট্টাখন; কিন্তু চাকিনা ক’ত?

 চিৰাজুদ্দিনে মনত পেলাবলৈ চেষ্টা কৰিলে, কিন্তু কোনোপধ্যে একো মনত পেলাব নোৱাৰিলে। চাকিনা বাৰু তাৰ লগতে ষ্টেছন পাইছিলহি নে? তাৰ লগতে তায়ো ট্ৰেইনখনত উঠিছিল নে? সি মূৰ্ছা গৈছিল নেকি যেতিয়া বিদ্ৰোহীবোৰে ট্ৰেইনখন আক্ৰমণ কৰিছিল? তাঁহাতি তাইক অপহৰণ কৰিলে নেকি?

 সি প্ৰশ্নবোৰৰ একো উত্তৰ বিচাৰি নাপালে।

 চিৰাজুদ্দিনে কাৰোবাৰ পৰা অকনমান সহায় আৰু সমমৰ্মিতা বিচাৰিছিল। কিন্তু তাৰ চৌপাশৰ প্ৰতিজন মানুহকে সহায় আৰু সান্ত্বনাৰ প্ৰয়োজন আছিল । সি কান্দিবলৈ বিচাৰিছিল যদিও এটোপাল চকুলোও টুকিব পৰা নাছিল। সি যেন কন্দাৰ ক্ষমতা হেৰুৱাই পেলাইছিল।

 কেইদিনমানৰ পাছত চিৰাজুদ্দিনে নিজকে চম্ভালি ল’লে আৰু তাক সহায় কৰিবলৈ কেইজনমান মানুহ বিচাৰি পালে । তেওঁলোক আছিল এখন ট্ৰাক আৰু বন্দুক থকা আঠজন যুৱক।

 সি তেওঁলোকক হিয়া উজাৰি আৰ্শীবাদ কৰিলে আৰু চাকিনাৰ বিষয়ে বিৱৰি ক’লে, “তাই দেখাত বগা আৰু অত্যন্ত ধুনীয়া-তাই দেখাত সাইলাখ মাকৰ দৰে , মোৰ দৰে নহয়-তাইৰ চকুজুৰি ডাঙৰ, চুলিকোছা ঘন ক’লা আৰু তাইৰ সোঁ গালত এটা ডাঙৰ তিল আছে। তাই মোৰ একমাত্ৰ ছোৱালী। যদি তোমালোকে তাইক বিচাৰি আনিব পাৰা, ভগৱানে তোমালোকৰ মংগল কৰিব।

 সেই স্বেচ্ছাসেৱীসকলে চিৰাজুদ্দিনক আস্থা আৰু আন্তৰিকতাৰে আশ্বাস দিলে যে, যদি তাৰ কন্যা জীয়াই আছে তেনেহ’লে তেওঁলোকে তাইক বিচাৰি উলিয়াব আৰু শীঘ্ৰেই তাৰ ওচৰলৈ লৈ আহিব। 

যুৱককেইজনে চাকিনাক বিচৰাৰ যথপৰোনাষ্টি চেষ্টা কৰিলে। নিজৰ জীৱনৰ বিপদ আওকাণ কৰি  তেওঁলোক অমৃতসৰলৈ গ’ল। তেওঁলোকে বহুতো পুৰুষ, মহিলা আৰু শিশু উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল আৰু পৰিয়ালৰ লগত যোগাযোগ কৰাত সহায় কৰিলে। কিন্তু দহদিন চেষ্টা কৰিও চাকিনাক বিচাৰি উলিয়াবলৈ সক্ষম নহ’ল।

এদিন তেওঁলোক যেতিয়া কিছু শৰণাৰ্থীক সহায় কৰি অমৃতসৰলৈ উলটি আহি আছিল, তেতিয়া ৰাস্তাৰ দাঁতিত এজনী ছোৱালী থিয় দি থকা দেখা পালে। ট্ৰাকৰ শব্দ শুনা পাই তাই দৌৰিবলৈ আৰম্ভ কৰিলে।

সমাজকৰ্মী কেইজনে ট্ৰাকখন ৰখালে আৰু তাইৰ পাছে পাছে দৌৰিবলৈ ধৰিলে। 

এখন পথাৰত তাইক ধৰিবলৈ সমৰ্থ হ’ল- তাই খুবেই ধুনীয়া আৰু সোঁ গালত এটা ডাঙৰ তিল আছিল ।

এজন যুৱকে তাইক ক’লে, “ভয় নকৰিবা। তুমি চাকিনা নেকি”?

তাই মুখখন সেঁতা পৰিছিল। তাই কোনো উত্তৰ নিদিলে। বাকী যুৱকসকলে যেতিয়া আশ্বাস দিলে, তেতিয়া তাই জনালে যে তায়ে চিৰাজুদ্দিনৰ কন্যা।

আঠোজন যুৱকৰে চাকিনাৰ প্ৰতি ব্যৱহাৰ আছিল বন্ধুত্বসুলভ। তেওঁলোকে তাইক খাবলৈ দিলে আৰু তাইক ট্ৰাকত উঠাত সহায় কৰিলে- তাইৰ দোপাট্টা নাছিল আৰু সেয়ে তাই অস্বস্তিত পৰিছিল। তাই দুয়ো হাতেৰে বাৰে বাৰে বক্ষযুগল ঢাকিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল।

কেইবাদিনো পাৰ হ’ল-চিৰাজুদ্দিনে চাকিনাৰ কোনো খবৰ বাতৰি নাপালে ।

প্ৰতিটো পুৱাতে সি বেলেগ বেলেগ শিৱিৰ আৰু অফিচত চাকিনাক বিচাৰি যায়। কিন্তু খবৰ গোটাবলৈ সক্ষম নহ’ল। প্ৰতি ৰাতি সি য়েই যুৱককেইজনৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰে, যি তাক প্ৰতিশ্ৰুতি দিছিল যে, যদি তাৰ জীয়াৰী জীয়াই আছে অতি সোনকালেই তাৰ কাষলৈ আনিব।

এদিন সমাজকৰ্মীকেইজনক সি শিৱিৰত দেখা পালে। তেওঁলোক ট্ৰাকত বহি আছিল। ট্ৰাকখন যাবলৈ ওলাইছিল। সি দৌৰি তেওঁলোকৰ কাষ পালেগৈ আৰু সুধিলে, “বাচাহঁত… তোমালোকে চাকিনাক বিচাৰি পালা নে?”

“আমি তাইক বিচাৰি আছো, আমি তাইক বিচাৰি আছো” আটাইকেইজনে সমস্বৰে ক’লে আৰু আঁতৰি গ’ল।

চিৰাজুদ্দিনে পুনৰ তেওঁলোকৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিলে আৰু কিছু সকাহ পালে।

সেইদিনা চিৰাজুদ্দিন বহি থকা ঠাইখনৰ ওচৰতে এক হৈছৈৰ সৃষ্টি হ’ল। চাৰিজন লোকে তাৰ সন্মুখেৰে কাৰোবাক কঢ়িয়াই নিলে।

সি অনুসন্ধান কৰি গম পালে যে ৰে’লৱৈ লাইনৰ কাষত এজনী ছোৱালী মূৰ্ছিত অৱস্থাত পোৱা গৈছিল আৰু তাইকে শিৱিৰলৈ অনা হৈছিল।

সি তেওঁলোকক অনুসৰণ কৰিলে।

তেওঁলোকে ছোৱালীজনীক হাস্পতাল কৰ্তৃপক্ষক গতাই দিলে। চিৰাজুদ্দিনে কিছুসময় হাস্পতালৰ খুঁটাটোতে আঁউজি ৰ’ল। তাৰপাছত লাহে লাহে হাস্পতালৈ সোমাই গ’ল। 

তাত কোনো নাছিল। মাথো ছোৱালী জনী ষ্টেচাৰ খনত পৰি আছিল।

সি লাহে লাহে ছোৱালীজনীৰ কাষ চাপি গ’ল। 

কোনোবাই হঠাতে লাইটবোৰ জ্বলাই দিলে।

সি দেখিলে ছোৱালীজনীৰ গাল এটা ডাঙৰ তিল। যি চিৎকাৰ কৰি উঠিল “চাকিনা” ।

যিজন ডাক্টৰে লাইটবোৰ জ্বলাইছিল তেওঁ সুধিলে, “কি হ’ল?”

সি কোনোমতে উত্তৰ দিলে, “মই… মই তাইৰ দেউতাক” ।

ডাক্টৰজনে তাইৰ ফালে ঘূৰি পালচ্‌ চালে। আৰু ক’লে, “খিৰিকীখন খুলি দিয়া” ।

ষ্টেচাৰত থকা ছোৱালীজনী কঁপি উঠিল।

অতি কষ্টেৰে তাই চেলোৱাৰৰ ৰচীডাল ধৰিলে।

লাহে লাহে তাই চেলোৱাৰটো তললৈ টানিবলৈ ধৰিলে ।

তাইৰ বুঢ়া দেউতাকে আনন্দতে চিঞৰি উঠিল, “তাই জীয়াই আছে। মোৰ ছোৱালীজনী জীয়াই আছে” ।

ডাক্টৰজন ঘামত চেঁচা পৰিছিল।


(মূল উৰ্দু ভাষাৰ গল্পটো আলোক ভাল্লাই ইংৰাজীলৈ কৰা ৰূপান্তৰৰ পৰা অসমীয়ালৈ ভাঙনি কৰা হ’ল।)

Saturday, 13 March 2021

কেৰাচিনৰ গোন্ধ

 

মূল: অমৃতা প্ৰীতম

অসমীয়া ভাঙনি: দেৱাশ্ৰী বৰগোহাঁই

    গুলেৰিৰ মাক-দেউতাক চাম্বাত থাকে । পতিৰ ঘৰৰ পৰা কেইমাইল মান আঁতৰত । থিয় পাহাৰটোৰ পৰা একা-বেকা ৰাস্তাটোৰ শেষত । গুলেৰিৰ ঘৰৰ লৈ মনত পৰিলেই স্বামী মানকৰ লগত পাহাৰৰ চূড়াটোত গৈ থিয় হয় । চাম্বাৰ ঘৰবোৰ বেলিৰ পোহৰত জকমকাই থাকে, তাকে চাই গুলেৰিৰ মন ভৰি উঠে । এবুকু আনন্দ আৰু গৰ্ব ভৰাই স্বামীৰ লগত ঘৰলৈ উলটি আহে । 

    প্ৰতি বছৰে খেতি তোলাৰ সময়ত গুলেৰি মাকৰ ঘৰলৈ যায় । জীয়েকক নিবলৈ লাকাৰমাণ্ডিলৈকে দেউতাকে কাৰোবাক আগবঢ়াই আনিবলৈ পঠিয়ায় । গুলেৰি আৰু তাইৰ দুজনী বান্ধৱীৰ চাম্বাৰ বাহিৰলৈ বিয়া হৈছে । বছৰৰ এইখিনি সময়তে তাহাঁতিও ঘৰলৈ আহে । এই বিশেষ দিনটোৰ বাবেই তাহাঁতি তৃষ্ণাতুৰ চাতক পখীৰ দৰে প্ৰতীক্ষাৰ ক্ষণ গণে । তিনি বান্ধৱী লগ হ’লে আড্ডা জমি উঠে । নিজৰ সুখ-দুখৰ গল্প গজৱৰ মাজেৰে ঘণ্টাৰ পাছত ঘণ্টা গম নোপোৱাকৈয়ে কাটি যায় । সাজি কাচি ওলাই যায় । প্ৰধান আকৰ্ষণ শস্য তোলা উৎসৱটো আছেই । অনুষ্ঠানটোৰ বাবে ছোৱালীবোৰে নতুন কাপোৰ চিলায় । ঊৰ্ণাত ৰঙ কৰে, মাৰ দিয়ে, আকাশ ৰঙেৰে ওপচাই তোলে । কাঁচৰ চুড়ি কিনে, ৰূপৰ কাণফুলি । 

    গুলেৰি উৎসৱটো কেতিয়া আহি পাই তাৰে ভাৱনাত সকলো সময়তে বিভোৰ হৈ থাকে । শৰতৰ বতাহে যেতিয়া বৰ্ষাৰ ক’লীয়া মেঘবোৰ খেদি পঠিয়াই গুলেৰিৰ তেতিয়া চাম্বালৈ বৰকৈ মনত পৰে । 

    দৈনন্দিন কামবোৰ নিয়াৰিকৈ কৰি যায় । গৰু-দামুৰিৰ দানা-পানীৰ ব্যৱস্থা, শহুৰ-শাহুৰ বাবে ৰন্ধা বঢ়া শেষ কৰি, কিমান দিনৰ পাছত দেউতাকৰ ঘৰৰ পৰা তাইক নিবলৈ আহিব সেইয়া হিছাপ কৰিবলৈ বহে । 

    এইবাৰো দেউতাকৰ ঘৰলৈ যোৱাৰ সময় আহি পাইছে । ঘোৰাটোক গুলেৰিয়ে মৰম কৰিলে। দেউতাকৰ ঘৰৰ লগুৱা নাটুক উৎফুল্লিত হৈ স্বাগতম জনালে আৰু পাছদিনা যাত্ৰাৰ বাবে সাজু হ’ল। 

    গুলেৰিৰ চেহেৰাত আনন্দ পৰিস্ফুতিত হৈ উঠিছে । তাই স্বামী মানকে হোকাটো টানি চকু মুদি হুপিবলৈ ধৰিলে । তাৰ মুখ গম্ভীৰ। কি হৈছে বুজিব পৰা নাই । 

    ‘চাম্বাৰ মেলালৈ তুমি নোযোৱা?’ গুলেৰিয়ে জানিব বিচাৰিলে । মিনতিৰ সুৰত ক’লে, ‘অন্তত: এদিনৰ বাবে হ’লেও ওলোৱা’। মানকে হোকাৰ পাইপডাল নমাই থ’লে । একো উত্তৰ নিদিলে । ‘মোৰ কথাৰ কোনো উত্তৰ কিয় দিয়া নাই’। গুলেৰিৰ খঙ উঠি আহিল । 

    ‘তোমাক এটা কথা কওঁ?’

    ‘তুমি কি ক’বা মই জানো’।

    ‘দেউতাৰ ঘৰলৈ প্ৰতি বছৰেতো যোৱা’

    ‘তেনেহ’লে এইবাৰ যাবলৈ কিয় মানা কৰিছা?’ গুলেৰিয়ে খঙেৰে ক’লে ।

    ‘মাত্ৰ এইবাৰে যাব নালাগে’।

    ‘তোমাৰ মায়েতো একো কোৱা নাই। তুমি কিয় বাধা দিছা?’ ভ্ৰু কোঁচাই গুলেৰিয়ে সুধিলে ।

    ‘মোৰ মা…’ কথাটো আধা কোৱাকৈ মনে মনে ৰ’ল মানকে ।

    পাছদিনা পোহৰ হোৱাৰ আগেয়ে সাজি কাচি গুলেৰি সাজু হ’ল । তাইৰ কোনো সন্তান নাই । গতিকে লগত লৈ যোৱা বা শহুৰ- শাহুৱেকৰ লগত থৈ যোৱাৰ জঞ্জালো তাই নাই । নাটুয়ে ঘোৰাৰ পিঠিত জিন লগালে । গুলেৰিয়ে মানকৰ মাক দেউতাকৰ পৰা বিদায় ল’লে । তেওঁলোকে বোৱাৰীয়েকৰ মূৰত হাত ফুৰাই আশীৰ্বাদ দিলে ।

    ‘ব’লা তোমাক অলপ আগবঢ়াই দিওঁ’। মানকে ক’লে । গুলেৰি উৎফুল্লিত হৈ উঠিল । দোপাট্টাৰ তলত মানকৰ বাঁহীটো লুকুৱাই ল’লে ।

    খাজ্জা গাওঁ পাৰ হৈয়ে ৰাস্তাটো চিধা চাম্বালৈ নামি গৈছে । এইবাৰ দোপাট্টাৰ তলৰ পৰা বাঁহীটো উলিয়াই মানকক দিলে । মানকৰ হাতত ধৰি ক’লে, ‘এবাৰ বজোৱা’। কিন্তু মানক কিবা গভীৰ চিন্তাত নিমগ্ন, গুলেৰিৰ কথা তাৰ কাণত সোমোৱা নাই ।

    ‘তুমি বাঁহী বজোৱা নাই কিয়?’বিৰক্ত হৈ গুলেৰিয়ে ক’লে । মানকে শেঁতাপৰা চকুহালেৰে পত্নীৰ পিনে চালে, তাৰপাছত বাঁহীটো তুলি ল’লে। কৰুণ সুৰ এটি বজালে ।

    ‘গুলেৰি নাযাবা’। মানকে অনুনয় কৰিলে । ‘পুনৰ কৈছো এইবাৰ যাব নালাগে’। বাঁহীটো ঘূৰাই দিলে সি, একো বজাব পৰা নাই।

‘কিন্তু কিয়?’ গুলেৰিয়ে প্ৰশ্ন কৰিলে। ‘তুমি দেখুন মেলাৰ দিনা আহিবাই । তেতিয়া একেলগে ঘৰলৈ উভটি আহিম। শপত খাই কৈছো বেছি দিন থকাৰ জেদ নধৰো’।

মানকে আৰু অনুৰোধ নকৰিলে ।

    ৰাস্তাৰ দাঁতিত ৰ’ল তাহাঁত । নাটুৱে ঘোঁৰাটো অলপ আগুৱাই নি পতি-পত্নী হালক নিৰলে কথা পাতিবলৈ সুবিধা কৰি দিলে। মানকৰ মনত পৰিল সাত বছৰৰ আগেয়ে এনেকুৱা দিনতে এই বাটেৰে বন্ধুৰ লগত চাম্বাৰ উৎসৱ চাবলৈ গৈছিল। মেলাতেই গুলেৰিৰ লগত প্ৰথম দেখা । প্ৰথম দেখাতেই উভয়ে প্ৰেমত পৰিছিল। তাৰপাছত অকলশৰে কথা পতাৰ সুযোগ লৈ মানকে গুলেৰিৰ হাতত ধৰি কৈছিল, ‘তুমি যেন অপক্ক শস্য-দুগ্ধৰে পৰিপূৰ্ণা’। 

    ‘ম’হে অপক্ক শস্য খাই ভাল পায়’। হাতখন আজুৰি মোকলাই গুলেৰিয়ে কৈছিল । ‘মানুহে সিজাই খায়। মোক পাবলৈ বিচৰা যদি দেউতাৰ ওচৰলৈ যোৱা। কোৱাগৈ যে তুমি মোৰ হাতত ধৰিব খোজা’। মানকহঁতৰ গোত্ৰত বিয়াৰ আগত কন্যাপক্ষত যৌতুক দিয়াৰ নিয়ম। গুলেৰিৰ দেউতাকে কিমান টকাৰ যৌতুক বিচাৰিব তাকেলৈ মানক চিন্তিত হৈছিল। গুলেৰিৰ দেউতাক ধনীলোক, চহৰতো কিছুদিন আছিল। যৌতুকপ্ৰথাত বিশ্বাস নকৰে। ছোৱালীজনীক ভাল ল’ৰালৈ দিয়াৰ বাদে তেওঁ আন একো বিচৰা নাছিল। আৰু মানকৰ মাজত সেই সকলোখিনি গুণেই আছিল। গতিকে গুলেৰিয়ে ডিঙিত বৰমালা পিন্ধিবলৈ বেছি দিন ৰ’ব লগা নহ’ল। সেই দিনবোৰৰ ভাৱনাত বিভোৰ মানকৰ কান্ধত গুলেৰিৰ হাতৰ স্পৰ্শ পৰাত তাৰ চমক ভাগিল। 

    ‘ইমান সময়ে কি সপোন দেখি আছিলা?’ ধেমালী সুৰেৰে গুলেৰিয়ে সুধিলে। মানকে কোনো উত্তৰ নিদিলে। 

    ঘোঁৰাটোৱে অধৈৰ্য হৈ হিঁহিঁয়াই উঠিল। গুলেৰিয়ে বিদায় লোৱাৰ বাবে সাজু হ’ল। 

    ‘নীলঘণ্টা জঙ্গলৰ কথা শুনিছা?’ তাই প্ৰশ্ন কৰিলে, ‘ইয়াৰ পৰা কেইমাইলমান আঁতৰত । তালৈ যিয়ে যায় কাণেৰে নুশুনা হৈ পৰে’।

    ‘শুনিছো’।

    তোমাক অৱস্থা দেখি ভাৱ হৈছে তুমি যেন সেই জঙ্গলৰ পৰা উভটি আহিছা। মই কি কৈ আছো তোমাৰ একোৱে কাণত সোমোৱা নাই’।

    ‘ঠিক কৈছা গুলেৰি। তুমি কি কৈছা মই একোৱে শুনা পোৱা নাই’। দীৰ্ঘশ্বাস এৰিলে মানকে আৰু অন্য ফালে চাই থাকিল। সি কি ভাবি আছিল কোনেও নাজানিলে। ‘মই এতিয়া যাওঁ। তুমিও ঘৰলৈ যোৱাগৈ। বহুদূৰ আহিলা’। মৃদুভাৱে গুলেৰিয়ে ক’লে।

    ‘বহুখিনি বাট খোজ কাঢ়ি আহিলা। বাকীচোৱা ঘোঁৰাত উঠি যোৱা’। মানকে ক’লে।

    ‘এইটো লোৱা তোমাৰ বাঁহী’।

    ‘এইটো তোমাৰ লগতে লৈ যোৱা’।

    ‘মেলাৰ দিনা বজাবা নে?’ হাঁহিমুখেৰে গুলেৰিয়ে সুধিলে। সূৰ্যৰ পোহৰত তাইৰ চকুৰ মণি জিলিকি উঠিছিল। মানকে অন্যফালে মুখ ঘূৰালে। আচৰিত হৈ উঠিল গুলেৰি । মুৰটো জোকাৰি তাই চাম্বালৈ বুলি বাট ল’লে। মানক ঘৰলৈ উভটি আহি চিধাই বিচনাত পৰিলগৈ।

    ‘ইমান দেৰি কৰিলি যে?’ কাঁহ এটা মাৰি মাকে সুধিলে, ‘চাম্বালৈকে গৈছিলি নেকি?’

    ‘নাই। পাহাৰৰ ওচৰলৈকে গৈছিলো মাথো’। গধুৰ মাতেৰে মানকে ক’লে।

    ‘বুঢ়ামানুহৰ দৰে গোমোঠা মাৰি আছ’ যে’। মাকে ধমক দিলে, ‘হাঁহি মাতি থাকিব পৰা নাই?’

    মানকে ক’ব বিচাৰিছিল, হাঁহি মাতি থাকিব পৰা অৱস্থাত ৰাখিছা জানো তুমি? কিন্তু একো নক’লে। নিশ্চুপ হৈ ৰ’ল।

    মানক আৰু গুলেৰিৰ বিয়া হোৱা সাত বছৰ হ’ল যদিও গুলেৰি মাক হ’ব পৰা নাই। মানকৰ মাকে এইবাবে কঠোৰ সিদ্ধান্ত লৈছে। এনেদৰে তেওঁ চলিবলৈ দিব নোৱাৰে। এইবাৰ নাতিৰ মুখ চাব মানে চাবই। 

    কিছুদিনৰ পাছতেই মানকৰ দাম্পত্য জীৱন আঠবছৰত সোমাব। মানকৰ মাকে ল’ৰাৰ বাবদ পাঁচশটা ৰূপৰ মুদ্ৰা দিছে পুনৰ বিবাহৰ বাবে। তেওঁ আৰু অপেক্ষা কৰিবলৈ ৰাজী নহয়। অপেক্ষা কৰিছিল মাথো গুলেৰিৰ মাকৰ ঘৰলৈ যোৱালৈ যাতে তেওঁ নতুন বোৱাৰীক আনি ঘৰ সোমোৱাব পাৰে। 

    মাক আৰু সামাজিক প্ৰথাৰ একান্ত অনুগত মানকে এগৰাকী নতুন নাৰীক শৰীৰটো এৰি দিলে যদিও মনটো হ’লে দিব নোৱাৰিলে।   

    এদিন ৰাতিপুৱা দুৱাৰমুখত বহি মানকে হোকা টানি আছিল। ঘৰৰ সন্মূখেৰে পুৰণি বন্ধু এজন পাৰ হৈ যোৱা দেখা পালে, ‘আৰে ভৱানী’, সি চিঞৰি মাতিলে, ‘ইমান পুৱাই পুৱাই কোনফালে যাৱ’।

    ভৱানী ৰ’ল। কান্ধত এটা সৰু কাপোৰৰ টোপোলা। ‘নাই এনেয়ে’। নিৰুত্তাপ উত্তৰ তাৰ।

    ‘তেনেহ’লে ইমান কিহৰ লৰালৰি? আহা এক চিলিম মাৰি যোৱা’। মানকে আমন্ত্ৰণ জনালে।

    ভৱানী আগুৱাই আহি বহিল, হোকাটো মানকৰ হাতৰ পৰা ল’লে। কিছুপৰ হোকা টানি ক’লে, ‘মই চাম্বাৰ মেলালৈ যাওঁ’।

    মানকৰ হৃদপিণ্ডত কোনোবাই যেন চুৰিহে হানিলে।

    ‘মেলা আজি নেকি?’

    ‘প্ৰতিবছৰে এইসময়তে মেলা হয়’ শুকান মাতেৰে ভৱানীয়ে উত্তৰ দিলে। ‘মনত আছে নে সাত বছৰৰ আগেয়ে আমি একেলগে মেলালৈ গৈছিলো’। ভৱানী্যে আৰু একো নক’লেও মানকে তাৰ নিৰুত্তাপ আচৰণৰ ৰহস্য ঠিকেই বুজি পালে। অস্বস্তি লাগিল তাৰ। ভৱানীয়ে হোকাৰ পাইপডাল নমাই মাটিত থ’লে আৰু কান্ধত কাপোৰৰ টোপোলাটো ওলোমাই ল’লে। টোপোলাৰ ফাঁকেৰে এটা বাঁহী ওলাই আহিল। মানকৰ পৰা বিদায় লৈ সি নিজ বাটেৰে আগবাঢ়িল। যিমান দূৰলৈকে দেখা পোৱা গ’ল মানকে অনিমেষে বাঁহীটোলৈ চাই ৰ’ল। 

    পাছদিনা সন্ধিয়া সি মন্দিৰৰ কাম কৰি থাকোতে ভৱানীক আহি থকা দেখা পালে। তাৰফালেই আহিব ধৰিছে। অন্যপিনে মুখ ঘূৰালে মানকে। ভৱানীৰ লগত তাৰ কথা পতাৰ অকনো ইচ্ছা নাই। ভৱানী চিধাই তাৰ সন্মূখলৈ আহি বহিল। চেহেৰা তাৰ মোলান পৰা।

    ‘গুলেৰিৰ মৃত্যু হৈছে’ বিষন্ন মাতেৰে ভৱানীয়ে ক’লে।

    ‘কি?’

    ‘তোমাৰ দ্বিতীয় বিয়াৰ খবৰ পাই তাই গাত কেৰাচিন ঢালি জুই লগাই আত্মহত্যা কৰিছে’।

    মানকৰ চেহেৰা বিৱৰ্ণ হৈ পৰিল, বিস্ফোৰিত চকুৰে ভৱানীলৈ চাই ৰ’ল। 

    মুখেৰে একো মাত নোলাল। বুকুৰ ভিতৰখন জ্বলি চাৰখাৰ হৈ পৰিল।

    দিনবোৰ গৈ থাকিল। মানক মঠত কাম কৰিবলৈ যায়, তাৰ পৰা ঘৰলৈ উলটি আহে। চুপচাপ খাই উঠি যায়। এটা কথাও নকয়। যেন কোনো মৃত লোক। চেহেৰা অভিব্যক্তিশূণ্য, চকুত উদাস দৃষ্টি।

    ‘মই যেন তেওঁৰ পত্নী নহয়’। এদিন মানকৰ দ্বিতীয় পত্নীয়ে অভিযোগ কৰিলে। ‘তেওঁক যেন জোৰকৈ মোৰ কাষলৈ পঠিওৱা হয়’। তাৰ কিছুদিনৰ পাছতে তাই গৰ্ভৱতী বুলি গম পাই মানকৰ মাকৰ আনন্দই নধৰা হ’ল। নতুন বোৱাৰীক লৈ অতন্ত্য সুখী তেওঁ। ল’ৰাক জনালে ঘৰলৈ নতুন কনমাণি অতিথিৰ আগমণৰ বতৰা, কিন্তু মানকৰ চেহেৰা ভাৱলেশশূণ্য হৈয়ে ৰ’ল। চকুৰ উদাস চাৱনিৰ কোনো পৰিবৰ্তন নঘটিল। 

    শাহুৱেকে বোৱাৰীয়েকক সাহস দিলে, সন্তান জন্মৰ পাছত কেঁচুৱাক বাপেকৰ কোলাত তুলি দিলেই মানকৰ মন মেজাজৰ পৰিবৰ্তন হ’ব।

    যথাসময়ত মানকৰ দ্বিতীয় পত্নীয়ে এটি পুত্ৰ সন্তান জন্ম দিলে। মানকৰ মাকে আনন্দ মনেৰে নাতিক নোৱাই ধুৱাই, সুন্দৰ কাপোৰ পিন্ধাই মানকৰ কোলাত তুলি দিলে। স্থিৰ দৃষ্টিৰে বহুসময় সি পাষান মুখেৰে কেঁচুৱাটোৰ পিনে চাই ৰ’ল। হঠাৎ তাৰ শূণ্য চকুত আতংক ফুটি উঠিল, মৃগীৰোগীৰ দৰে চিৎকাৰ কৰি উঠিল, ‘লৈ যোৱা। তাক লৈ যোৱা। তাৰ গাৰ পৰা কেৰাচিনৰ গোন্ধ ওলাইছে’।


                    *******