মূল: সাদাত হুছেইন
অনুবাদ: দেৱাশ্ৰী
মানুহ বৰ অভিমানী প্ৰাণী।
যি বিচাৰে, মন বেয়া লাগিলে প্ৰিয় মানুহগৰাকীয়ে একো নোকোৱাকৈয়ে
বুজি পাওক। ফোনত ম্লান মাতষাৰ শুনি ব্যগ্ৰ হৈ সোধক, “মন বেয়া নেকি তোমাৰ?”
খেলিমেলি চুলি আৰু ৰঙচুৱা দুচকু দেখি সোধক, ‘ৰাতি শুৱা নাই?
কিবা বেয়া সপোন দেখিছিলা? কিবা টেনছন হৈছে নেকি?’
যি বিচাৰে, মানুহগৰাকীয়ে বুজক, কেতিয়াবা জোৰকৈ বুকুৰ মাজত
সাৱটি ধৰিব লাগে, লাহেকৈ দুহাতেৰে চুই জপাই দিব লাগে চকু পতা।
যি বিচাৰে, মানুহগৰাকীয়ে বুজক, কেতিয়াবা হাতৰ মুঠিত দুহাত
লৈ মনে মনে ক’ব লাগে, ‘মই আছো নহয় । মন বেয়া কৰিছা কিয়?’
যি বিচাৰে, ঠিক কৰি দিয়ক মাজনিশা কাষৰ মানুহগৰাকীৰ মুৰৰ পৰা
সৰি পৰা গাৰুটো, পিছ নিশা যেতিয়া জাৰ পৰে মেৰিয়াই ধৰক এখন উমাল চাদৰ।
যি বিচাৰে, মনত ৰাখক তেওঁৰ জন্মদিন। লগপোৱাৰ প্ৰথমটো দিনৰ
কথা, স্পৰ্শ তথা অনুভূতিৰ কথা।
যি বিচাৰে, সাজক এবাৰ চুই চোৱাৰ মিছা অজুহাত। কপাল চুই কওক,
‘চাওঁ! চাওঁ! তোমাৰ জ্বৰ উঠিছে নেকি?’
অভিমানত ওফোন্দ পাতি আঁতৰি গ’লে কওক, ‘এইটো কথাতে আঁতৰি যাবা
নে? এই যে অ’তবোৰ ভালপোৱা, তাৰবাবেও উভটি নাহিবা আকৌ কাষলৈ? কাষলৈ? আকৌ কাষলৈ?’
মানুহ বৰ অভিমানী প্ৰাণী।
দুইজনে কেবল ভাৱে, এইবোৰ কথা সেই মানুহগৰাকীয়ে কওক।
সেই আনগৰাকী মানুহে।
কিন্তু শেষ পৰ্যন্ত কাৰোৰে কোৱা নহয়। কাষ চাপি অহা ৰঙীন দিনবোৰ
ক্ৰমাত ধূসৰ বিৱৰ্ণ এটা গল্প হৈ পৰে।
মানুহ বৰ অভিমানী প্ৰাণী।
অভিমানত ক্ৰমাৎ আঁতৰি গৈ থাকে।
বুকুত পুহি ৰাখে এসাগৰ আক্ষেপ।