মূল: মহাশ্বেতা দেৱী
ভাৱানুবাদ: দেৱাশ্ৰী বৰগোহাঁই
সিদিনা ৰাতি । তীৰ্থবাবুৰ টোপনি ভাগিল । টেলিফোনটো বাজিছে । মাজনিশা টেলিফোনটো বাজিলে কিয় জানো ভীষণ ভয় লাগে তেওঁৰ ।
‘হেল্লো । শুনিছে… মই হাস্পতালৰ পৰা কৈছো… আপোনালোকৰ পেছেন্টজনৰ মৃত্যু ঘটিছে । হেল্লো’ ।
‘আমাৰ পেছেন্ট ? হাস্পতালত আমাৰ কোনো পেছেন্ট নাই’ ।
‘আপোনাৰ নম্বৰ’ ?
‘ৰং নম্বৰ । ফোনটো ৰাখক’ ।
‘ ৰং নম্বৰত ফোন কিয় কৰে? ৰং নম্বৰত’?
তীৰ্থবাবুয়ে ফোনটো নমাই থ’লে । ভয় কৰে তেওঁ । ভীষণ ভয় কৰে ।
‘হঠাৎ ফোনটো কিয় বাজে ? কিয় ৰং নম্বৰৰ পৰা ফোন আহে’ ?
সবিতাই প্ৰশ্ন কৰিলে ।
আজি বহুদিন হ’ল । বহুৰাতি পাৰ হ’ল সবিতা বা তীৰ্থবাবুৰ ভালকৈ টোপনি নহাৰ ।ৰাতি বাৰ বজাত তীৰ্থবাবুয়ে টোপনি অহাৰ বৰি খায় । তাৰপাছত তেওঁ চকুমুদি মনটো চিন্তাশূণ্য কৰাৰ চেষ্টা কৰে ।
কিন্তু বাৰে বাৰে বিফল হয় তেওঁ । কোনোপধ্যে নোৱাৰে তীৰ্থবাবুয়ে । তেওঁৰ চেতন আৰু অৱচেতন, প্ৰথম স্তৰৰ চেতন আৰু অন্তিম স্তৰৰ চেতন মনৰ মাজত একোখন ওখ দেৱাল গঢ়ি উঠে । দেৱালবোৰত পোষ্টাৰ অঁৰা থাকে ।
দীপাংকৰৰ ফটো । শৈশৱৰ দীপাংকৰ , মুণ্ডণ কৰা, আপোনভোলা চেহেৰাৰ দীপাংকৰ । দীৰ্ঘদেহী, ভাবুক আৰু শান্ত চেহেৰাৰ ।
দীপাংকৰ । তীৰ্থবাবুৰ ল’ৰা । সন্তান, সন্তান, মানুহে কিয় বিচাৰে সন্তান? কিয় সৰ্ব্বোচ্চ উজাৰি ভালপাই সন্তানক? তীৰ্থবাবুয়ে সদায়ে এই প্ৰশ্ন কৰে নিজকে ।
তাৰপাছত লাহে লাহে টোপনি আহে । গাঢ় অথচ অস্বতিকৰ, আতংকময়, বিপৰ্যস্ত টোপনি । সবিতাই অনুমান কৰে তেওঁ যেন টোপনি যোৱা নাই । প্ৰশ্ন কৰে, ‘কাৰ ফোন আছিল’?
‘ৰং নম্বৰ’ ।
‘কৰপৰা আহিছিল’?
‘হাস্পতালৰ পৰা’ ।
‘হাস্পতালৰ পৰা? সেইয়া যদি আমাৰে ফোন হয়’?
‘পাগলামি নকৰিবা সবু । তুমি চোন জানাই দীপু নীৰেনৰ লগত আছে । নীৰেনে তাক দিল্লীত ভৰ্তি কৰি দিয়াৰ বাবে চেষ্টা কৰি আছে । সকলো জানিও কিয় এনে পাগলামি’?
‘নীৰেনৰ লগত আছে যদি চিঠি নিলিখে কিয় দীপুয়ে । নীৰেনে কিয় চিঠি নপঠায়? তুমি কি ভাৱিছা মই কন্দা কটা কৰিম? নীৰেনৰ ওচৰলৈ দৌৰি যাম’ ।
‘সবু অস্থিৰ নহ’বা চোন’ ।
‘মোৰ ভাৱ হয় দীপু নীৰেনৰ লগত নাই । নীৰেনে ইচ্ছা কৰিয়ে আমাক একো জনোৱা নাই’।
‘মনে মনে থাকা সবু , নাকন্দিবা । তুমিতো জানাই দীপুৰ পলাই ফুৰাৰ কোনো কাৰণ নাই’ ।
‘তেতিয়া হ’লে সি আমাৰ কাষলৈ কিয় নাহে’ ?
‘সবু অসুখে তোমাক অবুজ কৰি তুলিছে । দিনকাল বেয়া, এই অঞ্চলটোও ভাল নহয়, সেয়ে অহা নাই সি’ ।
সবিতাই কান্দিবলৈ আৰম্ভ কৰে । লাহে লাহে, উচুপি উচুপি ।
কান্দি কান্দি এটা সময়ত সবিতা টোপনি যায় । তীৰ্থবাবুৰ টোপনি নাহে । কি হৈছে দেশৰ অৱস্থা । আচ্ছা। ৰোগীৰ যদি মৃত্যু ঘটে, তেনেহ’লে তেওঁলোকে টু-থ্ৰী একচেঞ্জ নম্বৰ দিলে ফৰ সেভেন লৈ ফোন কৰে কিয়? ৰং নম্বৰ । ৰোগী আত্মীয়ৰ মনৰ অৱস্থা কি হ’ব পাৰে বাৰু?
নে কোনো অৱস্থাই নহয়? আজিকালি সকলোবোৰ কুৰুক্ষেত্ৰৰ অৰ্জুন, নিৰ্বিবাদে গ্ৰহণ কৰে মৃত্যুক । মৃতদেহ বিচনাতে পৰি ৰয় । খৰচ বচাবলৈ আত্মীয় আতৰি যায় আৰু উভতি নাহে । মৃতদেহ সেই চেঁচা গুদামটোতে পৰি ৰয় । কোনোবা উলটি অহাৰ বাবে ।
তীৰ্থবাবুয়ে ভয় কৰে, মাথো ভয় কৰে । এই যেন অন্য এখন কলকাতাত বাস কৰে তেওঁ, অন্য এখন পশ্চিমবংগত । সেই চহৰখন চাবলৈ ইচ্ছা কৰে তেওঁ । সেই গড় মঠ, মনুমেন্ট-ভৱানীপুৰ-আলিপুৰ-চড়কডাঙ্গাৰ কেকুঁৰি । সেই আহাৰ মাহৰ ৰথমেলা, চ’তমাহৰ কালীঘাটৰ গৰ্জন- মাঘৰ বৰদিনৰ আলোকসজ্জা । এইখন সেই চহৰ নহয় । এইখন ভুল চিটি । ৰং চিটি । ভুল ট্ৰেইনত উঠি ভুল চহৰলৈ আহিল তেওঁ ।
সবিতাক সান্তনা দিলেও তীৰ্থবাবুয়ে নিজেও ভাৱে, দীপাংকৰে চিঠি নিলিখে কিয়? কিয় নীৰেনে দীপাংকৰৰ খবৰ নিদিয়ে?
কিয়, কিয় মানুহে সন্তান বিচাৰে? কিয় ভালপাই আত্মজক, আত্মজাক? মৃত্যুৰ পাছত মুখাগ্নি কৰিবৰ বাবে । ৰং আনছাৰ । যিমান দিন জীৱন আছে, সিমান দিনলৈ সন্তানক বিচাৰে তীৰ্থবাবুয়ে । কাষত থাক তই, ওচৰত থাক তই । আমাৰ যন্ত্ৰণা লৈ যা, ভাগ্য লৈ যা । আমাৰ কাষতে থাক তই ।
ৰং হোপ ।
কৰবাত এটা একচেঞ্জ আছে, এই চহৰৰ ক’ত আছে একচেঞ্জটো ? যেন তাত কোনোবাই মাথো কৈছে ৰ্ং নম্বৰ । ৰং চিটি । ৰং হোপ ।
ক’ত আছে ? ক’ত সেই অদৃশ্য অপাৰেটৰ ? অপাৰেটৰজনক দেখা পোৱা নাযায় কিয় ?
ভাৱি ভাৱি তীৰ্থবাবু টোপনিত ঢলি পৰে । এনেদৰে দিন গৈ ৰাতি হয়, সোম গুচি ৰবি, পুৱা সন্ধ্যা হয় । ৰাতিলৈ ভয় কৰে তীৰ্থবাবুয়ে, কেনেবাকৈ যদি টোপনিৰ মাজত শাৰী শাৰী দেৱালবোৰ দেখা পায় ।
দেৱালবোৰত দীপাংকৰৰ মুখ অকা থাকে । শুই শুই তীৰ্থবাবুয়ে ভাৱে, মনোজৰ ওচৰলৈ এবাৰ যাব নেকি? মনোজ তেওঁৰ বন্ধু, মনোৰোগৰ চিকিৎসক । তীৰ্থবাবু নিশ্চয় অসুখ হৈছে । তোমাৰ অসুখ হৈছে তীৰ্থ ।
মনোজে ৰায় দিলে । তীৰ্থবাবুৰ শুকান মুখ, কাতৰ চাৱনি আৰু বাৰে বাৰে কপালৰ ঘাম মচাৰ চেষ্টা তেওঁ লক্ষ্য কৰিছিল ।
‘কি অসুখ?’
‘নাৰ্ভৰ’।
‘নাৰ্ভতো মোৰ ভালেই মনোজ’।
‘তোমাৰ চিন্তাবোৰ অলীক’।
‘অলীক’!
‘তুমি কি কৈছিলা নিজে এবাৰ শুনা’।
মনোজে টেপৰেকৰ্ডাৰটো বজাই দিলে ।মনোজে ৰোগীৰ স্বীকাৰোক্তি ৰেকৰ্ড কৰি ৰাখে । তাৰপাছত বিচাৰ কৰে । ৰায় দিয়ে । তীৰ্থবাবুয়ে টেপৰেৰ্ডাৰটোৰ ফালে চাই টকাৰ হিচাপ কৰি আছিল । তেনেতে হঠাৎ এটা ক্লান্ত, অৱশ মাত শুনা পোৱা গ’ল ।
‘মোৰ ভাৱ হয় ঘৰখন মোৰ নহয় । দুৱাৰত টুকুৰিয়ালে কোনেও দুৱাৰ খুলি নিদিব, কাৰণ মই ৰং এড্ৰেছত আহিছো । কলকাতাৰ বাটেৰে গৈ থাকোতে ভাৱ হয় এইখন কলকাতা নহয় । ঘৰ-দুৱাৰ, বাৰী, গড়ৰ মঠ, মনুমেন্ট সকলো অন্য চহৰ এখনক গটাই দি কলকাতা উধাও হৈছে । ভাৱ হয় এইখন ৰং চিটি ।কোনো প্ৰয়োজন নাছিল যদিও এইখন যে কলকাতা তাকেই প্ৰমাণ কৰিবলৈ সিদিনা কাওড়াতলালৈ গৈছিলো । দেৱালৰ লেখাবোৰ পঢ়ি বুজিব পাৰিলো মই ভুল ঠাইলৈ আহিলো । সেইদিনা মই সপোন দেখিলো….’
মনোজে টেপৰেকৰ্ডাৰটো বন্ধ কৰি দিলে । তীৰ্থবাবুৰ ফালে চাই সুধিলে,
‘কি সপোন দেখিছিলা তীৰ্থ?’
‘মই ক’ব নোৱাৰিম’।
‘কি সপোন?’
‘মোক নুসুধিবা মনোজ, মোক নুসুধিবা । সপোনটো মই মাজে মাজে দেখো’ ।
‘সেইবাবেই মই জনাতো দৰকাৰ’।
‘নাই মনোজ’।
‘তুমি অসুস্থ তীৰ্থ । স্বাভাৱিক, অসুস্থ হোৱাটো স্বাভাৱিক….’
‘কিয়? মোৰ বাবে অসুস্থ হোৱাটো কিয় স্বাভাৱিক?’
‘তোমাৰ ল’ৰাটো…’
‘মোৰ ল’ৰা কি?’
‘ঘৰত নাই’।
‘মনোজ, মই নাজানো তুমি কি ক’ব বিচাৰিছা । মোৰ ল’ৰা দীপাংকৰ । কাজিন নীৰেনৰ লগত লক্ষ্নৌত থাকে । তাত থাকি দিল্লীত পঢ়ে দীপাংকৰে’ ।
‘গড!’
মনোজে যন্ত্ৰণা আৰু দুখত আৰ্তনাদ কৰি উঠিল । ভিতৰৰ পৰা এক দীৰ্ঘ নি:শ্বাস এৰিলে । তীৰ্থ, তেওঁলোকৰ সময়ৰ আটাইতকৈ শান্ত, নিৰ্জু ল’ৰাটো আজি কি হৈ গ’ল?
‘গড!’ মনোজে খচখচ কৈ ঔষধৰ নাম লিখিলে । কাগজখন ফালি ঔষধৰ বটল এটা তীৰ্থবাবুক দিলে । ক’লে,
‘ৰাতি এটাকৈ খাবা । টোপনি ভাল হ’ব’ ।
‘দিয়া’।
তীৰ্থবাবুয়ে ঔষধৰ বটলটো লৈ ওলাই আহিল । মনোজে দুৱাৰ মুখলৈকে আগবঢ়াই দিলেহি । তাৰপাছত সুধিলে,
‘বসু তোমাৰ ওচৰলৈ আকৌ যোৱা নাই নহয়?’
‘নাই। কিয়?’
‘মই তেওঁক বাৰণ কৰিছো’ ।
‘তেওঁ আহিলে ঘৰত সোমাবলৈ দিম বুলি ভাবিছা নেকি? সবিতাক আজে বাজে কথা কৈ যায়’ । তীৰ্থবাবু ওলাই আহিল । তেতিয়ালৈ সন্ধ্যা লাগি ভাগিছিল ।
নে ৰাতিপুৱাইছে? ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে মানুহ ।
নে জনশূণ্য পথ?
নিৰ্জন পথ-মেঘাবৃতা ৰজনী…ধুমুহাৰ আগজাননী-জয়সিংহই ছুৰিত শাণ দিছে । ৰবীন্দ্ৰনাথৰ এই বৰ্ণনাটো তীৰ্থবাবুৰ খুব প্ৰিয় । তীৰ্থবাবুয়ে অনুমান কৰিলে তেওঁৰ চকুৰ পৰা টপটপকৈ চকুলো নিগৰিছে ।
সন্তানবোৰ একোজন ঘাতক । ঘাতক তাঁহাতি । পিতৃ মাতৃক প্ৰতিদিনে হত্যা কৰে । তীৰ্থবাবুয়ে সযত্নে ঔষধৰ বটলটো নিবলৈ ধৰিলে । যেন অলিম্পিকৰ পৱিত্ৰ অগ্নিশিখাহে বহন কৰিছে ।
আজি ৰাতি সেই সপোনটো আকৌ দেখিলে । তেওঁ দেখিলে চৌৰাঙ্গীৰোডৰ দুয়োকাষে লাখ লাখ মানুহ থিয় হৈ আছে । কিন্তু সকলো নিশ্চল । পথৰ দুকাষে ডাঙৰ ডাঙৰ শুভ্ৰ উজ্জ্বল আলো । পথৰ মাজভাগ ৰক্তাক্ত । তাতে ৰৈ আউলী বাউলী চুলিৰে এগৰাকী প্ৰৌঢ়াই বুকু চপৰিয়াই চিঞৰিছে প্ৰবীৰ । প্ৰবীৰ । প্ৰবীৰ । বিলাপ কৰিছে । নাৰীগৰাকীক দেখি তীৰ্থবাবুয়ে বুজিব পাৰিলে তেওঁ পুৰাণৰ সেই নাৰী ।
দুৰে-দুৰে-অদুৰ প্ৰান্তৰত
মৰুভুমিত-দুৰন্ত শ্মশানত
নাই তোৰ স্থান
দুৰ্গম হাবিত, তুষাৰৰ মাজত
পৰ্বত-শিখৰলৈ ব’ল
ত্যাগি তোৰ পাপ ৰাজ্য
পতি তোৰ পুত্ৰঘাতী, অৰাতিৰ সখা
ব’ল পুত্ৰ শোকাতুৰা-
মহিলাগৰাকীয়ে আকাশ বিদাৰি চিঞৰিছে । এই সময় ড্ৰ্প কৰি দিয়া । ঘণ্টা বজোৱা । জোৰেৰে চিঞৰিছে তেওঁ । কৈছে এইয়া মাহিষ্মতীপুৰ নহয় । গুছি যোৱা । তৎক্ষনাৎ তীৰ্থবাবুয়ে ক’লে, চি ইজ ইন দি ৰং চিটি । কিন্তু ঘণ্টা বাজিবলৈ আৰম্ভ হ’ল ।
ঘণ্টা বাজিছে । ফোন বাজিছে ।
তীৰ্থবাবু উঠি বহিল । টেলিফোন মানুহে কিয় ৰাখে ? বিল পৰিশোধ কৰোতে জীউ ওলাই যায় ।
তীৰ্থবাবুয়ে ৰিচিভাৰ উঠালে ।
‘ফৰ সেভেন……নাইন?’
ঠিক সেই নম্বৰটোৱেই তীৰ্থবাবুৰ সন্মুখত টেলিফোনটোৰ গাত লিখা আছে । তীৰ্থবাবুয়ে ক’লে, ‘ন’।
‘এইটো তীৰ্থংকৰ চেটাৰ্জীৰ ঘৰ নহয়?’
‘ন’।
‘তীৰ্থবাবু । মই । বসু । হয় সিদিনা যে কৈছিলো । ….দুৰৰ ৰেল লাইনৰ দাঁতিত পোৱা বডীটোৰ কথা, হয় দীপাংকৰৰ । ডায়েড ফৰ ইনজিওৰিচ । আপুনি নাহিলে । বডী হ্যাজ বিন ক্ৰিমিটেড । হেল্লো । শুনা পাইছে নে?’
‘নাই’।
‘এইটো তীৰ্থংকৰ চেটাৰ্জীৰ ঘৰ নহয়?’
‘নহয়’।
‘এইটো ফৰ সেভেন…..নাইন নহয়’ ।
‘নহয় । ৰং নম্বৰ’।
তীৰ্থবাবুয়ে ফোনটো নমাই থ’লে । কিবা ভাবি ৰিচিভাৰটো টেলিফোনটোৰ পৰা নমাই থ’লে । তাৰপাছত বিচনালৈ উলটি গ’ল । সপোনটো আকৌ চাব লাগিব । যেনেকৈয়ে নহওক আকৌ এবাৰ সপোনটো চাব লাগিব । সপোনটো দেখিলেহে তীৰ্থবাবুয়ে জানিব পাৰিব কেনেকৈ উন্মাদিনীজনী ৰং চিটিৰ পৰা পলাই গ’ল । স্বপ্নাতুৰ তীৰ্থবাবুৰ হাতত আজি আৰু একো নাই । কলকাতাৰ ঠায়ে ঠায়ে বিচাৰিও তীৰ্থবাবুয়ে পলোৱাৰ বাট বিচাৰি নাপালে । এতিয়া তাক জনাৰ বাবে সপোনটোৰ পাছে পাছে যাব লাগিব । প্ৰবীৰৰ মৃত্যুৰ পাছত যেতিয়া প্ৰবীৰৰ দেউতাকক লৈ সকলোৱে যেতিয়া হত্যাকাৰীক কৰায়ত্ত্ব কৰাৰ বিজয়োৎসৱ কৰিছিল, অকল এইজনেই পলাই গৈছিল ।
তীৰ্থবাবুু শুই পৰিছিল ।