মূল বাংলা:
দোলনা বড়ুয়া তৃষা
অসমীয়া
ভাঙনি: দেৱাশ্ৰী বৰগোহাঁই
পলাশ আজি
শহুৰেকৰ ঘৰলৈ যাবলৈ ওলাইছে । তাক বিদায় জনাবলৈ সকলো আহিছে । মাকে ল’ৰাক শহুৰেকৰ ঘৰলৈ
পঠিয়াব লগা হোৱাৰ খঙত অনুস্বৰে কান্দিছে ।
আপোনালোকে চাগে ভাবিছে ল’ৰা এটা শহুৰেকৰ ঘৰলৈ
ফুৰিবলৈ যোৱাতো নো কি ডাঙৰ কথা । নাই । পলাশ শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ নাযায় । ছোৱালীবোৰ
যেনেদৰে শহুৰেকৰ ঘৰলৈ যায় ঠিক তেনেদৰে । নাই নাই ঘৰ জোঁৱাই নহয় ।
মই নীলা। ইমানদিনে মই শহুৰৰ ঘৰত আছিলো । মানে
পলাশ হঁতৰ ঘৰত । এতিয়া পলাশ তাৰ শহুৰৰ ঘৰলৈ মানে মোৰ ঘৰলৈ যাবলৈ ওলাইছে ।
আমি দুইজনেই মা-দেউতাৰ একমাত্ৰ সন্তান । মোৰো
কোনো ভাই-ভনী নাই । পলাশৰো নাই ।
প্ৰায় সাতবছৰ প্ৰেমৰ অন্তত আমাৰ বিয়া হয় ।
মই বিয়া কৰি মা-দেউতাক এৰি ক’লৈকো যাবলৈ বিচৰা
নাছিলো । অকলশৰীয়া হৈ পৰিব দুয়ো । সেয়ে পলাশৰ আগত চৰ্ত ৰাখিছিলো । যদি বিয়া কৰাব বিচাৰিছা
তেনেহ’লে এটা চৰ্ত মানিব লাগিব । আচলতে দুটা চৰ্ত ।
প্ৰথম, বিয়াৰ খৰচ দুই পৰিয়ালে সমানে বহন কৰিব
। কাৰণ বিয়া পাতি কোনেও কাৰোৰ ওপৰত দয়া কৰা নাই যে মা-দেউতাই সমস্ত জীৱনৰ জমাপুঞ্জী
এদিনতে শেষ কৰি পেলাব। দুয়োজনে একেলগে পঢ়া-শুনা কৰিছো ।দুয়োজনে জব কৰো । ইনকাম কৰো
। কোনো কম নহয় ।
দ্বিতীয়, যিহেতু আমি দুইজনে ঘৰৰ একমাত্ৰ সন্তান
গতিকে তেওঁলোকক চোৱাচিতা কৰাৰ দায়িত্ব আমাৰ ।গতিকে ৬ মাহ মই তোমালোকৰ ঘৰত থাকিলে বাকী
৬ মাহ তুমি মোৰ ঘৰত থাকিব লাগিব ।
পলাশে মানি লৈছিল । হয়তু ভাবিছিল মই পাছত পাহৰি
থাকিম । নাই মই পাহৰা নাই । পলাশে কথাটো ঘৰত জনোৱা নাছিল । কিন্তু ৬ মাহৰ পাছত মই যেতিয়া
আহিবলৈ ওলালো তেতিয়া সি জনাবলৈ বাধ্য হ’ল । অনেক সমস্যাৰ অন্তত আজি পলাশ শহুৰৰ ঘৰলৈ
ওলাইছে । পলাশৰ আপত্তি নাই কাৰণ শহুৰৰ ঘৰত সি জোঁৱাই হিচাপে যথেষ্ট আদৰ সৎকাৰ পায় ।
কিন্তু সি নাজানে এইবাৰ তাৰ জীৱনৰ সকলো হিচাপ নিকাচ উলোটা হৈ পৰিব ।
মায়ে খুব আদৰেৰে পলাশক বৰণ কৰিলে । ওচৰ চুবুৰীয়াক
মাতি আনি চাহ মিঠাই খুৱালে । খুব ফূৰ্ত্তি-তামাছা হৈছে । মই অহাৰ খবৰ পাই কাজিনকেইটাও
আহি খুব স্ফূৰ্তি কৰিছে । পলাশো খুবেই
আনন্দিত ।
দুয়ো চাকৰিলৈ
যাওঁ । একেলগে ফুৰিবলৈ যাওঁ । ঘৰখনেও যেন প্ৰাণ পাই উঠিছে ।
মাহ বগৰাৰ
লগে লগে পলাশ মোলান হৈ থাকিবলৈ ল’লে । তাৰ অনুভৱ হ’ল মই যেন চেঞ্জ হৈছো ।
পলাশ যিহেতু
শহুৰৰ ঘৰত আছে ঘৰৰ কিছুমান কামতো কৰিব লাগিব । দেউতাৰ অসুস্থতাৰ বাবে পলাশ এদিন বজাৰ
কৰিবলৈ যাব লগা হ’ল । পাছদিনাৰ পৰাই পলাশৰ ডিউটিয়ে হৈ পৰিল বজাৰ কৰাটো ।
প্ৰায় প্ৰতিদিনে
মায়ে সোনকানে টোপনিৰ পৰা জগাই তাক বজাৰ কৰিবলৈ পঠায় । সি বিৰক্ত হয় । মোৰ আগত আপত্তি
কৰে , তোমালোকৰ ঘৰত সদায় ইমান সোনকালে উঠিব লগা হয় । মই ক’লো, তাতে কি হ’ল? এইটো তোমাৰ
কাম । কিয় মই জানো তোমালোকৰ ঘৰত ৰাতিপুৱাৰ জলপান বনাবলৈ সোনকালে নুঠো ? মইতো কোনোদিন
একো কোৱা নাই ।
পলাশে একো
নক’লে ।
এদিন তাৰ
কিবা এটা ভাল লাগি থকা নাছিল । সেয়ে দেৰিকৈ উঠি বজাৰলৈ যোৱাত ভাল মাছ নাপালে । এই লৈ
মায়ে তাক একো নক’লে যদিও পাকঘৰত সোমাই ভোৰভোৰাই থাকিল । পলাশৰ ভীষণ খঙ উঠিছিল । মই
দেখিও নেদেখাৰ ভাও ধৰিলো । মোকো তাৰ মাকে শুৱাৰ পৰা উঠোতে অলপ পলম হ’লেই কিমান কথা
শুনায় । পলাশেতো কোনোদিন একোৱে মাত মতা নাই ।
-
মা আজি তাইৰ গাটো ভাল
নহয় । এনেকৈয়োতো এবাৰো কোৱা নাই ।
পলাশে চিঞৰি সুধিছে,
-
নীলা মোৰ চাৰ্টটো ক‘ত?
-
কি চাৰ্ট? মই কি জানো?
তাতেইতো সব আছে ।
-
আছে । কিন্তু এটাও
ইস্ত্ৰী কৰা হোৱা নাই ।
-
দোকানত দিয়া নাই সেইটো
মোৰ ভুল নেকি? নিজে কৰি লোৱা, পাৰিলে মোৰটোও কৰি দিয়া না ।
পলাশ মনে মনে থিয় দি ৰ’ল ।
-
কি হ’ল ?
-
মই এইবোৰ কোনোদিন কৰি
পোৱা নাই । দোকানত দিবলৈ পাহৰি গ’লে মায়ে কৰি দিয়ে।
-
ময়োতো কোনোদিন কৰা
নাছিলো । কিন্তু তুমি আৰু তোমাৰ মায়ে সিদিনা কৈছিলা এই সামান্য কামটোও মোক মোৰ মায়ে
শিকোৱা নাই নে? মই শিকি পেলাইছিলো নিজে নিজে । তুমিও শিকা । কিয় তোমাৰ মায়ে তোমাক একো
শিকোৱা নাই নেকি?
-
এইবোৰৰ মাজলৈ আকৌ মোৰ
মাক টানিছা কিয় ?
-
তুমি কিয় টানিছিলা
? মনত পৰিছে নে কথাবোৰ ?
পলাশে একো নামাতিলে । বিনা ইস্ত্ৰীৰ চাৰ্টটো পিন্ধি
জলপান নোখোৱাকৈ ওলাই গ’ল ।
কাষৰ ঘৰৰ আণ্টি আহিছিল । পলাশে লেপটপত অফিছৰ ইম্পৰ্টেণ্ট
কাম কৰি আছিল । মায়ে আহি ক’লে, কণী শেষ হৈছে । এটা নুডলছ্ আৰু কণী আনি দিয়া চোন ।
-
মা মোৰ কামটো খুবেই
ইম্পৰ্টেণ্ট । প্লীজ ১০ মিনিট পাছত যাম ।
-
তোমাৰ কামৰ বাবে এতিয়া
আলহীক শুদা মুখেৰে বহুৱাই থ’ম নেকি ?
নীলাৰ মাকে এনেদৰে কোৱাত খঙ উঠাৰ স্বত্তেও পলাশ উঠি
যাবলগীয়া হ’ল কাৰণ এইয়া যে তাৰ মাক নহয় । বিচাৰিলেও খঙ কৰিব পৰা নাই আচলতে সেই আপোন
ভাৱটোৱে যেন নাই । এইয়া যে শাহু মা ।
পলাশে মন কৰিলে সকলোৱে চাহ জলপান খোৱাৰ পাছতো তাক কোনেও
খাবলৈ নামাতিলে। সেইবাবে নিজেই গৈ বাতিত নুডলছ্ লৈ খালে । চাহকাপ একেবাৰে চেঁচা ।
নীলা তেতিয়াও অফিচৰ পৰা আহি পোৱা নাই । শাহুয়েকো কথা
পতাত মছগুল । পলাশে নিজেই চাহকাপ গৰম কৰিবলৈ ল’লে । কিন্তু কাপত বাকিবলৈ ধৰোতেই হাতত
গৰম চাহ পৰিল । ফলস্বৰূপে হাতৰ কাপটো সৰি পৰিল । খুব জোৰেৰে শব্দ হ’ল । নীলাৰ মাক দৌৰি আহিল,
-
কি হ’ল? কি ভাঙিলে?
-
মা, চাহ গৰম কৰিবলৈ
লওঁতে হাতৰ পৰা কাপটো পৰি ভাগিল ।
মায়ে খুব বিৰক্ত হৈছে
এইভাৱে ক’লে,
-
যিটো কাম নাজানা সেইটো
কোনে কৰিবলৈ কৈছিল ? গৰম চাহ খাবলৈ মন থাকিলে গৰম হৈ থাকোতেই খাব লাগে । গ’ল নহয় এতিয়া
মোৰ ছেটৰ কাপটো ।
মোৰ খুব দুখ লাগিল কথাবোৰ শুনি । মোৰ নিজৰ ঘৰত হোৱা
হ’লে মায়ে প্ৰথমে মোৰ হাতখন চালেহেঁতেন । তাৰপাছত কাপ । হাত খন ভীষণ পুৰিছে । নীলাৰ
মাকৰ সেইফালে ভ্ৰুক্ষেপে নাই । বাথৰুমলৈ গৈ পানী ঢালিলো, বেছিকৈহে পুৰিবলৈ ধৰিলে ।
জোৰৰে কান্দিবলৈ মন গৈছে । হঠাৎ মালৈ বৰকৈ মনত পৰিছে।
মালৈ ফোন লগালো ।
-
মা, কেনে আছা?
-
ভাল, তই কেনে আছ’ বাবা
? তোৰ অবিহনে ঘৰখন বৰ খালী খালী লাগিছে ।
-
মোৰ ভাল লগা নাই মা
। তোমালৈ বৰকৈ মনত পৰিছে । ইমানদিনে মনেই কৰা নাছিলো তুমি যে মোৰ কিমান যত্ন লোৱা।
-
কি হৈছে? তই ভালে আছ’
নে?
-
অ’ মা মোৰ ভাল । মা
গৰম চাহ পৰিলে তুমি কি লগাই দিয়া ?
-
কি হ’ল? চাহ পৰিছে
? কেনেকৈ ? বেছিকৈ পুৰিলে নেকি ?
-
নাই নাই । টেবুলত আছিল
মোবাইল টিপি টিপি চাহকাপ তুলিবলৈ ধৰোতে পৰিলে ।
-
সোনকালে পেষ্ট লগা
। নহ’লে পানীজ্বলা বান্ধিব । তোৰ পত্নী আৰু শাহুৱেৰ ক’ত ? তেওঁলোকে নাজানে ?
-
নীলা এতিয়াও আহি পোৱা
নাই । আৰু তাইৰ মাকক কোৱা নাই ।
-
অহ্ আচ্ছা , পেষ্ট
বনাই লগাই দে ।
কি যে এক অদ্ভূত চেঞ্জ হৈ গৈছে সকলো । কিছুসময়ৰ পাছত
নীলা আহিল । তাই মাকে কাপটোৰ বিষয় ভোৰভোৰাই থকা বাবে ৰুমলৈ আহি সুধিলে,
-
তোমাৰ হাতত চাহ পৰিলে
নেকি? চাওঁ ক’ত? কিবা লগাইছা নে? ৱেট, মই ৱাৰ্ণাৰ ক্ৰীম আনো ।
ইমানপৰে বেয়া লাগি থকা ভাৱটো নীলাৰ চিন্তা দেখি দূৰ
হ’ল । আচলতে ইয়াততো তায়ে মোৰ একমাত্ৰ আপোনজন । তাইক ভালপাওঁ বাবেইতো ইয়ালৈ আহিছো ।
কিছুদিনৰ পাছত নীলাৰ কাজিনৰ বিয়া । তাকেলৈ নীলা খুবেই
এক্সাইটেট । সকলোৱে একেলগে বিয়া খাবলৈ গ’লো । মোৰ ঘৰৰো সকলোকে বিয়ালৈ মাতিছিল । মা-দেউতাক
দেখা পাই সঁচাকৈয়ে কি ভাল লাগিছে । নীলাই পাৰ্লাৰৰ পৰা আহি মা-দেউতাক সেৱা জনাই কাজিনবোৰৰ
কাষলৈ গুছি গ’ল ।
মই বহি ৰ’লো অকলশৰে । কিনো কৰিম কাকো চিনিও নাপাওঁ।
নিজৰ ঘৰৰ বিয়া হোৱা হ’লে খুব স্ফূৰ্তি কৰিলোহেঁতেন ।
কিছু সময়ৰ পাছত নীলাই ফটো উঠিবৰ বাবে মাতি নিলে । ফটো
উঠাৰ পাছতে পুনৰ উধাও । একেলগে খোৱাও নহ’ব । তাই ফেণ্ডৰ স’তে খাব । মই মাৰ লগত ইটো
সিটো কথা পাতি আছিলো । মায়ে সুধিলে,
-
বাবা, ঘৰলৈ কেতিয়া
আহিবি । একো ভাল লগা নাই ।
মই দীৰ্ঘশ্বাস এৰিলো । মোৰো শহুৰৰ ঘৰৰ চখ শেষ হৈ গৈছে
।
মই ক’লো,
-
আৰু মাথো কেইটামান
মাহ।
মাৰ মুখখন দেখি বুকু ফাটি যাওঁ যেন কৰিছিল । হঠাতে ভাৱ
হ’ল ছোৱালীবোৰে যেতিয়া ইমান বছৰে আদৰেৰে ৰখা মাক-দেউতাকক এৰি আহে তাঁহাতৰো চাগে কিমান
কষ্ট হয় । নীলাই মোৰ লগত নাখালে । কাজিনৰ লগত খালে । মা-দেউতা যাবলৈ ওলাল । মই নীলাক
মাতিবলৈ গ’লো । নীলাই খুব ৰুডলি ক’লে,
-
মই এতিয়া নাযাওঁ ।
তুমি মা-দেউতাৰ লগত গুছি যোৱা ।
বৰ বেয়া লাগিল সকলোৱে আগত এনেদৰে কোৱাৰ বাবে । তথাপিও
ক’লো,
-
ময়ো থাকিম ।
-
তুমি ইয়াত ছোৱালীবোৰৰ
মাজত কি কৰিবা ? কাইলৈ অফিছ নাই জানো ?
-
তোমাৰ নাই ?
-
মই ছুটী লৈছো ।
-
এবাৰ কোৱা হ’লে ময়ো
ছুটী ল’ব পাৰিলোহেঁতেন ।
নীলাই পাত্তা নিদিলে । আনফালে গুছি গ’ল । মই তাইৰ মাক-দেউতাকৰ
স’তে উভতি আহিলো । গোটেই ৰাতি টোপনি নাহিল । প্ৰথমে ভীষণ খঙ উঠিল । তাৰপাছত এসোপামান
অভিমান ।
ৰাতিপুৱালৈ টোপনি আহিছিল । নীলা সাত বজাত আহিল । আহিয়ে
বিচনাত পৰিল । মোৰ খঙ কষ্ট অভিমান সকলো শেষ হৈ গ’ল । তাই এষাৰ মাতো নলগালে । সকলো পাহৰি
ময়ে মাত লগালো ।
-
আমনি নকৰিবাচোন ।
-
কি? তুমি তুমি মোক
এৰি গোটেই ৰাতি স্ফূৰ্তি কৰি আহিছা তোমাক এৰি মই কেনেদৰে আছো ভাবিছা নে? তুমি জানো
নাজানা তোমাক এৰি মোৰ টোপনি নাহে ?
নীলাই মুৰ তুলি ক’লে,
-
তুমিও জানো নাজানা
তোমাক এৰি মোৰ টোপনি নাহে ? তথাপিও তুমি তোমাৰ ফেণ্ড মহিনৰ বিয়াত গোটেই ৰাতি নাছিলা
। তোমাৰ মামাৰ ল’ৰাৰ বিয়াত নাছিলা । তোমাৰ অন্য ফেণ্ডৰ বাবেও নাছিলা কিমানটা ৰাতি ।
মই মাতিবলৈ গ’লে কৈছিলা -পত্নী মানে পেৰা । ময়ো খুব কষ্টেৰে পাৰ কৰিছিলো সেইবোৰ ৰাতি
। তুমি কাষত নাই সেইবাবে নহয়, তুমি মোক এৰি স্ফূৰ্তি কৰিছিলা সেইবাবে। যিটো আজি তোমাৰ
অনুভৱ হৈছে ।
পলাশৰ মনত পৰিল । সিওতো বহুবাৰ বিয়াঘৰৰ পৰা নীলাক অকলে
পঠিয়াইছো । পাছত খবৰ এটাও লোৱা নাই । পাছদিনা যেতিয়া নীলাই কিবা সুধিছিল তেতিয়া কৈছিলো,
- আমনি নকৰিবা । তাৰপাছত শুই পৰিছিলো । সেই অভিমান যে কোনোদিন ভঙাই নহ’ল ।
নীলাৰ মাক-দেউতাক ফুৰিবলৈ গৈছে । বহুতো কাম কৰিবলগীয়া
হৈছে । নীলাই বিশেষ একো কৰা নাই । সেইদিনা আনকি ৰন্ধা বঢ়াও নকৰিলে । মই নিজে ভাত কণী
ভজা আৰু মাংস ৰান্ধি পেলালো । নীলাই এবাৰো চাবলৈও নাহিল । নীলাক মাতিলো । তাই মোবাইলত
ভিডিঅ’ কলত ব্যস্ত আছিল ।
-
মই তোমালোকৰ ঘৰত ইমানবোৰ
ৰন্ধা-বঢ়া কৰিবলগীয়া হৈছে তোমাৰ কোনো ভ্ৰুক্ষেপেই নাই?
-
তাতে কি হ’ল ? মই চোন
তোমালোকৰ ঘৰত প্ৰতিদিনে ৰন্ধা বঢ়া কৰিব লাগে। তুমি আজিহে কৰিছা ।
-
সেইখন তোমাৰ শহুৰৰ
ঘৰ ।
-
আৰু এইখন তোমাৰ শহুৰৰ
ঘৰ আৰু ইয়াত কাম কৰিলে তুমি সৰু নোহোৱা । নিজৰ ঘৰ বুলি ভাবা সকলো ঠিক হৈ যাব । মোৰ
মা-দেউতাক আপোন বুলি ভাবা ।
পলাশে ক’বলৈ লৈছিল আপোন বুলি কেতিয়া ভৱা নাই ? কিন্তু
ক’ব নোৱাৰিলে কাৰণ নীলাই কোৱা কথাবোৰ খুব চিনাকী যেন লাগিল । পলাশেই নীলাক কৈছিল ।
নীলাক ক’লে- মই ভাত ৰান্ধিছো, তুমি টেবুল খন সজাই দিয়া
।
নীলাই সেয়াও নকৰিলে ।
-
নীলা এই সাধাৰণ কামটোও
তুমি কৰিব নোৱাৰা নে ?
-
সাধাৰণেই যদি কাম তুমি
নিজে কিয় কৰা নাই ?
পলাশৰ প্ৰচণ্ড খঙ উঠিছিল । কিন্তু এই কথাষাৰো যে তাৰ
চিনাকী । পলাশেই কোৱা । সাধাৰণেই যদি কাম তুমি নিজে কিয় কৰা নাই । আচলতে গেষ্ট আহিলে
তাই যেনেদৰে ৰন্ধা বঢ়া নিজে কৰে তেনেদৰে সাধাৰণ সাধাৰণ কামবোৰ যেনে টেবুল সজাই কাঁহী
বাতি সজোৱা কামটোও তাই অকলেই কৰে । সৰু সুৰা কামবোৰত সহায় পালে ভাল লাগে ।
নীলাৰ মাক দেউতাক উভটি অহাৰ পাছত নীলাক ক’লো- ব’লা আজি
ঘৰৰ পৰা আহোগৈ, ৰাতিলৈ ঘূৰি আহিম ।
-
আচ্ছা, মা-দেউতাৰ পাৰমিছন
লৈ আহা ।
-
কিয় ? মই মোৰ মা-দেউতাৰ
ওচৰলৈ যাবলৈ তেওঁলোকৰ পাৰমিছন কিয় লাগে ?
-
কি কিয়? মই কৈছো সেইবাবে
।
-
মানে?
-
তেনেহ’লে মই কিয় মোৰ
মা-দেউতাৰ ঘৰৰ আহিবলৈ তোমাৰ মা-দেউতাৰ পাৰমিছন ল’ব লগা হয় ? সকলোৰে ওচৰলৈ গৈ গৈ । তাৰপাছতো
ক’ত কথা? যেন মই কিনি লোৱা গোলামহে ।
মই একো নকয় মা-দেউতাৰ ৰুমলৈ গ’লো ।
-
মই আৰু নীলা এবাৰ আমাৰ
ঘৰৰ পৰা আহোগৈ ।
দেউতাই ভ্ৰু কোঁচাই ক’লে
-
আজি আকৌ কিয় যাব লাগে
? সিদিনা বিয়াঘৰত লগ পাইছিলাহে ।
এই কথা শুনি মই খঙত জলি পকি উঠিলো । আচৰিত । যি মোক
অত বছৰে মানুহ কৰিছে আৰু এতিয়া তেওঁলোকৰ কাষলৈ যাবলৈও মই আনৰ পাৰমিছন ল’ব লাগিব। নীলাৰ
ওচৰলৈ গৈ ক’লো
-
তোমাৰ দেউতাই এনেকৈ
কিয় কথা কয়?
-
কেনেকৈ?
-
আজি আকৌ কিয় যাব লাগে
? সিদিনা লগ পাইছিলাহে ।
-
শহুৰে এনেকৈ ক’ব পাৰে
। ধৰি নাথাকিবা ।
-
নীলা,
-
কি? একো মনত পৰা নাই
নে? সেইধৰণৰ কথাবোৰতো আগতেও হৈছিল । যেতিয়া মই তোমাক ঘৰলৈ আহিবলৈ লগ ধৰিছিলো ।
-
হু, মনত পৰিছে । I
am sorry . কিন্তু এতিয়া ওলোৱা ।
-
তুমি অকলেই যোৱা, মই
তুহিনহঁতৰ লগত বীছলৈ যাম ।
এইবাৰ অসহ্য লাগিছে । অকলেই ওলাই আহিলো । ঘৰৰ কাষ পাই
কি যে স্ফূৰ্তি লাগিছে । কিবা যেন আপোন আপোন । ঘৰত সোমাওতেই মায়ে বুকুৰ মাজত আকোৱালি
ল’লে । ময়ো সৰু ল’ৰাৰ দৰে মনে মনে কুঁচি মুচি কৈ সোমাই থাকিলো। মায়ে কি কি যে কৰা নাই
। মোৰ পছন্দৰ খোৱা লোৱা আৰু ক’ত যে কথা ।
-
তোৰ পত্নী নাহিল যে?
-
তাই ফুৰিবলৈ যাব ।
ইমানখিনিৰ পাছতো কিয় জানো নীলাৰ বিষয়ে বেয়াকৈ ক’বলৈ
মন নগ’ল । ভাৱ হ’ল কিবা ক’লে কথাখিনি নিজৰ গাতে পৰিব । তাৰোপৰি ভাৱ হ’ল নীলা আহিলে
আৰু ভাল হ’লহেঁতেন । মাক তাঁহাতৰ ঘৰত ঘটা ঘটনাবোৰৰ বিষয়ে একো নক’লো । শহুৰে অনা ঘড়িটো
দেখুৱালো । মা আনন্দিত হ’ল ।
-
আমাক এৰি শহুৰৰ ঘৰত
তেনেহ’লে তই ভালেই আছ ।
-
তুমিতো সদায় তুমিয়েই
মা ।
-
সন্তান ভালে থাকিলেইতো
মাক-দেউতাক ভালে থাকিব ।
ৰাতি খাই বয় অকলেই উভটিলো । নীলাক দেখি ভাৱ হ’ল তাই
ক’লৈকো যোৱা নাছিল । মই সোমোৱাৰ লগে লগে মোবাইল টিপি টিপি সুধিলে
-
ঘৰত মোৰ কি কি বদনাম
ৰটি আহিলা ?
-
কি কৈছা তুমি এইবোৰ
? মই তোমাৰ নামত কিয় বদনাম কৰিম ।
-
নহয় ঘৰলৈ গৈছিলা যে
মোক এৰি সেইবাবে সুধিলো ।
-
মই তোমাক যাবলৈ লগ
ধৰিছিলো তুমিতো নিজে যোৱা নাই।
-
নাই তুমি যে কোৱা মই
ঘৰলৈ আহিলে তোমাৰ বদনাম ৰটো বুলি ।
-
নীলা এইফালে আহা আমি
কথা পতাৰ দৰকাৰ । আচলতে তুমি কি বিচৰা ? কেবল তোমাক ভালপাওঁ বাবেই কেবল তোমাৰ বাবেই
মই মা-দেউতাক এৰি তোমাৰ মা-দেউতাৰ লগত আছোহি । কিছুমান কাম কৰিছো যিবোৰ লাইফত কেতিয়াও
কৰা নাই । তোমাক সহায় কৰিছো, অফিছো কৰিছো । তাৰপাছতো যদি তুমি ভালে নাথাকা মোৰ কেনেকুৱা
লাগিব । ইয়াত মোৰ অসহায় যেন লাগে । মা-দেউতাক এৰি । কেনেকুৱা লাগে বুজাব নোৱাৰো । তাৰোপৰি
এতিয়া তুমি মোৰ সেই আগৰ নীলাজনী হৈ থকা নাই ।
কিছুপৰ নীলা মনে মনে ৰ’ল ।
-
বুজিব পাৰিছা নে পলাশ,
আমি ছোৱালীবোৰো কাৰোবাৰ ঘৰৰ আদৰৰ জী যি কেৱল এজনৰ ভালপোৱাৰ বাবেই সম্পূৰ্ণ অচিনা অজানা
এখিনি মানুহৰ লগত সকলোবোৰ নতুনকৈ আৰম্ভ কৰে । আমাৰ কিমান সাহস । এবাৰ চিন্তা কৰি চাইছা
নে ? চিন্তা কি কৰিবা কষ্ট দি কথা এষাৰ কোৱাৰ আগত কেতিয়াবা ভাবা নে? আৰু, এইখন শহুৰৰ
ঘৰ ইয়াত এনেকুৱা এটা দুটা কথা শুনিবই লাগিব, মনে মনে থাকা, সকলো ঠিক হৈ যাব । কিয়
? আমাক কথা শুনোৱাৰ কি অধিকাৰ দিয়া আছে তোমালোকক? কেতিয়াবা ভাবিছা নে মা-দেউতাক এৰি
আমাৰ কিমান অসহায় লাগে । কিন্তু মাথো এজনৰ ভালপোৱাৰ বাবেই সকলো হাঁহি হাঁহি মানি লওঁ
। এৰি থৈ নাহো । নিলগাই ৰাখো নিজকে । নিজকে হেৰুৱাই পেলাও সকলোবোৰ মানিবলৈ গৈ । কিন্তু
কেতিয়াও তোমালোকৰ চকুতেই নপৰে । আনৰ কথা শুনি গাত হাত তুলিবলৈও আহা । কেতিয়া বুজিবলৈ
চেষ্টাই নকৰা প্ৰকৃত সত্যটো নো কি । আৰু কোৱা কি, স্বামীয়ে এইয়া কৰিব পাৰে ।
প্ৰতিটো কথাইতো সঁচা। কি বুজিম ? মই নীলাৰ কাষলৈ গৈ
ক’লো
-
মই সঁচাকৈয়ে দু:খিত,
তোমাক বুজিয়ে নাপালো । কিন্তু ভীষণ ভালপাওঁ তোমাক ।
-
মই জানো ভাল নাপাওঁ
। তথাপিও চোৱাচোন কেৱল মোৰ অবহেলাই ইয়াত তুমি কেনেকুৱা হৈ গৈছা । তোমাৰ ঘৰত থকা হ’লে
কিন্তু কথাটো কেতিয়াও বুজি নাপালাহেঁতেন । কোনো ল’ৰাই বুজি নাপায় ।দৰাচলতে প্ৰতিজন
ল’ৰাকে শহুৰৰ ঘৰলৈ পঠিওৱাতো খুবেই জৰুৰী যাতে তেওঁলোকে বুজি পাই যে সংসাৰ অকলে নচলে।
কিছু সহায় কৰিলে মান-সন্মান নকমে । সংসাৰখন সুন্দৰ হয় ।
-
হুম । এতিয়াৰ পৰা আমি
দুয়োজনে মিলি সকলো কৰিম। আহা এতিয়া মোক প্লীজ জোৰেৰে সাৱটি ধৰা ।
কেইদিনমানৰ পাছৰ এটা শুক্ৰবাৰে নীলাই ঘৰ মচি আছিল ।
হঠাৎ পিছলি পৰি ভৰি মোছোকা খালে । তাইক চোফাত বহুৱাই ময়ে ঘৰ মছিবলৈ ধৰিলো । ঠিক সেইসময়তে
খুলি থোৱা দুৱাৰেৰে মা-দেউতা সোমাই আহিল । আহিয়ে মোক ঘৰ মছি থকা দেখা পাই চিঞৰি উঠিল
।
-
তই ইয়াত ঘৰ মোহাৰিছ
যে ? আৰু তোৰ ঘৈনীয়ে চোফাত বহি টিভি চাই আছে ?
-
মা, তায়ে মচি আছিল
কিন্তু তাই ভৰিত দুখ পোৱাৰ বাবে ময়ে মচি দিছো তাতে কি হ’ল নো?
-
কি হ’ল? ল’ৰাক লিখা
পঢ়া শিকাই ইমান আদৰ যত্নেৰে শহুৰৰ ঘৰ মচিবলৈহে ডাঙৰ কৰিলো নেকি?
-
মা নীলাইও দেখুন আমাৰ
ঘৰত প্ৰতিদিনে ঘৰ মচে । তাইও শিক্ষিতা ছোৱালী । ঘৰৰ কাম কৰিলে মই যদি সৰু হওঁ তেনেহ’লে
নীলাকো মই সৰু কৰিছো ।
-
তাই যে ছোৱালী । শহুৰৰ
ঘৰত তাই কাম নকৰিব নেকি ? বহি বহি খাব নেকি ?
-
ময়ো শহুৰৰ ঘৰলৈ আহিছো
।
-
এনেকুৱা শহুৰৰ ঘৰৰ
প্ৰয়োজন নাই । ব’ল ঘৰলৈ ব’ল ।
তেনেকুৱাতে নীলাৰ মাক ওলাই আহি ক’লে,
-
ল’ৰা-ছোৱালীৰ সংসাৰত
ল’ৰাৰ মাকে মাত নমতাই ভাল নেকি? তাঁহাতৰ সংসাৰৰ কথা তাঁহাতি ভালকৈ বুজি পাব ।
-
কি ক’লে আপুনি? মোৰ
ল’ৰাৰ বাবে মই মাত নামাতিম? আপুনি মাতিব?
-
আমাৰ ঘৰত যিহেতু আছে
গতিকে এইয়া আমাৰ দায়িত্ব, আপুনি কিয় মাত মাতিব ?
-
মোৰ ল’ৰাক পঢ়াই শুনাই
এতিয়া ইয়াত কাম কৰিবলৈ পঠিয়াছো নেকি?
-
মই কি মোৰ ছোৱালীক
পঢ়োৱা নাই ? ল’ৰা আৰু ছোৱালীৰ কিতাপ পত্ৰবোৰ বেলেগ বেলেগ হয় নেকি? নে পাছ মাৰ্ক বেলেগ
? নে টিউছন ফ্ৰীয়ে বেলেগ হয় ? সকলোবোৰেইতো একে । ল’ৰা-ছোৱালীৰ শিক্ষাৰ মান যদি একে
তেনেহ’লে মূল্যায়ন কিয় একে নহ’ব । মোৰ অনাৰ্ছ মাষ্টাৰ্ছ ছোৱালীয়ে যদি আপোনাৰ ঘৰত গৈ
ৰন্ধা-বঢ়া কৰিলে সন্মান নষ্ট নহয় তেনেহ’লে কিছু কাম কৰিলে আপোনাৰ ল’ৰাৰ কি ডিগ্ৰীটো
নোহোৱা হৈ যাব ?
-
ফাল্টু কথা নক’ব ।
মই মোৰ ল’ৰাক লৈ যাম।
-
মোৰ ছোৱালীৰ গাত হাত
তোলাৰ পাছত যেতিয়া মই তাইক আনিবলৈ গৈছিলো আপুনিয়ে কৈছিল সংসাৰ এনেকৈয়ে চলে । ছোৱালীৰ
মাকে এইবোৰত নাক নভৰোৱাই ভাল । আপোনাৰ ল’ৰাকতো ইয়াত কোনেও হাত তোলা নাই তাৰপাছতো আপুনি
কৈছে ইয়াত নাক নভৰাব ।
-
পলাশ তই যাবি নে থাকিবি
?
-
মা তুমি যোৱা। ৬ মাহ
শেষ কৰি নীলাক লৈ মই ঘৰলৈ যাম।
মা গুছি গ’ল । মই ৬ মাহৰ শেষত নীলাক লৈ ঘৰলৈ গ’লো । প্ৰথমে মায়ে কিছু খঙ কৰিলেও
বেছি দিন সেই খঙ নাথাকিল । নীলাও যথেষ্ট সুখী কাৰণ সকলো কামতে মই তাইৰ লগত থাকো । সহায়
কৰো । তাইক বুজি পাওঁ ।
নীলাই গোটেই ৰাতি কাম কৰি ৰাতিপুৱা শুইছে আৰু বোলে ভীষণ মূৰ কামোৰিছে । মই উঠি
ৰন্ধা বঢ়া কৰিলো ।সকলোৱে বাবে জলপান তৈয়াৰ কৰিলো । মা তেতিয়ালৈ উঠিল।
-
এতিয়াও কাম শেষ হোৱাই
নাই নেকি ?
-
ৰ’বা মা দিছো তোমাক
। ৰন্ধা শেষ হৈছেই ।
-
তই পাকঘৰত কি কৰিছ’
। বোৱাৰী ক’ত?
-
তাই কালি গোটেই ৰাতি
কাম কৰি অলপ আগত শুইছেহে নহ’লে অফিছ কৰিব নোৱাৰিব । মই দুয়োৰে বাবে টিফিনো ৰেডি কৰিলো
।
-
ৱাহ । ঘৈনীক বৰ সুখ
দিছ’ । মই কতদিন বেমাৰত কাম কৰি খোৱালো তাৰ খবৰ জানো কোনোবাদিনা ৰাখিছ’ ।
-
মা, মই খবৰ ৰখা নাই
ঠিক তেনে নহয় । তুমি মোক বুজিবলৈয়ে নিদিলা কোনোদিন । তুমি যদি মোক ল’ৰা বুলি নাভাবি তোমাৰ সন্তান বুলি
ভাবি কামবোৰ শিকালাহেঁতেন তেনেহ’লে ময়ো তোমাক অসুখৰ সময়ত সুখ দিব পৰিলোহেঁতেন ।
-
এইয়াও এতিয়া মোৰেই
দোষ ? ল’ৰাক এতিয়া কাম শিকাম? ৰন্ধা বঢ়া শিকাম ? কাপোৰ ধুৱাম ? ছোৱালী হোৱা হ’লে বেলেগ
কথা আছিল । মা যে কি হয় তই এতিয়াও বুজি নাপালি। মাৰ সমান কোনো নাই ।
-
মা, মই জানো মাৰ সমান
আন কোনোৱে নহয় । সৃষ্টিকৰ্তাইতো কেতিয়াও ল’ৰা ছোৱালীক বেলেগ ভাৱে মাকৰ গৰ্ভত থোৱা নাই
। সমান সময়েই গৰ্ভত ৰাখে, দহ মাহ । সমান গাখীৰেই ল’ৰা ছোৱালীৰ বাবে ৰাখে । এনেকুৱাতো
নিয়ম নাই যে ছোৱালী মাকৰ গৰ্ভত পাঁচমাহ থাকিব আৰু ল’ৰা দহমাহ । ল’ৰাৰ বাবে গাখীৰ বেছি
আৰু ছোৱালীৰ বাবে কম । এনেকুৱাতো নহয় । তেনেহ’লে মাকবোৰে কিয় ল’ৰা আৰু ছোৱালীৰ পাৰ্থক্য
কৰে ?
-
তেনেহ’লে সৃষ্টিকৰ্তাই
সকলোকে একেই বনালেহেঁতেন, ল’ৰা ছোৱালী নবনালেহেঁতেন ।
-
মা এই পৃথিৱীত বিভিন্ন
ধৰণৰ সৃষ্টি আছে । সকলোৱে পৃথক আৰু ভিন্ন কিন্তু কোনোটোৱে কম নহয়। সেইবাবেইতো পৃথিৱীখন
ইমান বেছি ধুনীয়া । সকলোতকৈ বেছি ভিন্ন সৃষ্টি হ’ল নাৰী আৰু পুৰুষ । নাৰীয়েইতো সৃষ্টিৰ
আধাৰ । তোমাক এৰি মই যে পুৰুষ তাৰ অস্তিত্বই বা ক’ত ?
-
ৱাহ । ল’ৰাক শহুৰৰ
ঘৰলৈ পঠিওৱাৰ পৰা দেখিছো ল’ৰাৰ বৰ মগজু হৈছে ।
-
হুম । মোৰ মতে সকলো
ল’ৰাকে অন্তত: ৬ মাহৰ বাবে শহুৰৰ ঘৰলৈ পঠিওৱা উচিত যাতে ছোৱালীবোৰ কিমান সাহসী আৰু
শক্তিশালী সেইয়া বুজিব পাৰে ।
তেনেকুৱাতে নীলা ৰেডি হৈ ওলাই আহিল ।
-
ব’লা দেৰিয়ে হ’ল ।
-
হুম । এইটো লোৱা টিফিনবক্স
।
পলাশৰ মাকে তেতিয়া ভাবিলে মোৰ ল’ৰাই অত কষ্ট কৰি তাইৰ
বাবে টিফিন বনালে এটা thank you নক’লে?
মাকে ক’লে- মোৰ ল’ৰাক
এটা ধন্যবাদো নজনালা ?
দুয়ো যাবলৈ ওলাইছিলেই পিছলৈ ঘূৰি উত্তৰ দিলে-
-
কিয়?
এইভাৱে দুয়ো কিয় ক’লে, মায়ে আৰু একো ক’ব নোৱাৰিলে ।
চিন্তা কৰিলে । বোৱাৰীয়েওতো প্ৰতিদিনে আমাৰ বাবে জলপান বনাই ৰন্ধা বঢ়া কৰে টিফিন বনাই
কামলৈ যায় । আমি চোন কোনোদিন ধন্যবাদ দিয়াই নহয় ।এইটো তাইৰ কাম। এইটো মোৰ ল’ৰাৰো কাম
। সঁচাকৈয়ে মানুহৰ চিন্তা-ভাৱনা পৰিবৰ্তন কৰাৰ সময় আহি পৰিছে।
******