Monday, 11 May 2020

দি কিডনেপড প্ৰাইম মিনিষ্টাৰ

মূল: আগাথা ক্ৰিষ্টি

ভাৱানুবাদ: দেৱাশ্ৰী বৰগোহাঁই  



প্ৰথম বিশ্বযুদ্ধৰ ভয়াবহতা শেষ হ’ল । এতিয়া যুদ্ধ সংক্ৰান্তীয় সমস্যাবোৰ অতীতৰ ঘটনা বুলি ক’ব পৰা যায় । সেইবাবে এতিয়া নিৰাপদে সমগ্ৰ পৃথিৱী খনকে জনাব বিচাৰো জাতীয় সংকটৰ এক ভয়ানক মূহুৰ্তত মোৰ বন্ধু পইৰটে কেনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । বিভিন্ন কাৰণত ঘটনাটো ইমানদিনলৈকে গোপনে ৰখা হৈছিল । আনকি সাংবাদিকসকলেও এই সম্বন্ধত কোনো ভূ পোৱা নাছিল । কিন্তু এতিয়া যিহেতুকে গোপনীয়তাৰ প্ৰয়োজন নাই সেয়ে মই ভাবো ইংলেণ্ডৰ প্ৰতিজনলোকে জনা উচিত যে মোৰ এই বুদ্ধিদীপ্ত বেলজিয়াম বন্ধুজনৰ ওচৰত তেওঁলোক কিমান ঋণী; যাৰ বুদ্ধিবলেৰে এক বিশাল আৰু গুৰুতৰ বিপৰ্যয় প্ৰতিৰোধ কৰা সম্ভৱ হৈছিল ।

ঘটনাটো আৰম্ভ কৰাৰ আগেয়ে নিজৰ বিষয়ে কিছু কথা জনাই লও নহয়নে ! মই হ’লো কেপ্টেইন হেষ্টিংছ । হয়, মই নিজেও ব্ৰিটিছ সেনাবাহিনীৰ এজন অফিচাৰ । ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে সেনাবাহিনীত নামভৰ্তিৰ বাবে লণ্ডনৰ সৰ্বত্ৰত এখন পোষ্টাৰ লগোৱা হৈছিল, য’ত ওঁঠৰ ওপৰত গোঁফ থকা এজন সুদৰ্শন ইংৰাজে ট ট কৈ তোমালৈ চাই আছে আৰু সোঁহাতৰ ওপৰলৈ তোলা তৰ্জনী আঙুলীৰ তলতে লিখা আছে ‘যুদ্ধই তোমাক হাতবাউলী দিছে’ । খাৰ্তুমেৰ অভিযানৰ বীৰ লৰ্ড কিচেনাৰক মডেল হিচাপে লৈ পোষ্টাৰ খন অঁকা হৈছিল, যাৰ বিস্ময়কৰ অন্তৰ্ধান পৃথিৱীৰ অসংখ্য জটিল ৰহস্যবোৰৰ অন্যতম ।

অঁ ! কি কৈ আছিলো ? সেই চৰকাৰী পোষ্টাৰখনত আকৃষ্ট হৈ এদিন ময়ো গৈ হাজিৰ হৈছিলোগৈ সেনাবাহিনীৰ স্থানীয় ৰিক্ৰুইটিং চেন্টাৰ বা ভৰ্তি অফিচত । তাত মোৰ দৰে বহু জনেই সেনাবাহিনীত নাম ভৰ্তিৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল; তেওঁলোকৰ স’তে ময়ো লাইনত থিয় দিলো । কেইবাটাও পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত আৰু উচ্চ শিক্ষিত হোৱাৰ সুবাদত কিংছ কমিছন পোৱাত মোৰ অসুবিধা নহ’ল । তাৰপাছত নিৰ্দিষ্ট তাৰিখত সামৰিক ইউনিফৰ্মৰ দুই কান্ধত ছেকেণ্ড লেফটেনেন্টৰ দুখন প্লেট আঁৰি মই মোৰ ৰেজিমেন্টৰ স’তে যুদ্ধক্ষেত্ৰ পালোগৈ । জাৰ্মান আৰু তুৰ্কীৰ দৰে দুই ভয়ানাক যুজাৰু জাতিৰ লগত যুদ্ধত অৱতীৰ্ণ হ’লো । কেপ্টেইন পদলৈ প্ৰমোচন পোৱাৰ পাছতে এদিন গুৰুত্বভাৱে আঘাটপ্ৰাপ্ত হওঁ । হাস্পতালৰ পৰা অব্যাহতি পোৱাৰ পাছতে জানিব পাৰিলো যে যুদ্ধক্ষেত্ৰত যুঁজ কৰিব পৰাকৈ মই সক্ষম হৈ থকা নাই, সেয়ে উভটি যাব আৰু নোৱাৰিম । কৰ্তৃপক্ষৰ নিৰ্দেশত মোক ভৰ্তিৰ অফিচত মকৰল কৰা হ’ল অৰ্থাৎ গুলীয়াগুলি, ৰাইফল, কামান এৰি টেবুল, চকী, কলম আৰু কাগজৰ কাম, যাৰ নাম কেৰানিগিৰি ।  এনেদৰে মোৰ চাকৰি জীৱন চলি থাকিল । ৰাতিৰ আহাৰৰ পাছতে মই গৈ উপস্থিত হওঁগৈ পইৰটৰ ঘৰত। যিবোৰ কেছ তেওঁৰ হাতত থাকে তাৰ ভিতৰত কৌতুহলজনক কোনো এটা কেছ লৈ সেই সম্পৰ্কে নানা ৰকমৰ আলোচনা কৰো ।

সামৰিক বাহিনীৰ নিয়ম অনুসৰি গোপনীয়তা বৰ্তাই ৰাখিবলৈ মই আজীৱন প্ৰতিজ্ঞাবদ্ধ; সেই গতিকে তাৰিখটো জনাব নোৱাৰিম কিন্তু এইটো উল্লেখ কৰিব পাৰো যে, ইংলেণ্ডৰ যি শত্ৰু অৰ্থাৎ প্ৰথম বিশ্বযুদ্ধত যি পৰাজয় সন্মুখত দেখি ‘শান্তি আলোচনা’ৰ কথা বাৰে বাৰে ভাটৌচৰাইৰ দৰে আওৰাইছিল সেইসময়ৰ কথা । অন্যদিনাৰ দৰে সিদিনাও ডিনাৰৰ পাছত পইৰটৰ ওচৰ পালোগৈ আৰু বিভিন্ন ধৰণৰ কথা পাতিবলৈ ধৰিলো । সেইদিনা আমাৰ অৰ্থাৎ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী মিষ্টাৰ ডেভিড মেক আদামৰ শত্ৰুৱে প্ৰাণনাশৰ চেষ্টা কৰিছিল । অলপৰ বাবেহে তেওঁৰ প্ৰাণৰক্ষা পৰে । যুদ্ধৰ বাবে প্ৰতিখন বাতৰি কাকততে প্ৰত্যেকটো খবৰ ‘চেঞ্চৰ’ কৰা হয় , সেইবাবে এই ঘটনাটোৰো বিস্তাৰিত বিৱৰণ ক’তো প্ৰকাশ পোৱা নাছিল । য’ত দূৰ জনা গৈছে তাৰ পৰা বুজা গৈছে যে আততায়ীৰ গুলী প্ৰধানমন্ত্ৰীৰ এখন গাল চুই পাৰ হৈ গৈছে, যদিও তেওঁৰ প্ৰাণ আচৰিতভাৱে ৰক্ষা পৰে ।

আমাৰ পুলিচ বিভাগৰ অকৰ্মণ্যতাত মোৰ খঙ উঠিল । প্ৰধানমন্ত্ৰীৰ প্ৰাণনাশক আক্ৰমণৰ পূৰ্ৱানুমান তেওঁলোকে কৰিব নোৱাৰিলে । অৱশ্যে আমাৰ প্ৰধানমন্ত্ৰীৰ মনোবল তীখাৰ দৰে মজবুত । সেইবাবে পাৰ্টীৰ আন সদস্যসকলে তেওঁক ‘যুজাৰু মেক’ বুলি অভিহিত কৰে । যিসকলে যুদ্ধ আৰম্ভ কৰিছিল তেওঁলোকেই এতিয়া শান্তিবাদীৰ নামাৱলী চপাইছে, যুদ্ধ চলি থাকোতে এইলৈ এক অদ্ভুত অৱস্থাৰ সৃষ্টি হৈছে । প্ৰচণ্ড মানসিক উত্তেজনাৰ মাজত সুস্পষ্টভাৱে তাক মোকাবিলা কৰাৰ ক্ষমতা যিসকলৰ আছে তাৰ ভিতৰতৰ এজন হৈছে আমাৰ প্ৰধানমন্ত্ৰী । মিষ্টাৰ মেক আদামক কেৱল ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বুলি ক’লে ভুল হ’ব, তেওঁ নিজেই ইংলেণ্ড । তেনে এজন নেতাক তেওঁৰ প্ৰভাৱক্ষেত্ৰৰ পৰা এবাৰ বাহিৰ কৰিব পাৰিলে সমগ্ৰ বিট্ৰেইনসহ মিত্ৰপক্ষক পুলিয়ে পোখাই উঘালি পেলাবলৈ যে শত্ৰু পক্ষই ক্ষণিকৰ দেৰি নকৰিব সেইয়া কোৱা বাহুল্য । জাৰ্মান গুপ্তচৰে যে ইংলেণ্ডত বহিয়ে এক ষড়যন্ত্ৰ কৰিছে সেইয়া ইংৰাজ চোৰাংচোৱাৰ অগোচৰ হোৱাৰ কথা নহয় । আমাৰ প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ বাবে তাহাঁতৰ হাত যে এবাৰো নকঁপে আজিৰ ঘটনাই তাৰে প্ৰমাণ কৰে ।

(ক্ৰমশঃ)

(ক্ৰমশঃ)