Tuesday, 19 November 2019

ৰামায়ণৰ অন্য এক অধ্যায়

মূল বাংলা: বনফুল
ভাৱানুবাদ: দেৱাশ্ৰী বৰগোহাঁই


||এক||
|অভিনয় কাণ্ড|

সীতাক বনবাসলৈ পঠিয়াই পত্নীশোকত ৰাম উন্মত্তপ্ৰায়। তেওঁৰ অনুতাপিত মনে কৈছে- ঘোৰ অবিচাৰ কৰা হৈছে।

কুলগুৰু বশিষ্ঠক তেওঁ কৈ উঠিছে, "গুৰুদেউ, অবিচাৰ। এইয়া যে ঘোৰ অবিচাৰ- সীতাৰ কোনো অপৰাধ নাই। তেওঁ নিৰপৰাধীনি, দেৱী। কোনো অধিকাৰ নাই মোৰ তেওঁক শাস্তি দিয়াৰ। মই মহাপাপ কৰিছো, মই…।"

ৰামক ক্ষান্ত কৰিবলৈ  বশিষ্ঠই ক'লে, "বৎস, সত্য ৰক্ষা কৰা ক্ষত্ৰিয়ৰ ধৰ্ম। তুমি সত্যাশ্ৰয়ী। সত্যধৰ্ম পালন কৰি তুমি প্ৰকৃত ক্ষত্ৰিয়ৰ কাৰ্য কৰিছা।"

ৰামে ক'লে, "এইয়া যে সত্য নহয়- এইয়া মিথ্যা। এইয়া যে অবিচাৰ গুৰুদেউ- এইয়া যে মিথ্যাচাৰ গুৰুদেউ---।"

গুৰুদেৱে কৈ উঠিল, "অধীৰ নহ'বা বৎস, ৰাজধৰ্ম খুবেই কঠিন।"

ৰামচন্দ্ৰই নুশুনিল। অধীৰ হৈ উঠিল। "-ৰাজ্য মই নিবিচাৰো, নালাগে মোক ঐশ্বৰ্য-বিভূতি- প্ৰজাগণৰ মতামত মই গ্ৰাহ্য নকৰো- সীতাক বিচাৰো। মোৰ দেৱীক বিচাৰো। যাওক ৰাজ্য- যাওক মান…" উন্মাদ হৈ উঠিল ৰাম।

||দুই||

ৰামৰ অভিনয় সামৰি অভিনেতা নকুড় মাইতি শেহৰাতি যেতিয়া ঘৰলৈ উভটিছে - মদৰ নিচাত তেওঁৰ দুভৰি থৰকবৰক।

বহুসময় দুৱাৰত ঢকিওৱাৰ পাছত পত্নী হৰিমতিয়ে দুৱাৰ খুলি দিলে- "হাৰামজাদী, আধাঘণ্টা ধৰি দুৱাৰত ঢকিয়াই আছো। কি কৰি আছিলি?"

হৰিমতিয়ে ভয়ে ভয়ে উত্তৰ দিলে, "টোপনি গৈছিলো।"

নকুড় মাইতি গুজৰি উঠিল, "মুখে মুখে উত্তৰ দিয়।"

এই বুলি গোৰ আৰু গোৰ।