Tuesday, 18 June 2019

পৰিচয়


মূল বাংলা: তন্ময় সন্নিগ্ৰাহী
অনু: দেৱাশ্ৰী বৰগোহাঁই

 ভীষণ গৰম পৰিছে । আবেলিপৰত অখিলেশে ফুৰিবলৈ ওলাই যোৱাৰ কথা ভাৱিলে । ঘৰৰ পৰা ৩০ মিনিটৰ দূৰত্বত এখন প্ৰকাণ্ড পথাৰ । পথাৰখনৰ চৌদিশ শাল আৰু চেগুন গছে আৱৰা । ঠাইখনলৈ সি প্ৰায়ে আহে । ইয়াত মানুহৰ বৰ বেছি আহ যাহ নাই । পখীৰ কাকলি আৰু খাদ্যবস্তু জপটিয়াই ধৰাৰ শব্দৰ বাদে কেৱল মাথো নিস্তব্ধতা । নীৰৱতা ভাল পাই অখিলেশে । গোটেই দিনটোৰ খাটনিৰ পাছত ইয়ালৈ আহি ভাৱ হৈ জীৱনটো যেন ৰৈ গৈছে তাতে । অকণমান ভৱাৰ অৱকাশ পোৱা যায় ।
 কিছুপৰ অকলে কটাই অখিলেশে উলটি যোৱাৰ কথা ভাৱিলে । ৰাতিলৈ বহু কাম বাকী আছে । নিতাইৰ দোকানত চাহকাপ খাই, হাতত চিগাৰেটটো লৈ সি ওলাই আহিল । বাওঁফালে এখন পাৰ্ক । সেইখনো বন্ধ হোৱাৰ সময় হৈছে । পাৰ্কখনৰ সন্মুখত মাধৱীলতাৰে আৱৰা মঞ্চৰ দৰে ঠাইখিনিত কেইবাখনো বেঞ্চ পাৰি থোৱা আছে আগন্তুকৰ বিশ্ৰামৰ বাবে । হঠাৎ সেইফালে চাই সি চমকি উঠিল ।
***
 অখিলেশে স্থানীয় বাতৰিকাকত এখনত সাংবাদিকতা কৰে । পাঁচ বছৰ হ’ল । ক’ত ঘটনাৰ সাক্ষী হৈছে, কিছুমানে হৃদয়ত দাগ কাটি থৈ গৈছে আৰু কিছুমান হেৰাই গৈছে সময়ৰ বুকুত ।
 প্ৰায় ২ বছৰৰ আগৰ ঘটনা । উত্তৰপাৰৰ ১৫ বছৰীয়া ছোৱালী এজনী এসপ্তাহ ধৰি নিখোজ । পুলিচত খবৰ দিয়া, মাক-দেউতাক আৰু ৰাইজৰ প্ৰতিক্ৰিয়াৰ মাজেৰে কিছুদিন পাৰ হ’ল । এদিন অফিছলৈ আহি খবৰ পালে যে ছোৱালীজনীক বিচাৰি পোৱা গৈছে । নদীৰ পাৰত নগ্ন অৱস্থাত পৰি আছিল, ৫-৬ দিন ধৰি উপৰ্যপৰি ধৰ্ষণ আৰু অত্যাচাৰৰ চিকাৰ । খবৰটো সংগ্ৰহ কৰিবলৈ গৈ দেখে যে হাস্পতালৰ বিচনাত পৰি মাকৰ হাত খন খামুছি ছোৱালী জনীয়ে তীব্ৰ যন্ত্ৰণাত চটফটাইছে । ৰিণিকি ভাঁহি অহা কণ্ঠস্বৰ আৰু কান্দোনৰ মাজত জীয়াই থকাৰ প্ৰচণ্ড যুঁজ । তাৰ পাছত পৰিয়ালটোৰ লগত তাৰ কোনো যোগাযোগ নাছিল । কিন্তু যন্ত্ৰণাত কেকাই থকা সেই মুখখন অখিলেশে পাহৰিব পৰা নাছিল ।
***
 হাতৰ চিগাৰেটটো পেলাই ছোৱালীজনী ফালে সি আগুৱাই গ’ল । ‘কেনে আছা?’ অখিলেশে জানে প্ৰশ্নটো অপ্ৰাসংগিক, তথাপিও সুধিলে । ছোৱালীজনী চমকি উঠি ভঙা মাতেৰে ক’লে, ‘আপোনাক ঠিক ?’ ‘মই অখিলেশ মজুমদাৰ- সাংবাদিক, ৩ বছৰ আগতে উত্তৰপাৰত…’ এই বুলি ৰৈ গ’ল সি । আৰু বেছিকৈ কোৱাতো তাৰপক্ষে সম্ভৱ নহয় ।
 ছোৱালীজনীয়ে সৰলমাতেৰে ক’লে, ‘অ’ । ভালে আছো ?’ কিছুপৰৰ স্তব্ধতা ভাঙি অখিলেশে সুধিলে, ‘তুমি ইয়াত ? কিবা কামত ?’
 ‘নাই । কিছুদিনৰ পৰা আবেলিপৰত ইয়াত বহো । এই যে টিলাটোৰ ওপৰৰ মন্দিৰটো, সুন্দৰ নহয় নে ? প্ৰত্যেক সন্ধ্যাই কোনোবাই তাত চাকি জ্বলায় । বতাহে চাকিগছ নুমুৱাই পেলাই কিন্তু ঘণ্টাটো বাজি থাকে । শুনা । আৰতি এতিয়াও শেষ হোৱা নাই । দেৱতাই তেওঁৰ প্ৰাপ্য অঞ্জলি পোৱা নাই’ ।
 ‘মা-দেউতা কেনে আছে ?’ অখিলেশে আকৌ সুধিলে ।
 ‘মা, সেই ঘটনাটোৰ ২ মাহৰ পাছতে ঢুকাল । যিমান যন্ত্ৰণা মই সহ্য কৰিছো তাতকৈ অধিক অপমান মায়ে পাইছিল । মানুহে কয়, মই ছুটি কাপোৰ পিন্ধো, মোৰ চৰিত্ৰ ঠিক নহয়… যেন মোৰ লগত যি ঘটিল সেইয়া মোৰ প্ৰাপ্য আছিল । মা যোৱাৰ এবছৰৰ পাছতে দেউতাও গুছি গ’ল । দেউতাই কৈছিল, সদায় শিৰ ওখ কৰি চলিবি । সেইয়া জানো সম্ভৱ হ’ল । ঘৰৰ বাহিৰলৈ ওলালেই মানুহবোৰে যি অদ্ভুত দৃষ্টিৰে চাই মই যেন কোনো অন্য গ্ৰহৰ প্ৰাণীহে । সম্ভৱ হ’লে তাহাঁতি মোৰ ছাল বখলিয়াই চাব, ধৰ্ষণৰ কোনো চিহ্ন এতিয়াও কৰবাত ৰৈ গৈছে নেকি ?’
 অখিলেশৰ ওচৰত কোনো উত্তৰ নাছিল । তথাপিও, এটা আশা আছিল সমাজখন সলনি হ’ব । হয়তো মানুহবোৰে এদিন তাইৰ নতুন পৰিচয়টো গ্ৰহণ কৰিব । সিদিনাৰ পাছত ছোৱালীজনীক অখিলেশে লগ পোৱা নাই ।
 প্ৰায় ৩ মাহমানৰ পাছত এদিন সন্ধিয়া খবৰ পালে উত্তৰপাৰৰ কমলিকা পাটক নামৰ এজনী ছোৱালীয়ে আত্মহত্যা কৰিছে । আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান মতে মৃত্যুৰ কাৰণ মানসিক অস্থিৰতা ।