নাৰ্ছিছাচ
এক গ্ৰীক কিংবদন্তি । যি নিজৰ সৌন্দৰ্যত নিজে বিমুগ্ধ আছিল । প্ৰতিদিনে জুৰিৰ পাৰত
বহি নিজৰ সৌন্দৰ্যৰ প্ৰশংসাত বিভোৰ হৈছিল । এদিন পুৱা অন্যদিনাৰ দৰে সৌন্দৰ্যৰ সুধা
পান কৰি থাকোতে পানীত পিছলি তেওঁ মৃত্যু ঘটে । যিখিনি ঠাইত তেওঁৰ মৃত্যু হৈছিল তাতে
এজোপা ধুনীয়া ফুল গছৰ জন্ম হয় । কালক্ৰমত ফুলজোপা নাৰ্ছিছাচ নামেৰে বিখ্যাত হৈ পৰে
।
পাছে
কাহিনীটোৰ তাতে ওৰ নপৰে ।
নাৰ্ছিছাচৰ
মৃত্যুৰ পাছত বনদেৱীসকলৰ আবিৰ্ভাৱ হয় আৰু দেখে যে স্বচ্ছ নিৰ্মল জুৰিৰ পানী লুণীয়া
চকুলোলৈ পৰিণত হৈ পৰিছে ।
“জুৰি,
তুমি কিয় কান্দিছা ?” বনদেৱীয়ে সুধিলে ।
“নাৰ্ছিছাচৰ
বাবে” । জুৰিয়ে উচুপি ক’লে ।
“অস্
! নাৰ্ছিছাচৰ বাবে তুমি চকুলো টুকাতো আচৰিত কথা নিশ্চয় নহয়” । তেওঁলোকে ক’লে, “বনত
প্ৰতিদিনে আমি তেওঁক অনুসৰণ কৰো, পাছে কেৱল তুমিহে নিচেই কাষৰ পৰা তেওঁ সৌন্দৰ্য উপভোগ
কৰিবলৈ সক্ষম হৈছিলা” ।
“কিন্তু…
নাৰ্ছিছাচ ধুনীয়া আছিল নেকি ?” জুৰিয়ে সুধিলে ।
“তোমাতকৈ
কোনে ভালকৈ এই কথা জানিব” । বনদেৱীসকলে আচৰিত হৈ সুধিলে, “কিয়নো তোমাৰ পাৰত বহিয়েই
তেওঁ প্ৰতিদিনে সৌন্দৰ্যচৰ্চা কৰিছিল” ।
কিছুসময়
নীৰৱে থাকি জুৰিয়ে ক’লে, “মই নাৰ্ছিছাচৰ বাবে কান্দিছো । কিন্তু মই কেতিয়াও তেওঁৰ সৌন্দৰ্য
লক্ষ্য কৰা নাছিলো । কাৰণ যেতিয়াই তেওঁ মোৰ কাষত আহি বহিছিল তেওঁৰ দুচকুৰ গভীৰতাত মই
মোৰ সৌন্দৰ্যৰ প্ৰতিফলনহে দেখিছিলো” ।