এটা চুটি গল্পৰ
কথা……
উদাৰ দৃষ্টি
বহুদিনৰ আগৰ কথা
| গ্রীচ দেশৰ স্পাৰ্টা ৰাজ্যত পিডাৰ্টস নামৰ যুৱকজনে পঢ়া-শুনা শেষ কৰি ঘৰতে আছিল |
এদিনাখন খবৰ আহিল যে দেশত খালী হৈ থকা তিনিশটা পদ পূৰণৰ বাবে আবেদন পত্র বিচৰা হৈছে
| তেওঁ চাকৰিৰ সন্ধানতে আছিল | লগে লগে আবেদন পত্র দাখিল কৰিলে |
কিছুদিনৰ পাছত
ফলাফল ঘোষণা হ’ল | পিছে পিডাৰ্টসৰ নাম নাহিল উত্তীৰ্ণ প্রাৰ্থীৰ তালিকাত |
খবৰটো গৈ বন্ধুবৰগৰ
কাণতো পৰিল | তেওঁলোকে ভাবিলে পিডাৰ্টস নিশ্চয় শোকত আছে | দূখবোৰ ভাগ কৰি লোৱাৰ উদ্দেশ্যে
তেওঁলোক পিডাৰ্টসৰ ঘৰত উপস্থিত হ’লগৈ |
পিডাৰ্টসে বন্ধুসকলৰ
কথা শুনিলে আৰু হাঁহি হাঁহি উত্তৰ দিলে “বন্ধুসকল, ইয়াত দূখী হ’বলগীয়া একো নাই | বৰঞ্চ
মই এই কথা জানি আনন্দিত হৈছো যে আমাৰ ৰাজ্যত মোতকৈও বেছি যোগ্যতাসম্পন্ন লোক আছে
|”
মোৰ কথা…..
আজিকালি চাকৰি
বা তেনে কোনো বাছনি পৰীক্ষাত অনুত্তীৰ্ণ হ’লে যুৱক-যুৱতীসকল হতাশ হোৱা পৰিলক্ষিত হয়
| কিছুমানে মাদকদ্রব্যৰ আশ্রয় লয় আৰু আন কিছুমানে আত্মহত্যাৰ দৰে ভয়ংকৰ পদক্ষেপ গ্রহণ
কৰে | পিডাৰ্টসৰ দৰে মনোবৃত্তি খুব কমেই দেখিবলৈ পোৱা যায় | অৱশ্যে কিছুমান বেআইনী
কাৰ্য তথা বৰ্তমান যোগ্যতা নিৰূপণত কৰা গাফিলতিক আমি নুই কৰিব নোৱাৰো | তথাপিও যুৱক-যুৱতীসকল
হতাশ নহৈ নিজক অধিক যোগ্যতাসম্পন্ন কৰি তুলি সেইয়া প্রতিপন্ন কৰাৰ চেষ্টা চলোৱা উচিত
|
বি:দ্র: ‘উদাৰ
দৃষ্টি’ গল্পটো এটা হিন্দী চুটি গল্পৰ পৰা অনুবাদ কৰা হ’ল |