Sunday, 11 February 2018

ৰবিবাৰ


মূল বাংলা: সুব্ৰতা দাশগুপ্তা 
 ভাৱানুবাদ: দেৱাশ্ৰী বৰগোহাঁই

     কাইলৈ ৰবিবাৰ । সাথীয়ে আজিয়ে প্লেন কৰিছে কাইলৈ গোটেই দিনটো তাই ৰিলেক্স কৰিব । অফিচৰ পৰা উলটি আহোতে বিগ বজাৰৰ পৰা কফি, পাউদাৰ গাখীৰ, নানাপ্ৰকাৰৰ বিস্কুটৰ পেকেট, চিপচ, মেগী নুডলচ, ৰেডি টু কুকু পালক পনীৰ, চচ আৰু বহুতো খোৱা বস্তু কিনি ঘৰ ভৰ্তি কৰি ৰাখিছে । বহুদিনৰ পাছত ৰবিবাৰে ঘৰত কোনো নাথাকিব আৰু ক’তো ওলাই যাবলগীয়াও নাই । নিশ্চিন্ত ।
     সাথীৰ ঘৰ বোলপুৰত । কলকাতাত তাই এম.এ. পঢ়াৰ সময়ৰ পৰাই আছে । সেই সময়ত শ্যামবজাৰৰ ওচৰত পেয়িং গেষ্ট হিচাপে আছিল । ফলত এশ এবুৰি নিয়মৰ মাজত আৱদ্ধ হৈ থাকিব লাগিছিল । ৰাতিৰ আঠ বজাৰ আগত ঘৰ সোমাব লাগে । ৰাতিপুৱা দেৰিকৈ উঠিলে ব্ৰেকফাষ্ট পোৱাত অসুৱিধা । তাৰোপৰি আৰু নানানটা সমস্যা ।
     সেই দিনবোৰ এতিয়া অতীত । সাথীয়ে এম.এ. পাছ কৰিলে । এটা ভাল চাকৰিতো যোগদান কৰিছে । চেক্টৰ ফাইভত অফিচ । দেউতাকে ৰিটায়াৰমেন্টৰ পাছতে নিউ টাউনত এটা ফ্লেট কিনিছিল । পাছে, বোলপুৰৰ পৈতৃক ঘৰ মাটি এৰি কলকাতালৈ আহিবলৈ কাৰোৰে ইচ্ছা নাই । তাৰোপৰি সাথী মাজু বায়েকো বোলপুৰতে থাকি স্কুলত চাকৰি কৰে । তেওঁৰ কনমানি ল’ৰাটোক দিনটো মাকেই চাব লাগে । গতিকে ফ্লেটটো খালী হৈ পৰি আছিল । চাকৰিটো পোৱাৰ পাছৰে পৰা সাথীয়ে সেই ফ্লেটটোত থাকিবলৈ লৈছে । ফ্লেটটো খালীকৈ পেলাই থোৱাৰতো কোনো কাৰণ নাই । কথাটোত মাক-দেউতাকে আপত্তি কৰিছিল । ছোৱালী মানুহ অকলে অকলে থকাটো জানো সহজ । সাথী মান্তি ন’হল । তাই অকলে স্বাধীনভাৱে থাকিবলৈ বিচাৰে । আচলতে মাক-দেউতাক, আইতাক আৰু দুগৰাকীকৈ বায়েকৰ মাজত তাইৰ অকলে থকাটো কেতিয়াও সম্ভৱ হোৱা নাছিল । এই চখটো তাইৰ বহুদিনৰ পুৰণি । সাথী সৰুৱে জেদী আৰু স্ফূৰ্টিবাজ স্বভাৱৰ । তাৰোপৰি এম.এ. পাছ কৰিয়েই চাকৰি এটাও পালে । গতিকে তাইৰ ওপৰত কোনেও বিশেষ হেচা দিব নোৱাৰিলে ।
     কিন্তু অকলে থকা জানো হ’ল ? সাথীৰ চাকৰি পোৱা তিনি মাহ হৈছে । প্ৰথম মাহটো মাক আহি থাকিল । কাৰণ তেতিয়া মাজু বায়েকৰ স্কুল বন্ধ আছিল । তাৰ পাছৰ মাহত তাইৰ লগত থাকিবলৈ এগৰাকী মহিলাৰ বন্দোৱস্ত কৰা হ’ল । তেওঁ সপ্তাহটোৰ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকেহে থাকে । ফলত দ্বিতীয় মাহটোত শণিবাৰে হয় মাক কলকাতালৈ আহে নহয় সাথী বোলপুৰলৈ যায় । এই মাহত দেউতাকৰ শৰীৰ ঠিক নোহোৱাত মাক আহিব পৰা নাই । কিন্তু হ’লে কি হ’ব ? ভৱানীপুৰত থকা সাথীৰ সৰু পেহীয়েকে কৈ দিছে যদি মাক আহিব নোৱাৰে অথবা সাথী বোলপুৰলৈ যাব নোৱাৰে তেনেহ’লে তাই তেওঁৰ ঘৰত থাকিব । তেওঁৰ ঘৰত বৰ জঞ্জাল । বহুত মানুহ, জইণ্ট ফেমিলি, কোঠাৰ সংখ্যা কম । সাথীৰ বিৰক্তি লাগে । তাইৰ খং উঠে; অকলে থকাতনো কি অসুৱিধা সাথীয়ে বুজি নাপায় । এটা প্ৰকাণ্ড হাউছিং কমপ্লেক্সৰ মাজত ফ্লেটটো । ইমানবোৰ চিকিউৰিটি, ফ্লেটত কলাপসিবল গেট, বাৰান্দাত গ্ৰিল – আৰু কি লাগে ? সাথীৰ অফিছলৈ যাতায়তো খুবেই নিৰাপদ । অফিচৰ গাড়ীয়ে ৰাতিপুৱা ঘৰৰ সন্মুখৰ পৰা লৈ যায় আৰু ৰাতি আঠ বজাত থৈও যায় । শণিবাৰে সোনকালে ছুটি হয় বাবে সাথীয়ে গাড়ীৰ বাবে অপেক্ষা নকৰে । এইবোৰৰ মাজত বিপদ ক’ত? কিন্তু এইকথা কাক বুজাব ?
     এই শণি-ৰবিবাৰে কি ভাগ্যয়ে সুবিধাটো পাইছে সাথীয়েহে জানে । আচলতে গোটেই সপ্তাহটো তাইৰ লগত থকা মানুহজনী এই শণি-ৰবিবাৰে ঘৰলৈ নোযোৱাৰ কথা আছিল । মাক পেহীয়েক সকলোৱে সেইবুলিয়েই জানে । কিন্তু হঠাতে খবৰ আহিল, খুড়া-শহুৰেকৰ যোৱা-থোৱা অৱস্থা শীঘ্ৰে আহিব লাগে । সাথীয়েও সানন্দে তেওঁক যিমান পাৰে সোনকালে যাবলৈ অনুমতি দিলে । ভাগ্যে মাকে কথাটো নাজানে, জনাৰ দৰকাৰো নাই । মাকক জনাবলৈ হাক দিছে সাথীয়ে, অকাৰণত চিন্তা বঢ়াই লাভ নাই । গম পালেই হয়তো মাকে ট্ৰেইন ধৰি আহি ওলাবহি ।
     তিনি বজাত অফিছ ছুটী হ’ল । সাথী আৰু ৰিমি লৰালৰিকৈ ওলাই আহিল । ৰিমিৰ বিয়াৰ বাবে গিফ্ট কিনিবলৈ আছে আৰু সাথীয়ে খোৱাবস্তু কিনিব । ৰিমিৰ লগত থাকি সাথীয়ে ভাল পায়- কিন্তু ৰিমিৰ সমস্যা অনেক । আৰু সেইসকলোবোৰ কাহিনী সাথীয়ে শুনিব লাগে-সেইটোৱে অসুৱিধা । আজি সেইবোৰ শুনিবলৈ অকনো ইচ্ছা নাই । ঘৰলৈ উভটি সাথীয়ে কি কি কৰিব তাৰ ভাৱনাতে বিভোৰ হৈ আছে । গোটেই ফ্লেটটো মাকে ছৱিৰ দৰে সজাইছে, মাথো সাথীৰ কোঠাটো বাকী । সাথীয়ে নিজৰ কোঠা নিজৰ মতে সজাব । চাকৰি পায়ে এটা বুক চেল্ফ কিনিছিল । কিন্তু কিতাপবোৰ এতিয়াও চুটকেছতে আছে । মেলালৈ গ’লে ঘৰ সজোৱাৰ বস্তু কিনাটো সাথীৰ অভ্যাস । সেইসকলোবোৰ বস্তুও বাকচতে আছে । আজি সোনকালে ঘৰলৈ উভতি ৰাতিয়েই কোঠাটো সজাব লাগিব । তাৰপাছত চিনেমা চাই বা গান শুনি শুই পৰিব । কাইলৈ পুৱা এঘাৰ বজাৰ আগত শুই উঠাত নাই ।
     ঘৰ আহি পাওতে সাত বাজি গ’ল । ৰিমিৰ গিফ্ট কিনাৰ অন্ত নাই । সাথীকো এৰি নিদিয়ে । ঘৰলৈ আহি অৱশ্যে মনটো ভাল লাগি গ’ল । মাহিলাগৰাকী বেছ কামৰ । ঘৰটো ধুনীয়াকৈ সজাই ৰাখিছে । টেবুলৰ ওপৰত সন্ধিয়াৰ বাবে পৰঠা আৰু আলুৰ ছবজি, ৰাতিৰ বাবে হটকেছত ভাত আৰু কুকুৰাৰ মাংসৰ জোল ৰান্ধি থৈ গৈছে । আনকি প্লেট, বাতি, চামুচ, গিলাছ আদিও সজাই থৈ গৈছে । মাকে যে তেওঁক কৰপৰা বিচাৰি আনিলে তেওঁহে জানে । মাকৰ কামকৰা মানুহ যোগাৰ কৰাৰ আৰু ট্ৰেইনিং দিয়াৰ বিশেষ ক্ষমতা আছে । সাথীৰ বোলপুৰৰ ঘৰতো তিনিজন লোকে বহুদিনৰ পৰা কাম কৰি আছে । তেওঁলোকক সাথীয়ে জন্মৰ সময়ৰ পৰাই দেখি আহিছে । খুবেই এফিছিয়েন্ট আৰু অ’বিডিয়েন্ট-এনে কম্বিনেছন সহজে পোৱা নাযায় । যিহওক এইটো ঘৰতো মাকৰ ট্ৰেইনিং কোৰ্ছৰ প্ৰভাৱ দেখা যায় ।
     মহিলাগৰাকীৰ নামটো সোধা হোৱাই নাই । ‘মাহী’, ‘মাহী’ বুলিয়েই মতা হয় । তেওঁ লেখা-পঢ়াও অলপ অচৰপ জানে । ফ্ৰীজৰ দুৱাৰত মেগনেটৰ আনাৰসেৰে চাপ দি কাগজৰ টুকুৰাত লিখি থৈ গৈছে, “কাইলৈ ৰাতিপুৱা গাখীৰ দিবলৈ মানা কৰা নহ’ল ।”- ছেহ পাউদাৰ গাখীৰ খিনি মিছাতে অনা হ’ল ।
     আজি আৰু কিতাপবোৰ সজোৱা নহ’ব । বহু ৰাতি হ’ল, ভোকও লাগিছে । সাথীয়ে লৰালৰিকৈ মুখ হাত ধুই খাবলৈ বহিল । বিগ বজাৰত থাকোতেই মাকলৈ ফোন কৰা হৈ গৈছে । মাকে ঘৰৰ কথা নুসুধিলে, সাথীয়েও অকলে থকাৰ কথা নক’লে । ফোনটো এতিয়া চাইলেণ্ট কৰি দিলেও অসুৱিধা নাই । অলপ টিভি চোৱা যাওক, বহুতদিন চোৱা হোৱা নাই । খাই উঠি চোফাত শুই শুই টিভি চাই থাকোতে কেতিয়ানো টোপনি গ’ল গমকে নাপালে । মাজৰাতি ঠাণ্ডা লগাতহে টোপনি ভাগিল । লৰালৰিকৈ টিভিটো অফ কৰি ৰূমলৈ গৈ মুৰে গায়ে লেপ উৰি শুই পৰিল । কাইলৈ ৰবিবাৰ, কি মজা ! গোটেইদিনটো অকলে অকলে……।


(আগলৈ)