Thursday, 17 August 2017

অংকৰ ধেমালী

অংক বা গণিত সৰু ডাঙৰ বহুতৰে বাবে দুঃস্বপ্নৰ দৰে৷ অংকৰ দেওলগা সূত্ৰবোৰে খেদি ফুৰে সপোনে দিঠকে৷ কিন্তু যিয়ে এবাৰ অংকৰ জগতখনত ভৰি থৈ ইয়াৰ প্ৰেমত পৰিছে তেওঁহে জানে এই জগতখনৰ সৌন্দৰ্য কি। আহকচোন আমিও পান কৰোঁ এই সৌন্দৰ্যৰ সুধা!
(১)
১ৰ অনুক্ৰমিক ৯ৰ সৈতে
১×৯+২=১১
১২×৯+৩=১১১
১২৩×৯+৪=১১১১
১২৩৪×৯+৫=১১১১১
১২৩৪৫×৯+৬=১১১১১১
১২৩৪৫৬×৯+৭=১১১১১১১
১২৩৪৫৬৭×৯+৮=১১১১১১১১
১২৩৪৫৬৭৮×৯+৯=১১১১১১১১১
১২৩৪৫৬৭৮৯×৯+১০=১১১১১১১১১১
৮ৰ অনুক্ৰমিক ৯ৰ সৈতে
৯×৯+৭=৮
৯৮×৯+৬=৮৮
৯৮৭×৯+৫=৮৮৮
৯৮৭৬×৯+৪=৮৮৮৮
৯৮৭৬৫×৯+৩=৮৮৮৮৮
৯৮৭৬৫৪×৯+২=৮৮৮৮৮৮
৯৮৭৬৫৪৩×৯+১=৮৮৮৮৮৮৮
৯৮৭৬৫৪৩২×৯+০=৮৮৮৮৮৮৮৮

৯ ৰ অনুক্ৰমিক
৯×৯=৮১
৯৯×৯৯=৯৮০১
৯৯৯×৯৯৯=৯৯৮০০১
৯৯৯৯×৯৯৯৯=৯৯৯৮০০০১
৯৯৯৯৯×৯৯৯৯৯=৯৯৯৯৮০০০০১
৯৯৯৯৯৯×৯৯৯৯৯৯=৯৯৯৯৯৮০০০০০১
৯৯৯৯৯৯৯×৯৯৯৯৯৯৯=৯৯৯৯৯৯৮০০০০০০১
৯৯৯৯৯৯৯৯×৯৯৯৯৯৯৯৯=৯৯৯৯৯৯৯৮০০০০০০০১
৯৯৯৯৯৯৯৯৯×৯৯৯৯৯৯৯৯৯=৯৯৯৯৯৯৯৯৮০০০০০০০০১

৮ৰ অবিহনে
১২৩৪৫৬৭৯×৯=১১১১১১১১১
১২৩৪৫৬৭৯×১৮=২২২২২২২২২
১২৩৪৫৬৭৯×২৭=৩৩৩৩৩৩৩৩৩
১২৩৪৫৬৭৯×৩৬=৪৪৪৪৪৪৪৪৪
১২৩৪৫৬৭৯×৪৫=৫৫৫৫৫৫৫৫৫
১২৩৪৫৬৭৯×৫৪=৬৬৬৬৬৬৬৬৬
১২৩৪৫৬৭৯×৬৩=৭৭৭৭৭৭৭৭৭
১২৩৪৫৬৭৯×৭২=৮৮৮৮৮৮৮৮৮
১২৩৪৫৬৭৯×৮১=৯৯৯৯৯৯৯৯৯

(২)
আমাৰ নিতাই দাইটিৰ ল’ৰা জীৱনে বিয়া পাতিবলৈ ছোৱালী চাই আছে৷ পাছে সব পিনৰ পৰা মিলাই ছোৱালী এজনী পোৱাগৈ নাই৷ মাজে মাজে ফে’চবুকতো ছোৱালী চায়৷ আজিকালি দেখোন ছোৱালীবোৰ দেখি বয়স অনুমান কৰিবই নোৱাৰি৷ সুধিলেও কোনেও সঁচা কথা নকয়৷ গতিকে সি বুদ্ধি এটা উলিয়াইছে৷ কথাই কথাই সি সব ছোৱালীকে এটা অংক কৰিবলৈ দিয়ে৷
: তোমাৰ জন্ম মাহটো আৰু ১৮ একেলগে লিখাচোন৷
: উম! লিখিলোঁ৷
: তাৰ লগত ২৫ পূৰণ কৰা৷ আৰু পূৰণ কৰি পোৱা সংখ্যাটোৰ পৰা ৩৩৩ বিয়োগ কৰা৷
: অ’কে!
: কিমান পালা? তাক ৮ ৰে পূৰণ কৰি ২ ৰে হৰণ কৰা৷ এতিয়া সেই সংখ্যাটোৰ লগত তোমাৰ জন্ম তাৰিখটো যোগ কৰা৷
: আয়ৈ ইমান টান অংক৷ আৰু নকৰোঁ যা৷
: বেছি নাই আৰু অলপ বাকী৷ মেজিক চাবলৈ মন আছে নে?
: আছে৷
: পাছৰখিনি কৰা তেন্তে৷ জন্ম তাৰিখ যোগ কৰি পোৱা সংখ্যাটোৰ লগত ৬৯২ যোগ কৰা৷ তাৰ পাছত ২০ ৰে পূৰণ কৰা৷ হ’ল নে?
: হ’ল৷
: ঠিক আছে৷ এতিয়া তোমাৰ জন্ম চনৰ শেষৰ দুটা সংখ্যা যোগ কৰি তাৰপৰা ৩২৯৪০ বিয়োগ কৰা৷
কিমান পালা?
: ৩০০১০৮৯
: অ’কে৷ তোমাৰ বাৰ্থদে ১০ মাৰ্চ ১৯৮৯ ত৷ হয়নে?

ছোৱালী শ্বক্‌ড, জীৱন ৰক্‌ড৷



(৩)
আচ্ছা৷ আপোনালোকৰ বাৰু অংকৰ কোনটো শ্ৰেণী কৰি আটাইতকৈ ভাল লাগিছিল? মই কিন্তু এলজেব্ৰা (বীজগণিত) খুবেই ভাল পাইছিলোঁ৷ আজিও ভাল পাওঁ৷ এই এলজেব্ৰা শব্দটো আহিছে আৰবী ‘এল-জব্ৰ’ৰ পৰা যাৰ অৰ্থ হ’ল পুনঃসংযোগ৷ এলজেব্ৰাৰ জনক গ্ৰীক গণিতজ্ঞ আলেকজেণ্ডাৰ ডিঅ’ফাণ্টছ৷ আহকচোন তেওঁ প্ৰচলন কৰা পদ্ধতিৰেই তেওঁ বিষয়ে কিছু কথা জানো৷
ডিঅ’ফাণ্টছৰ শৈশৱ আছিল তেওঁৰ জীৱনৰ ১/৬ অংশ৷ দাড়িয়ে ঠুটিয়াইছিল তাৰ পাছৰ ১/২ অংশত৷ পাছৰ ১/৭ অংশত বিয়া কৰাইছিল আৰু তাৰ পাঁচ বছৰ পাছত এজন পুত্ৰৰ জন্ম হৈছিল৷ কিন্তু অতি দুখৰ বিষয় যে ডিঅ’ফাণ্টছৰ বয়সৰ আধা বয়সহে তেওঁ পুত্ৰই পাইছিল৷ পুতেকৰ মৃত্যুৰ ৪ বছৰৰ পাছত ডিঅ’ফাণ্টছেয়ো শেষ নিশ্বাস ত্যাগ কৰে৷
আলেকজেণ্ডাৰ ডিঅ’ফাণ্টছৰ জীৱনকাল কিমান আছিল বাৰু?

(৪)
বিমুদ্ৰাকৰণৰ পাছতেই ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নতুন নীতিয়ে সকলোকে জুৰুলা কৰিছে৷ আমাৰ যোগেনৰ একাউণ্টত ১০০ টকা আছিল৷ সি ভাবিলে নতুন নীতি প্ৰচলন হোৱাৰ আগতেই পইছাখিনি উলিয়াই অনা যাওক৷ সি ছবাৰ অলপ অলপ কৈ টকা ১০০ টা উলিয়াই আনিলে৷ যোগেনৰ উইদ্ৰ আৰু বেলেন্সৰ হিচাপটো চাওঁ আহকচোন৷
উইদ্ৰ’                     বেলেন্স

৫০                       ৫০
২৫                       ২৫
১০                       ১৫
৮                        ৭
৫                        ২
২                        ০
মুঠ: ১০০                  ৯৯

কৃপণ যোগেনে বোলে আজিও বেংকৰ মেনেজাৰৰ লগত কাজিয়া কৰি আছে ১ টকাটোৰ বাবে৷ আপোনালোকে বাৰু তাক কিবা সহায় কৰিব পাৰিব নেকি?

http://www.xahitya.org/2017/08/17/%e0%a6%85%e0%a6%82%e0%a6%95%e0%a7%b0-%e0%a6%a7%e0%a7%87%e0%a6%ae%e0%a6%be%e0%a6%b2%e0%a6%bf-%e0%a6%a6%e0%a7%87%e0%a6%ac%e0%a6%b6%e0%a7%8d%e0%a7%b0%e0%a7%80-%e0%a6%ac%e0%a7%b0%e0%a6%97%e0%a7%8b/

Friday, 28 July 2017

স্নেপশট জীৱনৰ

(১)
 চেৰেককৈ শব্দ এটা কৰি প্ৰকাণ্ড গাড়ীখন বজাৰখনৰ সোঁমাজতে আহি ৰ’লহি । শব্দটোৰ বাবেই হওক বা অভিজাত গাড়ীখনৰ বাবেই হওক সকলোৰে এবাৰ নিজৰ কামৰ পৰা মুৰ ডাঙি সেইফালে চালে । কাঢ়াকৈ ইষ্ট্ৰি কৰা শ্লিম ফিট চাৰ্ট আৰু নীলা জিনচ পিন্ধা সুদৰ্শন ডেকা এজন নামি আহিল । তাই আকৌ এবাৰ ঘূৰি চালে । খেলুৱৈসুলভ চেহেৰাৰ যুৱকজনক তাইৰ চিনেমাৰ হিৰো যেনেই লাগিল । তাই ফাললৈ আহি থকা যুৱকজনলৈ চাই তাইৰ বুকুৰে এসোঁতা তপত তেজ বৈ গ’ল ।
: অই বুঢ়া ! আলু এক কেজি জুখি দেচোন ।
: দুই মিনিট ৰ’ব । বাইদেউৰ পাচলিখিনি দি লওঁ ।
: কি ক’লি ? কিয় ৰ’ব লাগে মই ? মই কোন চিনি পোৱা নাই ? তহঁতৰ দৰে চুপতি মাৰি থাকিবলৈ টাইম নাই মোৰ ।
: দাদা, বেয়া নাপাব । মোৰ পাচলি খিনি জুখি হ’লেই আপোনাৰ খিনি দিবই তেওঁ । অলপ সময়ো অপেক্ষা কৰিব নোৱাৰে নে আপুনি?
: এই বোৰক ভালকৈ চিনি পাও মই । কাম নোহোৱা কেলেহুৱাৰ জাত …….
কোনোখন অভিধনে ঢুকি নোপোৱা অশ্ৰাব্য শব্দৰে গালি পাৰি টকা ২০ টা পিতৃ বয়সৰ বেপাৰীজনৰ গালৈ দলিয়াই থৈ গ’লগৈ । বেপাৰীজনৰ চকুজুৰি চলচলীয়া হৈ উঠিল । ধোঁৱা উৰাই গুচি যোৱা গাড়ীখনৰ ফালে চাই তাইৰ মনটো কোঁচ খাই আহিল ।
(২)
: মাজোন অ’ মাজোন । শুই উঠিলি নে? আজি দেখুন মাতেই শুনা নাই তোৰ ।
: অ’ খুৰী ! কাহনিবাতেই উঠিলো । ভাত ৰান্ধিবলৈ লৈছিলো ।
পাচলি খিনি খৰাহীটোতে থৈ হাতখন মোহাৰি তাই ওলাই আহিল ।
: আজিতো তোৰ অফিচ নাই । ওলাবি চোন এপাক বজাৰৰ পিনে যাম ।
: হ’ব খুৰী । আজি আবেলিলৈ যাম দিয়ক । মোৰো বস্তু কেইটা মান কিনিবলৈ আছে ।
: হ’ব দে ।ভাতকেইটা খাই ল’ তই । ময়ো খুৰাৰক ভাত বাঢ়ি দিওগৈ । নহ’লে ঔষধ খোৱাত খেলিমেলি খন লগাব ।
মালিকনী খুৰীৰ কথা পেলাব নোৱাৰে তাই । আজিৰ যুগত এই বস্তুবাদী সময়ত গুৱাহাটীহেন চহৰত এনে এহাল ভাৰাঘৰৰ মালিক-মালিকনী পোৱটো সঁচাই সৌভাগ্যৰ কথা । কম সহায় কৰিছে নে? উচ্চশিক্ষাৰ বাবে দুৰৈত থকা পুতেক আৰু অসুখীয়া মানুহজনক লৈ গোটেইখন জপটিয়াই ফুৰা মানুহজনীলৈ তাইৰ মৰমো লাগে ।

**********************************************

: হ’ল নে তোৰ ? ইমানকৈ কি সানিচ’ নো ? হেৰ’ আমি বিয়া খাবলৈ নাযাওঁ নহয় ।
: এহ খুৰীয়ে গমেই নাপাই মানে । দোকানী বোৰে আজিকালি যিমান ধুনীয়া ছোৱালী দেখে সিমান ধুনীয়া বস্তু উলিয়াই দিয়ে । অ’ আই! মোনাত ইমানকৈ কি লৈছে হয় ? আপুনি বজাৰ কৰিবলৈ যায় নে বিক্ৰী কৰিবলৈ ?
: এহ ৰ’হচোন এইজনী । দেখিবি নহয় ।
কথা চোবাই চোবাই দুয়ো বজাৰ পালেগৈ । সদায়ে পাচলি লোৱা বেপাৰীজনে দুৰৈৰ পৰাই মিচিকিয়াই মাতিলে ।
: ককাইদেউ ভাল ? বিহুটো কুশলে গ’ল নে ? মাজনীহঁত আহিছিল নে । পোনা চাগে বৰটো হ’ল । বিহু বুলি কিবা এটা আনিছিলো আপোনালৈ । নলওঁ বুলি নক’ব । সদায়ে আপুনিয়ে দিয়ে আজি আমি আপোনাক কিবা এটা দিলো ।
এইবুলি তেওঁ মোনাৰ পৰা গামোচা এখন উলিয়াই বেপাৰীজনৰ কান্ধত পিন্ধাই দিলে । বেপাৰীজনৰ চকুজুৰি চলচলীয়া হৈ উঠিল । শ্ৰদ্ধাত মুৰটো আপোনা-আপুনি দো খাই আহিল  তাইৰ ।
(সঁচা অভিজ্ঞতাৰ আধাৰত)

Tuesday, 14 March 2017

A letter to a brother from a sister on his birthday

মৰমৰ নীলাঞ্জন,
ওপজাদিনৰ বহু বহু শুভকামনা তোমালৈ । জীৱনে চোঙ সলাই প্ৰতিপল, প্ৰতিক্ষণে । প্ৰতিটো মূহুৰ্তই আঁকি যায় নৱ আল্পনা । পাৰ হৈ যোৱা বচৰকেইটাই সিচি থৈ যোৱা অভিজ্ঞতাৰ ৰঙীন দলিছাৰে খোজ পেলাইছা জীৱনৰ এটি নতুন বচৰত । জীৱনৰ প্ৰতিটো দিনেই কঢ়িয়াই আনে আশাৰ নতুন বতৰা । এই আশাবোৰ আছে বাবেইতো পৃথিৱীখন ইমান ধুনীয়া । অনাগত দিননোৰত জীৱনক লৈ ৰচা আশাবোৰ পৰিপূৰ্ণ হৈ উঠক তাৰে শুভকামনা জনালো ।
জীৱন এক ৰহস্য, এক অবুজ সাঁথৰ । সময়ৰ সতে অবুজ মিতিৰালি জীৱনৰ । সময়ৰ সতে জীৱনে কান্দে, হাঁহে, ঠেহ পাতি অভিমান কৰে । কিন্তু গৈ থাকে দুহাত ধৰি । আজীৱন বন্ধুত্বৰ প্ৰতিশ্ৰুতিও দেখুন ভাঙি থৈ যায় সময়ে । পলকতে আকৌ সাজে নতুন বন্ধুত্বৰ ঘৰ । কিন্তু কোনো কোনো সম্বন্ধই বুকুত এনেদৰে আসন পাতি বহে যে জীৱনে ধুই নিব নোৱাৰে কোনোকালে । তেনে এটি ভাই আৰু বন্ধু পালো তোমাৰ মাজত । যোৱা আঢ়ৈটা বচৰে বন্ধুত্ব আৰু ভাতৃপ্ৰেমৰ ডেউকাৰে আৱৰি ৰখাৰ বাবে অশেষ ধন্যবাদ । আজি তোমাৰ জন্মদিনৰ দিনা এই ধন্যবাদকে উপহাৰ ৰূপে পঠিয়ালো । মাজে মাজে তোমাক অধৈৰ্য, আৱেগিক, হতাশা আৰু মানসিক চাপত দেখা পাওঁ। অৱশ্যে এই সময়খিনিয়ে তেনেকুৱা । তুমি নিজক নিজেই চম্ভালি জীৱনৰ মহত্ব লাভৰ বাবে কৰ্ষণ কৰিব লাগিব । আজি এইক্ষেত্ৰত তোমাৰ সহায় হোৱাকৈ কেইদিনমান আগতে পঢ়া এটা সৰু লেখা তোমালৈ আগবঢ়ালো । আশাকৰো অনাগত দিনবোৰৰ বাবে ই সহায়ক হ’ব ।
এবাৰ এগৰাকী মনোবিজ্ঞানীয়ে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনা কৰি আছিল । হঠাতে তেওঁ এটা পানী গিলাছ হাতত তুলি ল’লে । ছাত্ৰ-ছাত্ৰীবোৰে ভাবিলে, তেওঁ নিশ্চয় গিলাছটো খালী নে ভৰ্তি আছে জাতীয় প্ৰশ্ন সুধিব । কিন্তু মিচিকীয়া হাঁহিৰে তেওঁ সুধিলে, “মোৰ হাতত থকা গিলাছটোৰ ওজন কিমান?”
ছাত্ৰ-ছাত্ৰীসকলে ভাগে ভাগে হিচাপ উলিয়াই উত্তৰ দিলে ।
সকলোৰে উত্তৰবোৰ শুনাৰ পাছত তেওঁ ক’লে, “মোৰ মতে পানীৰ গিলাছটোৰ কিমান ওজন সেইয়া বিচাৰ্য নহয় । ইয়াৰ ওজন নিৰ্ভৰ কৰিব তুমি কিমান সময় গিলাছটো ডাঙি আছা । যদি তুমি তাক মাথো কেইমিনিটমানৰ বাবে ধৰি আছা তেনেহ’লে ই নিচেই পাতল । কিন্তু যদি তুমি তাক একঘন্টামান একেথিৰে ধৰি আছা তেনেহ’লে লাহে লাহে তোমাৰ বাউসীৰ বিষ হ’বলৈ আৰম্ভ কৰিব । আৰু যদিহে গোটেই দিনটো তেনেদৰে ডাঙি আছা তেনেহ’লে লাহে লাহে তোমাৰ কান্ধটো অসাৰ হৈ পৰিব আৰু এসময়ত তুমি গিলাছটো পেলাই দিবলৈ বাধ্য হ’বা । গিলাছটোৰ ওজন সলনি নহ’লেও তাক ধৰি থকা সময়খিনিয়ে ওজন বঢ়াই তুলিব”।
কাঁহ পৰি জীন যোৱা শ্ৰেণীকোঠাটোলৈ চাই তেওঁ ক’লে, “তোমালোকৰ মনৰ চাপ, উদ্বেগবোৰ ঠিক এই পানীৰ গিলাছটোৰ দৰে । কেইমূহুৰ্তৰ বাবে এইবোৰক প্ৰশয় দিয়া, কোনো ক্ষতি নহয় । কিন্তু বহু সময়ৰ বাবে ইহঁতক ধৰি ৰাখিলে, জীৱনক কোঙা কৰি পেলাব । গতিকে মানসিক চাপ, উদ্বেগ, হতাশা এইবোৰক কাহানিও প্ৰশয় নিদিবা”।
মই জানো কিছুমান কথাৰ ব্যৱহাৰিক প্ৰয়োগ সহজ নহয় । কিন্তু অসাধ্য নহয় । মনোবিজ্ঞানী গৰাকীৰ কথাষাৰৰ আমাৰ জীৱনত প্ৰয়োগৰ এটা চেষ্টা আমি নিশ্চয় কৰিব পাৰো নহয়নে? অহ্! আজি দিনটোতো তোমাক ব’ৰ কৰিছো ন’ । ইস্ কৰিমেই । বায়েক হিচাপে বন্ধু হিচাপে সেয়া মোৰ অধিকাৰ । শেহত জীৱনত বিচৰাৰ দৰে সুখী হোৱা । আহিবলগীয়া দিনবোৰে দি যাওক মনে বিচৰাখিনি । ভালে থাকা, কুশলে থাকা, সুখী হোৱা ।

ইতি
তোমাৰ বাইদেউ

Monday, 6 February 2017

Daddy's letter on his princess's D Day

পিতৃ-কন্যা সম্বন্ধটো সদায়ে সুকীয়া । প্ৰতিজনী ছোৱালীৰে প্ৰথম ভালপোৱা মানুহজন দেউতাক । প্ৰতিজনী ছোৱালীয়ে কামনা কৰে তাইৰ হ’বলগীয়া স্বামী দেউতাকৰ দৰে হওক । কন্যাৰ বিবাহৰ সময়ত হয়তো সৱাতকৈ হৃদয় দেউতাকৰে দহে । তেনে এগৰাকী পিতৃ কিৰ্ক ফ্লেংক্লিনৰ ইন্টাৰনেটত উপলব্ধ এখন চিঠিৰ ভাৱনুবাদ।
আজি মোৰ  কণমানিজনীয়ে নতুন জীৱনটোৰ পাতনি মেলিবলৈ ওলাইছে । আৰু মই যোৱা ডেৰ ঘন্টা জুৰি হাতত কলমটো ধৰি ইয়াত বহি আছো । এবাৰ কান্দিছো, এবাৰ হাঁহিছো, কণমানিজনীক বিদায় দিয়াৰ বিফল প্ৰস্তুতি চলাইছো । কিছুসময়ৰ পাছতে মই তাইৰ হাতত ধৰি বিবাহ মণ্ডপলৈ নামি যাম আৰু বিবাহৰ আনুষ্ঠানিকতা ঘোষণা কৰিম । কিয়? কাৰণ মই মোৰ কণমানিজনীৰ বাবে যিকোনো কামেই কৰিব পাৰো । তাই দেউতাক আবদাৰ দিছে । দেউতাকে কেনেদৰে না কৰিব পাৰে । মই প্ৰাৰ্থনা কৰিছো সেই সময়ত মই নিজকে মূৰ্খ সজাৰ বৃথা চেষ্টা বাদ দি কথা কোৱাতকৈ বেছি কান্দি উঠিম । হে ভগৱান, তাইক মোৰ বুকুৰ পৰা আঁতৰাই পঠিওৱা যে কিমান কঠিন । মই যদি তাইক মোৰ কণমানিজনী কৰিয়ে ৰাখিব পাৰিলোহেঁতেন, আজীৱন । মই জানো এইয়া চূড়ান্ত স্বাৰ্থপৰতা । কিন্তু এই মূহুৰ্তত মই মনে প্ৰাণে তাৰে কামনা কৰো । এই যেন আমি তিনিচকীয়া চাইকেলখন চলাম, স্কুলৰ বাস্কেটবল টুৰ্ণামেন্টত চিঞৰিম, তাইৰ প্ৰিয় চিনেমাখন চাম বাৰে বাৰে…কেৱল তাই আৰু মই । আস্! কি যে এক মৃত্যুসম যাতনা । তাই হয়তো এই লৈ কোনো ধাৰনা কৰিব পৰা নাই । কাৰণ তাই যে দেউতাক নহয় । মই এজন গৰ্বিত পিতৃ । আশাকৰো এজন ভাল পিতাও হ’ব পাৰিছো । তোমাৰ স্বামীলৈ মোৰ মৰম আৰু গৰ্ব দুয়োটাই আছে । কিছু ইৰ্ষাম্বিত যদিও গৰ্বিত । এতিয়াৰ পৰা তোমাৰ জীৱনৰ প্ৰতিটো খোজতে তেওঁ প্ৰথম প্ৰাধন্য পাব । সেই বিষয়ত সহজ হ’বলৈ মই পাৰ্যমানে যত্ন কৰিম । সদায়ে ছবিবোৰ ৰৈ যায় সময়ৰ বুকুত, মানুহ নৰয় । মানুহবোৰ গৈ থাকে আৰু এদিন নতুন ঠিকনা বিচাৰি লয় । তোমাৰ নতুন জীৱনটোৰ লগত খোজ মিলাবলৈ মই সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিম…কিন্তু অনুগ্ৰহ কৰি তুমিও তোমাৰ জীৱনৰ কোনোবা এটি কোনত মোক সামৰি থ’বা । সদায়ে দেউতাৰ কণমানিজনী হৈ থাকিবা ।

এজনী ছোৱালীৰ পিতৃ