Thursday, 23 July 2015

prem nu ki?


মৰমৰ
     হৃদয়
কেনে আছা ? য’তেই আছা কুশলে আছা নিশ্চয় ? কেতিয়াবা সময়ে ডেউকা কোৱাই তোমাৰ পৰা মোক উৰুৱাই নিব খোজে বহু দূৰলৈ । স্মৃতিৰ আঁচল খামুচি ৰৈ যাওঁ সেই বিশেষ দিনটোটে তোমাৰ বাবে । বৈ যোৱা সময়ৰ মইজনীক কেতিয়াবা বিচৰা নে তুমি ? এবাৰো চাবলৈ মন নাযায় নে তোমাৰ জীউক ? জীউ ডাঙৰ হৈ আহিছে । কৈশোৰিক জিজ্ঞাসাৰে আজিকালি তাই প্ৰশ্নৰ ভাণ্ডাৰ । কিছুমান প্ৰশ্নৰ উত্তৰ ওলায় আৰু কিছুমান প্ৰশ্ন হৈয়ে ৰৈ যায় । সিদিনা কথাৰ মাজতে সুধিলে মা প্ৰেম মানে কি ? কেনেকৈ হয় প্ৰেম ? কেনেকৈ গম পাই প্ৰেম হ’লে ? মই উত্তৰ দিবলৈ গৈয়ো ৰৈ গ’লো । প্ৰেম… সৰ্বময়কৰ্তাৰ শ্ৰেষ্ঠতম সৃষ্টি প্ৰেমক জানো ব্যাখা কৰিব পাৰি ? জীৱনৰ মধুৰতম অনুভৱ প্ৰেমক জানো এটা সংজ্ঞাৰে বান্ধিব পাৰি ? প্ৰেম যে প্ৰেৰণাৰ বোঁৱতী নৈ । এটা হেপাঁহ জীৱনৰ । এক আকুলতা, এটি বিশ্বাস । সৰাপাতৰ গুণগুননি । হাঁহি আৰু অশ্ৰুৰ খলা-বমা বাট । অন্তহীন প্ৰতীক্ষাৰ নাম প্ৰেম । কাৰোবাৰ পৰা পোৱা অকনমান আবদাৰ, অকনমান মৰম, অলপমান প্ৰশয়ৰ নাম প্ৰেম । কোনোদিনে নকৰা কাম কৰিবলৈ প্ৰ্কাশ কৰা ইচ্ছাৰ নাম যে প্ৰেম । এগছ কুটা দুগছ নকৰাৰ বদনামক ওফৰাই পেলাব পৰা শক্তিয়েই প্ৰেম । কেতিয়াও নেদেখা নুশুনা বিবিধ ব্যঞ্জনেৰে টেবুল উপচায় পেলোৱাৰ আগ্ৰহৰ নাম প্ৰেম । পুৰণি মেছেজবোৰকে বাৰে বাৰে পঢ়াৰ নাম প্ৰেম । এটা বিশেষ কণ্ঠৰ প্ৰতীক্ষাত ৰাতিটো দীঘল কৰাৰ নাম প্ৰেম । কাৰোবাৰ ভাৱনাত আঞ্জাত নিমখ দুবাৰ দিয়া বা দিবলৈ পাহৰি যোৱাই যে প্ৰেম । আপোনজনৰ বাবেই কৰাৰ নৱবধু ৰূপী শৃংগাৰেই প্ৰেম । অধীৰ অপেক্ষাৰ অন্তত প্ৰিয়জনৰ দুচকুত দুচকু থৈ দুগাললৈ বৈ অহা এসোঁতা তপত তেজৰ নাম প্ৰেম । প্ৰেম যে এটি প্ৰৰ্থানা, কাৰোবাৰ ওপৰত কৰা অভিমান-অধিকাৰ । প্ৰেম এডাল সাঁকো; তোমাৰ পৰা মোলৈ, মোৰ পৰা তোমালৈ । সোনোৱালী জীৱনৰ ৰূপোৱালী পানচৈ । অপ্ৰাপ্তিৰ মাজৰ প্ৰাপ্তিৰ এক আভাস । জীৱনৰ অষ্ট:ৰাগ ।
বহু সময় ৰাতি হ’ল । তুমি চাগে আমনিয়ে পাইছা । আজিলৈ সামৰো । বতাহীৰ বোকোছাত পঠিওৱা মৰমবোৰ সামৰি ল’বা । কুশলে থাকা ।
ইতি
তোমাৰ মৌ

Friday, 1 May 2015

chithi

মৰমৰ অনুসূয়া,
আশা কৰো কুশলে আছা । ৰঙালী বিহুৰ সামৰণি পৰিল যদিও ৰঙালীৰ উছাহ সনা বিহুবুলীয়া মৰমবোৰ পঠিয়ালো । সময়বোৰ যে বৰ আচৰিত নহয়নে । কেতিয়ানো বাগৰ সলাই ওৰকে নাপাওঁ । আগফালৰ টিকনী নচোৱাই পাৰ হৈ যায় নিমিষতে । যেনেদৰে ১৮৮৬ চনত চিকাগোত প্ৰস্তাৱিত আন্তৰ্জাতিক শ্ৰমিক দিৱসও সময়ৰ সোঁতে সোঁতে বৈ আহি আজিৰ তাৰিখত উপস্থিত হৈছেহি । শ্ৰমিকসকলৰ মাজত সজাগতা সৃষ্টি তথা কৰ্মোদ্যম বৃদ্ধিৰ উদ্দেশ্যেৰে প্ৰতি বচৰেৰে ১ মে’ তাৰিখটো আন্তৰ্জাতিক শ্ৰমিক দিৱস ৰূপে উদযাপিত হৈ আহিছে ।মই পিছে শ্ৰমিক দিৱসৰ অতীত বৰ্তমানৰ বিষয়ে নহয় বহুদিনৰ আগতে ক’ৰবাত পঢ়া এটা কাহিনী শুনোৱাৰ উদ্দেশ্যেহে চিঠিখন লিখিবলৈ বহিছো ।
দুপৰীয়াৰ সময় । দোকানত সেইসময়ত বৰ এটা ভীৰ নাছিল ।ল’ৰাটোৱে দোকানীজনৰ পৰা খুচুৰা পইচা কেইটা লৈ দোকানখনৰ গাতে লাগি পি.চি.অ’টোৰ পৰা এটা নম্বৰ ডায়েল কৰিলে । সেই সময়ত কোনো গ্ৰাহক নথকাত দোকানীজনে ল’ৰাজনৰ কথা- বতৰা বোৰকে মনোযোগেৰে শুনিবলৈ ধৰিলে ।
ল’ৰাজন : বাইদেউ, আপুনি মোক আপোনাৰ বাগিছা চাফা কৰাৰ কামটো দিব নেকি?
মহিলা : (সিমূৰৰ পৰা) নাই । মই ইতিমধ্যে এই কামত এজনক নিয়োগ কৰিছোৱেই ।
ল’ৰাজন : বাইদেউ মই ইজন ল’ৰাতকৈ আধা দৰমহাতে কাম কৰি দিম ।
মহিলা : কিন্তু যিজনে এতিয়া কাম কৰি আছে তেওঁৰ কামত মই সম্পূৰ্ণ সন্তুষ্ট ।
ল’ৰাজন : (অধিক বিনয়েৰে ) বাইদেউ মই ঘৰৰ কামবোৰো বিনামূলীয়াকৈ কৰি দিম ।
মহিলা : বেয়া নাপাবা । তুমি বেলেগ কৰবাত বিচাৰা চোন । ধন্যবাদ ।
মিচিকীয়া হাঁহি এটাৰে ল’ৰাটো পি.চি.অ’টোৰ পৰা ওলাই আহিল । ইমানপৰে ল’ৰাজনক লক্ষ্য কৰি থকা দোকানীজনে তাক ওচৰলৈ মাতি ক’লে, “ভাইটি তোমাৰ ব্যৱহাৰ আৰু একাগ্ৰতাত মই সুখী হৈছো । তুমি মোৰ দোকানতে কাম কৰিব পাৰিবা” । ল’ৰাজনে তেতিয়া অতি বিনয়েৰে ক’লে, “আপোনাক ধন্যবাদ জনাইছো । কিন্তু মোক চাকৰিৰ প্ৰয়োজন নাই । দৰাচলতে মই কামবোৰ ভালদৰে কৰিছো নে নাই সেইয়াহে পৰীক্ষা কৰিলো । যাৰ লগত কথা পাতিছিলো মই তেওঁৰ তাতে চাকৰি কৰো” ।
অনু, কাহিনীটো পঢ়ি ভাৱ হ’ল আমাৰো এনেকুৱা ধৰণৰ আত্মবিশ্লেষণৰ প্ৰয়োজন হৈ পৰিছে । তুমি কোনো এটা কাম যেতিয়া নিজৰ সামৰ্থৰ শেষ বিন্দুলৈকে কৰিবা তেতিয়াহে তুমি সমগ্ৰ বিশ্বৰ প্ৰিয়পাত্ৰ হ’ব পাৰিবা । সততে সমালোচনাৰ সন্মুখীন হোৱা যুৱপ্ৰজন্মৰ লগতে শ্ৰমিক সকলে এনেধৰণৰ আত্মবিশ্লেষণেৰে নিজৰ লগতে সমাজৰ কল্যাণত সহযোগ কৰিব পাৰিব । আজিলৈ সামৰিছো । কুশলে থাকিবা ।

ইতি
দেৱাশ্ৰী
সোনাপুৰ, কামৰূপ

০১/০৫/২০১৫

Sunday, 19 April 2015

ভাৱিছিলো লিখো বুলি চিঠি তোমালৈ.....নাপালো যে কথা বিচাৰি.....

মৰমৰ হৃদয়
কেনে আছা? নাজানো এই প্ৰশ্ন সোধাৰ অধিকাৰ এতিয়াও আছে নে? নাজানো এই চিঠিৰ ঠিকনা? তথাপি শব্দৰ জুমুঠি ধৰি আজিও বিচাৰোঁ তোমাক। জানোচা শব্দই গঢ়ি তোলে এডাল সাঁকো মোৰ পৰা তোমালৈ৷ ৰ’বা খিৰিকি খন ভালকৈ মেলি দিওঁ। সেমেকা বতাহজাকে ক’ৰ পৰা জানো কঢ়িয়াই আনিছে এক অনামী সুৱাস। ফাগুনী পছোৱাৰ আঙুলিত ধৰি এইয়া যে আহি পালে ব’হাগ। বাহিৰত শুকুলা জোনাক। ৰাতি ফুৰা পখীৰ কিচিৰ মিচিৰ মাতৰ লগত ভাঁহি আহিছে কোনো হিয়াভগা প্ৰেমিকৰ কৰুণ বাঁহীৰ সুৰ। আস্ হৃদয়! জোনাকজাকে মাতাল কৰি তুলিছে মোক। কিমানদিন হ’ল বাৰু এনেদৰে আমি জোনাক বোটলা? এক, দুই ওঁহো আঠ। এৰা সময়ৰ নৈখনে উটুৱাই লৈ গ’ল আঠটা ব’হাগ। পিছে মই যেন মৰাসূঁতি হৈ ৰৈ থাকিলো সেই বিশেষ দিনটোতে। আজিকালি দিনবোৰ পাৰ হয় জীউৰ আব্দাৰৰ মাজত। গোটেইজনী তোমাৰ ফুটতে উঠিছে। ঢোলৰ মাত শুনিলেই আপোনপাহৰা হয় তাই। আইতাকক কুটুৰি কুটুৰি মেখেলা চাদৰ পিন্ধি, খোপাৰ ফুল গুজি, পেহীয়েকৰ লিপষ্টিক সানি ৰচকী নাচনী সাজে। ডালিমৰ কুমলীয়া পাত, কেঁহৰাজৰ সতে জেতুকা বটি তাইৰ হাতত সানি নিদিলে পেহীয়েকক ততকে নিদিয়ে। এইবাৰ আইতাকক ফৰমাইচ দিছে তিলপিঠা, ঘিলা পিঠা, নাৰিকলৰ লাৰু বনালেই নহ’ব। সুতুলী পিঠা, খোলাচপৰীয়া পিঠা, টেকেলী মুখত দিয়া পিঠাও পুৰিব লাগিব। আইতাকো যে নাতিনীয়েকৰ মৰমতে পমা। কুলিৰ মাত শুনিলে কুঁউ কুঁউ কৈ চোতালত দেও দি ফুৰে। পদূলিৰ নাহৰজোপাৰ কুমলীয়া পাত চিঙি পেঁপা সাজে। কেইখিলামান পাতত চিন দি থৈছে ককাকক দিব মন্ত্ৰ লিখিবলৈ। বিহুৰ দিনা যে নাহৰ পাতত মন্ত্ৰ লিখি ঘৰৰ চালত গুজিলে ধুমুহা-বৰষুণে হানি কৰিব নোৱাৰে। ‘দেৱ দেৱ মহাদেৱ নীলগ্রীৱ জটাধৰ বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে’। তোমাৰ বাৰু মনত আছে নে মন্ত্ৰটো? কোনে জানো শিকালে বিহুৰদিনা এশ এক বিধ শাকেৰে ৰন্ধা আঞ্জা খালে বছৰটোলৈ বেমাৰ আজাৰ নহয়। যোৱাবাৰ বিহুৰ দিনা সেয়ে সৰু খৰাহিটো লৈ শাক বুটলি আনিছিলগৈ। নহৰু বঁটা পানী, ঘৰৰ চাৰিওফালে চটিয়াবলৈ নিদিলে গছৰ পাত সৰুৱায়। হয়তো তাই ভয় কৰে তোমাৰ দৰে যদি আমিবোৰো আঁতৰি যাওঁ তাইৰ পৰা। হয়তো তাই বান্ধি ৰাখিব বিচাৰে সময়বোৰ…জীৱনবোৰ।
বাহিৰত কেতেকীজনীয়ে বৰকৈ বিনাইছে। বসন্তৰ আগমণত তায়ো চাগৈ হেৰোৱা লগৰী বিচাৰি হাবাথুৰি খাইছে। আমনি পাইছা? আজিলৈ আৰু আমনি নকৰো দিয়া। বিহুবুলীয়া মৰমবোৰ ল’বা।
ইতি
তোমাৰ মৌ
বি:দ্ৰ: কাইলে বিহুৱানখন কাটিম। যোৱাকেইবছৰৰ দৰে সযতনে থৈ দিম তুমি অহাৰ দিনালৈ বুলি।