মৰমৰ
অনুসূয়া
কেনে আছা ? কুশলেই
নিশ্চয় । আজি বহুদিনেই হ’ল তোমালৈ লিখো লিখো বুলিও লিখিব পৰা নাই চিঠি খন । এতিয়াহে
বুজি উঠিছো ছাত্ৰ জীৱনৰ মধুৰতা । বুজি উঠিছো জীৱনৰ ব্যস্ততা ।
অনু, জীৱন সঁচায়ে
বিচিত্ৰ । কোন মূহুৰ্ত্ত কি ঘটি যায় কোনেও নাজানে । তেনেদৰে জীৱনৰ বাটত বহুজনক লগ পোৱা
যায় অলক্ষিতে আৰু সংগ্ৰহিত হয় জীৱনৰ অভিজ্ঞতা
। মোৰ জীৱনৰ বাটত লগ পোৱা এগৰাকী আইতাৰ পৰা আজি অসমীয়া সমাজৰ এক খাদ্যৰ সম্ভেদ পালো
। সেইয়া হ’ল ফাগুন-চ’ত এই সময়চোৱাৰ বাবে বিশেষভাৱে উপকাৰী লাউপিঠা । ঠাণ্ডাৰ পৰা গৰমলৈ
ঢাপলি মেলা এই বতৰৰ বাবে এই পিঠা স্বাস্থ্য উপকাৰী । আইতাই কোৱা অনুসৰি এই পিঠা তৈয়াৰ
কৰোতে জাতিলাউটো প্ৰথমতে ভালদৰে সিজাই লৈ সিটাখিনি চেকি লৈ কিছুসময় ঠাণ্ডা হ’বলৈ দিব
লাগে । তাৰ পাছত সিটাখিনিত ভাজি থোৱা শালি চাউলৰ গুৰিখিনি সানি পিঠাৰ আকাৰ দি কিছু
সময় গুৰৰ ৰসত ডুবাই থ’ব লাগে । খাবলৈ সুস্বাদো লাউপিঠা স্বাস্থ্যবিধি সম্পন্নও । ফাগুনৰ
শুকান বতৰে অৱশ অলস কৰি তোলা সময়ত লাউৱে শৰীৰ তথা মগজু শীতল কৰি ৰখাত সহায় কৰাৰ উপৰিও
গুৰে ৰক্ত পৰিষ্কাৰ কৰাত ইন্ধন যোগায় ।
সঁচায়ে অনু, অসমীয়া
সমাজ খনত ঠাইবিশেষে বহুতো স্বাস্থ্যসন্মত খাদ্যসম্ভাৰে উপচি আছে । কিন্তু অঞ্চলবিশেষৰ
এনে খাদ্যবোৰ আন অঞ্চলৰ লোকৰ অজানিতে থাকি যায় । তুমিও যদি এনে কোনো সুস্বাদো খাদ্যবিষয়ে
জ্ঞাত তেনেহ’লে চিঠিত জনাবা বুলি আশা কৰিলো ।
আজিলৈ সামৰো ।
মৰমবোৰ ল’বা ।
ইতি
দেৱাশ্ৰী
২৫/০২/২০১৪